Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এনএইচপিচি লিমিটেডৰ অন্তৰ্গত নৰ্থ ইষ্ট ইলেক্ট্ৰিক পাৱাৰ কৰ্প’ৰেচন, টিএইচডিচি ইণ্ডিয়া লিমিটেড আৰু এছজেভিএন লিমিটেডৰ ১.১.৯৭ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ বেতনৰ নিৰিখৰ নিয়মীয়াকৰণত কেবিনেটৰ অনুমোদন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ০১.০১.১৯৯৭ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ এনএইচপিচি লিমিটেডৰ অন্তৰ্গত নৰ্থ ইষ্ট ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেচন, টিএইচডিচি ইণ্ডিয়া লিমিটেড আৰু এছজেভিএন লিমিটেডৰ বেতনৰ নিৰিখৰ নিয়মীয়াকৰণৰ বাবে অনুমোদন প্ৰদান কৰিছে৷

প্ৰণয়ন কৌশলঃ

এই অনুমোদনৰ পিছত হাইড্ৰচিপিএছইয়ে শক্তি মন্ত্ৰালয়ৰ ০৪.০৪.২০০৬ আৰু ০১.০৯.২০০৬ তাৰিখৰ আদেশ গ্ৰহণ কৰা অনুসৰি বেতনৰ নিৰিখসমূহৰ নিয়মীয়াকৰণ হব৷

প্ৰভাৱঃ

০১.০১.২০০৭ তাৰিখৰ পূৰ্বে পঞ্জীয়ন হোৱা প্ৰায় ৫,২৫৪ গৰাকী কাৰ্যকৰী বিষয়া এই অনুমোদনৰ দ্বাৰা লাভান্বিত হব৷ ইয়াৰ হাইড্ৰচিপিএছইৰ কৰ্মচাৰীসকল উৎসাহিত হব৷

ব্যয়ঃ

বেতন নিৰিখৰ এই নিয়মীয়াকৰণৰ বাবদ মুঠ ৩২৩ কোটি টকাৰ ব্যয় হব৷

 

 

*****

AKT/MANN