পি এম ইণ্ডিয়া

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে জী, অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী জী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জী, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সমৱেত হোৱা অভ্যাগতসকল, আছিয়ান ৰাষ্ট্ৰমণ্ডলীৰ পৰা অহা প্ৰতিনিধিসকল, দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা অহা উদ্যোগপতিসকলৰ লগতে ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল। আজিৰ এই সন্মিলনত আপোনালোক সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো, লগতে অসমৰ সমূহ ৰাইজলৈ মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। বিনিয়োগকাৰীৰ গোলকীয় শীৰ্ষ সন্মিলনলৈ মই আপোনালোক আটাইকে আদৰণী জনাইছো। এই সন্মিলনলৈ আহি আপোনালোকে দেখুওৱা আন্তৰিকতাই দৰাচলতে উন্নয়নৰ যাত্ৰাত অসমে লাভ কৰা সাফল্যকে প্ৰতিপন্ন কৰিছে। সেইদৰে প্ৰধানমন্ত্ৰী টগবেৰ উপস্থিতিয়ে ভাৰত আৰু ভূটানৰ মাজত থকা গভীৰ বন্ধুত্বৰ কথাকে আকৌ এবাৰলৈ সোঁৱৰাইছে।
বন্ধুসকল, আমি ইতিমধ্যে ‘এক্ট ইষ্ট’ শীৰ্ষক নীতি গ্ৰহণ কৰিছো। এই নীতিৰ গৰ্ভত আছে আমাৰ দেশৰ উত্তৰ-পূৰ্বাঞ্চল। এই নীতিৰ মূল বিষয়-বস্তু হৈছে ভাৰতৰ পূবত থকা দেশসমূহ, বিশেষকৈ আছিয়ান ৰাষ্ট্ৰমণ্ডলীৰ জন-সাধাৰণৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰাৰ লগতে বেপাৰ-বাণিজ্যকে ধৰি অন্যান্য সম্পৰ্কসমূহ অধিক সুদৃঢ় কৰা। সেই অৰ্থত আজিৰ এই শীৰ্ষ সন্মিলনৰ উপলক্ষ আৰু উদ্দেশ্য আক্ষৰিক অৰ্থতে যথাৰ্থ হৈছে বুলি উল্লেখ কৰিবই লাগিব।
‘এডভাণ্টেজ আছামঃ ইণ্ডিয়াজ এক্সপ্ৰেছ ৱে’ টু আছিয়ান’—এয়া কেৱল এষাৰ বক্তব্যই নহয়, বৰং ই আমি গ্ৰহণ কৰা এক কল্যাণকামী দৃষ্টিভংগীও। অলপতে আমি ভাৰত-আছিয়ান শীৰ্ষ সন্মিলন অনুষ্ঠিতকৰণেৰে আমাৰ বন্ধুত্বৰ সম্পৰ্কৰ ২৫বৰ্ষ পূৰ্তিও উদযাপন কৰিছো। এই সম্পৰ্কৰ আনুষ্ঠানিকতাৰ হয়তো ২৫ বছৰ হ’ব পাৰে, পিছে এই ভূ-খণ্ডৰ সৈতে আমাৰ সম্পৰ্ক বহু সহস্ৰ বছৰৰ পুৰণা। আমাৰ গণৰাজ্য দিৱসত বিশিষ্ট অতিথি হিচাপে ১০খন আছিয়ান দেশৰ মুৰব্বীক আদৰিবলৈ পোৱাটো আমাৰ বাবে নিতান্তই গৌৰৱৰ কথা হৈছে বুলিয়ে আমি অনুভৱ কৰিছো।
এই ৰাষ্ট্ৰমণ্ডলীৰ প্ৰথমখন দেশ হিচাপে বাংলাদেশে অলপতে গুৱাহাটীত তেওঁলোকৰ কনছুলেট কাৰ্যালয় স্থাপন কৰিছে। সেইদৰে কালি মাত্ৰ ভূটানৰ ৰাজকীয় চৰকাৰেও তেওঁলোকৰ কনছুলেট কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰা বুলি জানিব পাৰি মই আনন্দিত হৈছো।
ভাই-ভনীসকল, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ লগতে সামগ্ৰিক ভাবে গোটেই অঞ্চলটোৰ সমতুল বিকাশ নিশ্চিত হ’লেহে ভাৰতে লাভ কৰা বিকাশৰ গতিয়ে অধিক গতিশীলতা লাভ কৰিব পাৰিব। ইম্ফলৰ পৰা গুৱাহাটীলৈ, কলকাটাৰ পৰা পাটনালৈ এই সমগ্ৰ অঞ্চলটোৱেই ভাৰতৰ উন্ন্য়নী যাত্ৰাৰ বাবে নতুন ইঞ্জিনৰ ৰূপত কাৰ্যনিৰ্বাহ কৰিব বুলি মই বিশ্বাস কৰো। আমি এই লক্ষ্য আগত লৈয়ে কাম কৰি গৈছো। বিগত চাৰে তিনিটা বছৰে কেন্দ্ৰীয় চৰকাৰে আৰু যোৱা ডেৰটা বছৰৰ অসম চৰকাৰে সম্পাদন কৰা কাম-কাজে আমাৰ এই আগ্ৰহকে প্ৰতিপন্ন কৰাৰ লগতে ইতিমধ্য ইয়াৰ নিদৰ্শনো ৰাইজে প্ৰত্যক্ষ কৰিব পাৰিছে। আজিৰ এই কাৰ্যক্ৰম যিটো পৰিসৰত অনুষ্ঠিত কৰিব পৰা গৈছে, মাত্ৰ কেইটামান বছৰৰ আগলৈকে এনে কথা আনকি কল্পনাও কৰিব পৰা নগৈছিল। এইখন দেশত কোনো পৰিৱৰ্তনেই সম্ভৱ নহয় বুলি ইমান দিনে পোষণ কৰি অহা মনোভাৱ সলনি কৰাৰ বাবেইহে এয়া সম্ভৱ হৈছে। হতাশাৰ বিপৰীতে আজিৰ জনতাই আশা আৰু সাহসক সাৰোগত কৰাৰ পৰিৱেশ পোৱাৰ বাবেহে এয়া সম্ভৱ হৈছে বুলি ক’ব পাৰি।
বন্ধুসকল, আজিৰ তাৰিখত পথ নিৰ্মাণেই কওক কিম্বা দুটীয়া ৰে’ল পথৰ নিৰ্মাণেই হওক অথবা ৰে’লপথৰ বৈদ্যুতিকীকৰণেই হওক, এই সকলোবোৰৰ নিৰ্মাণৰ হাৰ পূৰ্বৰ হাৰৰ দুগুণ গতিবেগত সম্পন্ন হৈছে। ভাই-ভনীসকল, আমাৰ প্ৰতিখন আঁচনিকে এনেভাৱে ৰূপায়ণত গুৰুত্ব দিয়া হৈছে যাতে, এইসকলোবোৰে দেশৰ প্ৰতিগৰাকী দৰিদ্ৰৰ জীৱনকে ইতিবাচক ভাবে স্পৰ্শ কৰিব পাৰে। প্ৰতিখন আঁচনিয়ে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তীয় পৰিয়ালৰ জীৱনলৈ পৰিৱৰ্তনৰ ধল বোৱাব পাৰে। জনতাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ লগতে সমস্যাসমূহ আঁতৰাই তেওঁলোকৰ জীৱন সহজ আৰু সৰলকৈ অতিবাহিত কৰিব পৰাকৈ আমি আমাৰ আঁচনিসমূহ ৰূপায়িত কৰিব খুজিছো। চৰকাৰে ইতিমধ্যে ‘আয়ুষ্মান ভাৰত’ শীৰ্ষক এখন অভিলাষী আঁচনি ঘোষণা কৰিছে বুলি আপোনালোকে চাগৈ জানিব পাৰিছে। দেশৰ নাগৰিকসকলক জীৱনৰ নিৰাপত্তা প্ৰদান কৰিব পৰা এইখন হৈছে পৃথিৱীৰ ভিতৰতে এনে ধৰণৰ সৰ্ববৃহত্ আঁচনি।
