Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল,

ভগৱান শিৱৰ প্ৰিয় মাহ শাওন আৰম্ভ হৈছে৷ দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা ভোলানাথৰ ভক্তসকল সাজু হৈছে৷ এক প্ৰকাৰে এতিয়াৰ পৰা আৰম্ভ কৰি দেৱালীলৈ এক উৎসৱৰ আখৰা আৰম্ভ হয় আৰু অনাগত উৎসৱসমূহৰ বাবে আপোনালোক সকলোকে তথা দেশবাসীক অশেষ শুভকামনা তথা অভিনন্দন জনাইছোঁ৷ বন্ধুসকল, উৎসৱৰ লগে লগে দেশত বাৰিষাও আৰম্ভ হৈছে৷ বৰষুণৰ কৃপা খেতিৰ বাবে, অৰ্থব্যৱস্থাৰ বাবে, আশাৰে পৰিপূৰ্ণ হৈ উঠিছে৷কিন্তু ভৰ বাৰিষাৰ বাবে দেশৰ কিছু প্ৰান্তত ই সমস্যা হৈ দেখা দিছে৷ চৰকাৰে প্ৰতিটো স্থিতিত দৃষ্টি ৰাখিছে৷ ৰাজ্য চৰকাৰৰ সৈতে মিলি সম্পূৰ্ণ প্ৰয়াস কৰিছে যে সংকটৰ মাজত থকা প্ৰতিজন দেশবাসীয়ে যাতে সহায় প্ৰাপ্ত কৰে৷

বন্ধুসকল, এখন সংবেদনশীল চৰকাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক সংকটৰ পৰা মুক্তি দিয়া, তেওঁলোকৰ জীৱন সৰল আৰু সুগম কৰি তোলা, এয়া মই ৰাজ্যৰ সকলোতকৈ প্ৰাথমিক দায়িত্ব বুলি ভাবোঁ আৰু আমাৰো এয়াই একমাত্ৰ কৰ্ম৷ বিগত চাৰিটা বৰ্ষত নিৰন্তৰ এই চিন্তাৰ সৈতে আমি আগবাঢ়ি আছোঁ আৰু আজি ইয়াত লক্ষ্ণৌৰ এই সভাত সন্মিলিত হোৱাও ইয়াৰে এক অংশ৷ কালি মই লক্ষ্ণৌৰ পৰা ইয়াত চহৰীয়া জীৱনক স্মাৰ্ট আৰু সুবিধাসম্পন্ন হিচাপে গঢ়িবলৈ আয়োজিত এক কাৰ্যসূচীলৈ অহাৰ সুবিধা লাভ কৰিলো৷ উত্তৰ প্ৰদেশৰ চহৰ আৰু চহৰসমূহৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ যোজনাসমূহৰ আধাৰশিলা স্থাপন আৰু গৃহহীন ভাই-ভনীসকলক তেওঁলোকৰ নিজৰ ঘৰৰ চাবি তেওঁলোকক হাতত তুলি দিয়াৰ অৱকাশ পালো৷ আৰু মই সন্তোষ পাইছোঁ যে প্ৰতিটো কোণক পৰিৱৰ্তিত কৰাৰ বাবে, পৰিৱৰ্তন অনাৰ বাবে ইয়াত আমি সকলোৱে সংকল্প লৈ আগ বঢ়াৰ দিশত প্ৰবৃত্ত হৈছোঁ৷

বন্ধুসকল, পাঁচমাহত এয়া দ্বিতীয় বাৰ উদ্যোগ জগতৰ সৈতে জড়িত ঘটনাত মই লক্ষ্ণৌলৈ আহিছোঁ৷ ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশ বিনিয়োগকাৰী সন্মিলনলৈও মই আহিছিলো৷ আৰু মোক জনোৱা হৈছিল যে সেই সন্মিলনৰ সময়ত উত্তৰ প্ৰদেশত চাৰে চাৰি লাখ কোটিতকৈ অধিক বিনিয়োগ কৰাৰ ইচ্ছা কৰা হৈছিল৷ আৰু মই সন্তোষ পাইছোঁ যে সেই সংকল্পক ভূমিত অৱতৰণ কৰাৰ ফলস্বৰূপে আজি এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

আমাৰ সতীশ মহোদয়ে নাজানো কিয় ইমান সংকোচেৰে কৈ আছে৷ বহু নম্ৰতাৰে আৰু বিবেকেৰে, এনেদৰে কৈছে যে ষাঠি হাজাৰ, কেৱল ষাঠি হাজাৰ৷ আপোনাৰ ভোক বেছি, মোৰ ভাল লাগিছে৷ কিন্তু মইও দীৰ্ঘসময় ধৰি মুখ্যমন্ত্ৰীৰ পদত আছিলো আৰু ঔদ্যোগিত গতিবিধিৰ সৈতে জড়িত ৰাজ্যৰ পৰা আহিছোঁ৷ ৬০ হাজাৰ কম নহয় ডাঙৰীয়া, ৬০ হাজাৰ কোটি বহু বেছি৷ আপুনি ঠাৱৰ কৰিব পৰা নাই যে কিমান ডাঙৰ সাফল্য আপুনি লাভ কৰিছে৷

