পি এম ইণ্ডিয়া
ভাৰত মাতা কী জয়,
ভাৰত মাতা কী জয়,
কাৰ্যক্ৰমত উপস্থিত থকা উত্তৰ প্ৰদেশৰ উৰ্জাবান আৰু কৰ্মযোগী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, প্ৰয়াগৰাজৰ ভূ-খণ্ডৰ জনপ্ৰিয় নেতা উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী সাধ্বী নিৰঞ্জন জ্যোতি জী, শ্ৰীমতী অনুপ্ৰিয়া পেটেল জী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ডা০ মহেন্দ্ৰ সিং জী, ৰাজেন্দ্ৰ প্ৰতাপ সিং মোটি জী, শ্ৰী সিদ্ধাৰ্থ নাথ সিং জী, নন্দগোপাল গুপ্তা নন্দী জী, শ্ৰীমতী স্বাতী সিং জী, শ্ৰীমতী গুলাবো দেৱী জী, শ্ৰীমতী নীলিমা কাটিয়াৰ জী, সংসদত মোৰ সহযোগী ভগ্নী ৰীতা বহুগুণা জী, শ্ৰীমতী হেমামালিনী জী, শ্ৰীমতী কেশৰী দেৱী পেটেল জী, ডা০ সংঘমিত্ৰা মৌৰ্য জী, শ্ৰীমতী গীতা শাক্য জী, শ্ৰীমতী কান্তা কৰ্দম জী, শ্ৰীমতী সীমা দ্বিবেদী জী, ডা০ ৰমেশ চন্দ বিন্দ জী, প্ৰয়াগৰাজৰ ‘মেয়ৰ’ শ্ৰীমতী অভিলাষা গুপ্তা জী, জিলা পঞ্চায়তৰ অধ্যক্ষ ডা০ বী কে সিং জী, বিধায়কসকল, অন্যান্য জনপ্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা উত্তৰ প্ৰদেশৰ সামৰ্থ্য বৰ্দ্ধন কৰা ইয়াৰ সামৰ্থ্যৰ প্ৰতীক মোৰ মাতৃ, ভগ্নীসকল! আপোনালোক আটাইলৈকে মই প্ৰণাম জনাইছো। মা গংগা, যমুনা, সৰস্বতীৰ পবিত্ৰ পাৰত স্থাপিত প্ৰয়াগৰাজৰ এই ধৰাখণ্ডক আমি মূৰ দোৱাই প্ৰণাম কৰিছো। এয়া সেইডোখৰ ভূখণ্ড, য’ত ধৰ্ম, জ্ঞান আৰু ন্যায়ৰ ত্ৰিবেণী প্ৰবাহিত হয়। তীৰ্থৰো তীৰ্থ, প্ৰয়াগৰাজলৈ আহি, সদায়ে এক অন্য ধৰণৰ পবিত্ৰতা আৰু শক্তিৰ অনুভৱ হয়। যোৱাটো বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কুম্ভৰ বাবে আমি এই পবিত্ৰ স্থানলৈ আহিছিলো, তেতিয়া সংগমত বুৰ মাৰি অলৌকিক আনন্দৰ অভিজ্ঞতা লাভ কৰিছিলো। তীৰ্থৰাজ প্ৰয়াগৰ এনেকুৱা পবিত্ৰ ভূমিক মই হাত যোৰ কৰি প্ৰণাম কৰিছো। আজি হিন্দী সাহিত্য জগতৰ সৰ্বমান্য ‘আচাৰ্য’ মহাবীৰ প্ৰসাদ দ্বিবেদী জীৰ পূণ্য তিথিও। প্ৰয়াগৰাজৰ পৰা সাহিত্যৰ যিখন সৰস্বতী প্ৰবাহিত হৈছিল, দ্বিবেদী জী এক দীঘলীয়া সময় ধৰি তাৰ সম্পাদকো আছিল। মই তেখেতলৈকো মোৰ শ্ৰদ্ধাঞ্জলি জনাইছো।
মাতৃ-ভগ্নীসকল,
প্ৰয়াগৰাজ সহস্ৰ বছৰ ধৰি আমাৰ মাতৃশক্তিৰ প্ৰতীক মা গংগা-যমুনা-সৰস্বতীৰ সংগমৰ স্থলী আছিল। আজি এই তীৰ্থনগৰী নাৰী-শক্তিৰ ইমান অদ্ভুত সংগমৰো সাক্ষী হৈছে। এয়া আমাৰ সকলোৰে সৌভাগ্য যে আপোনালোক সকলোৱে আমাক স্নেহ দিয়াৰ বাবে, আপোনালোকৰ আশীৰ্বাদ প্ৰদান কৰাৰ বাবে ইয়ালৈ আহিছে। মাতৃ-ভগ্নীসকল, মই ইয়াত মঞ্চলৈ উঠাৰ আগতে ‘বেংকিং সখী’সকলৰ সৈতে, ‘স্বয়ং সহায়তা গোট’সমূহৰ সৈতে জড়িত ভগ্নীসকলৰ লগতে ‘কন্যা সুমংগলা যোজনা’ৰ হিতাধিকাৰী কন্যাসকলৰ সৈতে কথা-বতৰা হৈছিলো। তেওঁলোকে এনেকুৱা ভাৱ, এনেকুৱা আত্মবিশ্বাসৰে ভৰপূৰ কথা পাতিলে! আই-ভনীসকল, আমাৰ দেশত এটা ফঁকৰা-যোজনা আছে- ‘প্ৰত্যক্ষে কিম্ প্ৰমাণম্’!
