পি এম ইণ্ডিয়া
সৰ্বপ্ৰথমে সকলো আদৰণীয় মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনাইছো, কিয়নো আপোনালোকে সময় উলিয়াই অতি গুৰুত্বসহকাৰে নিজৰ বক্তব্য আগবঢ়াইছে৷ কিন্তু আপোনালোকৰ প্ৰতি মোৰ আহ্বান এই যে এতিয়ালৈকে যিবোৰ আলোচনা হ’ল, সেইবোৰত সকলো ৰাজ্য জড়িত হৈ আছে, বিষয়াপৰ্যায়ত বৈঠক হৈ আহিছে৷ বিশ্ব পৰ্যায়ত অভিজ্ঞতাৰো শ্বেয়াৰ হৈছে, তথাপিতো মুখ্যমন্ত্ৰীসকলৰ এক বিশেষ অভিজ্ঞতা আছে৷
ৰাজহুৱা জীৱনত কাম কৰা লোকসকলৰ এক বিশেষ দৃষ্টি থাকে৷এই সন্দৰ্ভত আপোনালোকৰ যদি কোনো পৰামৰ্শ আছে, তেতিয়াহ’লে মোক যিমান পাৰি সোনকালে লিখিত ভাৱে জনাওক৷ আজিও সকলোৱে কেতবোৰ ভাল বিষয় উত্থাপন কৰিছে৷ যদি এইবোৰ লিখিতভাৱে লাভ কৰা হয়, তেতিয়া কামৰ পৰিকল্পনাৰ কৰাত সুবিধা হ’ব৷ এয়া কোনেও কাকো জাপি দিব নোৱাৰি৷ ভাৰত চৰকাৰে কিবা এটা কৰিম বুলি ভাৱিব, ৰাজ্য চৰকাৰে এনে হ’ব নালাগে বুলি ক’ব, এনে যাতে নহয়, তাৰবাবে আমি সকলোৱে মিলি এই বিষয়টো আগুৱাই নিব লাগিব আৰু সেইবাৰে সকলোবোৰ বিষয়ৰে ডাঙৰ গুৰুত্ব আছে৷
ক’ৰোনা সংক্ৰমণ সম্পৰ্কীয় উপস্থাপনৰ জৰিয়তে কেতবোৰ বিষয় পোহৰলৈ আহিছে৷ আজি মই আৰম্ভণিতে একাংশ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিলো, য’ত পৰিস্থিতি অধিক বেয়া হৈ আছে৷ ভেকচিনৰ ক্ষেত্ৰত ইয়াৰ স্থিতি আৰু বিতৰণক লৈ বহু চৰ্চা হৈছে, য’ত এফালে মিডিয়াত যি চৰ্চা হৈ আছে, তাৰ বিপৰীত পৰিৱেশ৷ আমি এই বিষয়বোৰ কৰ্তৃত্বশীলভাৱে আগুৱাই নিব লাগিব, কাৰণ আমি এক পদ্ধতিৰ অংশ৷ তথাপিতো বহু ছবি স্পষ্ট হৈছে৷
এটা সময় আছিল, যেতিয়া সকলোৰে সন্মুখত এক অজ্ঞাত শক্তিৰে যুদ্ধ কৰাৰ প্ৰত্যাহ্বানে দেখা দিছিল৷ কিন্তু দেশৰ এক সংগঠিত প্ৰচেষ্টাই এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিলে, ক্ষতি হ্ৰাস কৰিলে৷
বৰ্তমান আৰোগ্যৰ হাৰ আৰু মৃত্যুৰ হাৰ, দুয়োটাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অধিকাংশ দেশতকৈ ভাল স্থিতিত উপনীত হৈছে৷ আমাৰ সকলোৰে প্ৰচেষ্টাৰ ফলস্বৰূপে দেশত পৰীক্ষাৰ পৰা আদি কৰি চিকিৎসালৈকে এক বৃহৎ নেটৱৰ্কত আজি কাম কৰি আছে৷ এই নেটৱৰ্ক ধাৰাবাহিকভাৱে প্ৰসাৰ কৰা হৈছে৷
