Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলেচত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে বিথ্যা ৰামৰাজক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলেচত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে বিথ্যা ৰামৰাজক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া সঁচাকৈয়ে এক মহান যাত্ৰা আছিল। শ্ৰী মোদীয়ে বিথ্যাক অভিনন্দন জ্ঞাপন কৰে আৰু তেওঁ অনাগত সময়ত সফলতাৰ নতুন শিখৰত উপনীত হোৱাৰ কামনা কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

‘সঁচাকৈয়ে বিত্যা ৰামৰাজৰ এক মহান প্ৰদৰ্শন! এছিয়ান গেমছত মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলেচত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছে। বিথ্যাক অভিনন্দন জনাইছো। অনাগত সময়ত তেওঁ সফলতাৰ নতুন শিখৰত উপনীত হওঁকঃ প্ৰধানমন্ত্ৰী @narendramodi’

****

MJPS/SS/PRK/MK