Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱৰ বাবে গাঁৱলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ সংস্থাপন আৰু জীৱিকাৰ সূযোগ বৃদ্ধিৰ লক্ষ্যৰে ২০ জুন, ২০২০ত গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাৰাত্মক ভিড১৯ৰ প্ৰাদূৰ্ভাৱৰ বাবে গাঁৱলৈ ঘূৰি অহা বৃহ সংখ্যক প্ৰব্ৰজিত শ্ৰমিকৰ সংস্থাপন আৰু জীৱিকাৰ সূযোগ বৃদ্ধিৰ লক্ষ্যৰেগৰীৱ কল্যান ৰোজগাৰ অভিযানশীৰ্ষক এক ব্যাপক সংস্থাপনভিত্তিক গ্ৰাম্য ৰাজহুৱা কৰ্ম অভিযানৰ শুভাৰম্ভ কৰে৷ ভিডিঅকনফাৰেন্সযোগে খন অংশগ্ৰহণকাৰী ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা প্ৰতিনিধিবৰ্গ, কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য একাংশ লোকৰ উপস্থিতিত ২০ জুন(শনিবাৰে) বিহাৰৰ খাগাৰিয়া জিলাৰ বেলদৌৰ ব্লকৰ তেলিহাৰ জিলাৰ পৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়৷

প্ৰধানমন্ত্ৰীয়ে ৰিম ভিডিঅকনফাৰেন্সিৰ মাধ্যমেৰে বিহাৰৰ খাগাৰিয়া জিলাৰ তেলিহাৰৰ গঁঞাৰ সৈতে মত বিনিময় কৰে, প্ৰধানমন্ত্ৰী গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে একাংশ প্ৰব্ৰজিত লোকক তেওঁলোকৰ বৰ্তমানৰ ৰোজগাৰৰ স্থিতিৰ লগতে লকডাউনৰ সময়ছোৱাত আৰম্ভ কৰা বিভিন্ন কল্যানমূলক আঁচনিৰ সুবিধা পাইছেনে নাই সেই বিষয়েও জানিব বিচাৰে৷

শ্ৰী মোদীয়ে তেওঁ মত বিনিময়ৰ সময়ত ভাৰতৰ গ্ৰামাঞ্চলৰ লোকসকলে ভিড১৯ৰ বিৰুদ্ধে তৃণমূল পৰ্যায়ত কিদৰে যুঁজ দিছে তথা এইবোৰে দেশৰ লগতে বিশ্বৰ এই সংকটৰ সময়ত কেনেকৈ প্ৰেৰণা যোগাইছে তাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে দুখীয়া আৰু প্ৰব্ৰজিত লোকসকলৰ কল্যানক লৈ চিন্তিত৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত .৭৫ লাখ কোটি টকাৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ শুভাৰম্ভ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহেও যিসকল প্ৰব্ৰজিত শ্ৰমিকে ঘৰলৈ ঘূৰি আহিবলৈ ইচ্ছা কৰিছিল তেওঁলোকৰ বাবে শ্ৰমিক বিশেষ ৰেল চলাচল কৰিছে৷

দুখীয়া লোকসকলৰ কল্যানৰ লগতে তেওঁলোকৰ সংস্থাপনৰ বাবে আৰম্ভ কৰা এই বৃহ অভিযানৰ বাবে আজিৰ দিনটোক এক ঐতিহাসিক দিন হিচাপে আখ্যা দিয়ে প্ৰধানমন্ত্ৰীয়ে৷

এই অভিযান গাঁওসমূহত বসবাস কৰা আমাৰ শ্ৰমিক ভাইভনী, যুৱকযুৱতী, ভগ্নী আৰু কন্যাসকলৰ নামত উচৰ্গা কৰা হৈছে৷ আমাৰ প্ৰচেষ্টা হল যে এই অভিযানৰ জৰিয়তে শ্ৰমিকসকলক ঘৰৰ কাষতে কাম প্ৰদান কৰা হব৷

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ অধীনত স্থায়ী গ্ৰামীণ আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে ৫০,০০০ কোটি টকা ব্যয় কৰা হব৷