মই ইয়াৰ বিষয়ববীয়াকো অভিনন্দন জনাইছোঁ৷ এয়া আপোনালোকে অকল্পনীয় কাম কৰিছে৷ মই জানো যে পুঁজি গঠনত কেনেকুৱা সমস্যাৰ সৃষ্টি হয়৷ এক নম্বৰতে- ক’ৰ্ট-কাছাৰীত কাগজ গুচি যায়; দুই নম্বৰত- দুবছৰলৈ কাম বন্ধ হৈ যায়৷ পৰিৱেশবিদসকলৰ কাষসৈ যায়, তেওঁলোক তাৰ ওপৰত বহি যায়, কোনো খবৰ কাগজৰ ওচৰলৈ গুচি গ’লে, সুভাষ মহোদয়, তেতিয়াতো চৰকাৰেও ভয় খাই যায় যে এওঁক কাম দিম নে নিদিম৷ কাৰণ প্ৰতিদ্বন্ধী দলে কাণে কাণে খেলে৷ এই সকলো সংকট পাৰ কৰি পাঁত মাহৰ ভিতৰত এই গতি প্ৰাপ্ত কৰা, ৬০ হাজাৰ কোটিৰ পুঁজিৰ বিনিয়োগৰ কাম আৰম্ভ হোৱা, এয়া এক অদ্ভুত সফলতা৷ মই অনুভৱ কৰিছোঁ সেয়ে কৈছোঁ৷ আপোনাৰ সমগ্ৰ দলটো অভিনন্দনৰ পাত্ৰ৷ মই সেই কৃষকসকলকো অভিনন্দন জনাম যিয়ে ইয়াৰ বাবে ভূমি প্ৰদান কৰিছে৷ মই সেই সৰু সৰু মুঞ্চিফ, তাৰে পাটোৱাৰী, তেওঁলোকে বাধা প্ৰদান কৰা নাই, সেয়ে ই সমাধা হৈছে৷ দেশ হয়তো প্ৰধানমন্ত্ৰীয়ে চলাব পাৰে অথবা পাটোৱাৰীয়ে চলাব পাৰে৷ আৰু সেইবাবে নেতৃত্বৰ সাফল্য এয়ে যে ইমান কম সময়ত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি পাটোৱাৰীলৈ গোটেই দলটো সমান দিশত সমান চিন্তাৰে আগবাঢ়িছে৷

মই সুখী যে আপোনালোকে এই সকলো কথা ব্যক্তিগত পৰ্যায়ত লক্ষ্য কৰা নাই৷ আপোনালোকে বিভিন্ন ক্ষেত্ৰৰ বাবে নিয়মাৱলী প্ৰস্তুত কৰিছে, লিখিত ৰূপত তথ্যসমূহ ৰাখিছে, যিকোনো লোকে অনলাইনত সেয়া চাব পাৰে আৰু যিসকলে ভাবিব যে মই ইয়াত নিজকে খাপ খোৱাব পাৰোঁ, তেওঁলোক আগবাঢ়ি আহিব৷ এই নিয়মাৱলীৰে চালিত ৰাজ্য, এয়া উত্তৰ প্ৰদেশৰ সবাতোকৈ ডাঙৰ সফলতা৷ আৰু সেয়ে কৃপা কৰি এই ৬০ হাজাৰক, ষাঠি হাজাৰ কোটিক কম টকা বুলি নাভাবিব৷ আপোনালোকে অদ্ভুত সফলতা লাভ কৰিছে৷ কাৰণ মই এই কামটোত দীৰ্ঘদিন ধৰি আছোঁ আৰু মই জানো যে ইয়াত কিমান পৰিশ্ৰমৰ আৱশ্যক হয়, কিমান পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হয়, কিমান চাপ সহ্য কৰিবলগীয়া হয়, কিমান গালি খাবলগীয়া হয়৷ কিন্তু ৰাজ্যৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি হ’লে পথো নিৰ্ধাৰণ হয়৷

দ্বিতীয়টো সন্তোষৰ কথা এয়ে যে, চাওক, চাইকেলৰ টিউবত অলপ পাম্প দিয়াৰ লগে লগে পৰ্যাপ্ত বতাহ সোমাই যায় আৰু চাইকেল চলিবলৈ ধৰে৷ কিন্তু কেতিয়াবা কেতিয়াবা সেই টিউবৰ এটা কোণত যদি ফুটা হয়, তেতিয়া তাত এটা বেলুনৰ সৃষ্টি হয়৷ এতিয়া মিটাৰত চালে মিটাৰে ঠিকেই দেখুৱাব, কিন্তু চাইকেলখন নচলে৷ সেই বতাহেই বাধা হিচাপে দেখা দিয়ে৷ মই সুখী যে উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী মহোদয়ে সৰ্বাংগীন বিকাশত ধ্যান ৰাখিছে৷ উত্তৰ প্ৰদেশৰ সকলো ভূ-ভাগেই সুবিধা পাওক, সন্তুলিত বিকশিত হওক৷ সন্তুলিক বিকাশেই উত্তৰ প্ৰদেশৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু৷ অকলে নয়ডা, গাজিয়াবাদ বিশ্বত উদ্ভাসিত হ’ব পাৰিব কিন্তু উত্তৰ প্ৰদেশৰ আৱশ্যকতাসমূহ পূৰণ কৰিব নোৱাৰিব৷ আৰু সেই কামটো যি ধৰণে কৰা হৈছে আৰু আজি মই সুখী যে সকলো কথাই ইয়াত বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে জনতাৰ সন্মুখত৷ এই সকলো পদক্ষেপেই অভিনন্দনৰ পাত্ৰ৷