অৰ্থাত্ যাক প্ৰত্যক্ষ কৰা হয়, যি সন্মুখতে থাকে, তাক সাব্যস্ত কৰাৰ বাবে প্ৰমাণৰ প্ৰয়োজন নহয়। উত্তৰ প্ৰদেশত বিকাশৰ বাবে, মহিলাৰ সৱলীকৰণৰ বাবে যিমানখিনি কাম কৰা হৈছে, সেয়া সমগ্ৰ দেশেই প্ৰত্যক্ষ কৰিছে। এতিয়া ইয়াত ‘মুখ্যমন্ত্ৰী কন্যা সুমংগলা যোজনা’ৰ একলাখৰো অধিক হিতাধিকাৰী কন্যাৰ একাউণ্টত কোটি কোটি টকা হস্তান্তৰিত কৰাৰ সৌভাগ্য হ’ল! এই যোজনা গাঁও-দৰিদ্ৰৰ বাবে, কন্যাসকলৰ বাবে ভৰসাৰ বহুত ডাঙৰ মাধ্যম হৈ উঠিছে। উত্তৰ প্ৰদেশে ‘বেংক সখী’ৰ যি অভিযান আৰম্ভ কৰিছে, সিয়ে মহিলাসকলৰ জীৱিকাৰ সুযোগ প্ৰদানৰ লগতে তেওঁলোকৰ জীৱনলৈয়ো বহুত ডাঙৰ পৰিৱৰ্তন কঢ়িয়াই আনিছে। চৰকাৰৰ পৰা বেলেগ বেলেগ যোজনাৰ বাবে যি ধন ‘প্ৰত্যক্ষভাবে লাভ হস্তান্তৰণ’(ডিবিটি)ৰ জৰিয়তে বেংক একাউণ্টলৈ আহিছে, এই ধন মোকলোৱাৰ বাবে এতিয়া আৰু বেংকলৈ যাব নালাগে। বেংক সখীৰ সহায়ত এই ধন গাঁৱতে, ঘৰতে পোৱাৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাত্ ‘বেংক সখী’সকলে বেংকক গাঁৱলৈকে লৈ আনিছে। আৰু যিসকল লোকে ভাবি আছে যে এয়াতো তেনেই সৰু কথা, তেওঁলোকক মই এই বুলিও ক’ব খোজো যে ‘বেংক সখী’সকলৰ কাম দৰাচলতেই বহু ডাঙৰ। উত্তৰ প্ৰদেশ চৰকাৰে এইসকল ‘বেংক সখী’ৰ ওপৰত প্ৰায় ৭৫ হাজৰ কোটি টকাৰ লেন-দেনৰ দায়িত্ব অৰ্পণ কৰিছে। ৭৫ হাজাৰ কোটি টকাৰ কাৰবাৰ ইয়াত গাঁওসমূহত বসবাস কৰা মোৰ ছোৱালীসকলে কৰি আছে। যিমানখিনি লেনদেন গাঁৱত হ’ব, সিমানেই তেওঁলোকৰ আমদানীও বাঢ়িব। ‘বেংক সখী’সকলৰ অধিক সংখ্যকেই এনেকুৱা ভনী যে কেইটামান বছৰৰ আগলৈকে তেওঁলোকৰ নিজৰ বেংক একাউণ্টেই নাছিল। কিন্তু আজি এইসকল মহিলাৰ হাতলৈ ‘বেংকিঙ’ৰ, ‘ডিজিটেল বেংকিঙ’ৰ শক্তি আহি গৈছে। সেয়ে, দেশে দেখি আছে উত্তৰ প্ৰদেশত কেনেধৰণে কামবোৰ কৰি থকা হৈছে। আৰু সেইকাৰণেই মই কও ‘প্ৰত্যক্ষে কিম্ প্ৰমাণম্’!
