Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক জয় কৰা তেজলবেন ডামৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত মহিলাৰ ২০০ মিটাৰ T12 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে তেজলবেন ডামৰক অভিনন্দন জনাইছে।

এছিয়ান পেৰা গেমছৰ যাত্ৰাৰ এক আকৰ্ষণীয় আৰম্ভণিৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰদৰ্শনে তেওঁৰ প্ৰতিভা আৰু সম্ভাৱনাৰ বিষয়ে বহু কথা কয়। শ্ৰী মোদীয়ে ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ

‘তেজলবেন ডামৰৰ বাবে স্মৰণীয় অভিষেক!

মহিলাৰ ২০০ মিটাৰ T12 ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰি তেওঁ এছিয়ান পেৰা গেমছৰ যাত্ৰাৰ এক আকৰ্ষণীয় আৰম্ভণি কৰিছে। এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰদৰ্শনে তেওঁৰ প্ৰতিভা আৰু সম্ভাৱনাৰ বিষয়ে বহু কথা কয়। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালোঃ প্ৰধানমন্ত্ৰী @narendramodi’

 

***

MJPS/SS/VJ/PRK/MK