পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চাঁদ ষ্টেডিয়ামত এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ দলক সম্বোধন কৰে। তেওঁ খেলুৱৈসকলৰ সৈতেও বাৰ্তালাপ কৰে। ভাৰতে এছিয়ান গেমছ ২০২২ত ২৮টা সোণৰ পদকসহ ১০৭টা পদক লাভ কৰে আৰু ই হৈছে মহাদেশীয় মাল্টি স্পৰ্ট ইভেণ্টত লাভ কৰা মুঠ পদকৰ সংখ্যাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।
দলটোক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকৰ হৈ তেওঁলোকক আদৰণি জনায় আৰু তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ১৯৫১ চনত এই ষ্টেডিয়ামত এছিয়ান গেমছৰ উদ্বোধনী সংস্কৰণ অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে খেলুৱৈসকলে দেখুওৱা সাহস আৰু দৃঢ় সংকল্পই দেশৰ প্ৰতিটো কোণক এক উদযাপনৰ পৰিৱেশলৈ পৰিৱৰ্তন কৰিছে। ১০০তকৈ অধিক পদকৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কৰা শ্ৰমৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰিছে। তেওঁ প্ৰশিক্ষক আৰু প্ৰশিক্ষকসকলক অভিনন্দন জনায় আৰু ফিজিঅ’ আৰু বিষয়াসকলক তেওঁলোকৰ অৱদানৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে সকলো খেলুৱৈৰ অভিভাৱকসকলক নমস্কাৰ কৰে আৰু পৰিয়ালসমূহে আগবঢ়োৱা অৱদান আৰু ত্যাগৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰশিক্ষণ ক্ষেত্ৰৰ পৰা মঞ্চলৈকে, পিতৃ-মাতৃৰ সমৰ্থন অবিহনে যাত্ৰা অসম্ভৱ”।
প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনাসৱে ইতিহাস সৃষ্টি কৰিছে। এই এছিয়ান গেমছৰ পৰিসংখ্যা ভাৰতৰ সফলতাৰ সাক্ষী। এছিয়ান গেমছত এইয়া আজিলৈকে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। এইয়া ব্যক্তিগত সন্তুষ্টিৰ বিষয় যে আমি সঠিক দিশত আগবাঢ়িছোঁ।” তেওঁ কৰোনা ভেকছিন উদ্ভাৱনৰ সময়ত হোৱা শংকাৰ কথা স্মৰণ কৰি কয় যে যেতিয়া আমি জীৱন ৰক্ষা কৰাত আৰু ২৫০খন দেশক সহায় কৰাত সফল হৈছিলো, তেতিয়া সঠিক দিশত আগবাঢ়ি যোৱাৰ একেই অনুভূতি অনুভৱ কৰা হৈছিল।
বৰ্তমানলৈকে সৰ্বাধিক পদক তালিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শ্বুটিং, আৰ্চাৰী, স্কোৱাছ, ৰয়িং, মহিলা বক্সিঙত সৰ্বাধিক পদক আৰু মহিলা আৰু পুৰুষ ক্ৰিকেট প্ৰতিযোগিতা, স্কোৱাছ মিক্সড ডাবলছত প্ৰথমটো স্বৰ্ণ পদকৰ কথা উল্লেখ কৰে। তেওঁ সুদীৰ্ঘ বছৰৰ মূৰত কেইটামান ইভেণ্টত পদক অৰ্জন কৰাৰ তাৎপৰ্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। উদাহৰণ স্বৰূপে মহিলাৰ শ্বট পুট (৭২ বছৰ), ৪x৪ ১০০ মিটাৰ (৬১বছৰ), অশ্বাৰোহী (৪১বছৰ) আৰু পুৰুষ বেডমিণ্টন (৪০বছৰ)। “আপোনাসৱৰ প্ৰচেষ্টাৰ বাবে ইমান দশকৰ অপেক্ষাৰ অন্ত পৰিল”, প্ৰধানমন্ত্ৰীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এই কেনভাছখনৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰে, কিয়নো