বন্ধুসকল, দাৰিদ্ৰৰে জীৱনৰ পাতনি মেলা, দাৰিদ্ৰকে আঁকোৱালি জীৱন অতিবাহিত কৰা সকলেহে জানে নৰিয়া-পাটীত পৰাটো কিমান ডাঙৰ সংকটৰ কথা। দুখীয়া পৰিয়ালৰ এজন ব্যক্তি নৰিয়াত পৰা মানেই গোটেই পৰিয়ালটোলৈকে সংকট নামি আহে। এনে সময়ত পৰিয়ালটোৱে বিত্তীয় সংকটৰ সন্মুখীন হোৱাটো নিৰ্ঘাত সত্য। এনে ভয়াবহ সংকটৰ পৰা দুখীয়া পৰিয়ালসমূহক মুক্তি দিবলৈকে আমাৰ চৰকাৰে আয়ুষ্মান ভাৰত আঁচনিৰে এই পৰ্যন্ত দেশৰ ১০কোটি পৰিয়ালক সংযুক্ত কৰিছে। এই আঁচনিৰ অধীনত প্ৰতিটো দৰিদ্ৰ পৰিয়ালক চৰকাৰ মনোনীত হাস্পতালত ৫লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা সেৱা আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰা হৈছে। আঁচনিখনৰ জৰিয়তে দেশৰ ৪৫ৰ পৰা ৫০ কোটি পৰিয়াল উপকৃত হ’ব। এই পৰিপ্ৰেক্ষিতত দেশৰ প্ৰতিখন মহানগৰত থকা হাস্পতালৰ সংখ্যা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে। এই পদক্ষেপে যুৱক-যুৱতীসসকলৰ বাবে নিশ্চিত ৰূপতে নিয়োগ সম্ভাৱনীয়তা বৃদ্ধি কৰিব। আনহাতে ইয়াৰ ফলত দেশত মূলধনী বিনিয়োগৰ হাৰো বহু পৰিমাণে বৃদ্ধি পাব। সেয়ে মই অধিক সংখ্যাত চিকিত্সালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰসমূহক নীতি নিৰ্দ্ধাৰণ কৰিবলৈ আহ্বান জনাইছো। আয়ুষ্মান ভাৰত আঁচনিৰ উপৰি আৰু দুখন আঁচনিৰ জৰিয়তেও চৰকাৰে দৰিদ্ৰ ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে।
ইফালে চৰকাৰে ‘প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা’ আৰু ‘জীৱনজ্যোতি যোজনা’ৰ জৰিয়তে দেশৰ ১৮ কোটি দৰিদ্ৰ লোকৰ বাবে সুৰক্ষা কৱচ গঢ়ি তুলিছে। এই পদক্ষেপে তেওঁলোকক বাস্তৱিকতেই চিন্তামুক্ত কৰিব। তদুপৰি, এইখন চৰকাৰে অন্যান্য বহুকেইখন আঁচনিৰ জৰিয়তেও দুখীয়া ৰাইজক সকাহ দানৰ ব্যৱস্থা কৰিছে। ইয়াৰ ভিতৰত ৩০০০খনৰো অধিক ‘জন ঔষধি কেন্দ্ৰ’ৰ জৰিয়তে ৮০০ৰো আধিক বিধ ঔষধ দৰিদ্ৰ ৰাইজে কিনিব পৰা দামত বিক্ৰীৰ ব্যৱস্থা কৰা, ফটা ওঁঠ জোৰা লগোৱাৰ অস্ত্ৰোপচাৰৰ ব্যয় ৮৫শতাংশ পৰ্যন্ত হ্ৰাস কৰা, আঠুৰ ঘিলা প্ৰতিস্থাপন ব্যয় নিয়ন্ত্ৰিত কৰাৰ দৰে পদক্ষেপে মধ্যবিত্তীয় পৰিয়ালবৰ্গক বাৰুকৈয়ে সকাহ দান কৰিব।
বন্ধুসকল, আছিয়ান ৰাষ্ট্ৰমণ্ডলীৰ দৰেই বংলাদেশেই হওক কিম্বা ভূটানেই হওক অথবা নেপালেই হওক আমি আটাইবোৰ দেশেই কৃষিপ্ৰধান দেশ। সেয়ে কৃষকসকলৰ উন্নয়নে আমাৰ দেশসমূহক উন্নতিৰ ন শিখৰলৈ লৈ যাব পাৰে। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমাৰ চৰকাৰে কৃষকসকলৰ বাৰ্ষিক আয় দুগুণলৈ বৃদ্ধি কৰাৰ বাবে কৰ্মসূচী ৰূপায়ণ কৰিছে। এই কথা নিশ্চিত কৰাৰ বাবে আমি খেতি-বাতিৰ বাবে কৰিবলগীয়া ব্যয়ৰ পৰিমাণ হ্ৰাস কৰাৰ লগতে কৃষকসকলে যাতে উত্পাদিত ফচলৰ বাবে উচিত মূল্য লাভ কৰিব পাৰে সেই কথা নিশ্চিত কৰাৰো পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বছৰ কৃষি আৰু গ্ৰামোন্নয়নৰ শিতানত ১৪লাখ কোটিৰো অধিক পুঁজি বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কৃষকসকলক উত্পাদিত ফচলৰ বিনিময়ত উচিত মূল্য প্ৰদান সংক্ৰান্তীয় এক সিদ্ধান্ত কালি মাত্ৰ ঘোষণা কৰা হৈছে। এই অনুসৰি খেতিৰ বাবে হোৱা ব্যয়তকৈ কমেও ৫০শতাংশ, অৰ্থাত কৃষিজাত সামগ্ৰীৰ মূল্য খেতি-বাতিৰ বাবে হোৱা ব্যয়ৰ কমেও ডেৰ গুণ অধিক হাৰত নিৰ্দ্ধাৰণ কৰাটো নিশ্চিত কৰা হৈছে। তদুপৰি কৃষিজাত সামগ্ৰী বেচা-কিনা কৰাৰ বাবে চৰকাৰে দেশৰ ভিন্ন প্ৰান্তত ২২হাজাৰ খন গ্ৰাম্য বজাৰ স্থাপনৰ লগতে এই বজাৰসমূহক ‘ই-নাম’ অৰ্থাত ‘ইলেক্ট্ৰনিক গ্ৰাম্য কৃষি বজাৰ’ বিকশিত কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ভাই-ভনীসকল, কেইসপ্তাহ মানৰ আগতে মাত্ৰ আমি আন এটা অতিকে গুৰুত্বপূৰ্ণ সদ্ধান্ত গ্ৰহণ কৰিছিলো, আৰু মই যিহেতু আজি উত্তৰ-পূৰ্বাঞ্চলত আছো, সেয়ে মই এই সিদ্ধান্তৰ বিষয়ে অলপ বিস্তাৰিতভাবে উল্লেখ কৰিব বিচাৰিছো।
