Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এণ্টাৰ্কটিকাৰ মাউণ্ট ভিনছন অভিযানৰ পূৰ্বে অৰুণিমা সিনহাক ত্ৰিৰংগা হস্তান্তৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এণ্টাৰ্কটিকাৰ মাউণ্ট ভিনছন অভিযানৰ শুভাৰম্ভণি উপলক্ষে অৰুণিমা সিনহাৰ হাতত ত্ৰিৰংগা তুলি দিয়ে৷

মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী মহিলা দিব্যাংগ শ্ৰীমতী অৰুণিমা সিনহাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ পৰৱৰ্তী এণ্টাৰ্কটিকা অভিযানৰ সন্দৰ্ভত তেওঁক অৱগত কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অসাধাৰণ সাফল্যৰ ভূয়সী প্ৰশংসা কৰে আৰু পৰৱৰ্তী অভিযানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷

অৰুণিমা সিনহাই প্ৰথম মহিলা দিব্যাংগ হিচাপে ইতিপূৰ্বে পাঁচ মহাদেশৰ সৰ্বোচ্ছ শৃংগ আৰোহণকাৰীৰ কৃতিত্ব অৰ্জন কৰিছে৷

***

AKT/VJ/SK/DB