Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত মহিলাৰ ট্ৰেপ শ্বুটিং দলীয় প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জনৰ বাবে মণিষা কীৰ, নীৰু আৰু আশীমা আহলাৱাটক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ মহিলাৰ ট্ৰেপ শ্বুটিং দলীয় প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে মণিষা কীৰ, নীৰু আৰু আশীমা আহলাৱাটক অভিনন্দন জনাইছে।

 

প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ এই প্ৰদৰ্শনক নিখুঁত লক্ষ্য, একাগ্রতা আৰু দলগত প্ৰচেষ্টাৰ এক প্ৰশংসনীয় নিদৰ্শন বুলি অভিহিত কৰে।

 

শ্ৰী মোদীয়ে সমগ্ৰ দলটোৰ ধাৰাবাহিক সফলতা কামনা কৰাৰ লগতে তেওঁলোকে ভাৰতলৈ আৰু অধিক গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত উল্লেখ কৰে:

 

“এছিয়ান গেমছৰ মহিলাৰ ট্ৰেপ শ্বুটিং দলীয় প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰাৰ বাবে মণিষা কীৰ, নীৰু আৰু আশীমা আহলাৱাটলৈ অভিনন্দন।

 

এয়া আছিল নিখুঁত লক্ষ্য, একাগ্রতা আৰু দলগত প্ৰচেষ্টাৰ এক প্ৰশংসনীয় নিদৰ্শন। সমগ্ৰ দলটোৱে যাতে এনেদৰে উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখে আৰু ভাৰতলৈ আৰু অধিক গৌৰৱ কঢ়িয়াই আনে, তাৰেই কামনা কৰিলোঁ: প্ৰধানমন্ত্ৰী @narendramodi”

***

MJPS/SS/ST/DB