পি এম ইণ্ডিয়া

মঞ্চত উপস্থিত মোৰ মন্ত্রী পৰিষদৰ সতীৰ্থ ৰাজনাথ সিংজি, মনোজ সিনহাজি, এনএইচআৰচিৰ অধ্যক্ষ ন্যায়াধীশ এছ এল দট্টুজি, আয়োগৰ সদস্যবৰ্গ আৰু উপস্থিত সন্মানীয় পুৰুষ-মহিলাসকল।
আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ২৫ বছৰ সম্পূর্ণ হৈছে। এই গুৰুত্বপূর্ণ পর্যায়ত উপনীত হোৱাৰ বাবে আপোনালোক সকলোকে, দেশৰ প্রত্যেকগৰাকী নাগৰিকক বহুত বহুত শুভেচ্ছা জনাইছো। এই গুৰুত্বপূর্ণ মুহূর্তত আপোনালোকৰ মাজলৈ আহিবলৈ পাই মোৰ যথেষ্ট আনন্দ অনুভৱ হৈছে।
বন্ধুসকল, বিগত আঢ়ৈ দশকে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে দেশৰ দৰিদ্ৰ, পীড়িত, বঞ্চিত, শোষিত সাধাৰণ জনতাৰ হৈ মাত মাতি ৰাষ্ট্ৰনির্মাণৰ পথ প্ৰদৰ্শন কৰিছে। ন্যায় আৰু নীতিৰ পথত আপোনালোকে যি ভূমিকা পালন কৰিছে, তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ প্রতিষ্ঠানসমূহৰ দৰেই ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক ‘এ’ ষ্টেটাছ প্ৰদান কৰিছে। এয়া ভাৰতৰ বাবে গৌৰৱৰ বিষয়।
বন্ধুসকল, মানৱ অধিকাৰ ৰক্ষা কৰাটো আমাৰ সংস্কৃতিৰ গুৰুত্বপূর্ণ অংগ। আমাৰ পৰম্পৰাত সদায়েই ব্যক্তিৰ জীৱনত সমতা আৰু সাম্যৰ গৰিমাক সন্মান আৰু স্বীকৃতি প্ৰদান কৰি আহিছে। আজিৰ অনুষ্ঠানৰ শুভাৰম্ভণিতে যি শ্লোক আওঁৰোৱা হৈছে, পাছত ৰাজনাথজিয়েও বিস্তৃতভাৱে কৈছে যে ‘সর্বে ভৱন্তু সুখেন’ৰ ভাৱনা আমাৰ ঐতিহ্যৰ অংগ।
পৰাধীনতাৰ সময়ত যি দীঘদিনীয়া আন্দোলন হৈছে এয়া তাৰে এক গুৰুত্বপূর্ণ অংশ। বন্ধুসকল, স্বাধীনতাৰ পাছত এই আদর্শসমূহৰ সংৰক্ষণত এক শক্তিশালী প্রক্রিয়া বিকশিত কৰিছিল। আমাৰ দেশত তিনি তৰপীয়া শাসন ব্যৱস্থাৰ ভিতৰত এক স্বতন্ত্র আৰু নিৰপেক্ষ বিচাৰ ব্যৱস্থা, সক্রিয় সংবাদ মাধ্যম আৰু সজাগ বুদ্ধিজীৱি সমাজ আছে। অধিকাৰসমূহ সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দৰে অনেক সংস্থা, আয়োগ আৰু ন্যায়াধীকৰণ আছে। মই এই সকলো সংস্থাৰ প্ৰতি কৃতজ্ঞতা জনাইছো, যিসকলে দৰিদ্র, মহিলা, শিশু, পীড়িত, বঞ্চিত, আদিবাসী আৰু সাধাৰণ লোকৰ অধিকাৰ ৰক্ষাৰ বাবে দায়বদ্ধ। আমাৰ পঞ্চায়তীৰাজ ব্যৱস্থা আৰু বিভিন্ন স্থানীয় প্রশাসন মানৱ অধিকাৰ ৰক্ষাৰ একো একোটা গুৰুত্বপূর্ণ অংগ। এই সংস্থাসমূহে সাধাৰণ লোকৰ আত্মসন্মান ৰক্ষা, উন্নয়নৰ সুফল প্ৰদান আৰু জনকল্যাণকামী প্রকল্পসমূহ বাস্তবায়িত কৰিবলৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। মহিলা আৰু সকলো ধৰণৰ বঞ্চিত লোকসকলৰ সবলীকৰণ আৰু অংশীদাৰীত্বৰ ক্ষেত্রতো এই সংস্থাসমূহৰ যথেষ্ট অৱদান আছে।
