Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভনি তথা আজমেৰৰ পৰা এইচ পি ভি টিকাকৰণৰ দেশজোৰা অভিযান আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভনি তথা আজমেৰৰ পৰা এইচ পি ভি টিকাকৰণৰ  দেশজোৰা অভিযান আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ


ভাৰত মাতা কি জয়।

ভাৰত মাতা কি জয়।

ভাৰত মাতা কি জয়।

আজি এই পবিত্ৰ তীৰ্থৰাজ পুষ্কৰ আৰু মাতা সাবিত্ৰীৰ ভূমিত আপোনালোক সকলোৰে মাজলৈ আহি আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ সুযোগ পাইছো। এই মঞ্চৰ পৰাই পৃথ্বীৰাজৰ ভূমি আজমেৰৰ সুৰসুৰাৰ তেজাজী ধামক প্ৰণাম জনাইছো।

মোৰ লগত কওক –

তীৰ্থৰাজ পুষ্কৰৰ জয়।

তীৰ্থৰাজ পুষ্কৰৰ জয়।

বিজয় বীৰ তেজাজী মহাৰাজৰ।

বিজয় বীৰ তেজাজী মহাৰাজৰ।

ভগৱান দেৱ নাৰায়ণৰ জয়।

ভগৱান দেৱ নাৰায়ণৰ জয়।

বৰুণ অৱতাৰ ভগৱান ঝুলেলালৰ বিজয়।

ভগৱান ঝুলেলালৰ বিজয়।

ভগৱান ঝুলেলালৰ বিজয়।

মঞ্চত উপস্থিত আছে ৰাজস্থানৰ ৰাজ্যপাল হৰিভৌ বাগড়ে, ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভজনলাল শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী ভগীৰথ চৌধুৰী, উপ-মুখ্যমন্ত্ৰী প্ৰেমচান্দ ভৈৰৱ, সংসদত মোৰ সহযোগী দিয়া কুমাৰী, বিজেপিৰ ৰাজ্যিক সভাপতি মদন ৰাথোৰ, উপস্থিত আন মন্ত্ৰীসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু ৰাজস্থানৰ মোৰ মৰমৰ ভাই-ভনীসকল। আমাক আশীৰ্বাদ দিবলৈ  ইয়াত  ইমান বৃহৎ সংখ্যাত  উপস্থিত থকাৰ বাবে মই শ্ৰদ্ধাৰ সন্তসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

বন্ধুসকল,

আজমেৰ বিশ্বাস আৰু শৌৰ্য্যৰ দেশ। ই তীৰ্থস্থান আৰু বিপ্লৱীসকলৰ পদচিহ্ন, দুয়োটা। মাত্ৰ কালি ইজৰাইল ভ্ৰমণ সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আহিলোঁ। ৰাজস্থানৰ পুত্ৰ মেজৰ দলপত সিঙৰ বীৰত্বক ইজৰাইলৰ জনসাধাৰণে আজিও গৌৰৱেৰে মনত পেলাইছে। ইজৰাইলৰ সংসদত মেজৰ দলপত সিঙৰ বীৰত্বক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্যও মোৰ হৈছিল। ইজৰাইলৰ হাইফা চহৰখনক মুক্ত কৰাৰ ক্ষেত্ৰত ৰাজস্থানৰ সাহসী বাকুৰসকলে লোৱা ভূমিকাক স্মৰণ কৰাৰ সুযোগ পাইছো।

বন্ধুসকল,

অলপতে ৰাজস্থানত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে দুবছৰ সম্পূৰ্ণ কৰিলে। মই সন্তুষ্ট যে আজি ৰাজস্থানে উন্নয়নৰ নতুন পথত নামিছে। বিজেপি চৰকাৰে আপোনালোকৰ সেৱাৰ কথা আহিলে যি উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল সেয়া দ্ৰুতগতিত পূৰণ কৰিছে। আৰু আজি এই উন্নয়ন অভিযান ত্বৰান্বিত কৰাৰ দিন। কিছু সময়ৰ আগতে ইয়াত  ৰাজস্থানৰ উন্নয়নৰ সৈতে জড়িত প্ৰায় ১৭,০০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু  উদ্বোধন কৰা হৈছে। প্ৰতিটো খণ্ডতে নতুন শক্তি সংযোজন কৰা হৈছে: পথ, বিদ্যুৎ, পানী, স্বাস্থ্য, আৰু শিক্ষা। এই সকলোবোৰ প্ৰকল্পই ৰাজস্থানৰ জনসাধাৰণৰ সুবিধা বৃদ্ধি কৰাৰ লগতে ৰাজস্থানৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

