পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰিব।
এই দুদিনীয়া অনুষ্ঠানটো অসম চৰকাৰৰ উদ্যোগত বিনিয়োগৰ সুবিধাৰ প্ৰচাৰৰ বাবে অনুষ্ঠিত হোৱা আটাইতকৈ ডাঙৰ অনুষ্ঠান। এই সন্মিলনে অসমৰ ভৌগোলিক অৱস্থিতিয়ে বিনিয়োগকাৰীসকললৈ আনি দিব পৰা সুবিধাসমূহৰ বিষয়ে আলোকপাত কৰাত সহায় কৰিব। এই অনুষ্ঠানে নিয়োগক্ষেত্ৰত থকা অসমৰ সম্ভাৱনীয়তা তথা দক্ষিণ আৰু দক্ষিণ-পূৱ এচিয়াৰ ক্ৰমৱৰ্দ্ধামান অৰ্থনীতিত অসমত নিৰ্মিত সামগ্ৰী তথা সেৱা ব্যৱস্থাৰ ৰপ্তানিয়ে আনিব পৰা সুবিধাসমূহৰ বিষয়েও সকলোকে অৱগত কৰাব।
এই অনুষ্ঠানে ৰাজ্যখনত থকা শক্তি, কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ, তথ্য-প্ৰযুক্তি, তথ্য-প্ৰযুক্তি ক্ষেত্ৰৰ সেৱা, নদী পৰিৱহণ, বন্দৰ নগৰ সৃষ্টি, প্লাষ্টিক আৰু পেট্ৰ’কেমিকেল, ফাৰ্মাচিটিকেল আৰু চিকিৎসা সামগ্ৰী, হস্ততাঁত আৰু বস্ত্ৰশিল্প, কূটীৰ শিল্প, পৰ্যটন, অসামৰিক বিমান, খনিজ আৰু প্ৰকৃতিক গেছ আদি ক্ষেত্ৰত বিনিয়োগৰ সুবিধাৰ বিষয়ে আলোকপাত কৰাত সহায় কৰিব।
*****
AKT/SH/PRK
Looking forward to joining the @AdvantageAssam Summit in Guwahati tomorrow. I congratulate the Assam Government for organising this Summit, which will showcase Assam's investment potential, particularly in manufacturing and services to economies in South and South East Asia.
— Narendra Modi (@narendramodi) February 2, 2018
The @AdvantageAssam Summit will focus on vital sectors including power, agriculture and food processing, IT, transportation, petrochemicals, pharmaceuticals, textiles & handicrafts and tourism. Such a summit will contribute towards fulfilling the aspirations of Assam's youth.
— Narendra Modi (@narendramodi) February 2, 2018