বন্ধুসকল, মানৱ অধিকাৰৰ প্রতি এই আস্থাই দেশক যোৱা শতিকাৰ সত্তৰৰ দশকত বৃহৎ সংকটৰ পৰা উদ্ধাৰ কৰিছে। জৰুৰী অৱস্থাৰ সেই ক’লা দিনসমূহত জীৱনৰ অধিকাৰ কাঢ়ি নিছিল, বাকী অধিকাৰসমূহৰ কথা কৈ লাভেই নাই। সেই সময়ত চৰকাৰৰ বিৰুদ্ধে মাত মতা লাখ লাখ মানুহক কাৰাগাৰত বন্দী কৰা হৈছিল। ভাৰতৰ জনগণে নিজা প্ৰচেষ্টাৰে এই সংস্থাসমূহৰ সহায়ত মানৱ অধিকাৰ পুনৰুদ্ধাৰ কৰাত সফল হৈছে। সেই বাবে মই এই সকলো সংস্থা আৰু সংশ্লিষ্ট ব্যক্তিসকলৰ এই পবিত্র ক্ষণত সশ্ৰদ্ধ প্রণিপাত জনাইছো।
বন্ধুসকল, কেৱল মানৱ অধিকাৰৰ শ্লোগান দিলেই নহ’ব, আমাৰ সংস্কাৰ আৰু জননীতিৰ ভিত্তিত আগুৱাই যাব লাগিব। মই ধাৰণা কৰিছো, বিগত চাৰে চাৰি বছৰত চৰকাৰে দেশৰ দুখীয়া, বঞ্চিত আৰু শোষিত সমাজৰ লোকসকলৰ ব্যক্তি-গৰিমাৰ বিকাশত, তেওঁলোকৰ জীৱনধাৰণৰ মানদণ্ড উন্নীতকৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। আমাৰ চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্রক দেশ সেৱাৰ মাধ্যম বুলি গণ্য কৰে আৰু এই মন্ত্রই মানৱ অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। বন্ধুসকল, আপোনালোক সকলোৱে ভালদৰেই জানে যে কন্যাসকলৰ জীৱনৰ অধিকাৰৰ সুৰক্ষাক লৈ এই দেশত কিমান প্রশ্ন উত্থাপন হয়। কন্যা সন্তানক অবাঞ্চিত বুলি ভাবি বিকৃত মানসিকতাৰ সমাজৰ এক শ্রেণীৰ সংকীর্ণমনা মানুহৰ মনত ভ্রূণ হত্যাৰ দৰে ঘটনা বৃদ্ধি পাইছিল।
আজি মই গৌৰৱেৰে ক’ব পাৰো যে ‘বেটি বচাওঁ, বেটি পঢ়াওঁ’ অভিযানৰ জৰিয়তে হাৰিয়ানা আৰু ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত কন্যা সন্তানৰ আনুপাতিক জন্মহাৰ বৃদ্ধি পাইছে। অনেক নিৰাপৰাধী লোকে জীৱনৰ অধিকাৰ লাভ কৰিছে। জীৱনৰ অর্থ কেৱল উশাহ-নিশাহ লোৱাই নহয়, সন্মান সহকাৰে জীয়াই থকাটোও অতি গুৰুত্বপূর্ণ।
মই আনন্দৰে কওঁ যে ‘দিব্যাংগ’-এই শব্দটিয়ে এতিয়া এক শ্রেণীৰ ভাৰতীয়ৰ বাবে সন্মানৰ সূচক হৈ উঠিছে। কেৱল ইমানেই নহয়, তেওঁলোকৰ জীৱনক সুগম কৰি তুলিবলৈ ‘সুগম্য ভাৰত’ অভিযানৰ জৰিয়তে বিভিন্ন চৰকাৰী ভৱন, বিমানবন্দৰ, ৰে’ল ষ্টেচনসমূহত বিশেষ ব্যৱস্থা কৰা হৈছে। দৰিদ্র মানুহে যাতে মুকলি আকাশৰ তলত অথবা বস্তিৰ জাৱৰ-জোঁথৰৰ মাজত জীৱনযাপন কৰিব লগা নহয়, সামান্য ঋতু পৰিৱর্তনেই যাতে তেওঁলোকৰ জীৱনৰ অভিশাপ হৈ নপৰে, সেয়া নিশ্চিত কৰিবলৈ প্রধানমন্ত্রী আৱাস যোজনাৰ জৰিয়তে দেশৰ প্রত্যেক গৃহহীনৰ বাবে ছাঁদ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অভিযান হাতত লোৱা হৈছে। আমাৰ সপোন এই যে ২০২২ চনত যেতিয়া ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূর্তি উৎসৱ পালন কৰিব, তাৰ পূৰ্বেই যেন প্রত্যেকগৰাকী ভাৰতীয়ৰ একোটা নিজা ঘৰ থাকে।