বন্ধুসকল,

বিজেপিৰ  ডাবল ইঞ্জিন  চৰকাৰে যুৱ প্ৰজন্মক অহৰহ সবলীকৰণ কৰি আছে। দুবছৰ আগলৈকে ৰাজস্থান অহৰহ দুৰ্নীতি, প্ৰশ্ন কাকত ফাদিলৰ খবৰেৰে ভৰি আছিল। এতিয়া ৰাজস্থানত প্ৰশ্ন কাকত ফাদিল ৰোধ কৰা হৈছে আৰু দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি এই মঞ্চৰ পৰাই ৰাজস্থানৰ ২১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ই এক বৃহৎ পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে। এই পৰিৱৰ্তনৰ বাবে, নতুন চাকৰিৰ বাবে আৰু সকলো উন্নয়নমূলক কামৰ বাবে ৰাজস্থানৰ পৰা আপোনালোক সকলোকে অভিনন্দন জনাইছো।

বন্ধুসকল,

আজি এই সাহসী নাৰীৰ ভূমিৰ পৰা সমগ্ৰ দেশতে কন্যা সন্তানৰ বাবে এক গুৰুত্বপূৰ্ণ অভিযান আৰম্ভ কৰাৰ সুযোগ পাইছো।  আজমেৰত এইচ পি ভি টিকাকৰণ অভিযান আৰম্ভ হৈছে। এই অভিযান দেশৰ মহিলাসকলক সবলীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।

বন্ধুসকল,

আমি সকলোৱে জানো যে যেতিয়া এগৰাকী মাতৃ অসুস্থ হৈ পৰে তেতিয়া পৰিয়ালটো ছিন্নভিন্ন হৈ পৰে। মাতৃ সুস্থ হ’লে পৰিয়ালটোৱে প্ৰতিটো সংকটৰ সন্মুখীন হ’বলৈ সক্ষম হয়। এই মনোভাৱেৰে বিজেপি চৰকাৰে মহিলা সবলীকৰণৰ বাবে অসংখ্য আঁচনি আৰম্ভ কৰিছে।

বন্ধুসকল,

২০১৪ চনৰ পূৰ্বৰ যুগ আমি প্ৰত্যক্ষ কৰিছিলো যেতিয়া ভগ্নী-কন্যাই শৌচাগাৰৰ অভাৱত অপৰিসীম যন্ত্ৰণা আৰু অপমান ভোগ কৰিছিল। সুকীয়া শৌচাগাৰৰ অভাৱত ছোৱালীয়ে স্কুল এৰি দিছিল। দুখীয়া ছোৱালীবোৰে চেনিটেৰী পেড কিনিব পৰা নাছিল। ক্ষমতাত থকাসকলৰ বাবে এইবোৰ তুচ্ছ বিষয় আছিল, গতিকে এই সমস্যাবোৰৰ বিষয়ে আলোচনাও কৰা হোৱা নাছিল। কিন্তু আমাৰ বাবে এইবোৰ আছিল স্পৰ্শকাতৰ বিষয় যিয়ে ভনীয়েক-কন্যাক অসুস্থ কৰি তুলিছিল আৰু অপমানিত কৰিছিল। সেয়া আমি তেওঁলোকক দূৰন্ত গতিৰে সমাধা কৰিলোঁ।

