Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰ-পূবৰ বাবে এনএলচিপিআৰ আঁচনি ২০২০ৰ মাৰ্চ পৰ্যন্ত অব্যাহত ৰাখিবলৈ কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ৯০:১০অনুপাতত ৫৩০০.০০কোটি ব্যয় সাপেক্ষে নন ল্যেপছেবল চেন্ট্ৰেল প’ল অফ ৰিছ’ৰ্চেছ(এনএলচিপিআৰ)আঁচনিখন ২০২০ৰ মাৰ্চলৈ অব্যাহত ৰখাত অনুমোদন জনাইছে৷ ইয়াৰ ফলত চলিত প্ৰকল্পসমূহ সম্পূৰ্ণ হৈ উঠাত সহায়ক হ’ব৷ কেন্দ্ৰীয় কেবিনেটে নৰ্থ-ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলাপমেণ্ট আঁচনি(এনইএছআইডিএছ)নামৰ আন এখন নতুন কেন্দ্ৰীয় আঁচনি ২০১৭-১৮ৰ পৰা আৰম্ভ কৰাতো অনুমোদন জনাইছে৷ ২০২০ৰ মাৰ্চলৈ নিৰ্দিষ্ট খণ্ডত আন্তঃগাথনি সৃষ্টিৰ বাবে এই আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ১০০% পুজি যোগান ধৰিব৷

 
এনইএছআইডিএছৰ বৈশিষ্ট: 

নতুন আঁচনিখনে আন্তঃগাথনি সৃষ্টিত নিম্নোক্ত খণ্ডসমূহক সাঙুৰি ল’ব— 

ক) পানী যোগান, শক্তি, যোগাযোগ ব্যৱ্স্থা আৰু পৰ্যটন ক্ষেত্ৰক উদগণি দিয়া বিশেষ প্ৰকল্প৷ 

খ) শিক্ষা আৰু স্বাস্থ্যৰ দৰে সামাজিক খণ্ডৰ আন্তঃগাথনি৷ 

এনইএছআইডিএছৰ উপযোগিতা: 

নতুন আঁচনিখনৰ অধীনত সৃষ্টি হ’বলগীয়া সম্পদে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ সা-সুবিধা উন্নত কৰাই নহয়, পৰ্যটন খণ্ডকো উদগণি যোগাব৷ ইয়াৰ ফলস্বৰূপে স্থানীয় যুৱক-যুৱতীৰ বাবে সংস্থাপনৰ সুযোগ সৃষ্টি হ’ব৷ অনাগত দিনত উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নত এই আঁচনিয়ে মূখ্য ভূমিকা গ্ৰহণ কৰিব৷ 

*****

AKT/VBA/SH/MS