কিছুমান লোকে ইয়াক ভূমি পূজন উৎসৱ বুলি অভিহিত কৰিছে৷ এনে পৰম্পৰাটো সেয়াই, কিন্তু এই সকলোবোৰ দেখি মই কৈছোঁ যে এয়া অভিলেখ ভংগকাৰী উৎসৱ৷ ইমান কম সময়ত যিধৰণে প্ৰক্ৰিয়াসমূহ আগবঢ়োৱা হৈছে; পুৰণি প্ৰক্ৰিয়াসমূহ পৰিৱৰ্তন কৰা হৈছে; এয়া উত্তৰ প্ৰদেশত পূৰ্বেও হৈছিল বুলি কোনো আগৰ মানুহে থিয় হৈ ক’ব নোৱাৰিব বুলি মই মানো৷ ইয়াৰ বাবেতে শাসন-প্ৰশাসন সম্পূৰ্ণ নতুন বস্তু৷ আৰু মই সুখী যে যোগী মহোদয়ৰ নেতৃত্বত চৰকাৰে বিনিয়োগকাৰীৰ সৈতে নিৰৱচ্ছিন্নভাৱে যোগাযোগ ৰাখিছে আৰু মনোভাৱক বিনিয়োগলৈ পৰিৱৰ্তন কৰাৰ পৰিৱেশ প্ৰস্তুত কৰিছে৷ অনলাইন বুজাবুজিৰ চুক্তি পত্ৰ, ট্ৰেকাৰ অথবা ক্লীয়েৰেন্সৰ বাবে নিৱেশ মিত্ৰৰ দৰে একক উইণ্ড’ ডিজিটেল প্লে’টফ’ৰ্ম আদিৰ জৰিয়তে পৰিৱৰ্তিত কাৰ্যসংস্কৃতি আৰু উত্তৰ প্ৰদেশত ব্যৱসায়ৰ বাবে অনুকূল বাতাবৰণ প্ৰদৰ্শিত কৰিছে৷ এটা সময় আছিল যেতিয়া উত্তৰ প্ৰদেশত লোকে বিনিয়োগ কৰাক প্ৰত্যাহ্বান হিচাপে লৈছিল৷ আজি সেই প্ৰত্যাহ্বান অৱকাশৰ ৰূপত সকলোৰে সন্মুখত প্ৰকট হৈছে৷ এই সুবিধা নিয়োজনৰেই হওক, ব্যৱসায়ৰেই হওক, ভাল পথৰেই হওক, পৰ্যাপ্ত বিজুলীৰেই হওক, উন্নত বৰ্তমান আৰু উজ্বল ভৱিষ্যতৰেই হওক; আজিৰ এই আয়োজন উত্তৰ প্ৰদেশৰ বৰ্ধিত বিশ্বাসৰ প্ৰতীক, উত্থানৰ প্ৰতীক, উত্তৰ প্ৰদেশৰ বিকাশৰ প্ৰতীক হয়৷ মোৰ এয়াই আশা যে যি গতিত আজি আপোনালোক আগবাঢ়িছে, তাৰ জৰিয়তে উত্তৰ প্ৰদেশক এক ত্ৰিলিয়ন ডলাৰৰ অৰ্থনৈতিক প্ৰত্যাহ্বান অতিক্ৰম কৰোঁতে সময় নালাগিব, এয়া মোৰ আত্মাই কৈছে৷ উত্তৰ প্ৰদেশৰ চৰকাৰক উদ্যোগ জগতৰ আপোনালোকৰ সকলো সহযোগীত এই প্ৰত্যাহ্বানৰ বাবে অশেষ অভিনন্দন আৰু শুভকামনা জনাইছোঁ৷

আমি তেনে লোক নহয় যি উদ্যোগপতিসকলৰ সৈতে থিয় হোৱাত ভয় খাওঁ, আপোনালোকে হয়তো কিছুমান লোকক দেখিছে যে উদ্যোগপতিসকলৰ সৈতে এখন ফটোও উঠইব নোৱাৰে৷ কিন্তু দেশত এনে এজন উদ্যোগপতি নাই যিয়ে তেওঁলোকৰ ঘৰলৈ গৈ সাষ্টাংগ প্ৰণিপাত কৰা নাই৷ এয়া অমৰ সিং ইয়াত বহি আছে৷ তেওঁ সকলো ইতিহাস উলিয়াই দিব৷ কিন্তু বিবেক শুদ্ধ হ’লে আপুনি কাৰোৰে সৈতে থিয় হোৱাত আপত্তি নাই৷ মহাত্মা গান্ধীৰ জীৱন যিমান পবিত্ৰ আছিল, তেওঁ বিৰলাজীৰ ঘৰত গৈ থাকিবলৈও সংকোচ কৰা নাছিল৷ যিসকলে জনতাৰ সন্মুখলৈ আহিবলৈ টান পায়, পৰ্দাৰ পিছত থাকি কাম কৰিব বিচাৰে, তেওঁলোকে ভয় খায়৷ ভাৰত নিৰ্মাণৰ বাবে এজন কৃষকে পৰিশ্ৰম কৰে, এজন কাৰিকৰে পৰিশ্ৰম কৰে, এজন বেংকাৰ-ফাইনেন্সাৰে কাম কৰে, চৰকাৰৰ কেৰাণীয়ে কাম কৰে, এজন শ্ৰমিকে কাম কৰে, ঠিক সেইদৰে উদ্যোগপতিসকলেও দেশক নিৰ্মাণ কৰাত ভূমিকা গ্ৰহণ কৰে৷ আমি তেওঁলোকক অপমানিত কৰিম, চোৰ-ডকাইত বুলি ক’ম, এয়া কোন প্ৰকাৰৰ সভ্যতা? অ, যিজনে ভুল কাম কৰিব, তেওঁ হয়তো দেশ এৰি পলাব অথবা জে’লত জীৱন কটাব লাগিব৷ কিন্তু এয়াও পূৰ্বে নহৈছিল কাৰণ পৰ্দাৰ আঁৰত বহু কাম হৈছিল৷ কাৰ জাহাজত মানুহ ফুৰে, আমি নাজানো নেকি?