বন্ধুসকল,

গৰ্ভাৱস্থাত পুষ্টিহীনতাই মাতৃৰ জীৱনলৈ যথেষ্ট ভাবুকি কঢ়িয়াই আনিছিল। আমি নিৰাপদ মাতৃত্বৰ আঁচনি আৰম্ভ কৰিলোঁ, ভগ্নীসকলৰ একাউণ্টত পাঁচ হাজাৰ টকা জমা দি তেওঁলোকৰ মাতৃসকলে পুষ্টিকৰ খাদ্য লাভ কৰাটো নিশ্চিত কৰিলোঁ। ধোঁৱাৰ পৰা মাকে কাহ মাৰিছিল, কিন্তু হুমুনিয়াহ এটাও উচ্চাৰণ কৰা নাছিল। আমি কৈছিলো এইটোৱে কাম নকৰে। আৰু তেনেকৈয়ে, উজ্জ্বলা গেছ আঁচনিৰ সৃষ্টি হ’ল। এই সকলোবোৰ সম্ভৱ হৈ উঠিল কাৰণ বিজেপি চৰকাৰে ক্ষমতাবোধেৰে নহয় সংবেদনশীলতাৰে কাম কৰে।

বন্ধুসকল,

একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈ গ’ল। আজি ৰাজস্থানৰ উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ সময়। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে ৰাজস্থানৰ ঐতিহ্য আৰু উন্নয়ন দুয়োটাকে আগুৱাই লৈ গৈছে। আমি সকলোৱে জানো যে ভাল পথ, ৰে’ল, আৰু বিমান সংযোগে ভ্ৰমণ সহজ কৰি তোলাই নহয়, ই সমগ্ৰ অঞ্চলৰ ভাগ্যও ৰূপান্তৰিত কৰিছে। যেতিয়া প্ৰতিখন গাঁৱত ভাল ৰাস্তা থাকে, তেতিয়া কৃষকে উচিত মূল্যত নিজৰ শস্য বিক্ৰী কৰিবলৈ সক্ষম হয়,ব্যৱসায়ীসকলে সহজেই নিজৰ সামগ্ৰী ৰপ্তানি কৰিব পাৰে।  আজমেৰ-পুষ্কৰৰ পৰ্যটনৰ সম্ভাৱনাৰ কথা  কোনে নাজানে? ভাল সংযোগে পৰ্যটনত ইতিবাচক প্ৰভাৱ পেলায়। যেতিয়া ভ্ৰমণ সহজ হয় তেতিয়া অধিক লোকে ভ্ৰমণ কৰে।

বন্ধুসকল,

যেতিয়া পৰ্যটক আহে, স্বাভাৱিকতে হোটেলবোৰৰ উন্নতি হয় , ধাবাবোৰৰ উন্নতি হয়  , কচুৰী আৰু দাল বাটিয়ে বেছিকৈ বিক্ৰী হয়, ৰাজস্থানী শিল্পীৰ দ্বাৰা নিৰ্মিত সামগ্ৰী বিক্ৰী হয়, টেক্সিচালকসকল  লাভাৱান্বিত হয় আৰু গাইডে কাম বিচাৰি পায়। অৰ্থাৎ এজন পৰ্যটক বহু পৰিয়ালৰ জীৱিকাৰ মাধ্যম  হৈ পৰে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে ৰাজস্থানত আধুনিক সংযোগৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে।

বন্ধুসকল,

ৰাজস্থানত সংযোগ সম্প্ৰসাৰণৰ লগে লগে বিনিয়োগৰ সুযোগো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰৰ আশে-পাশে উদ্যোগসমূহৰ বাবে এক সুন্দৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ ডাবল ইঞ্জিন চৰকাৰে ৰাজস্থানক সুযোগৰ ভূমি হিচাপে গঢ়ি তুলিবলৈ সকলো সম্ভৱ, বহু দিশত কৰিছে।

বন্ধুসকল,

ৰাজস্থানৰ মাতৃসকলে সন্তানক ডাঙৰ-দীঘল কৰাৰ সমান্তৰালকৈ সন্তানৰ মনত দেশপ্ৰেমৰ বীজ সিঁচি দিয়ে। এই ৰাজস্থানৰ ভূমিয়ে  জানে দেশৰ প্ৰতি সন্মানৰ অৰ্থ কি, সেইবাবেই আজি এই ৰাজস্থানৰ ভূমিত আৰু এটা কথা ক’বলৈ আহিছো।