বন্ধুসকল, গৃহহীনসকলক গৃহৰ লগতে উজ্জ্বলা যোজনাৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্রদান কৰা হৈছে। এয়া কেৱল এক কল্যানকামী আঁচনিয়েই নহয়, ইয়াৰ সৈতে সাম্য আৰু মৰ্যদাৰো সম্পর্ক আছে। ইতিমধ্যে দেশৰ চাৰে পাঁচ কোটিতকৈও অধিক দুখীয়া মাতৃ-ভগ্নীৰ বাবে স্বচ্ছ ধোঁৱামুক্ত ৰান্ধনীশাল সুনিশ্চিত কৰা হৈছে।
কেৱল ইমানেই নহয়, দেশত পর্যাপ্ত বিদ্যুৎ উৎপাদন হোৱা সত্ত্বেও আমাৰ হাজাৰ হাজাৰ গাঁৱৰ কোটি কোটি পৰিয়াল অন্ধকাৰত বসবাস কৰিছিল। কাৰণ, তেওঁলোক দুখীয়া হোৱাৰ লগতে দেশৰ অতি পিছপৰা অঞ্চলত বসবাস কৰে। মই অতিশয় আনন্দিত যে অতি কম সময়ৰ ভিতৰতে আমি সেই ১৮,০০০ গাঁৱত বিদ্যুৎ যোগান ধৰিছো, যিসকলে স্বাধীনতাৰ ইমান বছৰৰ পাছতো অষ্টাদশ শতিকাৰ দৰে বিদ্যুৎ নোহোৱাকৈ জীৱনযাপন কৰিছিল। সৌভাগ্য যোজনাৰ জৰিয়তে ১০-১১ মাহৰ ভিতৰতে ডেৰ কোটিতকৈও অধিক পৰিয়ালক বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে।
বন্ধুসকল, অন্ধকাৰ দূৰ কৰাৰ লগতে দেশৰ মাতৃভগ্নীসকলৰ মৰ্যাদা ৰক্ষাত মুকলি স্থানত শৌচ কৰাটো অন্তৰায় আছিল। বিগত চাৰি বছৰত সমগ্ৰ দেশৰ গাওঁ আৰু চহৰত ৯.২৫ কোটিতকৈও অধিক শৌচাগাৰ নির্মাণ কৰা হৈছে। ফলত, দুখীয়া মাতৃ-ভগ্নীসকলৰ বাবে পৰিচ্ছন্নতাৰ লগতে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ অধিকাৰো সুনিশ্চিত হৈছে। ইফালে, উত্তৰপ্রদেশ চৰকাৰে এই শৌচালয়ক ‘ইজ্জত ঘৰ’ নাম দিছে। প্ৰতিটো শৌচালয়ত লিখা আছে ‘ইজ্জত ঘৰ’।
দুখীয়া লোকসকলৰ জীৱন তথা তেওঁলোকৰ স্বাস্থ্যৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ আমি আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰিছো। কিছু সময়ৰ আগতে ৰাজনাথজি এই বিষয়ে বিস্তাৰিত ৰূপত কৈছে। এয়া কিমান ডাঙৰ অধিকাৰ, তাৰ প্রমাণ আপোনালোকে সদায়েই পাইছে। দেশৰ বিভিন্ন প্রান্তৰ সংবাদ মাধ্যমত যিবোৰ খবৰ প্রকাশিত হৈছে, সেইবোৰ অত্যন্ত আনন্দদায়ক। ব্যক্তিগত সম্পদৰ অভাৱত যিসকলে ইমানদিন ভাল চিকিৎসালয়ত সেৱা উপভোগ কৰিব পৰা নাছিল, আজি তেওঁলোকে উন্নত চিকিৎসা সেৱাৰ অধিকাৰ পাইছে। উদ্বোধনৰ মাত্র দুই-আঢ়ৈ সপ্তাহৰ ভিতৰতে এই আঁচনিৰ জৰিয়তে ৫০ হাজাৰতকৈও অধিক ভাই-ভনীৰ চিকিৎসা আৰম্ভ হৈছে।
