পি এম ইণ্ডিয়া
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী, নাইজেৰিয়াৰ স্বাস্থ্য মন্ত্ৰী, ইণ্ডোনেছীয়াৰ স্বাস্থ্য মন্ত্ৰী, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানকে ধৰি এই মঞ্চত উপৱিষ্ট গণ্য-মান্য ব্যক্তিসকল, পৃথিৱীৰ ভিন্ন প্ৰন্তৰৰ পৰা অহা অতিথিসকল আৰু মোৰ প্ৰিয় ৰাইজ, আপোনালোক সকলো ভাৰতলৈ আহিছে ‘এ’ণ্ড টিবি’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ। মই আপোনালোক আটাইকে আন্তৰিকতাৰে আদৰণি জনাইছো।
বন্ধুসকল, প্ৰায় ২৫ বছৰৰ আগতেই বিশ্ব স্বাস্থ্য সংস্থাই ‘টিউবাৰকল’ছিছ’(টিবি) অৰ্থাত, যক্ষ্মা ৰোগক আপাদ-কালীন ৰোগ বুলি ঘোষণা কৰিছিল। তেতিয়াৰে পৰা পৃথিৱীৰ বিভিন্ন দেশত এইবিধ ৰোগ নিবাৰণৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। এৰা, যক্ষ্মা ৰোগৰ পৰিসমাপ্তি ঘোষণা কৰাৰ বাবে আমি বহুখিনি প্ৰয়াস, বহুখিনি উদ্যোগ গ্ৰহণ কৰিছো যদিও বাস্তৱ ক্ষেত্ৰত আমি কিন্তু যক্ষ্মা মহা ব্যাধিক নিপাত কৰাৰ ৰণত এতিয়াও সফলতা লাভ কৰিব পৰা নাই।
বন্ধুসকল, যদি কোনো এটা কাম দহ-বাৰ বছৰে কৰাৰ পিচতো বিশেষ সফলতা লাভ কৰিব পৰা নাযায়, তেতিয়া কামটো কৰাৰ পদ্ধতি পৰিৱৰ্তন কৰা উচিত বুলি মই বিশ্বাস কৰো। এনে পৰিস্থিতিত কামটো কৰোতে আমি ব্যৱহাৰ কৰা পদ্ধতি আৰু ৰূপায়ণৰ বাবে যুগুতোৱা পৰিকল্পনা বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। আৰু আমি যেতিয়া আগৰ পদ্ধতি গুৰুত্ব সহকাৰে বিশ্লেষণ কৰিবলৈ লও, তেতিয়াই নতুন পথৰ দুৱাৰ মুকলি হয়।
এই উপলব্ধিকে সাৰোগত কৰি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ‘বিশ্ব স্বাস্থ্য সংস্থা’, ‘দক্ষিণ–পূব এছীয় অঞ্চল আৰু যক্ষ্মা সমাপ্তিকৰণ সহযোগিতা মঞ্চ’ৰ সহযোগত এছীয়া, আফ্ৰিকা আৰু পৃথিৱীৰ বহু দেশৰ প্ৰতিনিধিবৰ্গক আজি এই সমাৰোহত একত্ৰীত কৰাৰ বাবে মই নথৈ আনন্দিত হৈছো। এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত অনুষ্ঠিত কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। এইখন বৈঠকৰ বাবে চলোৱা আজিৰ এই প্ৰস্তুতি সমগ্ৰ মানৱ জাতিৰ বাবেই অতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব। মই ভাবো পৃথিৱীৰ পৰা যক্ষ্মাৰোগক সমূলে নিপাত কৰাৰ ক্ষেত্ৰত ‘ডেল্হী এ’ণ্ড টিবি’ শীৰ্ষ সন্মিলন এক মাইলৰ খুটি হিচাপে প্ৰতিপন্ন হ’ব।
