প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত ব্যক্তিগত শ্ৰেষ্ঠতাৰে পুৰুষৰ জেভেলিন থ্ৰ’ৰ 53/54 শিতানত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে আয়ুষ বাৰ্মাক অভিনন্দন জনাইছে।
খেলুৱৈগৰাকীৰ বাবে এয়া এক স্মৰণীয় অভিষেক বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে আয়ুষে এই সফলতাৰ ওপৰত ভিত্তি কৰি ক্ৰীড়াক্ষেত্ৰত নিজৰ পৰিচয় গঢ়ি তুলিব। তেওঁ আয়ুষ বাৰ্মাক শুভেচ্ছা জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ
‘আয়ুষ বাৰ্মাৰ বাবে এক স্মৰণীয় অভিষেক!
পুৰুষৰ জেভলিন থ্ৰ’ৰ F53/54 শিতানত ব্যক্তিগত শ্ৰেষ্ঠ অভিলেখ গঢ়ি ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। তেওঁ এই সফলতা অব্যাহত ৰাখক আৰু ক্ৰীড়াক্ষেত্ৰত এক সুকীয়া পৰিচয়ৰ সৃষ্টি কৰক। মোৰ শুভেচ্ছা জনালোঃ প্ৰধানমন্ত্ৰী @narendramodi’
A memorable debut for Ayush Verma! Congrats to him for winning the Bronze in the Men’s Javelin Throw F53/54 event, recording a Personal Best. May he build on this success and continue making a mark in the sporting arena. My best wishes: PM @narendramodi
— PMO India (@PMOIndia) October 20, 2026
*****
MJPS/SS/VJ/PRK/MK