Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰ-প্ৰদেশত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌ ভ্ৰমণ কৰে৷ ৬০,০০০ কোটিৰো অধিক বিনিয়োগেৰে উত্তৰপ্ৰদেশত ৰূপায়ন হবলগীয়া ৮১ টা বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত তেওঁ অংশ লয়৷

২০১৮ৰ ফেব্ৰুৱাৰীত অনু্ষ্ঠিত উত্তৰপ্ৰদেশ বিনিয়োগ সন্মিলনৰ কেইমাহমানৰ পাছতে এই প্ৰকল্পসমূহ ৰাজ্যখনত আৰম্ভ হৈছে৷ বিনিয়োগকাৰীক আকৰ্ষিত কৰা আৰু ৰাজ্যখনত ঔদ্যোগীকৰণৰ প্ৰসাৰৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছিল৷

প্ৰধানমন্ত্ৰীয়ে দেশৰ কিছু প্ৰান্তত হৈ থকা প্ৰৱল বৃষ্টিপাত সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে আৰু ক্ষতিগ্ৰস্থ লোকসকলক সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰসমূহৰ সৈতে কাম কৰি আছে৷

তেওঁ কয় যে যত্নশীল চৰকাৰ হিচাপে তেওঁলোকে জনসাধাৰণৰ জীৱনধাৰণৰ জটিলতা দূৰ কৰা আৰু জীৱনধাৰণৰ মান উন্নত কৰাৰ প্ৰয়াস চলাই আছে৷ আজি ইয়াত উপস্থিত হোৱা হাজাৰ হাজাৰ জনসাধাৰণে উত্তৰপ্ৰদেশৰ পৰিৱৰ্তনৰ যাত্ৰাৰ ইংগিত বহন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে পাঁচ মাহৰ ভিতৰত এই প্ৰকল্পসমূহে যিধৰণে গতি(প্ৰস্তাৱৰ পৰা আধাৰশিলা স্থাপনলৈ)লাভ কৰিছে, সেয়া সঁচাকৈয়ে চমকপ্ৰদ৷

এই সাফল্যৰ বাবে তেওঁ ৰাজ্য চৰকাৰক অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ উল্লেখ কৰে যে এই প্ৰসল্পসমূহ ৰাজ্যখনৰ কেইটামান নিৰ্দিষ্ট অঞ্চলতে সীমাবদ্ধ হৈ নাথাকে, ই উত্তৰপ্ৰদেশৰ সামগ্ৰিক উন্নয়ন সাধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷

ৰাজ্য চৰকাৰৰ নতুন কৰ্ম সংস্কৃতিক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰে৷ তেওঁ কয় যে পৰিৱৰ্তিত বিনিয়োগ পৰিৱেশে ৰাজ্যখনলৈ সংস্থাপন, বাণিজ্য, উন্নত পৰিবহণ ব্যৱস্থা, পৰ্যাপ্ত বিদ্যুৎ যোগানৰ লগতে এক উজ্জল ভৱিষ্যত কঢ়িয়াই আনিছে৷ এই প্ৰকল্পসমূহে বহুতো নতুন সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰক উপকৃত কৰিব৷ মেক ইন ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়া আদিৰ দৰে ধ্বজাবাহী আঁচনিসমূহে এই প্ৰকল্পৰ মাধ্যমেৰে বৃহৎ উৎসাহ লাভ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে দেশৰ গ্ৰামাঞ্চলত অৱস্থিত তিনি লাখ কমন ছাৰ্ভিচ চেণ্টাৰে আজি গাওঁৰ বাসিন্দাসকলৰ জীৱন সলনি কৰিছে৷ তেওঁলোকক দক্ষ আৰু স্বচ্ছ সেৱা বিতৰণৰ সুবিধা আগবঢ়াইছে৷

তেওঁ কয় যে ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাণকাৰী দেশত পৰিণত হৈছে আৰু উত্তৰ প্ৰদেশে এই বিপ্লৱৰ নেতৃত্ব দিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাথনি প্ৰকল্পসমূহ সম্পূৰ্ণ হৈ উঠিলে ভাৰতত ব্যৱসায় কৰাতো অধিক সৰল হৈ পৰিব আৰু লজিষ্টিকৰ ওপৰত হোৱা ব্যয়ো হ্ৰাস পাব৷ তেওঁ ব্যৱসায়ী আৰু উদ্যোগীসকলক ডিজিটেল লেনদেনৰ অধিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷

দেশত বিদ্যুৎ যোগান বৃদ্ধি কৰিবলৈ লোৱা পদক্ষেপৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ আশা প্ৰকাশ কৰে যে উত্তৰপ্ৰদেশ সৌৰ শক্তিৰ কেন্দ্ৰস্থল হব৷ ভাৰতৰ বিজুলী ঘাটিৰ পৰিমাণ ২০১৩১৪ৰ ৪.২ শতাংশৰ পৰা এতিয়া ১ শতাংশলৈ হ্ৰাস পাইছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰতৰ ৰোডমেপ মানে হজন ভাগীদাৰী’(জনসাধাৰণৰ অংশগ্ৰহণ)ৰ মাধ্যমেৰে দেশবাসীৰ আশাআকাংক্ষাই সম্পূৰ্ণতা লাভ কৰা৷

***

AKT/SH/MS