বন্ধুসকল, এই দিশত ভাৰতে গ্ৰহণ কৰা আন এক পদক্ষেপে শেহতীয়া ভাবে এটা বছৰ সম্পূৰ্ণ কৰিলে। যোৱা বছৰ ‘বিশ্ব স্বাস্থ্য সংস্থা’ত ‘ডেল্হী কল ফৰ একশ্যন টু এ’ণ্ড টিবি ইন দা হু ছাউথ ইষ্ট এছীয়া ৰিজিঅ’ন বাই ২০৩০’ শীৰ্ষক প্ৰস্তাৱটো সহমতৰ আধাৰত গ্ৰহণ কৰা হৈছিল। দক্ষিণ পূৱ এছীয় অঞ্চলৰ পৰা যক্ষ্মা ৰোগ নিবাৰণৰ দিশত এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিচত আৰম্ভ হোৱা পদ্ধতিগত উদ্যোগে বিশেষ সহাঁৰি লাভ কৰা পৰিলক্ষিত হৈছে। যিটো হাৰত যক্ষ্মাৰোগে জন-জীৱনক ক্ষতিগ্ৰস্ত কৰে, সমাজৰ স্বাস্থ্য বিঘ্নিত কৰে, দেশৰ অৰ্থনীতি আৰু দেশৰ ভৱিষ্যতক নেতিবাচক ভাবে প্ৰভাৱিত কৰে, এনে প্ৰেক্ষাপটত এইবিধ ব্যাধিক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে পৰাভূত কৰাটো অনিবাৰ্য হৈ উঠিছে। ভাৰতত আন সকলো সংক্ৰামক ৰোগতকৈ যক্ষ্মাৰোগৰ প্ৰভাৱ সকলোতকৈ বেছি আৰু ইয়াৰ বাবে আটাইতকৈ অধিক ভাবে ক্ষতিগ্ৰস্ত হোৱা শ্ৰণীটোৱেই হৈছে সমাজৰ দৰিদ্ৰলোকসকলৰ শ্ৰেণীটো। সেয়ে যক্ষ্মা নিৰ্মূলৰ দিশত গ্ৰহণ কৰা সকলো উদ্যোগেই প্ৰতক্ষভাবে দুখীয়া লোকসকলৰ জীৱনৰ সৈতে জড়িত হৈ পৰে।
বন্ধুসকল, যক্ষ্মাৰোগ নিৰ্মূল কৰাৰ বাবে পৃথিৱীয়ে ২০৩০ চনক অন্তিম সময় সীমা হিচাপে নিৰ্দ্ধাৰণ কৰিছে। পিছে, মই আজি এইখন মঞ্চ পৰা ঘোষণা কৰিব খুজিছো ষে ভাৰতে ২০৩০ চনৰ পৰিৱৰ্তে ২০২৫ চনকহে ইয়াৰ বাবে অন্তিম সময় সীমা কৰিব বিচাৰিছে। ভাৰতৰ পৰা যক্ষ্মা মহাব্যধিক নিপাত কৰাৰ বাবে আমাৰ চৰকাৰে এক নতুন দৃষ্টিভংগী আৰু নতুন ৰণকৌশল যুগুতাই লৈ এই অভিযানৰ বাবে আগবাঢ়িব খুজিছে। আপোনালোকে ইয়াৰ কিয়দংশ নিশ্চয় আমাৰ প্ৰদৰ্শনত ইতিমধ্যে প্ৰত্যক্ষ কৰিছেই। যক্ষ্মা নিৰ্মূলৰ ক্ষেত্ৰত এই অভিযানৰে জড়িত সকলো পক্ষই সমানেই দায়বদ্ধতা পালন কৰিব লাগিব, আৰু আমি চৰকাৰে সকলোকে উদ্ভুদ্ধ কৰাৰ বাবে কাম কৰি আছো।
প্ৰিয় ভাই-ভনীসকল, ২০২৫ চনৰ ভিতৰত ভাৰতৰ পৰা যক্ষ্মা নিৰ্মূলৰ বাবে যুগুতোৱা ৰাষ্ট্ৰীয় পৰিকল্পনা দেশত সম্পূৰ্ণ ৰূপে কাৰ্যকৰী কৰি থকা হৈছে। যক্ষ্মা নিৰ্মূল আঁচনিৰে জড়িত কাম-কাজৰ বাবে আৱন্তিত পুঁজিৰ পৰিমান ধাৰাবাহিকভাবে বঢ়াই থকা হৈছে। এই ৰোগত আক্ৰান্ত ৰোগীক পুষ্টিকৰ আহাৰৰ যোগান ধৰিব পৰাকৈ প্ৰতিবছৰে অতিৰিক্ত ১০০ মাৰ্কিন ডলাৰ পৰিমানৰ ধন মোকলাই দিয়াৰ বাবে চৰকাৰে এইবাৰৰ বাজেটত প্ৰস্তাৱ গ্ৰহণ কৰিছে। পু্ষ্টিকৰ পথ্য কিনাৰ সামৰ্থ্য নথকা দুখীয়া পৰিয়ালৰ ৰোগীৰ বেংক একাউণ্টলৈ এই পুঁজিৰ ধন পোণপটীয়াকৈ প্ৰেৰণৰো দিহা কৰা হৈছে। আমি প্ৰকৃত যক্ষ্মাৰোগীক চিনাক্ত কৰা, ৰোগ সক্ৰীয় হোৱা ৰোগীৰ তথ্য সময়ত সংগ্ৰহ কৰা, ঔষধৰ প্ৰভাৱশালীতা আৰু ঔষধৰ প্ৰভাৱ প্ৰতিৰোধ কৰিব পৰা যক্ষ্মাৰোগীৰ আচৰণ নিৰীক্ষণ কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছো। প্ৰতিগৰাকী যক্ষ্মাৰোগীক প্ৰথম সাক্ষাততে উপযুক্ত চিকিত্সা সেৱা আগবঢ়োৱাটো নিশ্চিত কৰাৰ লক্ষ্যৰেই চৰকাৰে ব্যক্তিগত খণ্ডৰ চিকিত্সা প্ৰতিষ্ঠানসমূহকো এই অভিযানৰে জড়িত কৰিছে। তদুপৰি প্ৰযুক্তি আৰু নতুন উদ্ভাৱনৰ যথা সম্ভৱ বহুল ব্যৱহাৰত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ‘ইণ্টাৰনেট অব থিংছ’-ৰ আধাৰত তথ্য প্ৰযুক্তিগত উন্নত পদ্ধতি আৰু আনুষংগিক মঞ্চ বিকশিত কৰাতো গুৰুত্ব আৰোপ কৰা হৈছে। কাৰ্যক্ৰম পৰিচালনাৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰাৰ লগতে ৰোগীক থলীতে চিকিত্সাসেৱা আগবঢ়োৱাৰ উপৰি ৰোগবিধৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত নিৰীক্ষণ অব্যাহত ৰাখিব পৰাকৈ ভ্ৰাম্যমান স্বাস্থ্য-সমাধানৰো ব্যৱস্থা কৰা হৈছে। ইফালে ডিজিটেল এক্স-ৰে’-ৰ তথ্য বিশ্লেষণ কৰিব পৰা এক ‘মলিকুলাৰ বিশ্লেষক যন্ত্ৰ’ও আমি থলুৱা ভাবে ইতিমধ্যে বিকশিত কৰি লৈছো। যন্ত্ৰ-ভিত্তিক এইটো ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ৰ নাম ৰখা হৈছে ‘ট্ৰু-নাট’ বুলি। যন্ত্ৰটোৱে ‘মেক ইন ইণ্ডিয়া অভিযান’ৰ সাফল্যৰো নিদৰ্শন দাঙি ধৰিছে। যক্ষ্মাৰোগৰ টীকাকৰণ, উন্নত ঔষধৰ প্ৰস্তুতি, ৰোগৰ বিশ্লেষণ আৰু আঁচনিৰ ৰূপায়ণ সম্পৰ্কীয় কাম-কাজৰ তদাৰকী কৰাৰ বাবে এক ‘যক্ষ্মাৰোগ গৱেষণা যৌথ-মঞ্চ’ স্থাপন কৰা হৈছে। ভাৰতৰ পৰা যক্ষ্মা নিৰ্মূল কৰাৰ বাবে আৰম্ভ হোৱা অভিযানত ৰাজ্য চৰকাৰসমূহেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই অভিযানৰে জড়িত হোৱাৰ লগতে সহযোগিতাপূৰ্ণ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ প্ৰকৃত আদৰ্শক শক্তিশালী ৰূপত প্ৰতীয়মান কৰাৰ বাবে মই দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকললৈ চিঠি লিখিছিলো। আজিৰ এই সমাৰোহত ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰী, মন্ত্ৰী তথা বিশাল সংখ্যাত অহা বিষয়া-বৰ্গৰ উপস্থিতিয়ে ভাৰতৰ পৰা যক্ষ্মাৰোগৰ মূলোচ্ছেদ কৰাৰ বাবে ‘টীম ইণ্ডিয়া’ হিচাপে কাম কৰাৰ বাবে আমি গ্ৰহণ কৰা দৃঢ় সংকল্পৰ কথা প্ৰতীয়মান কৰিছে।
বন্ধুসকল, যক্ষ্মা নিৰ্মূলকৰণ অভিযান চলি থকা দেশসমূহত ৰোগবিধক কাবু কৰাৰ ক্ষেত্ৰত যক্ষ্মাৰোগৰ বিশেষজ্ঞ চিকিত্সক, চিকিত্সা কৰ্মীসকলৰ এক বিশেষ ভূমিকা আছে। সৰ্বোপৰি এই ৰোগত আক্ৰান্ত হোৱাসকলে নিয়মীয়াকৈ ঔষধ গ্ৰহণ কৰি, চিকিত্সকৰ পৰামৰ্শ মানি চলি যক্ষ্মাক পৰাভূত কৰাটো সঁচাকৈয়ে প্ৰশংসাযোগ্য কথা। নিজৰ ইচ্ছাশক্তিৰ জোৰত যক্ষ্মাৰোগ মুক্ত হোৱা