পিএম কেয়াৰ্ছৰ জৰিয়তে অক্সিজেন আৰু ভেণ্টিলেটৰ্ছ যোগান ধৰাৰ ক্ষেত্ৰত বিশেষ জোৰ দিয়া হৈছে৷ দেশৰ মেডিকেল কলেজ আৰু জিলা হাস্পতালসমূহত অক্সিজেন প্ৰস্তুতৰ দিশত পৰ্যাপ্ত পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰচেষ্টা হাতত লোৱা হৈছে৷ সেইবাবে এতিয়া ১৬০টাতকৈ অধিক নতুন অক্সিজেন প্লাণ্ট নিৰ্মাণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ পিএম কেয়াৰ্ছ পুঁজিৰ জৰিয়তে দেশৰ বিভিন্ন হাস্পতালত হাজাৰ হাজাৰ নতুন ভেণ্টিলেটৰ্ছ সুনিশ্চিত কৰা হৈছে৷ ভেণ্টিলেটৰ্ছৰ বাবে পিএম কেয়াৰ্ছ পুঁজিৰ ২,০০০ কোটি টকা ইতিমধ্যে অনুমোদন দিয়া হৈছে৷
বন্ধুসকল,
ক’ৰোনাৰ বিৰুদ্ধে যুঁজত বিগত ৮-১০ মাহৰ অভিজ্ঞতাৰ পাছত দেশত পৰ্যাপ্ত তথ্য আছে৷ ক’ৰোনাৰ ব্যৱস্থাপনাক লৈ ব্যাপক অভিজ্ঞতা হৈছে৷ অনাগত সময়ৰ বাবে ৰণনীতি প্ৰস্তুত কৰাৰ সময়ত আমি বিগত মাহবোৰত দেশৰ লোকসকলে আমাৰ সমাজে কিদৰে সঁহাৰি জনাইছে, সেইবোৰ বুজি পোৱা উচিত বুলি মই ভাৱো৷ চাওক, ক’ৰোনাৰ সময়ত ভাৰতীয়সকলৰ ব্যৱহাৰ ঠাই বিশেষে পৃথক আছিল৷
যিদৰে আমি সামগ্ৰিকভাৱে চালে প্ৰথম অৱস্থাত বহুত ভয় আছিল, আচৰিত হৈছিল, কাৰ লগত কি হ’ব কোনেও একো বুজি পোৱা নাছিল৷ সমগ্ৰ বিশ্বৰে এই অৱস্থা হৈছিল৷ সকলো আতংকিত হৈছিল৷ আমি দেখিছিলো প্ৰথম অৱস্থাত আত্মহত্যা কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল৷ ক’ৰোনা হ’ল বুলি জানিয়েই আত্মহত্যা কৰিছিল৷
ইয়াৰ পাছত লাহে লাহে দ্বিতীয় পৰ্যায় আহিল৷ দ্বিতীয় পৰ্যায়ত জনসাধাৰণৰ মনত ভয়ৰ লগে লগে আনৰ প্ৰতি সন্দেহ ভাৱো জাগ্ৰত হ’ল৷ তেওঁলোকৰ এনে লাগিব ধৰিছিল যে ইয়াৰ ক’ৰোনা হ’ল মানে কথা গুৰুতৰ, আঁতৰি থকাহে কথা৷ ঘৰখনতে ঘৃণাৰ ভাৱ জাগ্ৰত হ’ল৷ বেমাৰৰ বাবে সমাজৰ পৰা এঘৰীয়া হোৱাৰ ভয় লাগিবলৈ ধৰিলে৷ তাৰবাবে বহু লোকে ক’ৰোনাত সংক্ৰমিত হ’লেও লুকুৱাবলৈ ধৰিলে৷ তেওঁলোকে ভাৱিছিল, এই বিষয়ে ক’ব নালাগে, নহ’লে সমাজৰ পৰা এঘৰীয়া হ’ম৷ এতিয়া সেই ধাৰণাৰ পৰা জনসাধাৰণ লাহে লাহে বাহিৰ হৈ বুজিবলৈ ল’লে৷