বন্ধুসকল, বৈজ্ঞানিক ভাবে বাঁহ তৃণ শ্ৰেণীৰ অন্তৰ্ভূক্ত। পিছে ৯০বছৰৰ আগতে আমাৰ আইন প্ৰণেতাসকলে ইয়াক আকৌ বৃক্ষ শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰি থৈ গৈছিল। ফলত বাঁহ কটা আৰু ইয়াক এঠাইৰ পৰা আন এঠাইলৈ অনা-নিয়া কৰিবৰ বাবে চৰকাৰী অনুজ্ঞাৰ প্ৰয়োজন হৈছিল। মই ভাবো আমাৰ দেশত যদি এই আইনৰ বাবে আটাইতকৈ অধিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল, সেয়া হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ। স্বাধীনতাৰ পিচত বহুকেইটা বছৰ পাৰ হৈ গ’ল, বহু চৰকাৰ আহিল আৰু গ’ল, পিচে কোনেও এইক্ষেত্ৰত একোৱেই নকৰিলে। আমাৰ চৰকাৰ আহিহে বাঁহক তৃণ শ্ৰেণীৰ অন্তৰ্ভূক্ত বুলি ঘোষণা কৰিলেহি। এতিয়া আমি ‘ৰাষ্ট্ৰীয় বাঁহ অভিযান’ক ১৩০০কোটি টকাৰ পুঁজিৰে পুনৰ গঠিত কৰাৰ প্ৰয়াস কৰা হৈছে। এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ, বিশেষকৈ খেতিয়কসকলক বাৰুকৈয়ে উপকৃত কৰিব।
ভাই-ভনীসকল, কৃষি ঋণ লাভ কৰাটো সহজসাধ্য যদিও কৃষিৰ আনুষংগিক কাম-কাজ, যেনে হাঁহ-কুকুৰা পালন, মীন অথবা মৌ-পালন, পশু-পালন আদিৰ বাবে ঋণ পোৱাটো সহজ নহয়। শেহতীয়াভাবে আমাৰ চৰকাৰে মীন আৰু পশু-পালনৰ বাবে ১০,০০০কোটি টকীয়া পুঁজিৰে বিকাশ আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰিছে। ইফালে ‘কিষণ ঋণ পত্ৰ’ৰ জৰিয়তে সহজে ঋণ পোৱাৰো ব্যৱস্থা কৰিছে চৰকাৰে। সেইদৰে দুখীয়া পৰিয়াল সমূহেও সহজে কিনিব পৰা আবসগৃহ নিৰ্মাণৰ বাবেও চৰকাৰী আঁচনি ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে আবাসৰ নিশ্চিতি প্ৰদানৰ লগতে চৰকাৰে গ্ৰহণ কৰা লক্ষ্য পূৰণৰো প্ৰয়াস কৰা হৈছে।
বিগত তিনিটা বছৰত ‘প্ৰধানমন্ত্ৰী আবাস যোজনা’ৰ অধীনত ১কোটি আবাস গৃহ নিৰ্মাণ কৰি উলিওৱা হৈছে। এইবেলিৰ বাজেটত আমি এইবছৰ ৫১লাখ আৰু পৰৱৰ্তী বছৰতো একে সংখ্যক ঘৰ নিৰ্মাণ কৰাৰ কথা আমি ঘোষণা কৰিছো। মধ্যবিত্তীয় আৰু নিম্ন মধ্যবিত্তীয় পৰিয়ালসমূহৰ সপোন সাৰ্থক কৰাৰ লক্ষ্যৰে চৰকাৰে বহুবোৰ ক্ষেত্ৰত ৰেহাই দানৰ সিদ্ধান্তও গ্ৰহণ কৰিছে। তদুপৰি গৃহ নিৰ্মাণ খণ্ডলৈ স্বচ্ছতা অনাৰ লক্ষ্যৰে ‘ৰিয়েল এষ্টেট ৰেগুলেশ্যন এণ্ড ডেভেলমেণ্ট এক্ট’ চমুকৈ ‘ৰেৰা’ গৃহীত কৰাৰ ফলত মধ্য বিত্তীয় আৰু নিম্ন মধ্য বিত্তীয় পৰিয়ালসমূহৰ বাবে ঘৰ ক্ৰয় কৰাটো সহজ সাধ্য হৈ উঠিছে। শেহতীয়া প্ৰেক্ষাপটত নিম্ন ব্যয় সাপেক্ষ আবাস গৃহৰ নিৰ্মাণ খণ্ডত বিনিয়োগৰ পৰিমাণ লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে আৰু মই বিদেশী বিনিয়োগকাৰীসকলক এই খণ্ডত দুহাত খুলি বিনিয়োগ কৰাৰ বাবে আহ্বান জনাব খুজিছো।
ভাই-ভনীসকল, চৰকাৰী আঁচনিয়ে কেনেকৈ দেশত শক্তি বিপ্লৱৰ সৃষ্টি কৰাৰ লগতে মধ্যবিত্তীয় পৰিয়ালসমূহক সকাহ দিছে তাৰ উত্কৃষ্ট উদাহৰণ হৈছে ‘উজলা যোজনা’-ৰ দৰে আঁচনিসমূহ। আগৰখন চৰকাৰৰ দিনত ৩৫০ টকাত কিনিবলগীয়া হোৱা একোটা ‘এলইডি বাল্ব’ এতিয়া মাত্ৰ ৪০-৪৫ টকাতে কিনিব পৰা হৈছে। এক সমীক্ষা মতে পাঁচোটা ‘এলইডি বাল্ব’ লগোৱা একোটা পৰিয়ালে মাহেকত ৪০০ৰ পৰা ৫০০ টকা পৰিমাণৰ বিজুলীৰ বিল ৰাহি কৰিব পাৰে। এই পৰ্যন্ত উজলা আঁচনিৰ জৰিয়তে সমগ্ৰ দেশতে ২৮কোটি এলইডি বাল্ব বিতৰণ কৰা হৈছে। ইয়াৰ ফলত দেশৰ মধ্যবিত্তীয় পৰিয়ালসমূহে বছৰি প্ৰায় ১৫০০০ কোটি টকা ৰাহি কৰিব পাৰিছে। ইয়াৰ লগে লগে আজিৰ পৰিস্থিতিত আছিয়ান দেশসমূহত এলইডি বাল্বৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু স্বাভাৱিকতেই ই ভাৰতীয় ব্যৱসায়ীসকলৰ বাবে এক সুন্দৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে বুলি ক’ব পাৰি।
বন্ধুসকল, নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাটো এইখন চৰকাৰে কৰ্মসংস্কৃতি হিচাপে গণ্য কৰিছে। অসমৰ ৰাইজে এই কথা বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিছে কিয়নো, অলপতে মই ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰা ধলা-শদিয়া দলংখন যদি আগৰ চৰকাৰৰ দিনত কৰা কামৰ গতিৰে কৰিলোহেতেন তেন্তে দলংখন আজিও অৰ্দ্ধ-নিৰ্মিত হৈয়ে থাকিলহেতেন। আমি সামগ্ৰিক ভাবে চৰকাৰী কাম-কাজৰ প্ৰক্ৰিয়াটোকে সলাই পেলাইছো। আৰু ইয়াৰ সুপৰিণতি হিচাপে এতিয়া আমি কেৱল প্ৰকল্পৰ কাম নিৰ্দ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিব পাৰই নহয়, বৰং কোনো কোনো প্ৰকল্পৰ ক্ষেত্ৰত নিৰ্দ্ধিৰিত সময়তকৈয়ো আগতেই কাম সম্পূৰ্ণ কৰিব পৰা গৈছে। এই কথাৰ সত্যতা প্ৰতিপন্ন কৰিয়েই আমি নিৰ্দ্ধাৰিত সময়তকৈ আগতেই উজলা যোজনাৰ কাম সম্পূৰ্ণ কৰিবলৈ ওলাইছো। এইখন আঁচনিৰ জৰিয়তে আমি দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ মহিলাকে ধোঁৱামুক্ত ৰান্ধনীশাল উপহাৰ দিব বিচৰিছো। ২০১৯ চনৰ ভিতৰত ৫ কোটি মহিলাক ৰন্ধন গেছৰ বিনামূলীয়া সংযোগ দিয়াৰ বাবে আমি লক্ষ্য নিৰ্দ্ধাৰণ কৰিছো। আঁচনিখনৰ জৰিয়তে এই পৰ্যন্ত ৩.