তেওঁ কয় যে গ্ৰামাঞ্চলত সংস্থাপন তথা বিভিন্ন কামৰ উন্নয়নৰ বাবে ২৫টা কৰ্মক্ষেত্ৰ চিনাক্ত কৰা হৈছে৷ এই ২৫টা কামৰ প্ৰকল্পই গাঁৱৰ প্ৰয়োজনীয়তা পুৰণ কৰা হব৷ সেইবোৰদুখীয়া লোকৰ বাবে গ্ৰামীণ গৃহ, গছপুলি ৰোপ, জল জীৱন অভিযানৰ জৰিয়তে খোৱাপানী যোগান, পঞ্চায় ভৱন, সামূহিক শৌচালয়, গ্ৰাম্য বজাৰ, গ্ৰাম্য পথ, অন্যান্য আত্নঃগাঁথনি যেনে গৰু গোঁহালি, অংগনৱাড়ী ভৱন নিৰ্মাণ ইত্যাদি৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানে গ্ৰামীণ এলেকাত অত্যাধূনিক সাসুবিধাও প্ৰদান কৰিব৷ তেওঁ লগতে কয় যে গ্ৰামাঞ্চলৰ ঘৰে ঘৰে যুৱকযুৱতী তথা শিশুসকলৰ সুবিধা হোৱাকৈ হাই স্পীড আৰু সস্তীয়া ইণ্টাৰনেট সংযোগ প্ৰদান কৰা হব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰথমবাৰলৈ নগৰাঞ্চলৰ লোকসকলতকৈ গ্ৰামাঞ্চলৰ লোকসকলে অধিক ইণ্টাৰনেট ব্যৱহাৰ কৰিছে৷ সেয়েহে, ফাইবাৰ কেবল সংস্থাপন আৰু ইণ্টাৰনেটৰ সুবিধা প্ৰদানক এই অভিযানৰ অংশ হিচাপে লোৱা হৈছে৷

এই কামবোৰ ব্যক্তিসকলে পৰিয়ালৰ সৈতে থকা সময়ছোৱাত তেওঁলোকৰ নিজৰ গাঁৱতে কৰিব পাৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰ কৃষকসকল আত্মনিৰ্ভৰ ভাৰতৰ বাবে সমানে প্ৰয়োজন৷ তেওঁ কয় যে চৰকাৰে কৃষকসকলে তেওঁলোকৰ উপাদিত সামগ্ৰী দেশৰ যিকোনো স্থানত মুক্তভাৱে বিক্ৰী কৰি তেওঁলোকে যাতে উচিত মূল্য পায়, তাৰবাবে প্ৰত্যক্ষভাৱে ব্যৱসায়ীৰ সৈতে যোগাযোগ কৰিবপৰাকৈ পূৰ্বতে দেখা দিয়া বিভিন্ন বাধা আঁতৰ কৰিবলৈ এক বৃহ পদক্ষেপ গ্ৰহণ কৰিছে৷

শ্ৰী মোদীয়ে কয় যে কৃষকসকলক প্ৰত্যক্ষভাৱে বজাৰৰ সৈতে জড়িত কৰা হৈছে আৰু ইয়াৰ বাবে চৰকাৰে শীতল ভাণ্ডাৰ ইত্যাদি নিৰ্মাণৰ লক্ষ্যৰে ১,০০,০০০ কোটি টকা বিনিয়োগ ধাৰ্য কৰিছে৷

মিচন মডত হবলগীয়া ১২৫ দিনীয়া এই অভিযান ৬খন ৰাজ্য ক্ৰমে বিহাৰ, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আৰু ওড়িশাৰ ১১৬ খন জিলাত বৰ্হিৰাজ্যৰ পৰা ঘূৰি অহা শ্ৰমিকসকলে ২৫টা শাখাৰ কাম কৰিব৷