আই-ভনীসকল,
উত্তৰ প্ৰদেশে ‘টে’ক হোম ৰেচন’, পুষ্টিহীন শিশুসকলক প্ৰদান কৰা পুষ্টি তৈয়াৰ কৰাৰ দায়িত্বও মহিলাৰ হাততে অৰ্পণ কৰিছে। এই পুষ্টিযুক্ত ৰেচন আৰু আহাৰ এতিয়া ‘আত্মসহায়ক গোট’ত সকলোৱে মিলি মহিলাসকলে নিজেই প্ৰস্তুত কৰিব। এয়াও বহুত ডাঙৰ কাম, বছৰি কেবা হাজাৰ কোটি টকাৰ কাম। যি ২০২টা পুষ্টিযুক্ত আহাৰ উত্পাদন গোটৰ আজি শিলান্যাস কৰা হ’ল, সেইবোৰৰ পৰা ‘আত্মসহায়ক গোট’ৰ মহিলাসকলৰ আয়ো হ’ব, আৰু গাঁৱৰ খেতিয়কসকলৰো বহুত লাভ হ’ব। গাঁৱৰ মহিলাই নিজৰ কাৰখানাত পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰাৰ বাবে খাদ্য দ্ৰব্য গাঁৱৰ পৰাই কিনিব। এয়াইতো সৱলীকৰণৰ সেই প্ৰয়াস যিয়ে উত্তৰ প্ৰদেশৰ মহিলাসকলৰ জীৱন পৰিৱৰ্তনৰ ধাৰাৰ শুভাৰম্ভ কৰিছে। চৰকাৰে বেলেগ বেলেগ খণ্ডত, ‘আ্ত্মসহায়ক গোট’সমূহক যি সহযোগিতা দি আহিছে, ইয়াৰ এক কিস্তিৰ ৰূপত আজি মই এক হাজাৰ কোটি টকা হস্তান্তৰিত কৰাৰ সৌভাগ্য লাভ কৰিলো। উত্তৰ প্ৰদেশৰ বিকাশৰ ধাৰা এতিয়া কোনোবাই বাধা দিলেও স্থবিৰ হৈ নপৰে। উত্তৰ প্ৰদেশৰ মহিলাসকলে, আই-ভনী-কন্যাসকলে সংকল্প গ্ৰহণ কৰিছে- এতিয়া আৰু আগৰ সেই চৰকাৰৰ ধাৰা উভতি আহিবলৈ দিয়া নহ’ব। ‘ডবল ইঞ্জিন’ৰ চৰকাৰে উত্তৰ প্ৰদেশৰৰ মহিলাসকলক যি সুৰক্ষা প্ৰদান কৰিছে, যি সন্মান দিছে, তেওঁলোকৰ গৰিমা বৃদ্ধি কৰিছে, সেয়া নিতান্তই অভুতপূৰ্ব।
ভাই-ভনীসকল,
আই-ভনী-কন্যাসকলৰ জীৱন প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি প্ৰভাৱিত কৰিবলগীয়া, প্ৰজন্ম নিৰ্মাণ কৰিব পৰা জীৱন। এগৰাকী কন্যাৰ সামৰ্থ্য, তেওঁৰ শিক্ষা, তেওঁৰ কৌশলে কেৱল পৰিয়ালৰে নহয়, সমাজৰ, ৰাষ্ট্ৰৰো দিক নিৰ্ণয় কৰে। সেয়ে, ২০১৪ চনত আমি যেতিয়া আই ভাৰতীৰ ডাঙৰ সপোন, ডাঙৰ আকাংক্ষাসমূহ সাকাৰ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিলো তেতিয়া সকলোৰে আগতে দেশৰ কন্যাসকলৰ বিশ্বাসক নতুন উৰ্জা দিয়াৰ প্ৰয়াস কৰিছিলো। সেয়ে, আমি ছোৱালীৰ জন্মৰ পৰা জীৱন চক্ৰৰ প্ৰতিটো অৱস্থাত মহিলাসকলক শক্তিশালী কৰি তোলাৰ বাবে যোজনা প্ৰস্তুত কৰিছিলো, অভিযান চলাইছিলো।
বন্ধুসকল,
কন্যা সন্তানসকল যাতে গৰ্ভতে মাৰিবলগীয়া নহয়, তেওঁলোকে যাতে জন্ম ল’ব পাৰে, ইয়াৰ বাবে আমি ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানৰ মাধ্যমৰে সমাজৰ চেতনা জাগৃত কৰিবলৈ প্ৰয়াস কৰিছিলো। আজি পৰিণাম এয়া যে দেশৰ অনেক ৰাজ্যত কন্যা সন্তানৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। প্ৰসৱৰ পিচতো চিন্তা নকৰাকৈয়ে নিজৰ সন্তানৰ প্ৰাথমিক চোৱাচিতা কৰিছে, মাতৃসকলে যাতে নিজৰ কাম-কাজ চলাই ৰাখিব পাৰে তাৰ বাবে মহিলাসকলৰ ছুটি ছমাহ কৰা হৈছে।
বন্ধুসকল,