৩ কোটি মহিলাক এই সংযোগ দিয়াৰ কাম সম্পূৰ্ণ হৈছে। সামগ্ৰিকভাবে আঁচনিখনৰ জৰিয়তে ৮ কোটি মহিলাক সামৰি লোৱা হ’ব।
বন্ধুসকল, ২০১৪ চনৰ আগৰ দহোটা বছৰত আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ প্ৰতি প্ৰদৰ্শন কৰা আবজ্ঞাৰ কথা সহজে পাহৰিব নোৱাৰি। এইখন দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতীয়েই নিজাববীয়াকৈ কিবা এটা কৰাৰ হাবিয়াস কৰেই। পিছে তেওঁলোকে যেতিয়াই ঋণ বিচাৰি বেংকলৈ যায় তেতিয়াই তেওঁলোকক ‘বেংক গেৰেণ্টী’ বিচৰা হয়। আমি কিন্তু ‘মুদ্ৰা যোজনা’ ৰুপায়ণৰ জৰিয়তে ‘বেংক গেৰেণ্টী’ বিচৰা প্ৰথাটোকে বন্ধ কৰি দিলো। ইয়াৰ ফলত যোৱা তিনিটা বছৰত দেশে ৩ কোটি নতুন উদ্যোগী লাভ কৰিবলৈ সক্ষম হৈছে। এইসকল উদ্যোগীয়ে নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিছে। এইবেলিৰ বাজেটত চৰকাৰে ‘মুদ্ৰা আঁচনি’ৰ অধীনত স্বাৱলম্বী হ’ব খোজা যুৱক-যুৱতীসকলৰ বাবে ৩ লাখ কোটি টকাৰ ঋণ প্ৰদানৰ লক্ষ্য নিৰ্দ্ধৰণ কৰিছে। তদুপৰি চৰকাৰে যুৱ-প্ৰজন্মক স্বাৱলম্বী হোৱাত সহযোগিতা আগবঢ়োৱাৰ বাবে ‘ষ্টেণ্ড আপ ইণ্ডিয়া’, ‘ষ্টাৰ্ট আপ ইণ্ডিয়া’, ‘স্কিল ইণ্ডিয়া মিছন’ আদিৰ দৰে কাৰ্মসূচী ৰুপায়ণৰ ব্যৱস্থা কৰিছে। ইয়াৰ লগে লগে চৰকাৰে ‘শ্ৰমেৱ জয়তে’-ৰ মন্ত্ৰ সাৰোগত কৰি সামগ্ৰিকভাৱে শ্ৰম-ব্যৱস্থাৰ সৰলীকৰণ সম্ভৱ কৰাৰ লক্ষ্যৰে শ্ৰম আইনৰো সংস্কাৰ কৰিছে। ইয়াৰ সুবাদত উদ্যোগীসকলে ইমান দিনে তেওঁলোকৰ কাম-কাজ সুচাৰুৰূপে কৰাৰ বাবে পৰিচালনা কৰিবলগীয়া হোৱা ৫০খনৰো অধিক পঞ্জীয়ন বহীৰ বিপৰীতে এতিয়া ৫খন পঞ্জীয়নতে কাম সমাধা কৰিব পৰা হৈছে। ‘শ্ৰম সুবিধা’ নামৰ পৰ্টেলটোৰ জৰিয়তে অধিকাংশ কামেই অনলাইন ব্যৱস্থাৰে সম্পন্ন কৰিব পৰা ব্যৱস্থাও আমি কৰি দিছো। আজিৰ তাৰিখত দিনটোৰ ভিতৰতে একোটা নতুন উদ্যোগ প্ৰতিষ্ঠানৰ পঞ্জীয়ন প্ৰক্ৰীয়া সম্পূৰ্ণ কৰিব পৰা হৈছে। ইমান দিনে এই একেটা কামৰ বাবে কমেও এটা সপ্তাহৰ প্ৰয়োজন হৈছিল। এই সংস্কাৰে দেশৰ সৰহ সংখ্যক ডেকা-গাভৰুক সহায় কৰাৰ লগতে ক্ষুদ্ৰ উদ্যোগীসকলকো উপকৃত কৰিব।
বন্ধুসকল, ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ চমুকৈ ‘এমএছএমই’ খণ্ডৰ বিকাশত আমি বিশেষ গুৰুত্ব প্ৰদান কৰিছো, কিয়নো এই খণ্ড হৈছে আমাৰ দেশৰ উদ্যোগক্ষেত্ৰৰ মেৰুদণ্ড স্বৰূপ। এই বছৰৰ বাজেটত আমি ‘এমএছএমই’ খণ্ডক সকাহ দিয়াৰ লক্ষ্যৰে ২৫০ কোটি টকা পৰ্যন্ত আয়ৰ তথ্য দাঙি ধৰা উদ্যোগ প্ৰতিষ্ঠানসমূহক ২৫ শতাংশ আয়কৰ ৰেহাইৰ সুবিধা প্ৰদান কৰিছো। এই ব্যৱস্থাই ৯৯ শতাংশ প্ৰতিষ্ঠানকে উপকৃত কৰিব। ইফালে ‘জিএছটি’ৰ জৰিয়তে ব্যৱসায়িক আনুষ্ঠানিকতা লাভ কৰাৰ ফলত ‘এমএছএমই’-সমূহে বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা ঋণ লাভ কৰাৰ ক্ষেত্ৰত অধিক সুযোগ লাভ কৰিব। শেহতীয়াভাবে চৰকাৰে সকলো খণ্ডৰ নতুন কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ বাবদ ১২ শতাংশ ধন আদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইদৰে আয় কৰ আইনৰ অধীনত নতুন কৰ্মচাৰীক প্ৰদান কৰা মজুৰীৰ ৩০ শতাংশ পৰ্যন্ত অতিৰিক্ত ৰেহাই দানৰো প্ৰস্তাৱ এইবাৰৰ বাজেটত গ্ৰহণ কৰা হৈছে। আনহাতে দুৰ্নীতি নিবাৰণ, দক্ষতা বৰ্দ্ধনৰ লগতে স্বচ্ছতা অনাৰ বাবে আমি দেশত ‘ই-এছেছমেণ্ট’ ব্যৱস্থাও আৰম্ভ কৰিছো। তদুপৰি মহিলা কৰ্মচাৰীৰ ‘ইপিএফ’ৰ ক্ষেত্ৰত বৰ্তমানে থকা ১২ শতাংশৰ লগতে অতিৰিক্ত ভাবে আৰু ৮শতাংশ ধন চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱাৰো ব্যৱস্থা কৰা হৈছে। বেতনসহ প্ৰসৱোত্তৰ ছুটীৰ ম্যাদ ১২ সপ্তাহৰ পৰিৱৰ্তে ২৬ সপ্তাহলৈ বৃদ্ধি কৰাৰ লগতে চৰকাৰী খণ্ডৰ মহিলা কৰ্মচাৰীলৈ বিশেষ উপহাৰৰ সঁফুৰা প্ৰদানৰো দিহা কৰা হৈছে। এইবোৰ পদক্ষেপে স্বাভাৱিকভাবেই ‘মে’ক ইন ইণ্ডিয়া’ কাৰ্যক্ৰমকো বিশেষভাৱে সহযোগিতা আগবঢ়াব।