আৰু সেইবাবেই দেশক আগবঢ়াই লৈ যাবলৈ সকলোৰে সহযোগিতাৰ আৱশ্যক৷ আৰু দেশৰ এশ পচিশ কোটি নাগৰিকক সন্মান প্ৰদৰ্শন কৰা এয়া আমাৰ দেশবাসীসকলৰ কৰ্তব্য৷ যি প্ৰকল্প আজি আৰম্ভ হৈছে ইয়াৰ দ্বাৰা অনাগত দিনত ২ লাখতকৈও অধিক যুৱ প্ৰজন্মই নিয়োজনৰ সুবিধা পাব৷ তাৰোপৰি যি স্থানত এই উদ্যোগ, কাৰখানা স্থাপন হ’ব, সেই স্থানৰ জনসাধাৰণে অপ্ৰত্যক্ষ ৰূপত নিয়োজনৰ সুবিধা পাব৷ এই যোজনাসমূৰ পৰা কৃষক, শ্ৰমিক, যুৱ প্ৰজন্ম, সকলোৱে লাভান্বিত হ’ব৷

বন্ধুসকল, মই উত্তৰ প্ৰদেশৰ ২২ কোটি জনতাক প্ৰতিজ্ঞা কৰিছিলো যে তেওঁলোকৰ মৰমসমূহ মই সুত সমন্বিতে প্ৰদান কৰিম৷ আজি ইয়াত যি যোজনা আৰম্ভ হৈছে সেয়া সেই প্ৰতিজ্ঞাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ এই প্ৰকল্প উত্তৰ প্ৰদেশত আৰ্থিক আৰু ঔদ্যোগিক অসন্তুলন দূৰীকৰণত সহায়ক হ’ব কাৰণ এয়া ৰাজ্যৰ কিছু বিশেষ ক্ষেত্ৰতেই সীমিত নহয়৷ ই বিস্তাৰ নয়ডা, বৃহত্তৰ নয়ডা, মেৰথ, মুজফৰনগৰৰ পৰা ঝান্সী, হৰদোই, আমেঠী, ৰায়বৰেলী আৰু জোনপুৰ, মিৰ্জাপুৰ, গোৰখপৰুলৈ বিস্তৃত৷ এই প্ৰকল্প ডিজিটেল ইণ্ডিয়া আৰু মেক ইন ইণ্ডিয়াৰ অভিযানক নতুন দিশ প্ৰদানত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হ’ব৷

সমগ্ৰ উত্তৰ প্ৰদেশত দ্ৰুত গতিৰ ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে অপ্টিকেল ফাইবাৰ বহুওৱা অথবা আইটি কেন্দ্ৰ স্থাপনৰ কাম, এই ডিজিটেল আন্তঃগাঁথনিয়ে উত্তৰ প্ৰদেশৰ বিকাশক এক নতুন গতি, নতুন দিশ আৰু তৰুণ প্ৰজন্মক এক নতুন অৱকাশ প্ৰদান কৰিব৷ এয়া আমাৰ চৰকাৰৰ সেই ব্যাপক পৰিকল্পনাৰ এক অংশ যাৰ অধীনত আমি ডিজিটাইজেছনৰ সৈতে সাধাৰণ জনতাৰ জীৱন সৰল কৰিব বিচাৰিছোঁ৷ এনেকুৱা ব্যৱ্স্থা এটা স্থাপন কৰিবলৈ বিচাৰিছোঁ য’ত কোনো ধৰণৰ ভেদভাৱ নাথাকিব৷ প্ৰক্ৰিয়াত গতিও থাকিব আৰু সংবেদনশীলতাও থাকিব৷ আপোন-পৰ, সৰু-ডাঙৰ নথকাকৈয়ে ‘সকলোৰে সৈতে সকলোৰে বিকাশ’৷

বন্ধুসকল, সেৱাৰ গতি ক্ষীপ্ৰ আৰু স্বচ্ছ ডেলিভাৰী সুনিশ্চিত কৰাৰ বাবে ‘ডিজিটেল ভাৰত অভিযানে’ আজি এক ব্যাপক ভূমিকা পালন কৰিছে৷ গাঁৱে-গাঁৱে বিয়পি থকা তিনি লাখতকৈও অধিক সাধাৰণ সেৱা কেন্দ্ৰই আজি আমাৰ গ্ৰাম্য জীৱন পৰিৱৰ্তন কৰিছে৷ টিকেট বুকিং, বিদ্যুৎ, টেলিফোনৰ বিল, টেলিমেডিচিন, জন ঔষধি, আধাৰ সেৱা দৰে শ শ সেৱাৰ বাবে এতিয়া গাঁৱৰ জনসাধাৰণে চৰকাৰী বিভাগে বিভাগে ঘূৰি ফুৰিব নালাগে৷ গাঁৱত সাধাৰণ সেৱা কেন্দ্ৰ আৰু চহৰত বিনামূলীয়া ৱাই-ফাই হটস্পট, সুলভ ম’বাইল ইণ্টাৰনেটে দুখীয়-মধ্যবিত্ত লোকসকলৰ জীৱন সুগম কৰাত বিস্তৃত ধৰণে সহায় কৰিছে৷

বন্ধুসকল, আইটি উদ্যোগ বৰ্ষজুৰি আমাৰ শক্তিৰ উৎস হৈ আহিছে৷ আজি আইটিৰ ৰপ্তানি অভিলেখ সংখ্যকত হৈছে৷ ৪০ লাখতকৈও অধিক লোক এই উদ্যোগৰ সৈতে জড়িত৷ কিন্তু দেশৰ এই শক্তি ডাঙৰ চহৰ, মেট্ৰ’ চহৰতেই সীমিত হৈ ৰৈছে৷ আমাৰ চৰকাৰে এই শক্তিক দেশৰ সৰু সৰু চহৰ আৰু গাঁৱলৈ প্ৰদান কৰাৰ সংকল্পৰে আগবাঢ়িছে৷

