পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ উধমপুৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়সকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;
‘জম্মু-কাশ্মীৰৰ উধমপুৰৰ বাছ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণ হেৰুওৱাৰ খবৰে ব্যথিত কৰিছে। যিসকলে তেওঁলোকৰ নিকটাত্মীয় আৰু প্ৰিয়জনক হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে মই প্ৰাৰ্থনা জনাইছো।
এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকটত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi’
Pained to hear about the loss of lives due to a bus accident in Udhampur, Jammu and Kashmir. I extend my heartfelt condolences to those who have lost their near and dear ones. I pray for the speedy recovery of the injured.
An ex gratia of Rs. 2 lakh from PMNRF would be given to…
— PMO India (@PMOIndia) April 20, 2026
*****
MJPS/SS/ST/NB