Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত পুৰুষৰ গ্ৰেকো-ৰোমান ৮৭ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা সুনীল কুমাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


এছিয়ান গেমছত পুৰুষৰ গ্ৰেকো-ৰোমান ৮৭ কেজি শাখাত ব্ৰঞ্জৰ পদক জয় কৰা সুনীল কুমাৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে কয় যে সুনীল কুমাৰে আকৰ্ষণীয় জয়ৰ জৰিয়তে পদক লাভ কৰি ২০২২ চনৰ সফলতাৰ পুনৰাবৃত্তি কৰিছে।শ্ৰী মোদীয়ে সুনীল কুমাৰৰ এই সাফল্যক ভাৰতীয় মল্লযুঁজৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে আৰু দেশলৈ অধিক গৌৰৱ কঢ়িয়াই অনাৰ ক্ষেত্ৰত তেওঁ ভৱিষ্যতেও সফলতা লাভ কৰি যাব বুলি আশা প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত দিয়া এক পোষ্টত কয়—

“এছিয়ান গেমছত সুনীল কুমাৰৰ ব্ৰঞ্জৰ পদক!পুৰুষৰ গ্ৰেকো-ৰোমান ৮৭ কেজি শাখাত সুন্দৰ জয়ৰ জৰিয়তে তেওঁ পদক লাভ কৰিছে আৰু ২০২২ চনৰ সাফল্যৰ পুনৰাবৃত্তি কৰিছে।অভিনন্দন, সুনীল! ভাৰতীয় মল্লযুঁজৰ বাবে এয়া এক উৎকৃষ্ট প্ৰদৰ্শন আৰু গৌৰৱৰ মুহূৰ্ত। তেওঁ ভৱিষ্যতেও দেশলৈ বহু গৌৰৱ কঢ়িয়াই আনক।”

:PM@narendramodi”
 

 

**********

MJPS/SS/ST/DM