বন্ধুসকল, অংশ হিচাপে চিন্তা কৰাৰ চৰকাৰী পৰম্পৰা এতিয়া সমাপ্ত হৈছে৷ চৰকাৰৰ এটা যোজনা, এটা কাৰ্য আনটোৰ সৈতে সম্পৰ্ক আছে৷ ডিজিটেল ভাৰত অভিযান আৰু মেক ইন ইণ্ডিয়া অভিযান ইয়াৰ উৎকৃষ্ট উদাহৰণ৷ আজি ডিজিটেল ভাৰত, ডিজিটেল লেনদেনৰ যি প্ৰসাৰ হৈছে তাৰ আঁৰত ম’বাইলৰ দাম সুলভ হোৱাটোও এক বৃহৎ কাৰণ৷ ম’বাইল ফোন কিয় সস্তা হৈছে কাৰণ ভাৰতত ইয়াৰ বৃহৎ পৰিমাণৰ নিৰ্মাণ হ’বলৈ ধৰিছে৷ আজি আমাৰ দেশ বিশ্বৰ বাবে ম’বাইল নিৰ্মাণৰ এক কেন্দ্ৰ স্বৰূপ হৈ উঠিছে৷ আজি আমি বিশ্বৰ ভিতৰতে ম’বাইল নিৰ্মাণৰ ক্ষেত্ৰত দ্বিতীয় স্থানত উপনীত হৈছোঁ আৰু মই সুখী যে এই নিৰ্মাণ নৱজাগৰণৰ আৰম্ভণি উত্তৰ প্ৰদেশে কৰি আছে৷

উত্তৰ প্ৰদেশত ৫০টাতকৈও অধিক ম’বাইল নিৰ্মাণ উদ্যোগে আজি কাম কৰি আছে৷ অলপতে বিশ্বৰ ভিতৰতে সকলোতকৈ বৃহণ নিৰ্মাণ খণ্ডৰ আৰম্ভণিও এই উত্তৰ প্ৰদেশতে হৈছে৷ আজিও যিবোৰ নতুন উদ্যোগৰ আধাৰশিলা স্থাপন কৰা হৈছে তাত ম’বাইল নিৰ্মাণৰ সৈতে জড়িত উদ্যোগো আছে৷

বন্ধুসকল, আজি যি পৰিৱেশৰ সৃষ্টি হৈছে তাৰ বাবে বিগত চাৰিটা বৰ্ষত চৰকাৰে অনেক সিদ্ধান্ত লৈছে৷ বৈদেশিক প্ৰত্যক্ষ বিনিয়োগৰ পৰা আৰম্ভ কৰি দেশত নিৰ্মাণৰ বাবে অনুদান দিয়াৰ সিদ্ধান্ত, অথবা প্ৰক্ৰিয়াসমূহ সৰলীকৰণ কৰাৰ সিদ্ধান্ত, এই সকলো উদ্যোগৰ বাবে অনুকূল বাতাবৰণ সৃষ্টি কৰাৰ বাবে সহায়ক হৈছে৷ বৰ্ষজুৰি যি জিএছটি ওলমি ৰৈছিল, তাৰ জৰিয়তে দেশক কৰৰ জালৰ পৰা মুক্ত কৰা হৈছে আৰু ইয়াৰ লাভ উদ্যোগসকলে প্ৰাপ্ত কৰিছে৷

বিগত বৰ্ষসমূহত নিৰ্মাণ খণ্ডক অগ্ৰগতি প্ৰদান কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ Public procurement preference to Make in India আদৰ্শৰ দ্বাৰা চৰকাৰৰ সমূহ বিভাগ আৰু সংসাধনত ক্ৰয় কৰা বস্তু আৰু সেৱাসমূহৰ ঘৰুৱা উৎসৰ পৰা ক্ৰয় কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে৷ মেড ইন ইণ্ডিয়াত গুৰুত্ব প্ৰদান কৰা হৈছে৷ এই আদেশৰ লাভ দেশৰ লঘূ উদ্যোগসকলে প্ৰাপ্ত কৰিছে৷

যোৱা বছৰত ইয়াত যোগীজীৰ নেতৃত্বত যি পৰিৱৰ্তন আহিছিল, নীতি নিৰ্ধাৰণ কৰা হ’ল, অপৰাধ নিয়ন্ত্ৰণ হ’ল, তাৰ দ্বাৰা উত্তৰ প্ৰদেশে দুগুণ লাভ কৰিলে৷ বন্ধুসকল, ভাজপা চৰকাৰ holistic vision, inclusive action – holistic visionand inclusive action  এই মতাদৰ্শত কাম কৰে৷

এই মঞ্চৰ পৰা ইয়াত উপস্থিত উদ্যোগজগতৰ সকলো বন্ধু, আপোনালোক সকলোকে আৰু সকলো বিনিয়োগকাৰীক নিশ্চিতি প্ৰদান কৰি বিচাৰিছোঁ যে প্ৰগতিৰ যি আমাৰ যাত্ৰা- মোৰ বাবে এয়াতো আৰম্ভণি, দৌৰিবলৈ আৰু বহু বাকী আছে৷ ক্ষীপ্ৰ গতিৰে দৌৰিব লাগিব৷ আপোনালোক ৰাষ্ট্ৰ নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু আপোনালোকৰ সংকল্প দেশৰ কোটি কোটি তৰুণ প্ৰজন্মৰ সৈতেও জড়িত হৈ আছে৷ এই সপোনক বাস্তৱায়িত কৰিবলৈ যি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব সেয়া ভৱিষ্যততো সম্পূৰ্ণ দায়িত্ব সহিতে গ্ৰহণ কৰাৰ আমাৰ উদ্দেশ্যও আছে, সামৰ্থও আছে৷