ইয়াৰ পাছত তৃতীয় পৰ্যায় আহিল৷ তৃতীয় পৰ্যায়ত জনসাধাৰণে যথেষ্ট পৰিমাণে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা হ’ল৷ এতিয়া সংক্ৰমণক স্বীকাৰ কৰিবলৈ ল’লে যে মই সমস্যা সন্মুখীন হৈছে, মই আইছ’লেচনত আছো, মই কোৱাৰেণ্টাইনত আছো, আপুনিও কৰক৷ অৰ্থাৎ জনসাধাৰণে নিজে নিজক বুজি পাবলৈ ধৰিলে৷
আমি সকলোৱে দেখিছো যে জনসাধাৰণে অতি গুৰুত্ব সহকাৰে লৈছে আৰু এলাৰ্টো হৈছে৷ তৃতীয় পৰ্যায়ৰ পাছত আমি চতুৰ্থ পৰ্যায়ত উপনীত হ’লো৷ যেতিয়া ক’ৰোনাৰ আৰোগ্যৰ হাৰ বৃদ্ধি পালে, তেতিয়া জনতাই এনে লাগিল যে এই ভাইৰাছে বিশেষ ক্ষতি কৰিব পৰা নাই, ই দুৰ্বল হৈছে৷ বহু লোকে এইটো ভাৱিবলৈ ল’লে যে যদি ৰোগত আক্ৰান্ত হ’লেও ঠিক হৈ যাম৷
ইয়াৰ ফলত শিথিলতা এই পৰ্যায়ত ব্যাপক হৈ পৰিল৷ সেইবাবে মই আমাৰ উৎসৱৰ আৰম্ভণিতে বিশেষকৈ ৰাষ্ট্ৰৰ প্ৰতি বাৰ্তা দি সকলোকে হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছিলো যে আপোনালোকে নিয়মৰ কোনো শিথিল নকৰিব, কাৰণ ইয়াৰ কোনো ভেকচিন নাই, আমাৰ ওচৰত ঔষধ নাই৷ এটাই মাথো পথ আছিল যে আমি প্ৰত্যেকে কিদৰে নিজে নিজক ৰক্ষা কৰিব পাৰো৷ আমাৰ যি ভুল হ’ল, সেয়াই এতিয়া এই বিপদ সৃষ্টি কৰিছে৷
এই চতুৰ্থ পৰ্যায়ত জনসাধাৰণক ক’ৰোনাৰ বিৰুদ্ধে পুনৰ সজাগ কৰিব লাগিব৷ আমি একেবাৰে ভেকচিনৰ কথা কৈছো, যিসকলৰ কাম আছে তেওঁলোকে কৰিছে৷ আমি ক’ৰোনাৰ ওপৰত দৃষ্টি দিব লাগিব৷ আমি কোনো পৰিস্থিতিতে শিথিল কৰিব নালাগিব৷ হয় আৰম্ভণিতে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিবলগীয়া হ’ল, যাতে ব্যৱস্থাসমূহৰ বিকাশ কৰিব পৰা যায়৷ এতিয়া আমাৰ ওচৰত টীম সাজু, জনসাধাৰণো সাজু৷ অলপ আগ্ৰহ কৰিলেই সকলো নিয়ন্ত্ৰণ হয়৷ যিবোৰ সামগ্ৰী আমি প্ৰস্তুত কৰিম, সেয়া তাতে ৰূপায়ণ কৰিম৷
বিপদৰ এই গভীৰ সাগৰৰ পৰা ওলাই আমি পাৰৰ ফালে অগ্ৰসৰ হৈছো৷ আমাৰ মাজত যি পুৰণি শ্বায়েৰী চলিছিল, এনে যাতে নহয়-
हमारी किश्ती भी
वहां डूबी जहां पानी कम था।
এই পৰিস্থিতি আমি আহিবলৈ দিব নালাগিব৷