ৰোগীসকল দৰাচলতেই আন ৰোগীসকলৰ বাবে অনুপ্ৰেৰণাৰ উত্স হৈ উঠিব পাৰে। ৰোগীসকলৰ ইচ্ছাশক্তি, আমাৰ উত্সৰ্গীত চিকিত্সা-কৰ্মীসকলৰ প্ৰয়াসৰ জৰিয়তে ভাৰতৰ লগতে পৃথিৱীৰ প্ৰতিখন দেশেই নিৰ্দ্ধাৰিত লক্ষ্যত নিশচিতভাবে উপনীত হ’ব পাৰিব বুলি মই বিশ্বাস কৰো। মই দেশৰ চিকিত্সাখণ্ডৰে জড়িত ব্যক্তিসকলক তেওঁলোকৰ সৰ্বোত্তমখিনি আগবঢ়োৱাৰ বাবে আহ্বান জনাব খুজিছো, কিয়নো ভাৰতক যক্ষ্মা মুক্ত বুলি ঘোষণা কৰাৰ বাবে আমি ২০৩০ ৰ পৰিৱৰ্তে সময়সীমা নিৰ্দ্ধাৰণ কৰিছো ২০২৫-ত।
বন্ধুসকল, ব্যাপক জন-সজাগতা সৃষ্টিৰ জৰিয়তে আমি আমাৰ লক্ষ্যত উপনীত হ’বগৈ পাৰিম। ইয়াৰ বাবে যিমান দূৰ সম্ভৱ মানুহক এই অভিযানৰে জড়িত কৰাৰ লগতে যক্ষ্মাৰোগৰ বিভিন্ন চিকিত্সা পদ্ধতি পৰীক্ষণৰ ব্যৱস্থা কৰিব লাগিব। অৰ্থাত আমি বহুস্তৰীয় প্ৰয়াস অব্যাহত ৰাখিব লাগিব। চৰকাৰ আৰু প্ৰশাসনৰ সকলো পৰ্যায়, পঞ্চায়ত, পৌৰ সভা, জিলা প্ৰশাসন, ৰাজ্যচৰকাৰসমূহে প্ৰতিখন গাঁও, প্ৰতিটো পঞ্চায়ত, প্ৰতিখন জিলাক যক্ষ্মা মুক্ত কৰাৰ বাবে পূৰ্ণ শক্তি প্ৰয়োগ কৰিব লাগিব।
বন্ধুসকল, ২০২৫ চনৰ ভিতৰত ভাৰতক যক্ষ্মা মুক্ত বুলি ঘোষণা কৰাটো কিছুমান মানুহে অসম্ভৱ বুলি ভাবিছে। পিছে, এয়া কেতিয়াও অসম্ভৱ নহয়। যোৱা চাৰিটা বছৰে এই লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰে নতুন মনোভাৱেৰে কাম কৰি আছে আৰু সেয়ে এই লক্ষ্যত উপনীত হোৱাটো অসম্ভৱ নহব নিশ্চয়।
প্ৰিয় ভাই-ভনীসকল, আমি সমস্যা আৰু প্ৰত্যাহ্বানক কেতিয়াও পৃথককৈ বিশ্লেষণ নকৰো। আমি যদি এই প্ৰত্যাহ্বানসমূহক মংগলকামী মনোভাৱেৰে অতিক্ৰম কৰাৰ প্ৰয়াস কৰো তেতিয়া নিশ্চিত ভাবেই সাফল্য লাভ কৰিব পাৰিম। এই মুহূৰ্তত মই কাকো সমালোচনা কৰিব খোজা নাই পিছে, মই আপোনালোকক আমাৰ ৰোগ নিবাৰণ কাৰ্যক্ৰমৰ বিষয়ে কিছু কথা ক’ব খুজিছো। বিগত ৩০-৩৫ বছৰে ভাৰতত যক্ষ্মাৰোগৰ নিবাৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। পিছে ২০১৪চন পৰ্যন্ত আমি এই কাৰ্যক্ৰমৰে সকলোকে সামৰি লোৱাৰ লক্ষ্যত উপনীত হ’ব পৰা নাছিলো। আমি যদি সেই গতিৰেই আগবাঢ়িব বিচাৰিলোহেতেন তেন্তে টীকাকৰণ আঁচনিখনক সাৰ্বজনীন কৰিবলৈকে আমাক অন্ততঃ ৪০টা বছৰৰ প্ৰয়োজন হ’লহেতেন।
বন্ধুসকল, ১শতাংশ পৰিসৰ বৃদ্ধিৰ গতিবেগেৰে আমাৰ টীকাকৰণ আঁচনিখন আগবাঢ়ি আছিল। পিছে শেহতীয়া তিনি-চাৰে তিনিটা বছৰত এই গতি ৬ শতাংশলৈ বৃদ্ধি পোৱাৰ লগতে আগন্তুক এটা বছৰত আমি ৯০ শতাংশৰ লক্ষ্যত উপনীত হ’বগৈ পাৰিম। অন্য দেশৰ পৰা অহা আমাৰ অতিথিসকলে চাগৈ ভাবিছে এয়া কেনেকৈ সম্ভৱ হৈছে!
