পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেবিনেটে মাৰ্চ, ২০২০ পৰ্যন্ত অব্যাহত ৰাখিবলৈ পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ (ড’নাৰ) মন্ত্ৰালয়ক নিম্নলিখিত যোজনাসমূহৰ বাবে অনুমোদন জনাইছেঃ
• এনইচিৰ যোজনাসমূহৰ অন্তৰ্গত- বৰ্তমানে অব্যাহত থকা যোজনাসমূহৰ বিদ্যমান বিত্তীয় শৈলী (৯০:১০ ভিত্তিত) আৰু নতুন যোজনাসমূহৰ বাবে ১০০ শতাংশ কেন্দ্ৰীয় বিত্তীয় শৈলীৰ সৈতে বিশেষ বিকাশ যোজনাসমূহ৷
• এনইচিৰ দ্বাৰা বিত্তীয় শৈলীৰ অন্য যোজনাসমূহৰ বাবে- ৰাজহ আৰু পুঁজিগত দুয়োটাই-১০০ শতাংশ কেন্দ্ৰীয় বিত্তীয় শৈলী আধাৰৰ ভিত্তিত, বিদ্যমান শৈলীৰ সৈতে অব্যাহত থাকিব৷
• ১০০ শতাংশ কেন্দ্ৰীয় বিত্তীয় শৈলীৰ পূৰ্বোত্তৰ পথ ক্ষেত্ৰ বিকাশ যোজনা (এনইআৰএছডিএছ)ৰ বিস্তাৰ৷
• নন-লাপছেবল কেন্দ্ৰীয় সংসাধন পুল (এনএলচিপিআৰ-চি)ক প্ৰণয়ন কৰাৰ বাবে এনইচিক হস্তান্তৰিত কৰা
হ’ব৷
• বিভিন্ন মন্ত্ৰালয়/বিভাগৰ প্ৰয়াসক সামঞ্জস্যতাৰ জৰিয়তে সংসাধনসমূহৰ অনুকূলন সুনিশ্চিত কৰাৰ প্ৰস্তাৱ৷
এনইচিৰ বিদ্যমান যোজনাসমূহৰ অন্তৰ্গত যোজনাসমূহে এনএলচিপিআৰ (কেন্দ্ৰীয়) তথা এনইআৰএছডিএছ পূৰ্বোত্তৰ ক্ষেত্ৰৰ জনসাধাৰণৰ সামাজিক-আৰ্থিক লাভ বৃদ্ধি কৰিব, য’ত এই লোকসমূহৰ ক্ষমতা আৰু জীৱিকা উন্নত হ’ব৷
বৰ্তমান সময়ত ৭২.১২ শতাংশৰ মঞ্জুৰীযুক্ত অধিক সংখ্যক যোজনাসমূহ (৮৪০ৰ ভিতৰত ৫৯৯টা যোজনা) আৰু চলিত যোজনাসমূহৰ বাবে দেয় মূলতুবীৰ ৬৬ শতাংশ (২২৯৯.৭২ কোটি টকাৰ ১৫১৮.৬৪ কোটি টকা)ৰ বিত্তীয় শৈলী ‘এনইচিৰ যোজনা-বিশেষ বিকাশ যোজনা’ৰ দ্বাৰা হয়, যাৰ জৰিয়তে বাচনি কৰা যোজনাসমূহৰ বাবে ধনৰাশি ৯০:১০ৰ ভিত্তিত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিতৰণ কৰা হয় আৰু ইয়াৰ প্ৰণয়ন সম্বন্ধীয় ৰাজ্য চৰকাৰৰ দ্বাৰা কৰা হয়৷ ইয়াৰোপৰি কিছু পৰিমাণ ৰাজহ তথা পুঞ্জীগত দুয়োটাতেই-১০০ শতাংশ কেন্দ্ৰীয় বিত্তীয় শৈলীৰ আধাৰত প্ৰণয়ন ৰাজ্য আৰু কেন্দ্ৰীয় এজেন্সীসমূহৰ দ্বাৰা হয়৷
এনইচিৰ যোজনা-বিশেষ বিকাশ যোজনাৰ পূৰ্বৰ ৯০:১০ৰ ভিত্তিৰ পৰিৱৰ্তে ১০০ শতাংশ অনুদানৰ সৈতে এক কেন্দ্ৰীয় ক্ষেত্ৰ যোজনাৰূপে পৰিৱৰ্তিত কৰা হ’ব৷ বাকী ৰৈ যোৱা অংশসমূহ বৰ্তমানৰ দৰে ১০০ কেন্দ্ৰীয় বিনিয়োগৰ আধাৰত বিত্তীয় শৈলীৰ দৰে হ’ব৷