বন্ধুসকল, স্বাস্থ্যৰ সমান্তৰালভাৱে স্বাধীনতাৰ কেইবা দশকৰ পাছতো কোটি কোটি দেশবাসীয়ে আর্থিক স্বাধীনতাৰ গণ্ডীৰ পৰা বঞ্চিত আছিল। সেই গণ্ডীটো কি? আঙুলিৰ মুৰত লিখিব পৰা একাংশ লোকে বেংকৰ সেৱা উপভোগ কৰিব পাৰিছিল। ইয়াৰ বিপৰীতে দেশৰ অধিকাংশ লোকেই নিজৰ সামান্য পৰিমাণৰ সঞ্চয় ৰান্ধনী ঘৰৰ টেমাত লুকুৱাই ৰাখিবলৈ বাধ্য হৈছিল। আমি এই পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰিয়েই জন ধন আঁচনি আৰম্ভ কৰিলো। আৰু তাৰপাছত চাওতে, চাওতে প্রায় ৩৫ কোটি জনতাই বেংকৰ একাউণ্ট খুলিলে, তেওঁলোকৰ আর্থিক স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত হৈছে।
কেৱল ইমানেই নহয়, মুদ্রা যোজনাৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীসকলক স্বৰোজগাৰৰ বাবে বেংকৰ পৰা কোনো ধৰণৰ গেৰাণ্টি নোহোৱাকৈ ঋণ প্ৰদান কৰা হৈছে। তেওঁলোকে এতিয়া আৰু সুদখোৰ মহাজনৰ ওপৰত নির্ভৰ কৰিব লগা নহয়।
ভাই-ভনীসকল, আমাৰ চৰকাৰে আইনৰ শাসন আৰু চৰকাৰী নীতি আৰু সিদ্ধান্তৰ জৰিয়তে নিৰন্তৰ মানৱ অধিকাৰসমূহ সুনিশ্চিত আৰু শক্তিশালী কৰিছে। শেহতীয়াভাৱে মুছলমান মহিলাসকলৰ ‘তিনি তালাক’ৰ পৰা মুক্তি দিবলৈ যি আইন প্রণয়ন কৰা হৈছে, সেয়া এই প্রক্রিয়াৰে গুৰুত্বপূর্ণ অংশ। আশা কৰো, মুছলমান মহিলাসকলৰ অধিকাৰ সংশ্লিষ্ট এই গুৰুত্বপূর্ণ প্রচেষ্টা অনাগত দিনত সংসদত স্বীকৃতি লাভ কৰিব।
গর্ভৱতী মহিলাসকলৰ দৰমহাসহ ছুটি ১২ সপ্তাহৰ পৰা বৃদ্ধি কৰি ২৬ সপ্তাহ কৰাৰ সিদ্ধান্ত এই ধাৰণাৰে অংগ। ইয়াৰ দ্বাৰা এক প্রকাৰ আমি প্রত্যেক নৱজাত শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ সক্ষম হৈছো। প্রতিটো শিশুৱে যাতে তেওঁৰ মাকক অতি কমেও ছ’মাহ কাষত পায়, সেয়া সুনিশ্চিত কৰাৰ এয়া এক ডাঙৰ সিদ্ধান্ত। বিশ্বৰ বহু উন্নত দেশত বৰ্তমানেও এইধৰণৰ সুবিধা আৰম্ভ হোৱা নাই।
আমাৰ মহিলাসকলে ‘নৈশ কৰ্তব্য’(night shift) সম্পাদন কৰাৰ ক্ষেত্রত আইনী প্রতিবন্ধকতা দূৰ কৰিবলৈ আৰু সেই সময়ত তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰে পদক্ষেপ হাতত লৈছে।
দিব্যাংগসকলৰ অধিকাৰ বৃদ্ধিকাৰী ‘ৰাইটছ অফ পার্ছন উইথ ডিজেবিলিটি এক্ট’ প্রণয়নৰ জৰিয়তে তেওঁলোকৰ বাবে চাকৰিৰ ক্ষেত্রত সংৰক্ষণ বৃদ্ধি অথবা ‘ট্ৰেন্সজেণ্ডাৰ পার্ছনছ প্রোটেকছন অফ ৰাইটছ বিল’ প্রণয়নৰ জৰিয়তে লিংগ পৰিৱর্তনকামী আৰু তৃতীয় লিংগৰ লোকসকলৰ মানৱ অধিকাৰ ৰক্ষাৰ প্রতি দায়বদ্ধতা আমাৰ চৰকাৰৰ প্রতিশ্ৰুতিৰ উদাহৰণ।