আন্তঃগাঁথনিৰ সৈতে জড়িত আমাৰ বৃহৎ প্ৰকল্পসমূহ যেতিয়াই তৈয়াৰ হ’ব, দেশত বিনিয়োগ কৰা আৰু সহজ হৈ পৰিব৷ বিশেষকৈ লজিষ্টিকৰ সৈতে হ’বলগীয়া ব্যয় অদধিক হ্ৰাস হৈ পৰিব৷ পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিৰ দ্বাৰা জনসাধাৰণৰ সৈতে উদ্যোগ জগতেও ইয়াৰ সুবিধা লাভ কৰিব৷

বন্ধুসকল, তথ্য প্ৰযুক্তি, গ্ৰাহকৰ বাবে বৈদ্যুতিক উপকৰণ, বৈদ্যুতিক নিৰ্মাণৰ বাবে উত্তৰ প্ৰদেশত বিশাল সম্ভাৱনা আছে৷ ইয়াৰ এমএছএমই ক্ষেত্ৰও অনাগত সময়ত এই নতুন আন্তঃগাঁথনিৰ দ্বাৰা লাভান্বিত হ’ব৷ ইয়াৰ ক্ষুদ্ৰ ব্যৱসায়ী, সৰু আৰু মজলীয়া উদ্যোগীসকলক মই আহ্বান কৰিছোঁ যে আপোনালোকে নগদ ধনৰ দ্বাৰা যিবোৰ ব্যৱসায় কৰি আছে, তাৰে পৰা ডিজিটেল লেনদেনলৈ আহক৷

বন্ধুসকল, স্থায়ী বিকাশ আৰু নিৰৱচ্ছিন্ন প্ৰয়াসেই এশ পচিছ কোটি ভাৰতীয়ৰ সপোনক বাস্তৱায়িত কৰিব৷ যেতিয়া মই স্থায়ী বিকাশৰ কথা কওঁ, তেতিয়া বিদ্যুতৰ ব্যৱস্থা ইয়াৰ বাবে এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰে৷ সুলভ আৰু নিৰন্তৰ বিদ্যুৎ জনসাধাৰণৰ জীৱনৰ প্ৰাথমিক আৱশ্যকতা, কৃষি আৰু উদ্যোগৰ বাবেও বিদ্যুৎ অনিবাৰ্য৷ আৰু সেইবাবে এই চৰকাৰে বিদ্যুতৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ আজি পাৰম্পৰিক শক্তিৰ দ্বাৰা দেশ সেউজ শক্তিৰ ফালে দ্ৰুত গতিৰে ধাৱমান হৈছে৷ বিশেষকৈ সৌৰ শক্তিৰ ওপৰত চৰকাৰে বিশেষ ধ্যান দিছে৷  আমাৰ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ পদক্ষেপক আজি সমগ্ৰ বিশ্বই সমৰ্থন প্ৰদান কৰিছে৷ সৌৰ শক্তিৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ এক বৃহৎ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব৷ মিৰ্জাপুৰত কিছু মাহ পূৰ্বে এক বৃহৎ প্লাণ্টৰ উদঘাটন কৰা হৈছে৷ আজি আৰু এটা প্লাণ্টৰ আধাৰশিলা স্থাপন কৰা হৈছে৷

ভাই-ভনীসকল, আজি ভাৰতেই নহয়, আফ্ৰিকা সহিতে বিশ্বৰ অনেক উন্নয়নশীল দেশক সৌৰ প্ৰযুক্তি, সৌৰ পাম্পৰ দৰে যন্ত্ৰৰ আৱশ্যক৷ মই আপোনালোক সকলোকে আহ্বান কৰিছোঁ যে সেউজ আৰু পৰিষ্কাৰ শক্তিৰ ক্ষেত্ৰত ভাৰতত নিৰ্মাণ হোৱা অভূতপূৰ্ব পৰিৱেশ আৰু বিশ্বজনীন পৰিস্থিতিৰ সুবিধা গ্ৰহণ কৰিবলৈ আমাৰ উদ্যোগ জগতৰ সকলো বন্ধু আগুৱাই আহক৷

বন্ধুসকল, বিদ্যুৎ উৎপাদনৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে বিদ্যুৎ প্ৰদানৰ কাম আজি দ্ৰুত গতিৰে আগবাঢ়িছে৷ ২০১৩-১৪ত য’ত আমাৰ শক্তিৰ চাহিদাৰ ঘাটি ৪.২ শতাংশ আছিল, চাৰি বছৰত সেয়া ঘাটি এক শতাংশতকৈও কম হৈ পৰিছে৷ যি কয়লা, কয়লাৰ নাম শুনি দেশত আতংকৰ সৃষ্টি হৈছিল, আজি সেয়া অভিলেখ সংখ্যকত উৎপাদন হৈছে৷ আজি কয়লা কম হোৱা বাবে পাৱাৰ গ্ৰীড ব্যৰ্থ নহয়৷

এয়াই নহয়, বিদ্যুতৰ ক্ষেত্ৰত যি নৱজাগৰণৰ সৃষ্টি হৈছে, তাৰ দ্বাৰা দেশ আৰু দেশৰ জনসাধাৰণৰ হাজাৰ কোটি টকা সঞ্চয় হৈছে৷