বন্ধুসকল,

শেহতীয়াকৈ দিল্লীত বিশ্বৰ সৰ্ববৃহৎ এআই  কৃত্ৰিম বুদ্ধিমত্তা সন্মিলন অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত বহু দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। বিশ্বৰ বৃহৎ কোম্পানী আৰু সেই কোম্পানীবোৰৰ নেতাসকলো এখন চালিৰ তলত গোট খাইছিল। সকলোৱে অন্তৰেৰে ভাৰতৰ প্ৰশংসা কৰিলে। ৰাজস্থানৰ পৰা অহা মোৰ ভাই-ভনীসকলক সুধিব বিচাৰিছো। বিশ্বৰ ইমানবোৰ মানুহে যেতিয়া ভাৰতৰ প্ৰশংসা কৰে তেতিয়া আপোনালোকৰ গৌৰৱ অনুভৱ হয় নে নহয়? গৌৰৱ অনুভৱ কৰে নে নকৰে? বুকুখন ফুলি যায় নে নাই?

বন্ধুসকল,

আপনালোকে গৌৰৱ অনুভৱ কৰিলে, কিন্তু আপোনালোকে  দেখিলে যে হতাশা আৰু নিৰাশাত ডুব যোৱা, বাৰে বাৰে পৰাজয়ত ক্লান্ত কংগ্ৰেছ দলে কি কৰিলে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ অতিথিৰ সন্মুখত কংগ্ৰেছ দলে দেশক বদনাম কৰাৰ চেষ্টা চলাইছিল। বহিঃ দেশৰ  অতিথিৰ সন্মুখত দেশক বদনাম কৰিবলৈ সম্পূৰ্ণ নাটক মঞ্চস্থ কৰিছিল।

বন্ধুসকল,

সমগ্ৰ দেশতে কংগ্ৰেছে ধাৰাবাহিক পৰাজয়ৰ সন্মুখীন হৈছে, আৰু ক্ষোভত ভাৰতক বদনাম কৰি প্ৰতিশোধ লোৱা হৈছে। কংগ্ৰেছ এসময়ত আইএনচি, বা ভাৰতীয় জাতীয় কংগ্ৰেছ আছিল, কিন্তু এতিয়া আইএনচি আৰু হৈ থকা  নাই। আজি আই এন চিৰ সলনি ই এম এম চি হৈ পৰিছে। এম এম চি বা মুছলিম লীগ-মাওবাদী কংগ্ৰেছ।

ৰাজস্থানৰ মোৰ বীৰ পুৰুষসকল,

ইতিহাসে সাক্ষ্য দিয়ে: মুছলিম লীগে ভাৰতক ঘৃণা কৰিছিল, আৰু সেইবাবেই ই দেশখনক বিভাজিত কৰিছিল। আজি কংগ্ৰেছেও একেই কাম কৰি আছে। ভাৰতৰ সমৃদ্ধি, আমাৰ সংবিধান, আমাৰ সফল গণতন্ত্ৰকো মাওবাদীয়ে ঘৃণা কৰে।  আক্ৰমণ কৰে, কংগ্ৰেছেও দেশৰ বদনাম কৰিবলৈ যিকোনো ঠাইতে এম্বুছ কৰে। কংগ্ৰেছৰ এনে কু-কৰ্ম দেশে কেতিয়াও ক্ষমা নকৰে।

 

বন্ধুসকল,

দেশক বদনামী কৰা আৰু দেশৰ সশস্ত্ৰ বাহিনীক দুৰ্বল কৰা কংগ্ৰেছৰ দীৰ্ঘদিনীয়া প্ৰথা। মনত ৰাখিব, এয়াই  সেই কংগ্ৰেছ যিয়ে আমাৰ সেনা জোৱানসকলক অস্ত্ৰ-শস্ত্ৰ আৰু ইউনিফৰ্মৰ বাবে হাহাকাৰ কৰিবলৈ বাধ্য কৰাইছিল। এই একেটা কংগ্ৰেছ দলে বছৰ বছৰ ধৰি আমাৰ সামৰিক পৰিয়ালক ৱান ৰেংক ৱান পেঞ্চনৰ পৰা বঞ্চিত কৰি ৰাখিছিল। এই একেটা কংগ্ৰেছ দলৰ কাৰ্যকালত বিদেশী প্ৰতিৰক্ষা চুক্তিত বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল।

