Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰ-পূৱ দিল্লীৰ দয়ালপুৰ এলেকাত অট্টালিকা খহি ভালেমান লোকৰ শোকাবহ মৃত্যু : প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


 

আজি উত্তৰ-পূৱ দিল্লীৰ দয়ালপুৰ অঞ্চলত এটা অট্টালিকা খহি পৰাৰ ফলত ভালেমান লোকৰ প্ৰাণহানি হোৱা শোকাবহ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত এটা এক্স পোষ্টত লিখিছে –

“উত্তৰ-পূৱ দিল্লীৰ দয়ালপুৰ অঞ্চলত এটা অট্টালিকা খহি পৰাৰ ফলত ভালেমান লোকৰ প্ৰাণহানি হোৱা শোকাবহ ঘটনাত মৰ্মাহত হৈছো। প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়লৈ গভীৰ সমবেদনা। আহতসকলৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছোঁ। এই দুৰ্ঘটনা প্ৰভাৱিত প্ৰতিগৰাকী লোককে স্থানীয় প্ৰশাসনে যথাসম্ভৱ সকলো সাহায্য আগবঢ়াই আছে।

মৃত লোকসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব, লগতে একেই পুঁজিৰ পৰা আহতসকললৈ ৫০০০০ কৈ টকা এককালীন সাহায্য হিচাপে আগবঢ়োৱা হ’ব। – প্ৰধানমন্ত্ৰী @narendramodi”

***

MJPS/SR