‘উদয় যোজনা’ই বিতৰণ উদ্যোগসমূহক নতুন জীৱন ৰেখা প্ৰদান কৰিছে৷ ‘উজ্বালা’ৰ অধীনত ঘৰে ঘৰে এলইডি বাল্ব লগোৱা হৈছে, তাৰ দ্বাৰা তিনিটা বৰ্ষত বিদ্যুতৰ বিলত প্ৰায়, বিশেষকৈ মধ্যবিত্ত পৰিয়াল যি বিদ্যুতৰ উপভোক্তা; নগৰ পালিকা, মহানগৰ পালিকা যি ৰাস্তাৰ লাইটৰ বিদ্যুতৰ বিল প্ৰদান কৰে; বিদ্যুতৰ বিলত বিগত তিনিটা বৰ্ষত ৫০ হাজাৰ কোটি টকা সঞ্চয় হৈছে৷ ৫০ হাজাৰ কোটি টকা আৰু এই ৫০ হাজাৰ কোটি টকা যদি কোনোবা মোদীয়ে ঘোষণা কৰিলেহেঁতেন তেন্তে সপ্তাহলৈ হেড লাইন আহি থাকিলহৈ- বাহ বাহ মোদী বাহ বাহ৷ আমি যোজনা এনে ধৰণে প্ৰস্তুত কৰিছোঁ যে কিদৰে জনসাধাৰণৰ পকেটৰ ৫০ হাজাৰ কোটি টকা সঞ্চয় হয়৷ যদি বিবেক শুদ্ধ হয় তেতিয়া এইদৰেই বিকাশ হয়৷

বন্ধুসকল, আজি দেশত বিদ্যুত সহজে উপলব্ধ কৰিব পাৰি৷ বিশ্ব বেংকৰ ইজ অৱ গেটিং ইলেক্ট্ৰিচিটী মূল্যাংকনক ভাৰত বিগত চাৰিটা বৰ্ষত প্ৰায় ৮২ টা ঘৰ আগবাঢ়িছে৷ ইমান উত্তৰণ হৈছে৷ আজি দেশৰ সকলো গাঁৱলৈ বিদ্যুৎ যোগান ধৰা হৈছে৷ অনাগত বৰ্ষৰ মাৰ্চ মাহলৈ প্ৰতিঘৰতে বিদ্যুৎ যোগানৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ৷

মই কেতিয়াবা কেতিয়াবা আচৰিত হওঁ- কিছুমান লোক আমাৰ পিছত এনেকৈ লাগি ধৰে, আমি যদি কওঁ এনেকুৱা কাম কৰিছোঁ, তেন্তে তেওঁলোকে ক’ব নাই কৰা বুলি৷ কিন্তু যিসকল লোকে মোদীৰ আলোচনা কৰে, তেওঁলোকে লিখি ৰাখক- আপোনালোকে যেতিয়া মোদীৰ আলোচনা কৰাৰ বাবে তথ্যৰ সন্ধান কৰে, সেয়া ৭০ বছৰ ধৰি পৰি আছিল, কিবা ওলালে সেয়াই ওলাব৷ মোৰ বহীত মাত্ৰ চাৰিটা বছৰ, আনৰ বহীত ৭০ বছৰ৷ পৰৱৰ্তী লক্ষ্য দেশক বিদ্যুৎ প্ৰদানৰো৷ ইয়াৰ বাবে পৰিবহণৰ নেটৱৰ্কক শক্তিশালী কৰা হৈছে৷

আজি যি ঘাটমপুৰ-হাপুড় পৰিবহণ লাইনৰ আধাৰশিলা স্থাপন কৰা হ’ল সেয়াও এই যোজনাৰেই অংশ৷ উত্তৰ প্ৰদেশত পূৰ্বৰ চৰকাৰৰ সময়ত যি পৰিবহণ ব্যৱস্থা জৰ্জৰিত হৈ পৰিছিল, তাত নৱজীৱন প্ৰদান কৰাৰ বাবে যোগীজীৰ চৰকাৰে উঠি-পৰি লাগিছে৷

বন্ধুসকল, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ দীৰ্ঘসময়ৰ সাংসদ, আমাৰ শ্ৰদ্ধেয়, দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীয়ে কৈয়েই থাকে যে তেওঁ এনেকুৱা ভাৰত চাব খোজে যি সমৃদ্ধ, সক্ষম আৰু সংবেদনশীল হয়৷ য’ত গাঁও আৰু চহৰৰ মাজত ব্যৱধান নাথাকিব৷ য’ত কেন্দ্ৰ আৰু ৰাজ্যত শ্ৰম আৰু পুঁজিত, প্ৰশাসন আৰু নাগৰিকৰ মাজত ব্যৱধান নাথাকিব৷

অটলজীয়ে কেৱল সপোন দেখাই নহয়, ইয়াক বাস্তৱায়িত কৰাৰ বাবে তেওঁৰ ৰোড মেপো স্পষ্ট৷ অটলজীয়ে কৈছিল, ৰাস্তাসমূহ হাতৰ ৰেখাৰ দৰে৷ এই চিন্তাৰ ফলস্বৰূপেই তেওঁ আন্তঃগাঁথনিক গুৰুত্ব প্ৰদান কৰিছে৷ অটলজীৰ বিচাৰধাৰা একবিংশ শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়াস আমি সম্পূৰ্ণ শক্তিৰে কৰিম৷

উত্তৰ প্ৰদেশত পূৰ্বাঞ্চল এক্সপ্ৰেছৰ দৰে দেশৰ সবাতোকৈ বৃহৎ এক্সপ্ৰেছ হওক, বুন্দেলখণ্ডত প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰৰ স্থাপনা হওক, এনেকুৱা সমূহ প্ৰকল্পক ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হৈছে৷ বন্ধুসকল, বিশ্বত য’তেই ভাল কাম, ভাল সুবিধা উপলব্ধ হ’লে সেয়া নিজৰ তৰুণ প্ৰজন্মক প্ৰদান কৰাৰ বাবে, এশ পঁচিশ কোটি ভাৰতীয়ক প্ৰদান কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ প্ৰয়াস কৰিব৷ কোটি কোটি জন আকাংক্ষাক জন সহযোগিতাৰে সম্পূৰ্ণ কৰাই আমাৰ পথ, নতুন ভাৰতৰ ৰোড মেপ৷ উত্তৰ প্ৰদেশৰ বাবে দেশৰ বাবে আপোনালোকে যি কাম কৰি আছে তাৰ বাবে মই আপোনালোকক হৃদয়েৰে অভিনন্দন জনাইছোঁ, শলাগ লৈছোঁ৷