বন্ধুসকল,
আমি এতিয়া দেখিছো যে বিশ্বৰ যিবোৰ দেশত ক’ৰোনা কম হৈছিল, সেইবোৰ দেশত এতিয়া ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ আমাৰ ইয়াৰো একাংশ ৰাজ্যত পৰিস্থিতি উদ্বেগজনক৷ সেইবাবে আমি সকলোৱে শাসন-প্ৰশাসনক পূৰ্বৰে পৰা অধিক সজাগ, অধিক সতৰ্ক হৈ থকাটো প্ৰয়োজন৷ আমি সংক্ৰমণ হ্ৰাস কৰাৰ ক্ষেত্ৰত অধিক জোৰ দিব লাগিব৷ পৰীক্ষা, নিশ্চিত, সংস্পৰ্শলৈ অহা লোকৰ চিনাক্ত ইত্যাদি দিশবোৰত সৰ্বাধিক অগ্ৰাধিকাৰ দিব লাগিব৷ পজিটিভিটিৰ হাৰ ৫%ৰ তললৈ আনিব লাগিব আৰু মই বিশ্বাস কৰো সৰু সৰু বিষয়ত ধ্যান দিব লাগিব৷ আমি ৰাজ্যিক পৰ্যায়ত চৰ্চা কৰাৰ বিপৰীতে যিমান পাৰি স্থানীয় পৰ্যায়ত বিষয়টো জানিব লাগিব৷
দ্বিতীয়তে আমি আৰটি-পিচিআৰৰ হাৰ বৃদ্ধি কৰিব লাগিব৷ যিসমূহ ঘৰত আইছ’লেটেড ৰোগী আছে, তেওঁলোকৰ নিৰীক্ষণ কৰাত অধিক গুৰুত্ব দিব লাগিব৷ আপোনালোকেও জানে যে এই ক্ষেত্ৰত কিছু শিথিল কৰিলে সেইগৰাকী ৰোগী সংকটজনক অৱস্থাত হাস্পতাললৈ আনিবলগীয়া হয়, তাৰ পিছত তেওঁক আমি জীয়াই তুলিব নোৱাৰো৷ গাঁৱৰ আশে-পাশে আন্তঃগাঁথনি ঠিক কৰা, অক্সিজেনৰ যোগান পৰ্যাপ্ত কৰা ইত্যাদি দিশবোৰ আমি চাব লাগিব৷
আমাৰ সকলোৰে লক্ষ্য হ’ব লাগিব মৃত্যুৰ হাৰ ১শতাংশৰ তললৈ অনা৷ এই ক্ষেত্ৰত আমি যিমানে গুৰুত্ব দিম, পৰিস্থিতি সিমানে উন্নত হ’ব৷ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সজাগতা অভিযান কেতিয়াও যাতে কম নহয়৷ ক’ৰোনাৰ পৰা ৰক্ষা কৰাৰ বাবে যি জৰুৰী বাৰ্তা আছে, সেইবোৰৰ জৰিয়তে সমাজক জড়িত কৰি ৰাখিব লাগিব৷ যিদৰে পূৰ্বতে প্ৰতিটো সংগঠন, প্ৰতিগৰাকী প্ৰভাৱশালী ব্যক্তিক আমি নিয়োজিত কৰিছিলো, তেওঁলোকক পুনৰ সক্ৰিয় কৰিব লাগিব৷
বন্ধুসকল,
আমি ভালদৰে জানে যে ক’ৰোনাৰ ভেকচিনক লৈ আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কি কি খবৰ আহি আছে৷ দেশত লগতে বিশ্ব পৰ্যায়ত কেইবাটাও ভেকচিনৰ পৰীক্ষণ অন্তিম পৰ্যায়ত উপনীত হৈছে৷ ভাৰত চৰকাৰে এই বিষয়টো অতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে৷ কিন্তু এইটো নিশ্চিত হোৱা নাই যে ভেকচিন এটা ড’জ হ’বনে, দুই বা তিনিটা হ’ব৷ ইয়াৰ মূল্য কিমান হ’ব সেয়াও নিৰ্ধাৰিত হোৱা নাই৷
