Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

একাদশ বাৰ্ষিকীত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ সফলতাক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে ১১ বছৰ পূৰ্বে শুভাৰম্ভ কৰা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা যুৱক-যুৱতীসকলৰ আত্ম-নিযুক্তিৰ ক্ষেত্ৰত অতি সহায়ক হিচাপে প্ৰমাণিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ সফলতাই ইয়াকে দেখুৱাইছে যে সঠিক সুযোগ লাভ কৰিলে এজন ব্যক্তি কেৱল আত্মনিৰ্ভৰশীল হোৱাই নহয়, বৰঞ্চ ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰতো অৰিহণা যোগাব পাৰে। এই সন্দৰ্ভত শ্ৰী মোদীয়ে এগৰাকী জ্ঞানী ব্যক্তিৰ গুণ সন্দৰ্ভত আলোকপাত কৰা এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছেঃ

আজিৰ পৰা ১১ বছৰ পূৰ্বে শুভাৰম্ভ কৰা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা যুৱক-যুৱতীসকলৰ আত্ম-নিযুক্তিৰ ক্ষেত্ৰত অতি সহায়ক হিচাপে প্ৰমাণিত হৈছে। এই আঁচনিৰ সফলতাই দেখুৱাইছে যে সঠিক সুযোগ লাভ কৰিলে কেৱল আত্মনিৰ্ভৰশীল হোৱাই নহয়, ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰতো অৰিহণা যোগাব পাৰি।’

आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता।
यमर्था नापकर्षन्ति स वै पण्डित उच्यते॥

#11YearsOfMUDRA”

যিজন ব্যক্তি নিজৰ সামৰ্থ্যৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত, আত্মনিৰ্ভৰশীল আৰু পৰোপকাৰী কাৰ্য্য সম্পাদনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যিজনে ধৈৰ্য্যৰে প্ৰতিকূল পৰিস্থিতি সহ্য কৰে, প্ৰতিটো সময়ত ধাৰ্মিক আচৰণ অনুসৰণ কৰে আৰু যাক লোভে নিজৰ পথৰ পৰা বিচ্যুত কৰিব নোৱাৰে-তেওঁক প্ৰকৃততে জ্ঞানী বুলি কোৱা হয়।

***

MJPS/PRK/NB