এইচআইভি পীড়িত লোকসকলৰ প্ৰতি কোনো ধৰণৰ বৈষম্য নকৰি তেওঁলোকৰ সমান অধিকাৰ সুনিশ্চিত কৰাৰ বাবেও আমি আইন প্রণয়ন কৰিছো।
বন্ধুসকল, ন্যায়্যপ্রাপ্তিৰ অধিকাৰক আৰু অধিক শক্তিশালী কৰিবলৈ চৰকাৰে ‘ই-আদালত’ৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে ‘নেচনেল জুডিছিয়েল ডাটা গ্রিড’ক শক্তিশালী কৰিছে। ইতিমধ্যে এই ‘নেচনেল জুডিছিয়েল ডাটা গ্রিড’ৰ সৈতে দেশৰ ১৭ হাজাৰতকৈও অধিক আদালতক জড়িত কৰা হৈছে। গোচৰ সংক্রান্তীয় তথ্য, বিচাৰকসকলৰ সিদ্ধান্তৰ তথ্য ইত্যাদি অনলাইনত উপলব্ধ হোৱাৰ ফলত দেশত বিচাৰ প্রক্রিয়া ত্বৰান্বিত হৈছে আৰু দীর্ঘ দিন ধৰি চলি থকা গোচৰৰ সংখ্যা হ্রাস পাইছে। দেশৰ দূৰ্গম অঞ্চলত বসবাস কৰা নাগৰিকসকলক ‘টেলি-ল’ স্কিম’ৰ জৰিয়তে আইনি পৰামর্শ প্রদান কৰা হৈছে।
ভাই-ভনীসকল, নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্রত চৰকাৰে আধুনিক প্রযুক্তিৰ ব্যৱহাৰ আৰু এই ব্যৱস্থাত স্বচ্ছতা বৃদ্ধিৰ প্রক্রিয়াও নিৰন্তৰ আগুৱাই নিছে। ইউআইডিএআই এক্ট প্রণয়নৰ জৰিয়তে চৰকাৰে আধাৰকে আইনসন্মতভাৱে শক্তিশালী কৰাৰ লগতে ইয়াৰ উপযোগিতা বৃদ্ধিৰ ফলত দেশৰ অতি দৰিদ্র লোকৰ প্ৰতি চৰকাৰী আঁচনিসমূহৰ সম্পূর্ণ সুফল পাবলৈ সক্ষম হৈছে।
আধাৰ, দেশৰ সর্ববৃহৎ প্রযুক্তি সবলীকৰণ কর্মসূচী হিচাপে পৰিগণিত হৈছে। বৰ্তমান সর্বোচ্চ ন্যায়ালয়েও চৰকাৰৰ এই ভূমিকাৰ প্রশংসা কৰিছে। একেদৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাক প্রযুক্তি দ্বাৰা স্বচ্ছ কৰি তুলি চৰকাৰে দুখীয়া লোকসকলে সুলভ মূল্যত খাদ্যদ্ৰব্য লাভ কৰাটো সুনিশ্চিত কৰিছে। অন্যথা, আগতে কি হৈছিল, কিদৰে হৈছিল–এই সকলোবোৰ আমি ভালদৰেই জানো।
এইদৰে যাতে নাগৰিকসকলে নিজৰ অধিকাৰ লাভ কৰিবলৈ সমস্যাৰ সন্মুখীন নহয়, সেয়া সুনিশ্চিত কৰিবলৈ বহুখনি সংস্কাৰ কৰা হৈছে, বহু নীতি নিয়মৰ সালসলনি কৰা হৈছে। ‘স্ব-প্ৰত্যায়ন’ক উৎসাহ যোগাৱা অথবা ভাৰতীয় সশস্ত্র সেনাৰ ‘Short Service Commission’ৰ জৰিয়তে নিযুক্ত মহিলা বিষয়াসকলৰ বাবে পুৰুষ বিষয়াসকলৰ দৰে স্থায়ী আয়োগ প্রদানৰ সিদ্ধান্ত চৰকাৰৰ এই দৃষ্টিভংগীৰে প্রতিফলন।
নীতি-নিয়মত এনেধৰণৰ বহু সৰু সৰু পৰিৱর্তনে বিস্তাৰিত পৰ্যায়ত প্রভাৱ পেলাইছে। যেনেকৈ বাহৰ সংজ্ঞা পৰিৱর্তনৰ ফলত দেশৰ প্রান্তীয় এলেকাত বসবাস কৰা আদিবাসী ভাই-ভনীসকলে এতিয়া বাহ কটা আৰু বাহৰ যোগানৰ অধিকাৰ লাভ কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ উপাৰ্জন যথেষ্ট বৃদ্ধি পাইছে।
