পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে উন্নত মডেল ছিংগল উইণ্ডোৰ বিকাশত ভাৰত আৰু জাপানৰ মাজত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷
লাভালাভঃ বুজাবুজিৰ চুক্তিখনে ভাৰত আৰু জাপানৰ মাজত উন্নত মডেল ছিংগল উইণ্ডোৰ বিকাশত সহযোগিতা বৃদ্ধি কৰিব আৰু কেন্দ্ৰ আৰু ৰাজ্যত ইয়াৰ সফল কাৰ্যকৰীকৰণ সম্ভৱ কৰি তুলিব৷ ইয়াৰ ফলত দেশত ব্যৱসায়িক সূচলতা বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে চলাই থকা প্ৰচেষ্টা অধিক তৰান্বিত হ’ব৷ উন্নত মডেল ছিংগল উইণ্ডোৰ বিকাশে দেশৰ বিনিয়োগ প্ৰক্ৰিয়াও সৰল কৰিব৷
******
AKT/MS