বন্ধুসকল,

বিগত ১১ বছৰত ভাৰতীয় সেনাই প্ৰতিটোক্ষেত্ৰতে সন্ত্ৰাসবাদী আৰু দেশৰ শত্ৰুৰ ওপৰত  আঘাত হানিছে। আমাৰ সেনাই প্ৰতিটো অভিযানত , প্ৰতিটো ক্ষেত্ৰতে  বিজয়ী হৈছে। ছাৰ্জিকেল  ষ্ট্ৰাইকৰ পৰা আৰম্ভ কৰি অপাৰেচন সিন্দূৰলৈকে সেনাৰ সাহসিকতাক স্বীকৃতি দিয়া হৈছে যদিও কংগ্ৰেছ নেতাসকলে শত্ৰুৰ মিছা কথাকে স্থায়ী কৰি ৰাখিছে। কংগ্ৰেছে দেশৰ বাবে শুভ, সকলো ভাল আৰু দেশবাসীৰ উপকাৰ সাধন কৰা সকলো বস্তুৰ বিৰোধিতা কৰে। সেয়ে আজি দেশে কংগ্ৰেছক পাঠ শিকাইছে।

বন্ধুসকল,

আপোনালোকে  ৰাজস্থানত কংগ্ৰেছৰ অপশাসন বিশেষভাৱে অনুভৱ কৰিছে। ইয়াত কংগ্ৰেছ চৰকাৰ যিমান দিন ক্ষমতাত আছিল, তেতিয়ালৈকে দুৰ্নীতি আৰু অন্তৰ্যুদ্ধ চলিছিল।  কংগ্ৰেছে আমাৰ কৃষকক ধাৰাবাহিকভাৱে প্ৰতাৰণা কৰি আহিছে। মনত ৰাখিব কংগ্ৰেছে কেনেকৈ দশক দশক ধৰি জলসিঞ্চন প্ৰকল্প স্থবিৰ কৰি ৰাখিছিল। ইয়াৰ ফলত ৰাজস্থানৰ কৃষকসকলৰ অপৰিসীম ক্ষতি হৈছে। কংগ্ৰেছ চৰকাৰসমূহে ই আৰ চি পি প্ৰকল্পটোক ফাইল আৰু ঘোষণাৰ মাজতে আবদ্ধ কৰি ৰাখিছিল। আমাৰ চৰকাৰখন ক্ষমতালৈ অহাৰ লগে লগে এই আঁচনিখন ফাইলৰ পৰা উলিয়াই  কাৰ্যকৰী কৰিছে।

বন্ধুসকল,

আমাৰ চৰকাৰে আৰম্ভ কৰা নদী সংযোগ অভিযানে ৰাজস্থানলৈ অপৰিসীম লাভ কঢ়িয়াই অনাটো নিশ্চিত। সংশোধিত পাৰ্বতী-কালিসিন্ধ-চম্বল লিংক প্ৰজেক্টেই হওক বা যমুনা-ৰাজস্থান লিংক প্ৰজেক্টেই হওক, এনে অসংখ্য জলসিঞ্চন প্ৰকল্পৰ পৰা কৃষকসকলে যাতে উপকৃত হয় তাৰ বাবে ডাবল ইঞ্জিন চৰকাৰখনে প্ৰতিশ্ৰুতিবদ্ধ। ঝলাৱাৰ, বৰাণ, কোটা, আৰু বুণ্ডী জিলাৰ বাবে কেইবাটাও জল প্ৰকল্পৰ কাম আৰম্ভ হৈছে। আমাৰ প্ৰচেষ্টা ৰাজস্থানৰ ভূগৰ্ভস্থ পানীৰ স্তৰ বৃদ্ধি কৰা।

