Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এআই ইম্পেক্ট সন্মিলন ২০২৬ উপলক্ষে ছুইছ কনফেডাৰেশ্যনৰ অধ্যক্ষ গাই পাৰমেলিনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

এআই ইম্পেক্ট সন্মিলন ২০২৬ উপলক্ষে ছুইছ কনফেডাৰেশ্যনৰ অধ্যক্ষ গাই পাৰমেলিনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক


এআই ইম্পেক্ট সন্মিলন ২০২৬ত অংশগ্ৰহণৰ বাবে ১৯-২০ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে ছুইছ কনফেডাৰেশ্যনৰ অধ্যক্ষ।

দুয়োগৰাকী নেতাই ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজৰ বন্ধুত্বপূৰ্ণ আৰু বহুমুখী সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে। নেতা দুগৰাকীয়ে বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, উদ্ভাৱন, দক্ষতা বিকাশ, সাংস্কৃতিক বিনিময় আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ পৰিসৰৰ পৰ্যালোচনা কৰে। দুয়োগৰাকী আঞ্চলিক আৰু বৈশ্বিক বিভিন্ন বিষয়ত মত বিনিময় কৰে।

দুয়োগৰাকী নেতাই অৰ্থনৈতিক সম্পৰ্কৰ গভীৰতাক স্বাগতম জনোৱাৰ লগতে ঐতিহাসিক ভাৰত-ইউৰোপীয়ান মুক্ত বাণিজ্য সংস্থাৰ (ইএফটিএ) মাজত শেহতীয়াকৈ সম্পাদিত বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টিইপিএ) ৰূপায়ণৰ ইতিবাচক গতিবিধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছুইজাৰলেণ্ড হৈছে ইয়াৰ এক গুৰুত্বপূৰ্ণ সদস্য। টিইপিএৰ জৰিয়তে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ প্রৱাহ বৃদ্ধি কৰাৰ অপৰিসীম সম্ভাৱনা আছে।

উভয় পক্ষই উদ্ভাৱন বৃদ্ধি, যুটীয়া গৱেষণা, শ্ৰেষ্ঠ প্ৰক্ৰিয়াসমূহৰ আদান-প্ৰদান আৰু প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ উদ্যোগৰ জৰিয়তে সামৰ্থ্য নিৰ্মাণত সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়। ভাৰত-ছুইজাৰলেণ্ড অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ যোৱাৰ উমৈহতীয়া সংকল্পৰে এই বৈঠক সামৰণি পৰে।

প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তী এআই সন্মিলন আয়োজনৰ বাবে ছুইজাৰলেণ্ডৰ পদক্ষেপক আদৰণি জনায়। উল্লেখ্য যে ইয়াৰ পিছত সংযুক্ত আৰৱ আমীৰশ্বাহীক এই সন্মিলন আয়োজনৰ দায়িত্ব অৰ্পণ কৰা হয়।

 

***

MJPS/SR/DB