ভাৰতে অংশগ্ৰহণ কৰা প্ৰায় সকলো খেলতে পদক লাভ কৰিছে। কমেও ২০ টা এনে ইভেণ্ট আছিল য’ত ভাৰতে কেতিয়াও জয়লাভ কৰা নাছিল। “আপোনাসৱে কেৱল দুৱাৰ মুকলি কৰাই নাছিল, এনে এক পথ মুকলি কৰিছিল যিয়ে যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব। তেওঁ লগতে কয়, ই এছিয়ান গেমছতকৈ আগুৱাই যাব আৰু অলিম্পিকৰ দিশে আমাৰ যাত্ৰাক নতুন আত্মবিশ্বাস প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীয়ে মহিলা খেলুৱৈসকলে অংশগ্ৰহণ কৰাক লৈ বহুত গৌৰৱবোধ কৰা বুলি ব্যক্ত কৰি কয় যে ই ভাৰতৰ কন্যাসকলৰ সামৰ্থ্যক প্ৰতিফলিত কৰে। তেওঁ কয় যে বিজয়ী সকলো পদকৰ ভিতৰত আধাতকৈ বেছি মহিলা খেলুৱৈয়ে লাভ কৰিছে আৰু মহিলা ক্ৰিকেট দলেই সফলতাৰ ধাৰা আৰম্ভ কৰিছিল। তেওঁ উল্লেখ কৰে যে বেছিভাগ পদক বক্সিঙত মহিলাসকলে জিকিছিল। তেওঁ মহিলা এথলেটিকছ দলটোক তেওঁলোকৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰি কয়, “ভাৰতৰ মহিলা খেলুৱৈসকলে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত এক নম্বৰতকৈ কমত থাকিবলৈ সাজু নহয়”। প্ৰধানমন্ত্ৰীয়ে কয়, “এয়া হৈছে নতুন ভাৰতৰ ভাৱনা আৰু শক্তি।” প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নতুন ভাৰতে অন্তিম ক্ষণ পৰ্যন্ত তথা বিজয়ীসকলৰ সিদ্ধান্ত নোহোৱালৈকে হাৰ নামানে। “নতুন ভাৰতে প্ৰতিবাৰেই সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলৈ চেষ্টা কৰে”, তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত কেতিয়াও প্ৰতিভাৰ অভাৱ নাছিল আৰু খেলুৱৈসকলে অতীতত ভাল প্ৰদৰ্শন কৰিছিল। অৱশ্যে বহুতো প্ৰত্যাহ্বানৰ বাবে আমি পদকৰ ক্ষেত্ৰত পিছ পৰি আছোঁ। তেওঁ ২০১৪ চনৰ পিছত কৰা আধুনিকীকৰণ আৰু পৰিৱৰ্তনশীল প্ৰচেষ্টাৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ কয় যে খেলুৱৈসকলক সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা, খেলুৱৈসকলক সৰ্বাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় এক্সপোজাৰ প্ৰদান কৰা, বাছনিত স্বচ্ছতা নিশ্চিত কৰা আৰু গ্ৰামাঞ্চলৰ প্ৰতিভাক সৰ্বাধিক সুযোগ প্ৰদান কৰাটো ভাৰতৰ প্ৰয়াস। তেওঁ জনায় যে ৯ বছৰ আগৰ তুলনাত ক্ৰীড়া বাজেট তিনিগুণ বৃদ্ধি কৰা হৈছে। খেলো গুজৰাটে কেনেদৰে ৰাজ্যখনৰ ক্ৰীড়া সংস্কৃতি সলনি কৰিলে সেয়া উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ টপছ আৰু খেলো ইণ্ডিয়া আঁচনি গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হৈছে”। তেওঁ কয় যে এছিয়াড দলৰ প্ৰায় ১২৫ জন খেলুৱৈ খেলো ইণ্ডিয়া অভিযানৰ সন্ধান, যাৰ ভিতৰত ৪০ জনতকৈও অধিক খেলুৱৈয়ে পদক লাভ কৰিছে। তেওঁ কয়, “খেলো ইণ্ডিয়াৰ বহুতো খেলুৱৈৰ সফলতাই অভিযানৰ সঠিক দিশ প্ৰদৰ্শন কৰে”। তেওঁ কয় যে খেলো ইণ্ডিয়াৰ অধীনত ৩০০০ তকৈও অধিক খেলুৱৈক প্ৰশিক্ষণ দিয়া হৈছে। এই খেলুৱৈসকলে প্ৰতি বছৰে ৬ লাখ টকাতকৈও অধিক বৃত্তি লাভ কৰিছে। “এই আঁচনিৰ অধীনত এতিয়া খেলুৱৈসকলক প্ৰায় ২.