বন্ধুসকল, সকলোৰে বাবে ৰোজগাৰ, সকলোৰে বাবে পঢ়া-শুনা, সকলোৰে বাবে ঔষধ আৰু সকলোৰে সমান বিচাৰৰ ব্যৱস্থাক লৈ বহুখিনি কাম হৈছে। ফলত, কোটি কোটি ভাৰতীয়ই ভীষণ দৰিদ্ৰতাৰ পৰা মুক্তি পাইছে। দেশ দ্রুতগতিত মধ্যবিত্ত শ্ৰেণীৰ বৃহৎ অৰ্থ ব্যৱস্থাৰ দিশে আগুৱাই গৈছে। এই সাফল্যৰ আঁৰত চৰকাৰৰ প্রচেষ্টাতকৈও জন-অংশীদাৰিত্ব প্ৰচেষ্টাৰ গুৰুত্ব অধিক। দেশৰ কোটি কোটি লোকে নিজৰ কর্তব্যক বুজি পাইছে। নিজৰ ব্যৱহাৰত পৰিৱর্তন আনিবলৈ নিজকে প্রেৰণা যোগাইছে।
ভাই-ভনীসকল, আমাৰ সিদ্ধান্ত, আমাৰ কর্মসূচী তেতিয়াই স্থায়ীভাবে সফল হয়, যেতিয়াই জনসাধাৰণে স্ব-ইচ্ছাৰে সেইবোৰৰৰ সৈতে জড়িত হয়। মই নিজৰ অভিজ্ঞতাৰ ভিত্তিত ক’ব পাৰো যে জন-অংশীদাৰিত্বতকৈ ডাঙৰ সাফল্যৰ মন্ত্র একোৱেই হ’ব নোৱাৰে।
মোক জনোৱা হৈছে যে ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগে সমগ্ৰ দেশত জনসজাগতা বৃদ্ধি কৰাৰ অৰ্থে বহুতো অভিযান চলাইছে। এই ক্ষেত্ৰত প্রযুক্তিৰ সহায়ো লোৱা হৈছে। কিছু সময়ৰ আগতে এই উপলক্ষে এটি ডাক টিকট উন্মোচন কৰা হয়। ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ ৱেবছাইটৰ নতুন সংস্কৰণো মুকলি কৰা হয়। ইয়াৰ ফলত নিশ্চিতভাৱে যিসকলৰ সহায়ৰ প্রয়োজন, তেওঁলোক উপকৃত হ’ব। মোৰ পৰামর্শ এই যে ছ’চিয়েল মিডিয়াৰ জৰিয়তেও ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগে ব্যাপক প্রচাৰ আৰু প্রসাৰ কৰক। মানৱ অধিকাৰৰ প্রতি সজাগতা নিশ্চয়কৈ সকলোৱে বিচাৰে। ইয়াৰ সমান্তৰালভাৱে, নাগৰিকসকলে তেওঁলোকৰ কর্তব্য, তেওঁলোকৰ দায়িত্ব সম্পর্কে মতামত আগবঢ়োৱাটোও সমানেই প্ৰয়োজন। যিসকলে নিজৰ দায়িত্ব বুজি পায়, তেওঁলোকে আনৰ অধিকাৰক সন্মান কৰিব জানে।
মই জানো, আপোনালোকৰ ওচৰলৈ বহু অভিযোগ আহে। ইয়াৰ ভিতৰত কেতবোৰ অতি গুৰুত্বপূর্ণ অভিযোগ থাকে। আপোনালোকে প্রতিটো অভিযোগৰ শুনানি দিয়ে, সেইবোৰ বিচাৰ কৰে। কিন্তু যি ক্ষেত্রত অথবা গোষ্ঠীভিত্তিক অভিযোগ আহে, তেওঁলোকৰ সম্পর্কে এটি ডাটাবেছ প্ৰস্তুত কৰি বিস্তাৰিত অধ্যয়ন কৰাটো সম্ভৱ নহয়নে? মোৰ দৃঢ় বিশ্বাস যে এই প্রক্রিয়াৰ জৰিয়তে এনে অনেক সমস্যাৰ সন্মুখীন হ’ব, যিবোৰৰ ব্যাপক সমাধান কৰাটো সম্ভৱ।
বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ বৰ্তমান চৰকাৰে যিমানবোৰ প্রচেষ্টা হাতত লৈছে, সেই ক্ষেত্ৰত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ ভূমিকা অতিশয় গুৰুত্বপূর্ণ। চৰকাৰে সদায়েই আপোনালোকৰ পৰামর্শক আদৰণী জনাইছে। দেশৰ জনসাধাৰণৰ জীৱনক উন্নত কৰিবলৈ, তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ চৰকাৰ প্রতি মুহূৰ্ত্বতে দায়বদ্ধ। পুনৰবাৰ ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ ৰূপালী জয়ন্তী উপলক্ষে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা জনাইছো। দেশত গঠনমূলক পৰিৱর্তনৰ বাবে আমি সকলোৱে মিলি কাম কৰি আগুৱাই যাম।
এই কামনাৰে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ।
****
AKT/ VJ/ NS/SBP/DB
मानव अधिकारों के प्रति इसी समर्पण ने देश को 70 के दशक में बहुत बड़े संकट से उबारा था।
— PMO India (@PMOIndia) October 12, 2018
आपातकाल के उस काले कालखंड में जीवन का अधिकार भी छीन लिया गया था, बाकी अधिकारों की तो बात ही क्या थी।
लेकिन भारतीयों ने मानवाधिकारों को अपने प्रयत्नों से फिर हासिल किया: PM
पिछले 4 वर्षों की ये बहुत बड़ी उपलब्धि रही है कि इस दौरान गरीब, वंचित, शोषित, समाज के दबे-कुचले व्यक्ति की गरिमा को, उसके जीवन स्तर को ऊपर उठाने के लिए गंभीर प्रयास हुए हैं।
— PMO India (@PMOIndia) October 12, 2018
बीते 4 वर्षों में जो भी कदम उठाए गए हैं, जो योजनाएं बनी हैं, उनका लक्ष्य यही है और हासिल भी यही है: PM
सरकार का फोकस इस बात पर रहा है कि सामान्य मानवी की मूल आवश्यकताओं की पूर्ति उसकी जेब की शक्ति से नहीं, बल्कि सिर्फ भारतीय होने भर से ही स्वभाविक रूप से हो जाए।
— PMO India (@PMOIndia) October 12, 2018
हमारी सरकार ‘सबका साथ, सबका विकास’ के मंत्र को सेवा का माध्यम मानती है: PM
गरीब को खुले आसमान के नीचे, मौसम के थपेड़े सहने पड़े, ये भी तो उसके अधिकार का हनन ही है।
— PMO India (@PMOIndia) October 12, 2018
इस स्थिति से उसको बाहर निकालने के लिए प्रधानमंत्री आवास योजना के तहत हर बेघर-गरीब को आवास देने का अभियान चल रहा है।
अब तक सवा करोड़ से अधिक भाई-बहनों को घर का अधिकार मिल भी चुका है: PM
शौचालय न होने की मजबूरी में, जो अपमान वो गरीब भीतर ही भीतर महसूस करता था, वो किसी को बताता नहीं था।
— PMO India (@PMOIndia) October 12, 2018
विशेषतौर पर मेरी करोड़ों बहन-बेटियां, उनके लिए ये Dignity से जीने के अधिकार का हनन तो था ही बल्कि जीने के अधिकार को लेकर भी गंभीर प्रश्न था: PM
