পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত সংবিধানৰ ২৪০নং অনুচ্ছেদৰ অধীনত দমন আৰু দিউ অসামৰিক আদালত (সংশোধনী) অধিনিয়ম, ২০১৯ আৰু দাদৰা আৰু নগৰ হাভেলী (অসামৰিক আদালত আৰু অন্যান্য ব্যৱস্থাৱলী) সংশোধনী অধিনিয়মত অনুমোদন জনাইছে৷
লাভালাভঃ
এই পদক্ষেপে ন্যায়িক সেৱাত সমতা প্ৰতিষ্ঠাত সহায় কৰিব৷ এই ব্যৱস্থাই ইতিমধ্যে বাহাল থকা সীমিত আর্থিক আইন প্রয়োগৰ বাবে আবেদনৰ বাবে মুম্বাই ভ্ৰমণ কৰাৰ ক্ষেত্ৰত মোকৰ্দমাৰ সৈতে জড়িত লোকসকলে সন্মুখীন হোৱা সমস্যা দূৰীকৰণত সহায় কৰিব৷ তদুপৰি, কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাহিৰলৈ নোযোৱাকৈ মোকৰ্দমাত উপস্থিত হোৱাটো সহজ হোৱাৰ লগতে সকলো পক্ষই ন্যায় লাভৰ ব্যৱস্থাও ক্ষীপ্ৰতৰ হ’ব৷
****
AKT/SH/DB