বন্ধুসকল, ইয়াৰ নেপথ্যত মই ইতিমধ্যে উল্লেখ কৰা আমাৰ নতুন পদ্ধতিৰ অৰিহণা আছে। আমি প্ৰথমতে ইমান দিনে যক্ষ্মা নিৰ্মূলকৰণ আঁচনিয়ে সামৰি নোলোৱা জিলাসমূহ চিনাক্ত কৰি লোৱাৰ উপৰি কেৱল নামতহে টীকাকৰণ কৰা এলেকাসমূহ বিচাৰি উলিয়াই ল’লো। তাৰপিচত এইসমূহ এলেকাক মূল লক্ষ্য হিচাপে লৈ আমাৰ চৰকাৰে ‘ইন্দ্ৰধনুষ’ নামৰ এটা অভিযানৰ সূচনা কৰি টীকাকৰণৰ ক্ষেত্ৰত নতুন নতুন ঔষধ আদিৰ ব্যৱহাৰ কৰি কাৰ্যক্ষেত্ৰত হাতে-কামে নামি পৰিল। আৰু ইয়াৰ সুবাদতে আজি আমি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছো।
বন্ধুসকল, এই একে মনোভাবৰেই আমাৰ চৰকাৰে ‘স্বচ্ছ ভাৰত অভিযান’ৰ কামতো অগ্ৰসৰ হৈছে। ইয়াৰ ফলতে পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ২০১৪ চন পৰ্যন্ত কেৱল ৪০ শতাংশ সফলতাহে অৰ্জন কৰা দেশখনে আজিৰ তাৰিখত ৮০ শতাংশ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইমান কম সময়ৰ ভিতৰতে আমি আমাৰ সাফল্যৰ হাৰ দুগুণে বৃদ্ধি কৰিবলৈ সক্ষম হৈছো। আমি ২০১৯ চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ ৰূপে মুকলিত শৌচ মুক্ত দেশ হিচাপে গঢ়ি তোলাৰ দিশত দ্ৰুত গতিৰে আগবাঢ়ি আছো। অভিপ্ৰায় থাকিলে, শুদ্ধ কৰ্ম-পৰিকল্পনাৰ জৰিয়তে নিতান্তই অসম্ভৱ যেন লগা বিশাল লক্ষ্যতো যে উপনীত হ’ব পাৰি সেই কথা পৃথিৱীবাসীক কোৱাৰ বাবেই মই আজি এইখন আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই দুটা উদাহৰণ দাঙি ধৰিলো।
বন্ধুসকল, এক সুনিৰ্দ্ধিৰিত লক্ষ্য আৰু সুপৰিকল্পিত ৰণকৌশলৰে আগবাঢ়ি ২০২৫ চনৰ ভিতৰত ভাৰতে নিজকে যক্ষ্মা মুক্ত বুলি ঘোষণা কৰাত নিশ্চত ভাবেই সাফল্য লাভ কৰিব বুলি মই দৃঢ় বিশ্বাসী। বন্ধুসকল আপোনালোক সকলোৱেই স্বাস্থ্য বিশেষজ্ঞ। যিকোনো ধৰণ ৰোগ নিৰাময়ৰ বাবে যে ভিন্ন প্ৰকাৰৰ নিদান-প্ৰয়াসৰ প্ৰয়োজন হয় সেই কথা আপোনালোকে বাৰুকৈয়ে জানে। যক্ষ্মা নিৰ্মূল অভিযানৰ বাবেও ভিন্ন প্ৰকাৰৰ নিদান-প্ৰয়াসৰ প্ৰয়োজন হ’ব। তাৰ ভিতৰত ঔষধ-পাতি, চিকিত্সাৰ তদাৰকী, গৱেষণা, পুষ্টি যোগানৰ বাবে বিত্তীয় সহযোগিতা আদিৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছো। কিন্তু ইয়াৰ লগতে