৫ হাজাৰ কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে। মই আপোনাসৱক আশ্বাস দিছো যে ধনৰ অভাৱ কেতিয়াও আপোনাৰ প্ৰচেষ্টাত অন্তৰায় নহ’ব। চৰকাৰে পৰৱৰ্তী পাঁচ বছৰত আপোনাসৱৰ আৰু ক্ৰীড়াৰ বাবে ৩ হাজাৰ কোটি টকা অধিক ব্যয় কৰিবলৈ গৈ আছে। শ্ৰী মোদীয়ে লগতে কয়, আজি দেশৰ প্ৰতিটো কোণতে কেৱল আপোনাসৱৰ বাবে আধুনিক ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে”।
প্ৰধানমন্ত্ৰীয়ে পদক বিজয়ীসকলৰ মাজত যুৱ খেলুৱৈসকলৰ উপস্থিতিক লৈ আনন্দ প্ৰকাশ কৰি তেওঁ কয়, “এয়া এখন ক্ৰীড়া ৰাষ্ট্ৰৰ লক্ষণ। এই নতুন যুৱ বিজয়ীসকলে দীৰ্ঘদিন ধৰি দেশৰ বাবে সুন্দৰ প্ৰদৰ্শন কৰিব। যুৱ ভাৰতৰ নতুন চিন্তাধাৰা এতিয়া কেৱল ভাল প্ৰদৰ্শনত সন্তুষ্ট নহয়, বৰঞ্চ ই পদক আৰু জয় বিচাৰে”, তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ মাজত উমৈহতীয়া ভাষাৰ কথা উল্লেখ কৰি কয়, “দেশৰ বাবে, আপোনাসৱ-জিঅএটি-সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ”। তেওঁ কয় যে খেলুৱৈসকলৰ আবেগ, নিষ্ঠা আৰু শৈশৱৰ কাহিনী সকলোৰে বাবে অনুপ্ৰেৰণা। যুৱ প্ৰজন্মৰ ওপৰত খেলুৱৈসকলে কি প্ৰভাৱ পেলাইছে তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অধিক যুৱক-যুৱতীৰ সৈতে সংযোগ স্থাপন কৰি এই ইতিবাচক শক্তিৰ সৎ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। খেলুৱৈসকলক বিদ্যালয় পৰিদৰ্শন আৰু শিশুসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পৰামৰ্শৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক ড্ৰাগছৰ কুফল আৰু ই কেনেদৰে কেৰিয়াৰ আৰু জীৱন ধ্বংস কৰিব পাৰে সেই সম্পৰ্কে যুৱপ্ৰজন্মৰ মাজত সজাগতা বৃদ্ধি ৰখাৰ ওপৰত জোৰ দিয়ে।
প্ৰধানমন্ত্ৰীয়ে লগতে ফিটনেছৰ বাবে চুপাৰ-ফুডৰ গুৰুত্বৰ কথা উল্লেখ কৰে আৰু খেলুৱৈসকলক দেশৰ শিশুসকলৰ মাজত পুষ্টিকৰ খাদ্যক অগ্ৰাধিকাৰ দিয়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। তেওঁ জোৰ দি কয় যে তেওঁলোকে যাতে শিশুসকলৰ সৈতে সংযোগ স্থাপন কৰে আৰু সঠিক খাদ্যাভ্যাসৰ বিষয়ে কথা পাতে। তেওঁ আৰু কয় যে তেওঁলোকে বাজৰা আন্দোলন আৰু পুষ্টি অভিযানত এক বৃহৎ ভূমিকা পালন কৰিব পাৰে।
প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া ক্ষেত্ৰত সফলতাসমূহক ৰাষ্ট্ৰীয় সফলতাৰ বৃহত্তৰ কেনভাছৰ সৈতে সংযুক্ত কৰে। “আজি যিসময়ত ভাৰতে বিশ্ব মঞ্চত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে, সেই সময়তে আপোনাসৱে ক্ৰীড়া ক্ষেত্ৰতো ইয়াক প্ৰদৰ্শন কৰিছে। তেওঁ জোৰ দি কয়, আজি যেতিয়া ভাৰত বিশ্বৰ শীৰ্ষ-৩ অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে, তেতিয়া আমাৰ যুৱপ্ৰজন্ম ইয়াৰ পৰা প্ৰত্যক্ষভাৱে লাভান্বিত হৈছে”। তেওঁ মহাকাশ, ষ্টাৰ্টআপ, বিজ্ঞান আৰু প্ৰযুক্তি আৰু উদ্যোগৰ ক্ষেত্ৰতো একে ধৰণৰ সফলতাৰ কথা উল্লেখ কৰে। তেওঁ কয়, “ভাৰতৰ যুৱ সম্ভাৱনা প্ৰতিটো ক্ষেত্ৰতে দৃশ্যমান”।
