Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছ ২০২৬-ত মহিলাৰ ২৫ মিটাৰ পিস্তলৰ ব্যক্তিগত শিতানত ৰূপৰ পদক লাভ কৰাৰ বাবে ঈশা সিঙক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছ ২০২৬-ত মহিলাৰ ২৫ মিটাৰ পিস্তল ব্যক্তিগত শিতানত ৰূপৰ পদক লাভ কৰাৰ বাবে ঈশা সিঙক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এটা ভাল স্ক’ৰৰ সৈতে ঈশাই অপৰিসীম নিখুঁততা আৰু ধৈৰ্য্য প্ৰদৰ্শন কৰিছিল। শ্ৰী মোদীয়ে তেওঁক ভৱিষ্যতে আৰু অধিক সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

‘এছিয়ান গেমছ ২০২৬ -ত মহিলাৰ ২৫ মিটাৰ পিস্তলৰ ব্যক্তিগত শিতানত ৰূপৰ পদক জয় কৰাৰ বাবে @singhesha10 ক অভিনন্দন জনাইছো। এটা ভাল স্ক’ৰৰ সৈতে, ঈশাই অপৰিসীম নিখুঁততা আৰু ধৈৰ্য্য দেখুৱায়। ভৱিষ্যতে আৰু অধিক সফলতাৰ বাবে তেওঁক শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi’

***

MJPS/SS/PRK/MK