গৰ্ভাৱস্থাৰ সময়ত দুখীয়া পৰিয়ালসমূহত মাতৃৰ স্বাস্থ্যৰ চিন্তা নিতান্তই এক বহুত ডাঙৰ চিন্তাৰ কাৰণ হৈ আহিছে। সেয়ে আমি গৰ্ভাৱতী মহিলাসকলৰ টীকাকৰণ, হাস্পটালত প্ৰসৱ কৰোৱা আৰু গৰ্ভাৱস্থাৰ সময়ত পুষ্টিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছো। ‘প্ৰধানমন্ত্ৰী মাতৃবন্দনা যোজনা’ৰ আধাৰত গৰ্ভাৱস্থাত ৫ হাজাৰ টকা মহিলাসকলৰ বেংক একাউণ্টত জমা কৰাৰ দিহা কৰা হৈছে, যাতে তেওঁলোকে উচিত খাদ্য-পাতিৰ ব্যৱস্থা কৰিব পাৰে। এই পৰ্যন্ত ২ কোটিৰো অধিক ভগ্নীক প্ৰায় ১০ হাজাৰ কোটি টকা দিয়া হৈছে।
বন্ধুসকল,
কন্যাসকলে ভালকৈ যাতে পঢ়া-শুনা কৰিব পাৰে, তেওঁলোকে যাতে মাজতে স্কুল এৰিবলগীয়া নহয়, এই দিশতো আমি নিৰন্তৰ কাম কৰিছো। স্কুলত ছাত্ৰীসকলৰ বাবে পৃথক শৌচালয় নিৰ্মাণ কৰা, অথবা ‘ছেনিটেৰী পেড’ দুখীয়াৰো দুখীয়া কন্যসকলৰ বাবেও সুলভ কৰি তোলাই হওক আমাৰ চৰকাৰে কোনো কাম পিছ পেলেয়াই ৰখা নাই। ‘সুকন্যা সমৃদ্ধি যোজনা’ৰ আধাৰত প্ৰায় আঢ়ৈ কোটি কন্যাৰ একাউণ্ট খোলা হ’ল। এই পইচাই যাতে তেওঁলোক ডাঙৰ হোৱাৰ পিচত তেওঁলোকৰ সপোন পূৰ্ণ কৰিবগৈ পাৰে, তাৰ বাবে ইয়াত জমা ৰখা ধনৰ বাবদ সুদৰ হাৰ অধিক দিয়াৰ ব্যৱস্থা কৰা হৈছে। স্কুল-কলেজৰ পিচত ‘কেৰিয়াৰ’ৰ পৰা ঘৰ-গৃহস্থী পৰ্যন্ত প্ৰতিটো পদক্ষেপত মহিলাসকলৰ সুবিধা আৰু স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়া হৈছে। ‘স্বচ্ছ ভাৰত মিছন’ৰ আধাৰত কোটি কোটি শৌচালয় নিৰ্মাণ কৰা, ‘উজ্জ্বলা যোজনা’ৰ আধাৰত দুখীয়াৰো দুখীয়া ভনীহঁতক গেছ সংযোগৰ সুবিধা দিয়া, ঘৰলৈকে নলীৰে পানীৰ যোগান ধৰাৰ ফলত ভনীহঁতৰ জীৱনলৈ সুবিধা অহাৰ লগতে তেওঁলোকৰ মৰ্যাদাও বৃদ্ধি পাইছে।
বন্ধুসকল,
‘আয়ুষ্মান ভাৰত যোজনা’ৰ আধাৰতো সবাটোকৈ অধিক লাভ যদি কাৰোবাৰ হৈছে সেয়া আমাৰ বাই-ভনীসকলৰ হৈছে। সেয়া লাগিলে হাস্পটালত প্ৰসৱৰ ব্যৱস্থাই হওক, কিম্বা অন্যান্য চিকিত্সা লাভ কৰাৰ ফলত তেওঁলোকৰ চিন্তা দূৰ হোৱাই হওক। আই-ভনীহঁত, ভাৰতীয় সমাজত সদায়ে মাতৃ-ভগ্নীসকলক সকলোতকৈ ওপৰত স্থান দি অহা হৈছে। কিন্তু আজি এটা সত্যৰ প্ৰতিও মই আপোনালোকৰ, সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষিত কৰিব খুজিছো। আমাৰ দেশৰ পৰম্পৰা অনুসৰি শতিকা জুৰি, দশকৰ পিচত দশক ধৰি এনে এক ব্যৱস্থাই চলি আহিছে যে ঘৰ আৰু ঘৰৰ প্ৰতিটো সম্পত্তিয়েই কেৱল পুৰুষৰে অধিকাৰৰ বস্তু বুলি গণ্য কৰিবলৈ ধৰা হৈছিল। ঘৰ যদি কাৰ নামত? পুৰুষৰ নামত। খেতি-পথাৰ কাৰ নামত? পুৰুষৰ নামত। চাকৰি, দোকান কাৰ অধিকাৰ? পুৰুষৰ। আজি আমাৰ চৰকাৰৰ যোজনাসমূহে এই অসমতা দূৰ কৰাৰ প্ৰয়াস কৰি আহিছে। ‘প্ৰধানমন্ত্ৰী আবাস যোজনা’ ইয়াৰ এটা ডাঙৰ উদাহৰণ। ‘প্ৰধানমন্ত্ৰী আবাস যোজনা’ৰ আধাৰত যিসমূহ ঘৰ দিয়া হৈছে, সেয়া প্ৰাথমিকতাৰ আধাৰত মহিলাসকলৰ নামত দিয়াৰ দিহা কৰা হৈছে। যদি উত্তৰ প্ৰদেশৰে কথা কও তেন্তে, উত্তৰ প্ৰদেশত ৩০ লাখৰো অধিক ঘৰ ‘প্ৰধানমন্ত্ৰী আবাস যোজনা’ৰ অধীনত নিৰ্মাণ কৰা হৈছে। ইয়াৰে প্ৰায় ২৫ লাখ ঘৰৰ পঞ্জীয়ণ মহিলাসকলৰ নামত হৈছে। আপোলোকে ভাবি চাওকচোন। প্ৰথমবাৰ উত্তৰ প্ৰদেশত ২৫ লাখ ঘৰৰ পঞ্জীয়ণ হৈছে মহিলাৰ নামত। যিবোৰ ঘৰত প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি মহিলাৰ নামত কোনো সা-সম্পত্তি নাছিলেই, আজি তেওঁলোকৰ সম্পূৰ্ণ ঘৰটোৱেই মহিলাৰ নামত হৈছে। এয়াইতো হৈছে মহিলা সবলীকৰণ, প্ৰকৃত সৱলীকৰণ, এয়াইতো বিকাশৰ নিদৰ্শন।