প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ এছিয়ান গেমছৰ বাবে বাছনি কৰা ‘১০০ পাৰ’ৰ শ্ল’গানটো উল্লেখ কৰি কয়, “আপোনালোক সকলো খেলুৱৈৰ ওপৰত দেশৰ যথেষ্ট আস্থা আছে”। শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে পৰৱৰ্তী সংস্কৰণত এই অভিলেখ আৰু অধিক আগুৱাই যাব। পেৰিছ অলিম্পিকলৈ বেছি দিন নাই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক নিষ্ঠাৰে প্ৰস্তুত হ’বলৈ আহ্বান জনায়। তেওঁ এইবাৰ সফলতা অৰ্জন নকৰা সকলোকে সান্ত্বনা দিয়ে আৰু তেওঁলোকক তেওঁলোকৰ ভুলৰ পৰা শিকিবলৈ আৰু নতুন প্ৰচেষ্টা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ২২ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া পেৰা এছিয়ান গেমছৰ সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে শ্ৰী মোদীয়ে।
অনুষ্ঠানত কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ উপস্থিত আছিল।
পৃষ্ঠভূমি
এই কাৰ্যসূচীটো প্ৰধানমন্ত্ৰীৰ দ্বাৰা এছিয়ান গেমছ ২০২২ত খেলুৱৈসকলক তেওঁলোকৰ অসামান্য সাফল্যৰ বাবে অভিনন্দন জনোৱাৰ আৰু ভৱিষ্যতৰ প্ৰতিযোগিতাৰ বাবে তেওঁলোকক অনুপ্ৰাণিত কৰাৰ এক প্ৰয়াস। ভাৰতে মুঠ ১০৭ টা পদক লাভ কৰে, যাৰ ভিতৰত আছে ২৮টা সোণৰ পদক। মুঠ পদকৰ সংখ্যাৰ ক্ষেত্ৰত এয়া হৈছে এছিয়ান গেমছত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।
অনুষ্ঠানটোত এছিয়ান গেমছত অংশ লোৱা ভাৰতীয় দলৰ খেলুৱৈ, তেওঁলোকৰ প্ৰশিক্ষক, ভাৰতীয় অলিম্পিক সংস্থাৰ বিষয়া, ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ প্ৰতিনিধি আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াসকল উপস্থিত আছিল।
Interacting with our incredible athletes who represented India at the Asian Games. Their outstanding performances exemplify true spirit of sportsmanship. https://t.co/SAcnyJDTlc
— Narendra Modi (@narendramodi) October 10, 2023
The entire country is overjoyed because of the outstanding performance of our athletes in the Asian Games. pic.twitter.com/lo6bdvJLVn
— PMO India (@PMOIndia) October 10, 2023
The entire country is overjoyed because of the outstanding performance of our athletes in the Asian Games. pic.twitter.com/lo6bdvJLVn
— PMO India (@PMOIndia) October 10, 2023
India’s best performance in the Asian Games. pic.twitter.com/gckrEc49QW
— PMO India (@PMOIndia) October 10, 2023