আজিৰ ভাৰতত আন কেতবোৰ প্ৰয়াসো হাতত লোৱা হৈছে, যিবোৰ এসময়ত গৈ অতিকে ফলপ্ৰসূ বুলি চিহ্নিত হ’বগৈ। ইয়াৰে অন্যতম হৈছে ‘স্বচ্ছ ভাৰত অভিযান’। এই বিষয়ে মই আপোনালোকৰ আগতে বহলাই কৈছো। সেইদৰে, ভাৰত চৰকাৰৰ উজ্জ্বলা যোজনাইয়ো যক্ষ্মা নিবাৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। এই আঁচনিৰ জৰিয়তে চৰকাৰে দেশৰ ৮ কোটি দুখীয়া মহিলালৈ ৰন্ধন গেছৰ সংযোগ বিনামূলীয়াকৈ আগবঢ়াইছে। এই ৰন্ধন গেছৰ ব্যৱহাৰে মহিলাসকলৰ লগতে তেওঁলোকৰ ল’ৰা-ছোৱালী আৰু পৰিয়ালৰ অন্যন্যসকলকো এক ধোঁৱামুক্ত ঘৰত বাস কৰাৰ অৱকাশ প্ৰদান কৰিব। চাৰিদিন আগতে সম্পন্ন হোৱা ‘আন্তঃৰাষ্ট্ৰীয় নাৰী-দিৱস’ত আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচালিত হ’বলগা এক ‘পোষণ অভিযান’ আৰম্ভ কৰিছে। এই অভিযানৰ জৰিয়তে ৰাইজক পুষ্টিকৰ পথ্য প্ৰদান কৰাই নহয়, বৰং দেশত অপুষ্টিৰ সম্ভাৱনা হ্ৰাস কৰিব পৰা এক বাতাবৰণ গঢ়ি তোলাৰো প্ৰয়াস কৰা হ’ব।
বন্ধুসকল, চলিত বছৰৰ বাজেটতত ভাৰতে পৃথিৱীৰ সৰ্ববৃহত স্বাস্থ্য বীমা আঁচনিখন ৰূপায়ণৰ কথা ঘোষণা কৰিছে। আঁচনিখনৰ নাম হৈছে ‘আয়ুষ্মান ভাৰত’ অৰ্থাত ‘লং লিভ ভাৰত’। এই আঁচনিৰ জৰিয়তে আমাৰ চৰকাৰে দেশৰ প্ৰথমিক, মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ স্বাস্থ্য-সুৰক্ষা-ব্যৱস্থাটোক শক্তিশালী কৰিব খুজিছে। এই আঁচনিৰ অধীনত দেশত চৰকাৰী ভাবে ১.৫ লাখ স্বাস্থ্য আৰু নিৰাময় কেন্দ্ৰ স্থাপন কৰা হ’ব। এই নিৰাময় কেন্দ্ৰসমূহে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হিচাপে সেৱা আগবঢ়াব। কেন্দ্ৰসমূহত ৰোগ বিশ্লেষণ সেৱা আগবঢ়াব পৰা যন্ত্ৰ-পাতি তথা কৰ্মী থকাৰ লগতে কম মূল্যত ঔষধ-পাতি বিতৰণৰ সা-সুবিধা থাকিব। তদুপৰি দেশৰ ১০ কোটি দৰিদ্ৰ পৰিয়ালে জটিল ৰোগৰ চিকিত্সাৰ বাবে ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমাৰো সুবিধা লাভ কৰিব।
ভাই-ভনীসকল, স্বাস্থ্য সম্পৰ্কীয় বিষয়ত আমাৰ ভাৰতীয় দৰ্শন তথা প্ৰচীন ভাৰতীয় বিজ্ঞানৰ স্থিতি সদায়ে পৰিষ্কাৰ। এই সন্দৰ্ভত কোৱা হয়—
সৰ্ব ভৱন্তু সুখীনঃ,
সৰ্বে সন্তু নিৰাময়ঃ
সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিদ্ধুঃস্বভাগ্যৱেত্।