বন্ধুসকল, চৰকাৰৰ এই আঁচনিসমূহে দেশৰ দৰিদ্ৰ ৰাইজৰ সৱলীকৰণত সহায় কৰিব। পিছে ইমান দিনে ক’লা-ধনে আমাৰ আটাইতকৈ বেছি ক্ষতি কৰি আহিছিল। এই কথা উপলব্ধি কৰিয়ে আমাৰ চৰকাৰে ক’লা-ধন আৰু দুৰ্নীতি নিৰ্মূলৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ পণ লৈছে।
বন্ধুসকল, মই এইখন মঞ্চৰ পৰা আমাৰ দেশৰ ব্যৱসায়ীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব খুজিছো, কিয়নো তেওঁলোকে দেশৰ অৰ্থনৈতিক প্ৰক্ৰীয়াটোক আক্ষৰিক অৰ্থতে একত্ৰিত কৰা ‘জিএছটি’-ক আদৰি লোৱাৰ লগতে ইয়াক তেওঁলোকৰ ব্যৱসায়ীক সংস্কৃতিৰ অংগ কৰি লৈছে। আমাৰ চৰকাৰে দেশৰ অৰ্থনাতিলৈ স্বচ্ছতা অনাৰ লক্ষ্যৰে ‘ইনছলভেন্সী’ আৰু ‘বেংকাৰ্পচী কোড’ৰ ৰূপত আন এটা দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বিধি-ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ ‘কোড’ৰ প্ৰয়োজনীয়তা আমাৰ দেশত বহুদিনৰ পৰাই অনুভৱ কৰি অহা হৈছিল যদিও এই ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা হোৱা নাছিল। এইখন চৰকাৰেহে এই সমস্যাৰ সমাধান কৰিলে।
বন্ধুসকল, যোৱা তিনিটা বছৰত কেন্দ্ৰীয় চৰকাৰে ন-দিগন্ত সূচনাকাৰী বহুসংখ্যক অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছে। এই সমূহ সংস্কাৰমূলক পদক্ষেপৰ সুবাদতে আজি ভাৰতে বিশ্ব বেংকে ১৯০ খন দেশক লৈ যুগুতোৱা প্ৰতিবেদনৰ ‘ইজ অব ডুয়িং বিজনেছ’- শিতানত, পূৰ্বৰ তুলনাত একেকোবে ৪২টা স্থান আগুৱাই আহি ১০০ সংখ্যক স্থানত উপনীত হ’বলৈ সক্ষম হৈছে। কেৱল এয়াই নহয় ভাৰতে আজি ‘ৱৰ্ল্ড ইকনমিক ফোৰাম’ৰ ‘গ্লোবেল কম্পিটিটিভনেছ ইণ্ডেক্স’ আৰু ‘মুডী’-য়ে ২০১৭ চনত প্ৰকাশ কৰা প্ৰতিবেদনত বিশেষ সাফল্য অৰ্জন কৰাৰ দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। আমি গ্ৰহণ কৰা নীতিৰ সুবাদত আজি দেশত মুদ্ৰাস্ফীতিৰ হাৰ ৫ শতাংশৰ তলত স্থিৰে আছে। দেশত জমা থকা বৈদেশিক মুদ্ৰাৰ পৰিমাণ আজিৰ তাৰিখত ৪১৮ বিলিয়ন মাৰ্কিন ডলাৰ। যান-বাহণৰ নিৰ্মাণ, বস্ত্ৰ শিল্প, পৰ্যটন, বন্দৰ, পথ আৰু ঘাইপথ নিৰ্মাণৰ দৰে বহুবোৰ ক্ষেত্ৰক স্বয়ং চালিত পদ্ধতিৰে সঞ্চালিত হ’ব লগা ১০০শতাংশ বৈদেশিক বিনিয়োগৰ বাবে মুকলি কৰি দিয়া হৈছে। ২০১৬-১৭ বিত্তীয় বৰ্ষত ভাৰতে এই পৰ্যন্ত সৰ্বাধিক ৬০বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ বৈদেশিক বিনিয়োগ লাভ কৰিছিল। এনে প্ৰেক্ষাপটতে আজি সমগ্ৰ পৃথিৱীয়ে ভাৰতক এক উদীয়মান অৰ্থনৈতিক শক্তি হিচাপে গণ্য কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। ‘ইজ অব ডুয়িং বিজনেছ’ৰ ক্ষেত্ৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অসমক এক নম্বৰ স্থানত থকা দেখি মই সঁচাকৈ আনন্দিত হৈছো। বৰ্তমান চৰকাৰৰ নেতৃত্বতে অসমে অদূৰ ভৱিষ্যতে উদ্যোগ স্থাপনৰ বাবে সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ অধিক পচন্দৰ স্থান হিচাপে পৰিগণিত হ’ব পাৰিব বুলি মই আশা প্ৰকাশ কৰিছো।
বন্ধুসকল, অতি সম্প্ৰতি আমি আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰসংগক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব খুজিছো। এই উদ্দেশ্য আগত ৰাখিয়ে অহাটো বছৰত ৬ লাখ কোটি টকা বিনিয়োগৰ পৰিকল্পনা যুগুতোৱা হৈছে। চলিত বৰ্ষত আমি ৯০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। সেইদৰে ‘ভাৰতমালা প্ৰকল্প’ৰ অধীনত ৫.৩৫ লাখ কোটি টকাৰ পুঁজিৰ বিনিয়োগেৰে আমি ৩৫০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ উন্নয়নৰো পৰিকল্পনা গ্ৰহণ কৰিছো। ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰে’ল বিভাগে ১.৪৮ লাখ কোটি টকা পৰিমাণৰ পুঁজি বিনিয়োগ কৰিব। আগন্তুক বছৰকেইটাত আমি দেশৰ ৬০০টা অতিকে গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেশ্যনৰ বিকাশ সাধনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছো। এই বিশাল পৰিমাণৰ বিনিয়োগে আগন্তুক বছৰকেইটাত দেশৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে লক্ষাধিক নিয়োগ সম্ভাৱনীয়তাৰো সৃষ্টি কৰিব।
বন্ধুসকল, মই আজি আৰু কিছু কথা উনুকিয়াব খুজিছো। এইখন ৰাজ্যৰ সুযোগ্য সন্তান ভূপেন হাজৰিকাই তেওঁৰ ১৩ বছৰ বয়সতে এটি কবিতা লিখিছিল। সেই সময়ত ব্ৰিটিছৰ শাসন চলিছিল আৰু এই সমগ্ৰ অঞ্চলটোৱেই তেতিয়া দাসত্বৰ শৃংখলৰে বন্ধা আছিল। সেই সময়ত ভূপেন হাজৰিকাই লিখিছিল—
অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম
সৰ্বহাৰাৰ সৰ্বস্ব
পুনৰ ফিৰাই আনিম
নতুন অসম গঢ়িম
নতুন অসম গঢ়িম
ইয়াৰ অৰ্থ হ’ল—
জুয়ে পোৰা এইটো যুগত মই এটা ফিৰিঙতি দৰে,
মই এখন নতুন অসম গঢ়িম।
যিসকল উত্পীড়িত, শোষিত, লাঞ্ছিত-বঞ্চিত, মই তেওঁলোকে হেৰুওৱা সকলোবোৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰিম। মই এখন নতুন অসম গঢ়িম।
দেশৰ ভিন্ন প্ৰান্তৰ কোটি কোটি স্বতন্ত্ৰতা সেনানীৰ সপোন সাৰ্থক কৰাটো আমাৰ প্ৰত্যেকৰে পবিত্ৰ কৰ্তব্য আৰু দায়িত্ব। আমাৰ এই দায়িত্ব পালন কৰিবলৈকে আমি ২০২২ চনৰ ভিতৰত এখন নতুন ভাৰত নিৰ্মাণৰ সপোন সাকাৰ কৰাৰ পণ লৈছো। তাকে কৰিবলৈ যাওতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি বিশেষ নজৰ ৰাখি কামত আগবাঢ়িব খোজা হৈছে।
মই ভাবো উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য, দৰাচলতে অষ্ট লক্ষ্মী(সৌন্দৰ্য আৰু সমৃদ্ধিৰ আঠগৰাকী গোসাঁনী) দেশৰ উন্নতি আৰু প্ৰগতিৰ নতুন চালিকা শক্তি হিচাপে পৰিগণিত হ’ব। সেয়ে আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত পৰিবহণ-যোগাযোগ খণ্ডৰ বিকাশৰে ৰূপান্তৰ সাধনত গুৰুত্ব প্ৰদান কৰিছে। আন্তঃগাঁথনি নিৰ্মাণ খণ্ডত বিনিয়োগৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ প্ৰেক্ষপটেই সলনি কৰিব পৰা যাব। শেহতীয়া তিনিটা বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল-যোগাযোগ ব্যৱস্থাৰ উন্নয়ন শিতানত গড়ে ৩,৫০০ কোটি টকা ব্যয় কৰা হৈছে। অঞ্চলটোত ৪৭,০০০ কোটি টকাৰ প্ৰাককলনৰে ১৫টা নতুন ৰে’লপথ নিৰ্মাণৰ কাম অব্যহত আছে। অহা কেইটামান দিনৰ ভিতৰতে আগৰতালা-আখৌৰাৰ মাজৰ ৰে’লপথচোৱাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। ইয়াৰ লগে লগে ত্ৰিপুৰা-বাংলাদেশৰ মাজত ৰে’ল-যোগাযোগ ব্যৱস্থাৰ শুভাৰম্ভ হ’ব আৰু ইয়ে স্বাভাৱিকতেই সামগ্ৰিকভাবে উত্তৰ-পূৰ্বাঞ্চলক উপকৃত কৰিব। ইফালে ৩৩ হাজাৰ কোটি টকাৰ পুঁজি আৱণ্টনেৰে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ৪ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামলৈও অনুমোদন জনাইছে। ইয়াৰ উপৰি আগন্তুক ২-৩ বছৰত উত্তৰ-পূৰ্বাঞ্চলত ঘাইপথ নিৰ্মাণ আৰু অন্যান্য পথ নিৰ্মাণৰ বাবে চৰাৰে ৯০,০০০ কোটি টকা ব্যয় কৰিব।
ভাই-ভনীসকল, অটল জীৰ সময়ত আৰম্ভ কৰা আৰু পৰিকল্পনা অনুসৰি ২০২২ চনত সম্পূৰ্ণ হ’বলগীয়া ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’-ৰ সময়সীমা আমি আগুৱাই আনি এতিয়া ইয়াৰ কাম ২০১৯ চনৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেৱল সেয়াই নহয়, ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ই এতিয়া কেৱল দেশৰ গাঁওসমূহকে সংযোজিত নকৰিব বৰং গাঁওসমূহত থকা স্কুল, হাস্পতালসমূহকো সংযোজিত কৰিব।
সেইদৰে শক্তিখণ্ডক শক্তি প্ৰদানৰ লক্ষ্যৰে ইতিমধ্যে ১০,০০০ কোটি টকাৰো অধিক পুঁজিৰে আঁচনি ৰূপায়ণৰ কাম আৰম্ভ কৰা হৈছে। অঞ্চলটোৰ ৰাজ্যকেইখনৰ মাজত সংপ্ৰেৰণ আৰু বিতৰণ ব্যৱস্থাৰ আন্তঃসংযোগ স্থাপনৰ কামো আগব়াঢ়াই থকা হৈছে। গুৱাহাটীত এটা আন্তঃৰাষ্ট্ৰীয় মানৰ বিমান-বনদৰৰ কাম অচিৰেই আৰম্ভ কৰা হ’ব আৰু ইয়ে সামগ্ৰিক ভাবে অঞ্চলটোৰ আৰু বিশেষকৈ অসম আৰু আছিয়ান দেশসমূহৰ মাজৰ যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিব। ‘উড়ান আঁচনি’ৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ বিকাশ সাধনত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। অঞ্চলটোৰ ১৯ টা বিমান কোঠ আৰু হেলিপেড সংযোজিত কৰাৰ বাবে ইতিমধ্যে কাম চলি আছে। ইয়াৰে পাঁচোটাই অসমৰ আৰু ইহঁতে দেশৰ অন্য কেইবাখনো মহানগৰীক সংযোজিত কৰিব।
পৃথিৱীৰ ১৬০ খন দেশৰ নাগৰিকলৈ ই-ভিছা দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তয়ো অঞ্চলটোৰ পৰ্যটন উদ্যোগক বিশেষ ভাবে উপকৃত কৰিব।
বন্ধুসকল, ১,১০০কোটি টকাৰ বিনিয়োগৰে গুৱাহাটীত এখন অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ কাম আৰম্ভ কৰাৰ বাবে চৰকাৰে ইতিমধ্যে অনুমোদন জনাইছে। সেইদৰে ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰে উত্তৰ-পূৰ্বাঞ্চলক সংযোজিত কৰাৰ বাবেও চৰকাৰে কাম কৰি আছে। ৩,০০০ কোটি টকাৰে গুৱাহাটী পৰ্যন্ত এটা গেছ পাইপ লাইন স্থাপন কৰাৰ বাবে ‘গেইল’ৰ এক প্ৰকল্পলৈ ইতিমধ্যে অনুমোদন জনোৱা হৈছে।