India’s Nari Shakti has excelled in the Asian Games. pic.twitter.com/RwddVWXu1h
— PMO India (@PMOIndia) October 10, 2023
भारत की बेटियां, नंबर वन से कम में मानने को तैयार नहीं हैं। pic.twitter.com/No2AJvONhk
— PMO India (@PMOIndia) October 10, 2023
Our players are the ‘GOAT’ i.e. Greatest of All Time, for the country. pic.twitter.com/51w118A0B1
— PMO India (@PMOIndia) October 10, 2023
*************************
DS/TS/KG
Interacting with our incredible athletes who represented India at the Asian Games. Their outstanding performances exemplify true spirit of sportsmanship. https://t.co/SAcnyJDTlc
— Narendra Modi (@narendramodi) October 10, 2023
The entire country is overjoyed because of the outstanding performance of our athletes in the Asian Games. pic.twitter.com/lo6bdvJLVn
— PMO India (@PMOIndia) October 10, 2023
India's best performance in the Asian Games. pic.twitter.com/gckrEc49QW
— PMO India (@PMOIndia) October 10, 2023
India's Nari Shakti has excelled in the Asian Games. pic.twitter.com/RwddVWXu1h
— PMO India (@PMOIndia) October 10, 2023
भारत की बेटियां, नंबर वन से कम में मानने को तैयार नहीं हैं। pic.twitter.com/No2AJvONhk
— PMO India (@PMOIndia) October 10, 2023
Our players are the 'GOAT' i.e. Greatest of All Time, for the country. pic.twitter.com/51w118A0B1
— PMO India (@PMOIndia) October 10, 2023
Glimpses from the very special meeting with our Asian Games contingent, their coaches and support staff.
— Narendra Modi (@narendramodi) October 10, 2023
The unwavering spirit, dedication and the countless hours of hard work of every athlete is inspiring.
The accomplishments of our athletes have not just added to India's… pic.twitter.com/L9edaCS4tA
In these Asian Games, a long wait ended in several sports. pic.twitter.com/2YSOLkA7qi
— Narendra Modi (@narendramodi) October 10, 2023
भारत की बेटियों को आज नंबर-1 से कम मंजूर नहीं। यही नए भारत की स्पिरिट है, यही उसका सामर्थ्य है। pic.twitter.com/AxbFF6UzaR
— Narendra Modi (@narendramodi) October 10, 2023
Transformative changes in the sporting landscape since 2014! pic.twitter.com/68i4WU2qO4
— Narendra Modi (@narendramodi) October 10, 2023
हमारे खिलाड़ी और एथलीट हेल्थ और फिटनेस के ब्रांड एंबेसडर हैं। इसे देखते हुए आप सभी से मेरा एक आग्रह है… pic.twitter.com/fZ9bUArlx0
— Narendra Modi (@narendramodi) October 10, 2023