অৰ্থাত,
সকলো সুখী হোৱা, সকলো ৰোগ-ব্যাধিৰ পৰা মুক্ত হোৱা
সকলোৱে পবিত্ৰখিনিক প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰা, কোনেও যেন কষ্ট ভোগ নকৰা।
এই দৰ্শনক সাৰোগত কৰিয়ে ভাৰত ভূমিত আয়ুৰ্বেদ আৰু যোগৰ দৰে বৈজ্ঞানিক পদ্ধতিৰ জন্ম হৈছিল। ভাৰতীয়সকলে মানসিক ভাবে ইয়াক শতাব্দীৰ পিচত শতাব্দী ধৰি বহণ কৰি আহিছে। নিৰাময়শীল, উত্তৰণশীল আৰু নিবাৰণশীল এই স্বাস্থ্যবিধিয়ে এতিয়া আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। আমাৰ চৰকাৰে আধুনিক চিকিত্সা ব্যৱস্থাৰ লগতে প্ৰাচীন চিকিত্সা পৰম্পৰাৰ মণি-কাঞ্চন সংযোগ ঘটাব খুজিছে। মই যক্ষ্মা নিৰাময়ৰ ক্ষেত্ৰতো আয়ুৰ্বেদৰ প্ৰয়োগ সম্পৰ্কে গৱৱেষণাৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ক আহ্বান জনাইছো। আমাৰ মন্ত্ৰ—‘সকলোৰে সৈতে সকলোৰে বিকাশ’ কেৱল আঞ্চলিক সীমাৰ মাজতে সীমাবদ্ধ থাকিলে নহ’ব। এখন যক্ষ্মা মুক্ত পৃথিৱী গঢ়াৰ অভিযানত আন দেশসমূহৰ সৈতে হাতত হাত ধৰি আনন্দৰেই আগুৱাই যাব ভাৰত। যক্ষ্মা বিৰোধী যুঁজত ভাৰতে প্ৰয়োজনৰ বেলিকা ঔষধ, সা-সামগ্ৰীৰ লগতে কাৰীকৰি সহযোগিতাও আগবঢ়াই যাব।
সমাজৰ অন্তিমগৰাকী ভুক্তভোগী ব্যক্তিৰ জীৱনক প্ৰভাৱিত কৰাৰ সামৰ্থ্যৰ ওপৰতে কোন এক পৰিকল্পনাৰ সফলতা কিম্বা বিফলতা নিৰ্ভৰ কৰে বুলি জাতিৰ পিতা মহাত্মা গান্ধীয়ে অভিমত ব্যক্ত কৰিছিল। আমাৰ চৰকাৰে সেই অন্তিমগৰাকী ভুক্তভোগীৰ জীৱনক সকাহ দিয়াৰ লগতে তেওঁৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে প্ৰয়াস কৰাৰ পণ লৈছে।
এখন যক্ষ্মা মুক্ত ভাৰত গঢ়াৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সমাজৰ প্ৰতিগৰাকী ব্যক্তি, প্ৰতিখন চৰকাৰ, প্ৰতিটো অনুষ্ঠান আৰু প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা প্ৰতিজন সদস্যকে উদ্যোগ গ্ৰহণ কৰিবলৈ মই আহ্বান জনালো। যক্ষ্মা মুক্ত ভাৰতৰ সিদ্ধান্তই যক্ষ্মা মুক্ত পৃথিৱী গঢ়াত সহয় কৰিব।
সকলোলৈকে শুভ কামনা জ্ঞাপন কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিব খুজিছো। এই সন্মিলনলৈ অহাৰ বাবে সকলোকে ধন্যবাদ দিছো। ধন্যবাদ!