অলপতে কেন্দ্ৰীয় চৰকাৰে ‘উত্তৰ-পূৱ বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি’ শীৰ্ষক প্ৰকল্পটোলৈ অনুমোদন জনাইছে। এইখন আঁচনিৰ অধীনত ৰূপায়িত হ’ব লগা কাম-কাজৰ বাবে কেন্দ্ৰীয় চৰকাৰে শ শতাংশ পুঁজিৰ আৱণ্টন দিব। এই বিনিয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশক এক নতুন মাত্ৰা প্ৰদান কৰিব।
মই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ইমান কম দিনৰ ভিতৰতে ৰাজ্যখনত এক বাণিজ্য অনুকূল, উন্নয়ন অনুকূল বাতাবৰণ ৰচনা কৰিব পৰাৰ বাবে বিশেষ ভাবে অভিনন্দন জ্ঞাপন কৰিছো। অসম চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। অসমত নতুন উদ্যোগ স্থাপনৰ লগতে পৰ্যটন বিকাশৰে জড়িত হ’ব খোজাসকললৈ কৰ ৰেহাইৰ সুবিধা প্ৰদানৰো ব্যৱস্থা কৰিছে চৰকাৰখনে। সেইদৰে নতুন ‘আই-টি’ নীতি, নতুন ‘ষ্টাৰ্ট আপ’ নীতি, নতুন ক্ৰীড়া নীতি, নতুন সৌৰ শক্তি নীতি আদি ৰূপায়নতো ৰাজ্য চৰকাৰখনে মনোনিৱেশ কৰিছে। গুৱাহাটীক আছিয়ান দেশসমূহৰ বাণিজ্যিক কেন্দ্ৰৰ ৰূপত গঢ়ি তোলাৰ বাবে বিকশিত কৰাৰ কামত ব্ৰতী হোৱাৰ বাবে মই ৰাজ্য চৰকাৰখনক অভিনন্দন জ্ঞাপন কৰিছো। গুৱাহাটীক স্মাৰ্ট চিটী হিচাপেও বিকশিত কৰা হব।
অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে ইমান এটা বৃহত্ আৰু গুৰুত্বপূৰ্ণ সমাৰোহ অনুষ্ঠিত কৰাৰ বাবে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছো। অভ্যাগতসকলক ধন্যবাদ জনাইছো। এই সমাৰোহ নিশ্চয় সফলকাম হ’ব। সকলোলৈকে শুভকামনা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।
আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ।
*****
KB
Bottom of Form
We created the Act East Policy and the Northeast is at the heart of it. The Act East Policy requires increased people to people contact, trade ties and other relations with countries on India’s east, particularly ASEAN countries: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
The tagline of this Summit is very appropriate and gives a big Message. ‘Advantage Assam: India’s Express way to ASEAN’ is not just a Statement but it is a comprehensive Vision: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
भारत की ग्रोथ स्टोरी में और गति तभी आएगी जब देश के पूर्वोत्तर में रहने वाले लोगों का, इस पूरे क्षेत्र का संतुलित विकास भी तेज गति से हो: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
पिछले साढ़े तीन वर्ष में केंद्र सरकार की तरफ से और पिछले डेढ़ वर्ष में, असम सरकार की तरफ से किए गए प्रयासों का परिणाम दिखाई देने लगा है। आज जितने व्यापक पैमाने पर ये आयोजन हो रहा है, वो कुछ वर्ष पहले तक कोई सोच भी नहीं सकता था: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
“देश में कुछ बदल नहीं सकता” कि सोच बदल गई है। लोगों में हताशा की जगह अब हौसला और आशा है: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
आज अगर देश में दोगुनी रफ्तार से सड़कें बन रही हैं, दोगुनी रफ्तार से रेल लाइन का दोहरीकरण हो रहा है, लगभग दोगुनी रफ्तार से रेल लाइन का बिजलीकरण हो रहा है: PM @narendramodi https://t.co/FrXpmvhBEB
— PMO India (@PMOIndia) February 3, 2018
सरकार ने बजट में ‘आयुष्मान भारत योजना’ का एलान किया है। अपनी तरह की दुनिया की ये सबसे बड़ी योजना है। साथियों, जो गरीबी में पला-बढ़ा है, जो गरीबी के कष्ट सहते हुए आगे बढ़ा है, उसे इस बात का हमेशा एहसास होता है कि गरीब के लिए सबसे बड़ी चिंता होती है - बीमारी का इलाज: PM
— PMO India (@PMOIndia) February 3, 2018
इस योजना के तहत, हर गरीब परिवार को चिह्नित अस्पतालों में साल में 5 लाख रुपए तक मुफ्त इलाज की सुविधा दी जाएगी। इस योजना से करीब-करीब देश के 45 से 50 करोड़ लोगों को फायदा होगा: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