আই-ভনীসকল,
মই আজি আপোনালোকক আৰু এক যোজনাৰ কথা ক’ব বিচাৰিছো। এই যোজনা হৈছে- কেন্দ্ৰীয় চৰকাৰৰ ‘স্বামিত্ব যোজনা’। ‘স্বামিত্ব যোজনা’ৰ আধাৰত দেশৰ গাঁওসমূহৰ ঘৰবোৰ, মাটি-বাৰীবোৰৰ প্ৰতিচ্ছৱি ‘ড্ৰোণ’ৰ জৰিয়তে গ্ৰহণ কৰি, ঘৰৰ গৰাকীক সা-সম্পত্তিসমূহৰ প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে, মালিকী স্বত্ব দিয়া হৈছে। এই স্বত্ব প্ৰদানৰ সময়ত মহিলাসকলক প্ৰাথমিকতা প্ৰদান কৰা হৈছে। আগন্তুক কেইটামান বছৰৰ ভিতৰত উত্তৰ প্ৰদেশৰ গাঁওসমূহত যোগী জীৰ চৰকাৰে প্ৰতিটো ঘৰৰ ‘মেপিং’ কৰাই এনেদৰেই মালিকী স্বত্ব প্ৰদানৰ কাম সম্পূৰ্ণ কৰি তলিব। পিচত নিৰ্মিত ঘৰসমূহৰ কাগজ-পত্ৰতো ঘৰৰ মহিলাসকলৰ নাম অন্তৰ্ভূক্ত কৰা হ’ব, ঘৰৰ মাতৃসকলৰ নাম অন্তৰ্ভুক্ত কৰা হ’ব।
বন্ধুসকল,
জীৱিকাৰ বাবে, পৰিয়ালৰসমূহৰ আয় বৃদ্ধি কৰাৰ বাবে যিসমূহ যোজনা দেশত চলি আছে, তাতো মহিলাসকলৰ সম অধিকাৰ সাব্যস্ত কৰা হৈছে। ‘মুদ্ৰা যোজনা’ই আজি গাঁৱে গাঁৱে, দুখীয়া পৰিয়ালসমূহৰ পৰাও নতুন নতুন মহিলা উদ্যোগীক উত্সাহিত কৰি আহিছে। এইখন আঁচনিৰ অধাৰত পোৱা মুঠ ঋণৰ প্ৰায় ৭০শতাংশ মহিলাসকলক প্ৰদান কৰা হৈছে। দীনদয়াল ‘অন্ত্যোদয়া যোজনা’ৰ জৰিয়তেও দেশত মহিলাসকলক ‘আত্মসহায়ক গোট’ আৰু গ্ৰ্মীণ সংগঠনসমূহৰে জড়িত কৰা হৈছে। মহিলা ‘স্বয়ং সহাযোগিতা গোট’ৰ ভগ্নীসকলকতো মই ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ ‘চেম্পিয়ণ’ বুলি গ্ৰহণ কৰি আহিছো। এই আত্মসহায়ক গোটসমূহ দৰাচলতে ‘ৰাষ্ট্ৰ সহায়ক গোট’য়েই হয়। সেয়ে ‘ৰাষ্ট্ৰীয় আজীৱিকা মিছন’ৰ আধাৰত ২০১৪ চনৰ আগৰ ৫বছৰত যিমান সহায় আগবঢ়োৱা হৈছিল, বিগত ৭টা বছৰত তাতোকৈ প্ৰায় ১৩গুণে বৃদ্ধি কৰা হৈছে। প্ৰতিটো আত্মসহায়ক গোটে আগতে ১০ লাখ টকা পৰ্যন্ত ‘গেৰাণ্টী’ নোহোৱাকৈয়ে ঋণ পাইছিল, এতিয়া সেই সীমাও দুগুণ অৰ্থাত্ ২০লাখ টকালৈ বৃদ্ধি কৰা হৈছে।
ভাই-ভনীসকল,
চহৰেই হওক কিম্বা গাঁৱেই হওক, মহিলাৰ বাবে আমাৰ চৰকাৰে প্ৰতিটো সৰু ডাঙৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সমাধানৰ দিহা কৰি আহিছে। ক’ৰোনাৰ এই সময়ত আপোনালোকৰ জুহালবোৰ যাতে জ্বলি থাকিব পাৰে, তাৰ বাবে বিনামূলীয়া ৰেচন দিয়াৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰিছে। মহিলাসকলে ৰাতিৰ খেপতো যাতে কাম কৰিব পাৰে, তাৰ বাবে বিধি-নিয়ম সৰল কৰাৰ বাবে কাম আমাৰ চৰকাৰে কৰিছে। খনিসমূহত মহিলাসকলে কাম কৰাৰ ক্ষেত্ৰত থকা বাধা নিষেধসমূহো আমাৰ চৰকাৰেই আঁতৰাই পঠাইছে। দেশৰ সৈনিক স্কুলসমূহৰ দুৱাৰ ছোৱালীৰ বাবেও মুকলি কৰি দিয়াৰ কামো আমাৰ চৰকাৰেই কৰিছে। ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ দ্ৰুত শুনানী গ্ৰহণ কৰাৰ বাবে আমাৰ চৰকাৰে দেশত প্ৰায় ৭০০ ‘ফাষ্ট ট্ৰেক’ আদালত স্থাপন কৰাৰ দিহা কৰিছে। মুছলমান ভনীসকলক অত্যাচাৰৰ পৰা বচোৱাৰ বাবে ‘তিনি তালাক’ৰ বিৰুদ্ধে আইন আমাৰ চৰকাৰেই যুগুতাই উলিয়াইছে।
বন্ধুসকল,
কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ, পক্ষপাত নোহোৱাকৈ, ‘ডবল ইঞ্জিন’ৰ চৰকাৰে কন্যাসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আছে। এতিয়া, কিছু দিন আগতে চৰকাৰে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আগতে ল’ৰাৰ বিয়াৰ বয়স আইন সংগত ভাবে ২১বছৰ আছিল, কিন্তু ছোৱালীৰ বাবে এই সীমা নিৰ্দ্ধাৰণ কৰা হৈছিল ১৮বছৰ। কিন্তু ছোৱালীসকলেও পঢ়া-শুনা কৰি জীৱনত যাতে আগবাঢ়িব পাৰে তাৰ বাবে সময় পোৱাটো কামনা কৰে, ল’ৰাৰ দৰেই সম অধিকাৰ যাতে তেওঁলোকেও পাই সেয়া কামনা কৰে। সেয়ে, ছোৱালীৰ বাবে বিয়াৰ বয়স ২১বছৰ কৰাৰ বাবে প্ৰয়াস কৰা হৈছে। দেশে এই সিদ্ধান্ত ছোৱালীসকলৰ বাবে কৰি আছে যদিও একাংশই ইয়াকে লৈ অশান্তি পাইছে, এই কাণ্ড সকলোৱে দেখি আছে।
ভাই-ভনীসকল,
৫ বছৰৰ আগতে উত্তৰ প্ৰদেশৰ বাট-পথত মাফিয়াৰাজ চলিছিল! উত্তৰ প্ৰদেশৰ শাসনত গুণ্ডাৰ প্ৰভাৱ পৰিছিল। ইয়াৰ সকলোতকৈ অধিক ভুক্তভোগী কোন আছিল? মোৰ উত্তৰ প্ৰদেশৰ ভগ্নী-কন্যাসকল। তেওঁলোক বাটলৈ ওলোটোৱেই অসম্ভৱ যেন হৈছিল। স্কুল-কলেজলৈ যোৱাটোৱেই অসম্ভৱ হৈছিল। আপোনালোকে একো ক’ব পৰা নাছিল, মাত মাতিব পৰা নাছিল। কিয়নো, থানালৈ গ’লেও অপৰাধী, বলাত্কাৰীক ৰক্ষণা-বেক্ষণ দিয়াৰ বাবে কাৰোবাৰ ফোন আহি গৈছিল। যোগী জীয়ে এই সকলো গুণ্ডাক উচিত ঠাইলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে। আজিৰ তাৰিখত সুৰক্ষাও আছে, উত্তৰ প্ৰদেশত অধিকাৰো আছে। আজিৰ উত্তৰ প্ৰদেশত সম্ভাৱনাও আছে, আজিৰ উত্তৰ প্ৰদেশত বেহা-বেপাৰো আছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে, যেতিয়া আমাৰ আই-ভনীসকলৰ বিশ্বাস থাকে, তেতিয়া আমাৰ নতুন উত্তৰ প্ৰদেশক পুনৰাই কোনোবাই আন্ধকাৰলৈ থেলি পঠাব নোৱাৰে। ভাই-ভনীসকল আগবাঢ়ি আহক, প্ৰয়াগৰাজৰ পূণ্যভূমিৰ পৰা এই সংকল্পকে গ্ৰহণ কৰো যে আমাৰ উত্তৰ প্ৰদেশ আগুৱাই যাব, আমাৰ উত্তৰ প্ৰদেশে নতুন উচ্চতা স্পৰ্শ কৰিবগৈ পাৰিব। আপোনালোক সকলো আই-ভনীক আপোনালোকে প্ৰদান কৰা আশীৰ্বাদৰ বাবে, আপোনালোকৰ সমৰ্থনৰ বাবে আৰু উত্তৰ প্ৰদেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতাৰ বাবে মই আকৌ এবাৰ আটাইকে আদৰপূৰ্বক নমস্কাৰ জনাইছো, আপোনালোকক আন্তৰিকতাৰে বহুত বহুত ধন্যবাদ জনাইছো। মোৰ লগত সকলোৱে কওকচোন ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, বহুত বহুত ধন্যবাদ!