এই অভিযান ১২টা বিভিন্ন মন্ত্ৰালয়/বিভাগ ক্ৰমেগ্ৰামোন্নয়ন, পঞ্চায়তী ৰাজ, পথ পৰিবহণ আৰু ঘাইপথ, খনি, খোৱা পানী আৰু অনাময়, পৰিৱেশ, ৰেলৱে, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, নব্য আৰু নবীকৰণযোগ্য শক্তি, সীমান্ত পথ, দূৰসংযোগ আৰু কৃষিখণ্ডত জীৱিকা সূযোগৰ ব্যৱস্থা সম্পৰ্কীয় ২৫বিধ ৰাজহুৱা আন্তঃগাঁথনিমূলক কাম দ্ৰুতগতিত এক সমন্বিত প্ৰচেষ্টাৰে সম্পন্ন কৰা হব৷

এই কামত প্ৰতিগৰাকী প্ৰব্ৰজিত শ্ৰমিকসকলক তেওঁলোকৰ দক্ষতাৰ ভিত্তিত ১২৫ দিনৰ কাম প্ৰদান কৰা হব৷ এই কাৰ্যসূচীয়ে দীৰ্ঘকালৰ বাবে জীৱিকাৰ সম্প্ৰসাৰণ আৰু উন্নয়নত অৰিহণা যোগাব৷

এই অভিযান ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সমন্বয় ৰক্ষা কৰাত গ্ৰামোন্নয়ন মন্ত্ৰালয়ে সমন্বয়ৰক্ষী মন্ত্ৰালয় হিচাপে কাম কৰিব৷ চিনাক্ত কৰা জিলাসমূহত বিভিন্ন আঁচনি ৰূপায়ণ ফলপ্ৰসূ আৰু সময়মতে ৰূপায়ণৰ বাবে যুটীয়া সচিবসকলক কেন্দ্ৰীয় সমন্বৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়া হব৷

গৰীৱ কল্যান ৰোজগাৰ অভিযান ৰূপায়ণ কৰা ৰাজ্যসমূহ হৈছে

বিহাৰ

৩২

১২

উত্তৰপ্ৰদেশ

৩১

মধ্যপ্ৰদেশ

২৪

ৰাজস্থান

২২

ওড়িশা

ঝাৰখণ্ড

মুঠ জিলা

১১৬

২৭

ক্ৰ. নং. ৰাজ্যৰ নাম #জিলাসমূহ অভিলাষী জিলা

 

নিম্নোলিখিত ২৫টা কাম অগ্ৰাধিকাৰভিত্তিত কৰা হবঃ

 

ক্ৰ.নং

কাৰ্য

ক্ৰ.নং

কাৰ্য

সামূহিক অনাময় কেন্দ্ৰ নিৰ্মাণ(চিএছচি)

১৪

গৰুৰ গোঁহালি নিৰ্মাণ

গাঁও পঞ্চায়ত ভৱন নিৰ্মাণ

১৫

কুঁকুৰা গঁড়াল নিৰ্মাণ

চতুৰ্দশ বিত্তীয় আয়োগ পূঁজিৰ অধীনত কাম

১৬

ছাগলীৰ গঁড়াল নিৰ্মাণ

ৰাষ্ট্ৰীয় ঘাইপথ নিমাণ কাৰ্য

১৭

কেঁচু সাৰ প্ৰস্তুত ব্যৱস্থা নিৰ্মাণ

পানী সংৰক্ষণ আৰু বৰষুণৰ পানী সংগ্ৰহ কাম

১৮

ৰেলৱে

কুঁৱা নিৰ্মাণ

১৯

ৰুৰবান

বৃক্ষৰোপণৰ কাম

২০

পিএম কুসুম

উদ্যান শস্য

২১

ভাৰত নেট

অংগনৱাডী কেন্দ্ৰ নিৰ্মাণ

২২

কাম্পা পুলি ৰোপণ

১০

গ্ৰামীণ গৃহ নিৰ্মাণৰ কাম

২৩

পিএম উৰ্জা গংগা প্ৰকল্প

১১

গ্ৰাম্য পথ নিৰ্মাণ কাৰ্য

২৪

জীৱিকাৰ বাবে কেভিকে প্ৰশিক্ষণ

১২

গোটা আৰু তৰল আৱৰ্জন ব্যৱস্থাপনা কাম

২৫

জিলা খনি ফাউণ্ডেশ্যন পূঁজি(ডিএমএফটি)ৰ কাম

১৩

খেতি পথাৰত পুখুৰী নিৰ্মাণ

 

 

***

VRRK/AK/DB