বন্ধুসকল,
অৰ্থাৎ এতিয়াও এই দিশবোৰৰ সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰ আমাৰ ওচৰত নাই৷ কাৰণ, যিসকলে এইবোৰ প্ৰস্তুত কৰিব, বিশ্বৰ যিধৰণৰ কৰ্প’ৰেট বিশ্ব আছে, তেওঁলোকৰো প্ৰতিযোগিতা হৈছে৷ বিশ্বৰ দেশসমূহৰ নিজৰ নিজৰ কূটনৈতিক স্বাৰ্থ আছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিও আমি অপেক্ষা কৰিব লগা হয়, তেতিয়া আমি এই দিশবোৰৰ বৈশ্বিক পৰ্যায়তো আগুৱাই নিব লাগিব৷ আমি ইণ্ডিয়া ডেভেলপাৰ্ছ আৰু নিৰ্মাতাসকলৰ সৈতেও সম্পৰ্ক সম্পৰ্ক ৰক্ষা কৰি আছো৷ ইয়াৰ উপৰি বিশ্ব নিয়ন্ত্ৰকৰ দৰে অন্যান্য দেশৰ চৰকাৰ, বহুপাক্ষিক প্ৰতিষ্ঠানৰ লগতে আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ সৈতে যিমান পাৰি সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ কৰিছো৷
বন্ধুসকল,
ক’ৰোনাৰ বিৰুদ্ধে আমাৰ যুঁজৰ আৰম্ভণিৰে পৰা প্ৰতিগৰাকী দেশবাসীৰ জীৱন ৰক্ষাত সৰ্বাধিক অগ্ৰাধিকাৰ দিছো৷ এতিয়া ভেকচিন অহাৰ পাছতো আমাৰ অগ্ৰাধিকাৰ একেই থাকিব, যাতে সকলোৱে ভেকচিন লাভ কৰে৷ এই ক্ষেত্ৰত কোনো বিবাদ থাকিব নালাগিব৷ কিন্ত ক’ৰোনা ভেকচিনৰ সৈতে জড়িত ভাৰতৰ এই অভিযান, আমাৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে একপ্ৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতিৰ দৰে৷
ইমান বৃহৎ টিকাকৰণ অভিযান মসৃণ, পদ্ধতিগত আৰু সুস্থিৰ হোৱাৰ লগতে ই দীৰ্ঘদিন ধৰি চলিব, সেইবাৰে আমি সকলোৱে, প্ৰতিখন চৰকাৰ, প্ৰতিটো সংগঠনে একেলগ হৈ সমন্বয়েৰে এটা টীমৰ দৰে কাম কৰিব লাগিব৷
বন্ধুসকল,
ভেকচিনক লৈ ভাৰতৰ যিধৰণৰ অভিজ্ঞতা আছে, সেয়া বিশ্বৰ ডাঙৰ ডাঙৰ দেশৰে নাই৷
আমাৰ বাবে গতি যিমান প্ৰয়োজন, একেদৰে সুৰক্ষাও প্ৰয়োজন৷ ভাৰতে, ইয়াৰ নাগৰিকসকলক যি ভেকচিনেই নিদিয়ক কিয়, সেয়া বৈজ্ঞানিক মানসম্পন্ন হয়৷ একেদৰে বিতৰণৰ কামো আমি সকলো ৰাজ্যই একেলগ হৈ কৰি আছো৷