***
DS/SH/AK/SJ/KB
Addressing a programme in Prayagraj. #NariShaktiDeshKiShakti https://t.co/2njX6mz9zB
— Narendra Modi (@narendramodi) December 21, 2021
प्रयागराज हजारों सालों से हमारी मातृशक्ति की प्रतीक माँ गंगा-यमुना-सरस्वती के संगम की धरती रही है।
— PMO India (@PMOIndia) December 21, 2021
आज ये तीर्थ नगरी नारी-शक्ति के इतने अद्भुत संगम की भी साक्षी बन रही है: PM @narendramodi
यूपी में विकास के लिए, महिलाओं के सशक्तीकरण के लिए जो काम हुआ है, वो पूरा देश देख रहा है: PM @narendramodi
— PMO India (@PMOIndia) December 21, 2021
अभी यहाँ मुझे मुख्यमंत्री कन्या सुमंगला योजना की एक लाख से ज्यादा लाभार्थी बेटियों के खातों में करोड़ों रुपए ट्रान्सफर करने का सौभाग्य मिला।
— PMO India (@PMOIndia) December 21, 2021
ये योजना गाँव-गरीब के लिए, बेटियों के लिए भरोसे का बहुत बड़ा माध्यम बन रही है: PM @narendramodi
उत्तर प्रदेश की महिलाओं ने, माताओं-बहनों-बेटियों ने ठान लिया है- अब वो पहले की सरकारों वाला दौर, वापस नहीं आने देंगी।
— PMO India (@PMOIndia) December 21, 2021
डबल इंजन की सरकार ने यूपी की महिलाओं को जो सुरक्षा दी है, जो सम्मान दिया है, उनकी गरिमा बढ़ाई है, वो अभूतपूर्व है: PM @narendramodi
बेटियां कोख में ही ना मारी जाएं, वो जन्म लें, इसके लिए हमने 'बेटी बचाओ, बेटी पढ़ाओ' अभियान के माध्यम से समाज की चेतना को जगाने का प्रयास किया।
— PMO India (@PMOIndia) December 21, 2021
आज परिणाम ये है कि देश के अनेक राज्यों में बेटियों की संख्या में बहुत वृद्धि हुई है: PM @narendramodi
हमने गर्भवती महिलाओं के टीकाकरण, अस्पतालों में डिलिवरी और गर्भावस्था के दौरान पोषण पर विशेष ध्यान दिया।
— PMO India (@PMOIndia) December 21, 2021
प्रधानमंत्री मातृवंदना योजना के तहत गर्भावस्था के दौरान 5 हज़ार रुपए महिलाओं के बैंक खाते में जमा किए जाते हैं, ताकि वो उचित खान-पान का ध्यान रख सकें: PM @narendramodi
स्वच्छ भारत मिशन के तहत करोड़ों शौचालय बनने से,
— PMO India (@PMOIndia) December 21, 2021
उज्जवला योजना के तहत गरीब से गरीब बहनों को गैस कनेक्शन की सुविधा मिलने से,
घर में ही नल से जल आने से,
बहनों के जीवन में सुविधा भी आ रही है और उनकी गरिमा में भी वृद्धि हुई है: PM @narendramodi
दशकों तक ऐसी व्यवस्था रही कि घर और घर की संपत्ति को केवल पुरुषों का ही अधिकार समझा जाने लगा।
— PMO India (@PMOIndia) December 21, 2021
घर है तो किसके नाम? पुरुषों के नाम।
खेत है तो किसके नाम? पुरुषों के नाम।
नौकरी, दुकान पर किसका हक? पुरुषों का: PM @narendramodi
आज हमारी सरकार की योजनाएं, इस असमानता को भी दूर कर रही हैं।
— PMO India (@PMOIndia) December 21, 2021
प्रधानमंत्री आवास योजना इसका सबसे बड़ा उदाहरण है।
प्रधानमंत्री आवास योजना के तहत जो घर दिये जा रहे हैं, वो प्राथमिकता के आधार पर महिलाओं के ही नाम से बन रहे हैं: PM @narendramodi
रोजगार के लिए, परिवार की आमदनी बढ़ाने के लिए जो योजनाएँ देश चला रहा है, उसमें भी महिलाओं को बराबर का भागीदार बनाया जा रहा है।
— PMO India (@PMOIndia) December 21, 2021
मुद्रा योजना आज गांव-गांव में, गरीब परिवारों से भी नई-नई महिला उद्यमियों को प्रोत्साहित कर रही है: PM @narendramodi
दीनदयाल अंत्योदय योजना के जरिए भी देश भर में महिलाओं को सेल्फ हेल्प ग्रुप्स और ग्रामीण संगठनों से जोड़ा जा रहा है।