दिव्यांगों के अधिकार को बढ़ाने वाला Rights of Persons with Disabilities Act हो,
— PMO India (@PMOIndia) October 12, 2018
उनके लिए नौकरियों में आरक्षण बढ़ाना हो
या फिर Transgender Persons (Protection of Rights) Bill,
ये मानवाधिकारों के प्रति हमारी सरकार की प्रतिबद्धता का ही उदाहरण है: PM
न्याय पाने के अधिकार को और मजबूत करने के लिए सरकार e-Courts की संख्या बढ़ा रही है, नेशनल ज्यूडिशियल डेटा ग्रिड को सशक्त कर रही है।
— PMO India (@PMOIndia) October 12, 2018
केस से संबंधित जानकारियां, फैसलों से जुड़ी जानकारियां ऑनलाइन होने से न्याय प्रक्रिया में और तेजी आई है और लंबित मामलों की संख्या में कमी हुई है: PM
सबको कमाई,
— PMO India (@PMOIndia) October 12, 2018
सबको पढ़ाई,
सबको दवाई और
सबकी सुनवाई के लक्ष्य के साथ ऐसे अनेक काम हुए हैं, जिससे करोड़ों भारतीय भीषण गरीबी से बाहर निकल रहे हैं।
देश बहुत तेज़ गति से मध्यम वर्ग की बहुत बड़ी व्यवस्था की तरफ बढ़ रहा है: PM
Sustainable Development Goals हासिल करने के लिए आज सरकार जो भी प्रयास कर रही है, उसमें NHRC की भूमिका महत्वपूर्ण है।
— PMO India (@PMOIndia) October 12, 2018
आपके सुझावों का सरकार ने हमेशा स्वागत किया है।
देश के लोगों के जीवन को बेहतर बनाने के लिए, उनके अधिकार सुनिश्चित करने के लिए सरकार प्रतिपल प्रतिबद्ध है: PM
Congratulations to the NHRC for completing 25 years in service of the nation. We are proud of their exemplary role in safeguarding human rights and furthering the dignity of crores of Indians. pic.twitter.com/0SZO0AiHtX
— Narendra Modi (@narendramodi) October 12, 2018
For us, human rights & their protection are not merely phrases. They are articles of faith, which we are continuously upholding. Whenever basic human rights have been denied, like during Emergency, the people of India fought tirelessly & ensured democracy & human rights prevail. pic.twitter.com/8DiErX0XzI
— Narendra Modi (@narendramodi) October 12, 2018
The philosophy of 'Sabka Saath, Sabka Vikas' ensures the dignity and well-being of all Indians, particularly the poor and marginalised. pic.twitter.com/QYegZXsbFl
— Narendra Modi (@narendramodi) October 12, 2018