***
AKT/SH/IG/AK/KB
मुझे खुशी है कि भारत की Health और Family Welfare Ministry, WHO South East Asia Region और Stop TB Partnership मिलकर एशिया, अफ्रीका और दुनिया के अनेक देशों के प्रतिनिधियों को आज एक मंच पर लाए हैं: PM
— PMO India (@PMOIndia) March 13, 2018
मुझे उम्मीद है कि 'Delhi End TB Summit' TB को धरती से हमेशा के लिए खत्म करने की दिशा में एक landmark event के तौर पर जाना जाएगा: PM @narendramodi
— PMO India (@PMOIndia) March 13, 2018
Watch Live: https://t.co/6zk0vyqnpj
भारत में तो वैसे भी किसी भी communicable disease से TB का प्रभाव सबसे ज्यादा है और इसका सबसे ज्यादा शिकार भी गरीब होते हैं। इसलिए TB खत्म करने के लिए उठाया गया हर कदम, सीधे-सीधे गरीबों के जीवन से जुड़ा हुआ है: PM @narendramodi
— PMO India (@PMOIndia) March 13, 2018
दुनिया भर में TB को खत्म करने के लिए वर्ष 2030 तक का समय तय किया गया है। लेकिन आज मैं ये घोषणा कर रहा हूं कि भारत ने वर्ष 2030 से 5 साल और पहले, यानि 2025 तक TB को खत्म करने का लक्ष्य अपने लिए तय किया है: PM
— PMO India (@PMOIndia) March 13, 2018
TB के मरीजों की सही पहचान हो, Active Cases के बारे में समय पर पता चले, जो दवाइयां दी जा रही हैं, वो प्रभावी हैं भी या नहीं, drug-resistant TB तो नहीं है, इन विषयों को ध्यान में रखते हुए सरकार द्वारा व्यापक स्तर पर कार्य किया जा रहा है: PM
— PMO India (@PMOIndia) March 13, 2018
TB को भारत से मिटाने के लिए राज्य सरकारों की भी बड़ी भूमिका है। Co-operative Federalism की भावना को मजबूत करते हुए, इस मिशन में राज्य सरकारों को अपने साथ लेकर चलने के लिए मैंने खुद देश के सभी मुख्यमंत्रियों को चिट्ठी लिखकर इस अभियान से जुड़ने का आग्रह किया है: PM
— PMO India (@PMOIndia) March 13, 2018
इस आयोजन में राज्यों की तरफ से आए मंत्रिगण और संबंधित पदाधिकारियों का इतनी बड़ी संख्या में उपस्थित होना, इस बात का संकेत है कि कैसे हम Team India की तरह अपने देश को TB से मुक्ति दिलाने के लिए दृढ़ संकल्पित हैं: PM
— PMO India (@PMOIndia) March 13, 2018
TB से मुक्ति का ये मिशन भले ही भारत में हो या किसी भी देश में, frontline TB physicians और workers की बड़ी भूमिका होती है। इसके साथ ही हर वो व्यक्ति जो TB से ग्रसित होने के बाद रेग्यूलर दवा लेता है, अपना इलाज कराता है और इस बीमारी को हराकर दम लेता है, वो भी प्रशंसा का पात्र है: PM
— PMO India (@PMOIndia) March 13, 2018
TB का मरीज अपनी इच्छाशक्ति से जिस तरह इस बीमारी पर विजय प्राप्त करता है, वो दूसरों के लिए भी प्रेरणा का काम करता है।
— PMO India (@PMOIndia) March 13, 2018
मेरा दृढ़ विश्वास है कि मरीजों की इच्छाशक्ति और अपने passionate TB workers के सहयोग से भारत के साथ ही दुनिया का हर देश अपने लक्ष्य को प्राप्त करने में सफल होगा: PM
भारत में immunization 30-35 साल से चल रहा है। बावजूद इसके 2014 तक हम संपूर्ण कवरेज का लक्ष्य प्राप्त नहीं कर पाए थे। जिस रफ्तार से immunization का दायरा बढ़ रहा था, अगर वैसे ही चलता रहता तो भारत को संपूर्ण कवरेज तक पहुंचने में 40 साल और लग जाते: PM
— PMO India (@PMOIndia) March 13, 2018
साथियों, पहले हमारा immunisation coverage सिर्फ 1% की रफ्तार से बढ़ रहा था। सिर्फ तीन-साढ़े तीन साल में अब ये 6% प्रतिवर्ष से ज्यादा हो गया है और अगले एक वर्ष में हम 90 प्रतिशत immunisation coverage का लक्ष्य हासिल करने जा रहे हैं: PM
— PMO India (@PMOIndia) March 13, 2018
ऐसी ही नई अप्रोच के साथ हमारी सरकार स्वच्छ भारत मिशन के लिए भी काम कर रही है। इसी का नतीजा है कि 2014 में देश के ग्रामीण इलाकों में स्वच्छता का जो दायरा लगभग 40% था अब वो बढ़कर लगभग 80% तक पहुंच गया है। इतने कम समय में हमने दोगुनी कवरेज हासिल की है: PM
— PMO India (@PMOIndia) March 13, 2018
बड़े और मुश्किल लक्ष्य हासिल किए जा सकते हैं। उसके लिए पहली आवश्यकता है कि कोई लक्ष्य तय तो किया जाए।
— PMO India (@PMOIndia) March 13, 2018
जब लक्ष्य ही तय नहीं होगा, तो फिर न रफ्तार रहेगी, न दिशा रहेगी और न ही आप मंजिल तक पहुंच पाएंगे: PM