Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এইমছত গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

এইমছত গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

এইমছত গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ এইমছত নেশ্যনেল চেণ্টাৰ ফৰ এজিঙৰ আধাৰশিলা স্থাপন কৰে৷ এই সুবিধাই বয়োজেষ্ঠ লোকসকলক মাল্টি-স্পেচিয়েলিটী স্বাস্থ্যসেৱা প্ৰদান কৰিব৷ ইয়াত ২০০ সাধাৰণ ৱাৰ্ড বিচনাৰ সুবিধা আছে৷

একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ছাফডৰজাং হস্পিতালত ৫৫৫ বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটী ব্ল’কৰ আধাৰশিলাও স্থাপন কৰে৷ তেওঁ ছাফডৰজাং হস্পিতালত ৫০০ বিছনাযুক্ত নতুন জৰুৰীকালীন ব্ল’ক; এইমছত ৩০০ বিছনাযুক্ত পাৱাৰ গ্ৰীড বিশ্ৰাম সদন আৰু এইমছ, আনছাৰী নগৰ আৰু ট্ৰাউমা চেণ্টাৰৰ মাজত যোগাযোগ স্থাপন কৰিব পৰা এক সুৰংগ মুকলি কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত চাৰি বছৰত ভাৰতৰ ৰাজহুৱা স্বাস্থ্যসেৱাই এক নতুন গতি লাভ কৰিছে৷ চৰকাৰে লক্ষ্য লৈছে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে উন্নত স্বাস্থ্যসেৱা লাভ কৰে৷ তেওঁ লগতে এইকথাও উল্লেখ কৰে যে বৰ্তমানৰ স্বাস্থ্যসেৱা আন্তঃগাথনি উন্নত কৰা হ’ব আৰু টায়াৰ ২ আৰু টায়াৰ৩ চহৰলৈ উন্নত স্বাস্থ্যসেৱাৰ সা-সুবিধা সম্প্ৰসাৰিত কৰা হ’ব৷

ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সুলভ স্বাস্থ্যসেৱা আৰু ৰোগ প্ৰতিৰোধো  চৰকাৰৰ এজেণ্ডাৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয়৷ এই বহুবিষয়ক দৃষ্টিকোণত গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়, খোৱা পানী আৰু অনাময় মন্ত্ৰালয়, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় আৰু আয়ুস মন্ত্ৰালয়ো জড়িত হৈ আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ২০২৫ৰ ভিতৰত টিবিমুক্ত দেশ হোৱাৰ লক্ষ্য লৈছে৷ ইয়াৰ গোলকীয় লক্ষ্য হৈছে ২০৩০চন৷ এই লক্ষ্যত উপনীত হ’বলৈ দেশৰ চিকিৎসা খণ্ডৰ ওপৰত তেওঁৰ বিশ্বাস আছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

***

AKT/SH/SBP/MS