বন্ধুসকল,

 ৰাজস্থানৰ সম্ভাৱনাক স্বীকৃতি দি বিজেপি চৰকাৰে পৰিকল্পনা প্ৰণয়ন কৰি কাৰ্যকৰী কৰি আছে। মই আনন্দিত যে ৰাজস্থান এতিয়া সূৰ্য্যৰ শক্তিক সমৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা এখন ভূমিত পৰিণত হৈছে। আমি সকলোৱে জানো যে আমাৰ ৰাজস্থানত সূৰ্যৰ পোহৰৰ অভাৱ নাই। এতিয়া এই সূৰ্যৰ পোহৰেই সাধাৰণ মানুহৰ সঞ্চয় আৰু উপাৰ্জনৰ উৎস হৈ পৰিছে। ইয়াত প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া সৌৰশক্তি আঁচনিৰ ভূমিকা উল্লেখযোগ্য। এই আঁচনিৰ দ্বাৰা ৰাজস্থানৰ ভাগ্যক ৰূপান্তৰিত কৰাৰ ক্ষমতা আছে। এই আঁচনিৰ অধীনত বিজেপি চৰকাৰে মানুহক ছাদত সৌৰ পেনেল লগোৱাৰ বাবে ৭৮,০০০ টকাৰ সাহায্য প্ৰদান কৰে। চৰকাৰে সেই ধন পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ সৰবৰাহ  কৰে। স্বাধীনতাৰ পিছত   সকলো বাজেট আৰু সকলো আঁচনি চাওক, আপুনি কেতিয়াও এনেকুৱা আঁচনি দেখা নাপাব যিয়ে মধ্যবিত্ত শ্ৰেণীক আটাইতকৈ বেছি উপকৃত কৰিছিল। আজি চৰকাৰে পোনপটীয়াকৈ এই পৰিয়ালবোৰক সৌৰ পেনেল স্থাপনৰ বাবে ৭৮ হাজাৰ টকা দিয়ে। ফলত মধ্যবিত্তীয় লোকে সৰ্বাধিক সুফল লাভ কৰিছে। আৰু ইয়াৰ ফলত ঘৰতে এটা সৰু বিদ্যুৎ কেন্দ্ৰৰ সৃষ্টি কৰিব পাৰি । দিনৰ ভাগত সূৰ্যৰ পোহৰৰ পৰা বিদ্যুৎ উৎপাদন হয়। সেই বিদ্যুৎ ঘৰত ব্যৱহাৰ কৰা হয় আৰু উৎপাদিত যিকোনো অতিৰিক্ত বিদ্যুৎ গ্ৰীডলৈ যায়।  বিদ্যুৎ উৎপাদন কৰা ঘৰখনেও ইয়াৰ পৰা লাভাৱান্বিত  হয়।

বন্ধুসকল,

আজি ৰাজস্থানৰ ১.২৫ লাখৰো অধিক পৰিয়ালে এই আঁচনিত যোগদান কৰিছে। আৰু এই আঁচনিৰ বাবেই বহু ঘৰৰ বিদ্যুতৰ বিল প্ৰায় শূন্য হৈ পৰিছে। অৰ্থাৎ খৰচ কমিছে আৰু সঞ্চয়ো বাঢ়িছে।

বন্ধুসকল,

উন্নত ৰাজস্থানৰ পৰা উন্নত ভাৰতৰ মন্ত্ৰেৰে আমি অহৰহ কাম কৰি আছো। আজিৰে পৰা আৰম্ভ হোৱা আঁচনিসমূহে উন্নত ৰাজস্থানৰ ভেটি আৰু অধিক শক্তিশালী কৰিব। যেতিয়া ৰাজস্থানৰ বিকাশ হ’ব, তেতিয়া ইয়াৰ প্ৰতিটো পৰিয়ালৰ জীৱন সমৃদ্ধিশালী হ’ব। আকৌ এবাৰ আপোনালোক সকলোকে উন্নয়নমূলক প্ৰকল্প সমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ লগত কওক:

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি জয়!

দেশে বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপন কৰিছে, মোৰ লগত কওক:

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

 

বন্দে মাতৰম।

 

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

আপোনালোকক অশেষ ধন্যবাদ।

 

***

MJPS/SS/DK/DM