Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভুৱন চন্দ্ৰ খাণ্ডুৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভুৱন চন্দ্ৰ খাণ্ডুৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মেজৰ জেনেৰেল খাণ্ডুৰীয়ে সশস্ত্ৰ বাহিনীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰলৈকে অমূল্য অৱদান আগবঢ়াই গৈছে, যাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব। শ্ৰী মোদীয়ে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত উত্তৰাখণ্ডৰ উন্নয়নৰ প্ৰতি তেওঁৰ উৎসৰ্গাৰ ওপৰত আলোকপাত কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল প্ৰকৃততে অনুপ্ৰেৰণাদায়ক বুলি বৰ্ণনা কৰে। তেওঁ লগতে সমগ্ৰ দেশতে যোগাযোগ উন্নত কৰাৰ দিশত তেওঁৰ অক্লান্ত প্ৰচেষ্টাক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত নেতাগৰাকীৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভুৱন চন্দ্ৰ খাণ্ডুৰীৰ মৃত্যুত অত্যন্ত দুখিত। সশস্ত্ৰ বাহিনীৰ পৰা ৰাজনৈতিক জগতলৈ তেওঁ মূল্যৱান অৱদান আগবঢ়াইছিল, যাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব। তেওঁ সদায়ে উত্তৰাখণ্ডৰ উন্নয়নৰ প্ৰতি উৎসৰ্গীকৃত আছিল, যিটো মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত স্পষ্ট হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালৰ দ্বাৰা সকলোৱে অনুপ্ৰাণিত হৈ ৰ’ব। সমগ্ৰ দেশতে যোগাযোগ উন্নত কৰাৰ বাবে তেওঁ নিৰন্তৰভাৱে অক্লান্ত পৰিশ্ৰম কৰিছিল। দুখৰ এই সময়ত মোৰ ভাৱনা তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ সৈতে আছে। ওম শান্তি!’

***

MJPS/SS/PRK/HS