— PMO India (@PMOIndia) December 21, 2021
महिला स्वयं सहायता समूह की बहनों को तो मैं आत्मनिर्भर भारत अभियान की चैपिंयन मानता हूं।
ये स्वयं सहायता समूह, असल में राष्ट्र सहायता समूह हैं: PM @narendramodi
बिना किसी भेदभाव, बिना किसी पक्षपात, डबल इंजन की सरकार, बेटियों के भविष्य को सशक्त करने के लिए निरंतर काम कर रही है।
— PMO India (@PMOIndia) December 21, 2021
अभी कुछ दिन पहले ही केंद्र सरकार ने एक और फैसला किया है।
पहले बेटों के लिए शादी की उम्र कानूनन 21 साल थी, लेकिन बेटियों के लिए ये उम्र 18 साल ही थी: PM
बेटियाँ भी चाहती थीं कि उन्हें उनकी पढ़ाई लिखाई के लिए, आगे बढ़ने के लिए समय मिले, बराबर अवसर मिलें।
— PMO India (@PMOIndia) December 21, 2021
इसलिए, बेटियों के लिए शादी की उम्र को 21 साल करने का प्रयास किया जा रहा है।
देश ये फैसला बेटियों के लिए कर रहा है, लेकिन किसको इससे तकलीफ हो रही है, ये सब देख रहे हैं: PM
5 साल पहले यूपी की सड़कों पर माफियाराज था!
— PMO India (@PMOIndia) December 21, 2021
यूपी की सत्ता में गुंडों की हनक हुआ करती थी!
इसका सबसे बड़ा भुक्तभोगी कौन था?
मेरे यूपी की बहन बेटियाँ थीं।
उन्हें सड़क पर निकलना मुश्किल हुआ करता था। स्कूल, कॉलेज जाना मुश्किल होता था: PM @narendramodi
आप कुछ कह नहीं सकती थीं, बोल नहीं सकती थीं।
— PMO India (@PMOIndia) December 21, 2021
क्योंकि थाने गईं तो अपराधी, बलात्कारी की सिफ़ारिश में किसी का फोन आ जाता था।
योगी जी ने इन गुंडों को उनकी सही जगह पहुंचाया है: PM @narendramodi
आज यूपी में सुरक्षा भी है, अधिकार भी हैं।
— PMO India (@PMOIndia) December 21, 2021
आज यूपी में संभावनाएं भी हैं, व्यापार भी है।
मुझे पूरा विश्वास है, जब हमारी माताओं बहनों का आशीर्वाद है, इस नई यूपी को कोई वापस अंधेरे में नहीं धकेल सकता: PM @narendramodi
2014 में जब हमने मां भारती के बड़े सपनों को साकार करने का बीड़ा उठाया, तो सबसे पहले देश की बेटी के विश्वास को नई ऊर्जा देने का प्रयास शुरू किया।
— Narendra Modi (@narendramodi) December 21, 2021
‘बेटी बचाओ, बेटी पढ़ाओ’ अभियान से समाज की चेतना को जगाने का आज परिणाम ये है कि अनेक राज्यों में बेटियों की संख्या में वृद्धि हुई है। pic.twitter.com/GZPnFlCHHp
संपत्ति के अधिकार को लेकर जो असमानताएं थीं, उन्हें हमारी सरकार की योजनाएं कैसे दूर कर रही हैं, इसका सबसे बड़ा उदाहरण है- प्रधानमंत्री आवास योजना।
— Narendra Modi (@narendramodi) December 21, 2021
इस योजना के तहत ही पहली बार यूपी में 25 लाख महिलाओं के नाम उनका घर हुआ है। यही तो होता है सशक्तिकरण, यही तो होता है विकास! pic.twitter.com/ArVt5h9p3h
महिला स्वयं सहायता समूह की बहनों को मैं आत्मनिर्भर भारत अभियान की चैंपियन मानता हूं। इनके स्वयं सहायता समूह, असल में राष्ट्र सहायता समूह हैं। pic.twitter.com/VymMa7fEaB
— Narendra Modi (@narendramodi) December 21, 2021
डबल इंजन की सरकार बिना किसी भेदभाव और पक्षपात के बेटियों के भविष्य को सशक्त करने के लिए निरंतर काम कर रही है। इसीलिए बेटियों की शादी की उम्र को 18 साल से बढ़ाकर 21 साल करने का प्रयास किया जा रहा है। pic.twitter.com/SleBtfY8AV
— Narendra Modi (@narendramodi) December 21, 2021
आज यूपी में सुरक्षा भी है, अधिकार भी हैं।
— Narendra Modi (@narendramodi) December 21, 2021
आज यूपी में संभावनाएं भी हैं, व्यापार भी है। pic.twitter.com/E3gEfqSmFF