Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হানিত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত দুৰ্ঘটনাত হোৱা প্ৰাণহানিত শোক প্ৰকাশ কৰিছে। এই শোকাৱহ ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়।

শ্ৰী মোদীয়ে লগতে প্ৰতিজন মৃতকৰ নিকটতম আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ কৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

 “উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত দুৰ্ঘটনাৰ বিষয়ে শুনি গভীৰ দুখ পাইছো। নিজৰ প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।

প্ৰতিজন মৃতকৰ নিকটতম আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ কৈ টকা প্ৰদান কৰা হ’বঃ

PM @narendramodi”

 

***

MJPS/SS/VJ/HS