উপৰোক্তৰ উপৰিও অতিৰিক্তভাৱে, এনইচিৰ মহত্বপূৰ্ণ তথা আন্তঃৰাজ্যিক পথসমূহৰ উন্নয়নৰ বাবে ‘উত্তৰ পূব পথ ক্ষেত্ৰ বিকাশ যোজনা কাৰ্যক্ৰমৰো প্ৰণয়ন কৰা হৈছে৷ প্ৰণয়নৰ বাবে এনইচিৰ পৰা ড’নাৰক হস্তান্তৰিত কৰা এই যোজনা ১০০ শতাংশই কেন্দ্ৰৰ দ্বাৰা বিত্তীয় সাহায্য প্ৰাপ্ত৷ এই যোজনাৰ অধীনত ১০০০ কোটি টকাৰ এটা পৰিমাণ আৱণ্টিত কৰা হৈছে৷
‘‘সংসাধনৰ নন-লাপছেবল কেন্দ্ৰীয় পুল-কেন্দ্ৰীয় (এনএলটিপিআৰ (কেন্দ্ৰীয়))’’নামৰ এক অন্য যোজনা যি বৰ্তমান ড’নাৰৰ দ্বাৰা বিত্তীয় সাহায্য প্ৰাপ্ত, মাজুলী দ্বীপৰ খহনীয়া ৰোধ কৰা আগৰতলা-আখোৰা ৰে’ল সংযোগৰ দৰে যোজনাসমূহ সম্বন্ধীয় মন্ত্ৰালয়/সেইসমূহৰ এজেন্সীক সংসাধন উপলব্ধ কৰোৱা হৈছে৷ এই যোজনাকো প্ৰণয়নৰ বাবে এনইচিক হস্তান্তৰিত কৰা হ’ব৷
পূৰ্বে, নিধিসমূহক ৰাজ্য অথবা কেন্দ্ৰীয় অংশত বিতৰণ কৰাৰ বাবে কোনো স্থায়ী ব্যৱস্থা নাছিল৷ এতিয়া এনইচিক উপলব্ধ সমূহ নিধিসমূহ দুটা অংশত (ৰাজ্যৰ অংশ ৬০ শতাংশ আৰু কেন্দ্ৰৰ অংশ ৪০ শতাংশ) বিতৰণ কৰা হৈছে৷ ৰাজ্যৰ অংশৰ প্ৰয়োগ প্ৰত্যেক ৰাজ্যত মানদণ্ড সম্বন্ধীয় আৱণ্টন ভিত্তিত সেইসমূহৰ অংশ অনুসৰি যোজনাসমূহৰ বাবে কৰা হ’ব৷ কেন্দ্ৰীয় অংশসমূহৰ বাবে ক্ষেত্ৰীয় গুণসম্পন্ন, আন্তঃমন্ত্ৰালয় যোজনা আৱশ্যকতা সম্বন্ধীয় যোজনাসমূহ আৰম্ভ কৰা হ’ব৷ বাঁহ, গাহৰি পালন, ক্ষেত্ৰীয় পৰ্যটন, উচ্চ শিক্ষা, স্বাস্থ্য তথা অনগ্ৰসৰ ক্ষেত্ৰত বিশেষ হস্তক্ষেপ, এনইআৰত বিজ্ঞান তথা প্ৰযুক্তিৰ হস্তক্ষেপ, সৰ্বেক্ষণ তথা অনুসন্ধান আৰু এনইআৰৰ উত্তৰণৰ দৰে প্ৰাথমিক ক্ষেত্ৰসমূহ চিনাক্ত কৰা হৈছে৷
উপৰোক্তসমূহৰ জৰিয়তে দ্বিতীয়তা ৰোধ কৰিবলৈ ড’নাৰ তথা এনইচিৰ মাজত এক স্পষ্ট সংবিভাজন আৰু ক্ষেত্ৰসমূহৰ মাজত বিভাজন সুনিশ্চিত কৰা হৈছে৷
ইয়াৰোপৰি, সম্বন্ধিত মন্তালয়ৰ দ্বাৰা তথা ড’নাৰ মন্ত্ৰালয়ৰ প্ৰতিনিধিসকলৰ সৈতে স্থায়ী বিত্ত সমিতি (এছএফচি)ৰ ভিত্তিত এনইচিৰ অধ্যক্ষতাত ৫-১৫ কোটি টকাৰ যোজনাসমূহৰ অনুমোদনৰ বাবে এক ব্যৱস্থাৰ প্ৰণয়ন কৰা হ’ব৷ ইয়াৰ উদ্দেশ্য হ’ল অন্য কেন্দ্ৰীয় মন্ত্ৰালয়ৰ কাৰ্যক্ৰমৰ সৈতে সমন্বয় স্থাপন কৰা তথা এছএফচিৰ প্ৰক্ৰিয়াৰ জৰিয়তে দ্বিতীয়তা পৰিহাৰ কৰা৷
***
AKT/VBA/MANN