মই যোৱা এক-দুমাহ পূৰ্বে মুম্বাইলৈ গৈছিলো আৰু তাত উদ্যোগজগতৰ লোকসকলক নিমন্ত্ৰণ জনালো৷ মানুহে মাতে কিন্তু কোৱাৰ সাহস নকৰে, মই নিমন্ত্ৰণ দিছিলো৷ তেওঁলোকৰ সন্মুখত মই উপস্থাপন কৰিছিলো যে আপোনালোক ইমান ধনী মানুহ, ইমান ডাঙৰ উদ্যোগ চলায়, ইমান ব্যৱসায় কৰে, কিন্তু আমাৰ দেশৰ এই যি উদ্যোগ জগত, ইমান ডাঙৰ বিশ্বত, কৃষি ক্ষেত্ৰত, ঔদ্যোগিক জগতৰ বিনিয়োগ কেৱল এক শতাংশ, বিশ্বৰ কোনো দেশতে ইমান কম নহয়৷ আৰু মই তাতে আধা দিন ব্যয় কৰিলো যে কিদৰে আমাৰ ঔদ্যোগিক জগতৰ বিনিময় কৃষি খণ্ডলৈ আনিব পাৰি, আৰু এই এক শতাংশও কি- ট্ৰেক্টৰ নিৰ্মাণ অথবা ইউৰিয়া নিৰ্মাণ আদিয়েই অধিক৷ কৃষকসকলে প্ৰত্যক্ষভাৱে লাভ উপাৰ্জন কৰক আৰু মই উদ্যোগ জগতৰ লোকক আহ্বানো জনাইছোঁ, বিষয় সম্পৰ্কেও অৱগত কৰিছোঁ- ভেলু এডিচন কিদৰে হ’ব, কৃষিখণ্ডত প্ৰযুক্তি কিদৰে অনা হ’ব, পণ্য গৃহ, শীতলীকৰণ গৃহ, পেকেজিং, এনেকুৱা বহু বিষয় আছে যি আমাৰ কৃষি উৎপাদকসকল বহু ধৰণে লাভান্বিত হ’ব৷ আৰু সেই দিশত কাম কৰাৰ বাবে মই দেশৰ উদ্যোগপতিসকলক বিশেষভাৱে আহ্বান জনাইছোঁ যে আপোনালেকে ইয়াত এক ক্ষুদ্ৰ ব্ৰেইন ষ্টোৰ্মিং দল গঠন কৰক, কোন ক্ষেত্ৰত কি কাম কৰিব পাৰি সেয়া চিন্তা কৰক৷ দেশৰ কৃষিজগতত যিমানেই আমি ঔদ্যোগিক বিনিয়োগ কৰিব পাৰিম সিমানেই আমাৰ কৃষকৰ শক্তি যি উৎপাদন….কেতিয়াবা কেতিয়াবো আমাৰ উৎপাদনো নষ্ট হৈ যায়৷ অলপতে সুৰী মহোদয়ে কোৱাৰ দৰে, এতিয়া আমি আমাৰ দেশত যিমান ফল উৎপাদন হ’ব তাৰে জুচ বনাই বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছোঁ৷ অৰ্থাৎ কৃষকসকল লাভান্বিত হ’ব৷ আৰু যিয়ে এই জুচ পান কৰিব তেওঁৱো শক্তিশালী হ’ব আৰু তেওঁ শক্তিশালী হ’লে দেশো শক্তিশালী হ’ব৷

মোৰ কথাৰ তাৎপৰ্য এয়ে যে আমি গ্ৰামীণ জীৱনৰ সৈতে এই উদ্যোগসমূহ কিদৰে সংবদ্ধ কৰিম৷ সৰু সৰু বস্তু গ্ৰামীণ জীৱনলৈ কিদৰে আনিম৷ এয়া অনাগত জীৱনত খুবেই প্ৰয়োজনীয় হ’ব আৰু ইয়াৰ ওপৰত মই গুৰুত্ব প্ৰদান কৰিছোঁ, সকলোৰে সৈতে কথা পাতিছোঁ৷ মোৰ বিশ্বাস যে ইয়াৰো পৰিণাম আমি প্ৰাপ্ত কৰিম৷ আৰু মোৰ বিশ্বাস যে আজি যিদৰে ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পই ভূমিত অৱতৰণ কৰিছে, আনবোৰ সংকল্পও যিদৰে যোগীজীয়ে কৈছে যে ৫০ হাজাৰ কোটিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে৷ মোৰ বিশ্বাস যে আপোনালোকে নিজৰ মাজতে এক ডাঙৰ কাম কৰিছে৷ সমগ্ৰ দলটো পুনৰ অভিনন্দনৰ পাত্ৰ৷

মোৰ তৰফৰ পৰা আপোনালোকে সকলোকে বহু বহু ধন্যবাদ৷ আৰু উত্তৰ প্ৰদেশৰ সাংসদ হোৱা হেতুকে উত্তৰ প্ৰদেশ উন্নয়নৰ খবৰে মোক সন্তোষিত কৰে আৰু মোৰ উত্তৰ প্ৰদেশৰ প্ৰতি দায়িত্বও বৃদ্ধি হয়৷ আৰু সেইবাবে মই দুবাৰ আহোঁ, পাঁচ বাৰ আহোঁ, পোন্ধৰ বাৰ আহোঁ, মই আপোনালোকৰেই৷ দৰাচলতে মই নাহোঁ, মই আপোনালোকৰ মাজৰেই এজন৷

বহুত বহুত ধন্যবাদ৷          

***

अतुल तिवारी/ शाहबाज हसीबी / निर्मल शर्मा/MANN