Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত স্বৰ্ণ পদক অক্ষুণ্ণ ৰখাৰ বাবে ভাৰতীয় পুৰুষ হকী দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফাইনেলত এক সুন্দৰ জয়ৰে এছিয়ান গেমছৰ স্বৰ্ণ পদক অক্ষুণ্ণ ৰখাৰ বাবে ভাৰতীয় পুৰুষ হকী দলক অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে কয় যে দলটোৱে প্ৰথমবাৰৰ বাবে ধাৰাবাহিকভাৱে এছিয়ান গেমছত স্বৰ্ণ জয় কৰিছে আৰু সামগ্ৰিকভাৱে পঞ্চমটো স্বৰ্ণ লাভ কৰিছে। তেওঁ খেলুৱৈসকলৰ এই প্ৰদৰ্শনক এক ব্যতিক্ৰমী আৰু উৎকৃষ্ট সাফল্য বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বিজয় সংগ্ৰাম অতি বিশেষ, কাৰণ প্ৰথমবাৰৰ বাবে একেখন এছিয়ান গেমছতে ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা হকী দলে স্বৰ্ণ পদক জয় কৰিছে। তেওঁ কয় যে এছিয়াৰ ক্ৰীড়া মঞ্চত ভাৰতীয় হকী আজি গৌৰৱেৰে মূৰ তুলি থিয় হৈছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ পোষ্টত উল্লেখ কৰেঃ

“২০২৬ চনৰ এছিয়ান গেমছ ভাৰতীয় হকীৰ বাবে সঁচাকৈয়ে অতি বিশেষ হিচাপে পৰিগণিত হ’ল!

ফাইনেলত এক দৰ্শনীয় জয়ৰে এছিয়ান গেমছৰ স্বৰ্ণ অক্ষুণ্ণ ৰখাৰ বাবে আমাৰ পুৰুষ হকী দললৈ উষ্ম অভিনন্দন জনাইছোঁ৷ এয়া প্ৰথমবাৰৰ বাবে ধাৰাবাহিকভাৱে এছিয়ান গেমছত স্বৰ্ণ জয় আৰু সামগ্ৰিকভাৱে পঞ্চমটো স্বৰ্ণ ৷ আমাৰ খেলুৱৈসকলৰ এই সাফল্য সঁচাকৈয়ে অতুলনীয়।

এই বিজয় অধিক বিশেষ হৈ পৰিছে কাৰণ প্ৰথমবাৰৰ বাবে আমাৰ পুৰুষ আৰু মহিলা দুয়োটা হকী দলে একেখন এছিয়ান গেমছতে স্বৰ্ণ পদক লাভ কৰিছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে এছিয়াৰ মঞ্চত ভাৰতীয় হকীৰ স্থিতি অত্যন্ত শক্তিশালীঃ প্ৰধানমন্ত্ৰী৷”

 

MJPS/SS/ST/DB