आसियान देश हों, बांग्लादेश-भूटान-नेपाल हों, हम सभी एक तरह से कृषि प्रधान देश हैं। किसानों की उन्नति, इस पूरे क्षेत्र के विकास को नई ऊँचाई पर पहुंचा सकती है। इसलिए हमारी सरकार देश के किसानों की आय को दोगुना करने के लक्ष्य पर काम कर रही है: PM @narendramodi at @AdvantageAssam
— PMO India (@PMOIndia) February 3, 2018
कुछ हफ्तों पहले हमने एक और महत्वपूर्ण फैसला लिया है और आज मैं उत्तर-पूर्व में हूँ तो इस फैसले का जरूर जिक्र करना चाहता हूँ। साथियों, वैज्ञानिक तौर पर बांस, घास की श्रेणी में आता है। लेकिन करीब 90 साल पहले हमारे यहां कानून बनाने वालों ने इसे पेड़ का दर्जा दिया था: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
इसका नतीजा ये हुआ कि बांस चाहे कहीं भी उगे, उसे काटने के लिए, उसे ट्रांसपोर्ट करने के लिए, परमिट की जरूरत पड़ती थी, मंजूरी चाहिए होती थी। मुझे लगता है, पूरे देश में अगर किसी क्षेत्र के लोगों को सब से ज्यादा नुकसान इस कानून से हुआ तो उत्तर-पूर्व के लोगों का ही नुकसान हुआ: PM
— PMO India (@PMOIndia) February 3, 2018
अब हम लगभग 1300 करोड़ की लागत राशि से ‘National Bamboo mission’ को रीस्ट्रक्चर कर रहे हैं। उत्तर-पूर्व के लोगों को, खासकर यहां के किसानों को बजट के द्वारा एक और फायदा मिलने जा रहा है: PM @narendramodi pic.twitter.com/p9dIaW3HW5
— PMO India (@PMOIndia) February 3, 2018
सरकार ने affordable Housing के क्षेत्र में भी ऐसे-ऐसे नीतिगत निर्णय लिए हैं, सुधार किए हैं, जो देश के हर गरीब को घर देने के सरकार के लक्ष्य को पूरा करने में मदद करेंगे: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
प्रधानमंत्री आवास योजना के तहत पिछले तीन वर्ष में इस सरकार में लगभग एक करोड़ घर बनाए गए हैं। हमने अभी बजट में ऐलान किया है कि इस वर्ष के साथ-साथ अगले वर्ष भी 51 लाख नए घर बनाए जाएंगे: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
इस वर्ष के बजट में सरकार ने मुद्रा योजना के द्वारा लोगों को स्वरोजगार के लिए 3 लाख करोड़ रुपए कर्ज देने का लक्ष्य रखा है। इसके अलावा स्टैंड अप इंडिया, स्टार्ट अप इंडिया, स्किल इंडिया मिशन के माध्यम से भी युवाओं को सशक्त करने का काम ये सरकार कर रही है: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
Development of MSME sector is a priority for us.
— PMO India (@PMOIndia) February 3, 2018
In this year’s budget we are giving a big relief to MSMEs by reducing rate of income tax to 25% on companies reporting a turnover of up to Rs. 250 crore. This will benefit almost 99% of companies: PM @narendramodi
The formalisation of businesses of MSMEs due to introduction of GST, will help MSMEs to access credit from financial sector. Now, Government will contribute 12% to EPF for new employees in all sectors for three years: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
सरकार की ऐसी योजनाएं गरीबों को सशक्त कर रही हैं। लेकिन उन्हें सबसे ज्यादा नुकसान अगर किसी चीज से होता है, तो वो है भ्रष्टाचार, कालाधन: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
The Union Government has taken up many path breaking economic reforms in last three years, which have simplified procedures for doing business: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018
Assam is ranked first among the North Eastern States in the Ease of Doing Business report.
— PMO India (@PMOIndia) February 3, 2018
With the present leadership of the State Government, Assam is going to further improve its current position to emerge as one of the most sought after states for investment: PM pic.twitter.com/sDyowcamDd
I congratulate CM @sarbanandsonwal for creating a business friendly and development friendly environment in Assam: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2018