ভেকচিনৰ অগ্ৰাধিকাৰ কাক দিয়া হ’ব, সেইবিষয়েও এখন ছবি আমাৰ সন্মুখত ধৰা দিছে, বিশ্ব স্বাস্থ্য সংস্থাই যিদৰে ক’ব, সেই নিৰ্দেশনা মানি চলাটো ভাল৷ কিন্তু এই সিদ্ধান্ত আমি সকলোৱে মিলি গ্ৰহণ কৰিম৷ ইয়াৰ বাবে অতিৰিক্ত শীতল ভাণ্ডাৰৰো প্ৰয়োজন হ’ব৷
মই ভাৱো ৰাজ্যসমূহে এই সুবিধা গঢ় দিয়াৰ কাম আৰম্ভ কৰা উচিত৷ ক’ত ক’ত এই কাম সম্ভৱ, তাৰ মাপকাঠি কি হ’ব ইত্যাদি৷ প্ৰয়োজন হ’লে অতিৰিক্ত যোগানো সুনিশ্চিত কৰা হ’ব৷ এই বিস্তৃত পৰিকল্পনা আমি ৰাজ্য চৰকাৰসমূহৰ সৈতে মিলি কৰিব৷ এই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ধাৰাবাহিকভাৱে আলোচনা হৈ আছে৷
কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক কিছু সময়ৰ পূৰ্বে আহ্বান জনাইছিলো যে ৰাজ্যিক পৰ্যায়ত এক তদৰ্থ কমিটী তথা ৰাজ্য আৰু জিলা পৰ্যায়ত এক টাস্ক ফ’ৰ্চ গঠন কৰা আৰু মই বিচাৰো যে খণ্ড পৰ্যায়তো যিমান ক্ষিপ্ৰতাৰে ব্যৱস্থা গঢ় দিব পৰা যায় দিয়া উচিত৷ এই কমিটীসমূহৰ নিয়মীয়া বৈঠক হওক, আলোচনা হওক, প্ৰশিক্ষণ, নিৰীক্ষণ ইত্যাদি কামবোৰ আৰম্ভ হওক৷
মই কৈছো যে ভেকচিনৰ মূল্য এতিয়াও নিশ্চিত হোৱা নাই৷ ভাৰতত দুটা ভেকচিন এতিয়াও পৰীক্ষামূলক অৱস্থাতে আছে৷ কিন্তু বৰ্হি ৰাষ্ট্ৰৰ সৈতে লগ হৈ আমাৰ মানুহে কাম কৰি আছে৷ বিশ্বত যি ভেকচিন নিৰ্মাণ কৰা হৈছে, সেয়াও নিৰ্মাণৰ বাবে ভাৰতৰ জনতাৰ সৈতে, কোম্পানীৰ সৈতে আলোচনাৰ মাধ্যমত কৰি থকা হৈছে৷
আমি সমাজ জীৱনৰ কথা চিন্তা কৰো, কিন্ত আমি সকলোৱে জানো যে আমি কোনো বৈজ্ঞানিক নহয়৷ আমি ইয়াৰ বিশেষজ্ঞ নহয়৷ আমি বিশ্বত যি ব্যৱস্থাৰ অধীনত যিবোৰ সামগ্ৰীয়েই আহে, অৱশেষত সেয়া মানি ল’বলগীয়া হয়৷ তাক মানি লৈয়ে আমি আগুৱাই যাম৷ কিন্তু মই আপোনালোকক আহ্বান জনাও যে যি যোজনাই নহওক কিয়, বিশেষকৈ ভেকচিনৰ ক্ষেত্ৰত কিদৰে আপোনালোকে ইয়াৰ বিতৰণৰ একেবাৰে প্ৰান্তীয় লোকজনৰ ওচৰলৈ লৈ যাব৷ আপোনালোকে ইয়াৰ সবিশেষ যিমান সোনকালে লিখিত ৰূপত প্ৰেৰণ কৰিব, সিমানে সিদ্ধান্ত গ্ৰহণত সুবিধা হ’ব আৰু আপোনালোকৰ চিন্তাধাৰাৰ শক্তিও ইয়াতে নিহিত থাকিব৷ সেইবাবে মই বিচাৰো যে আপোনালোকে অতি সক্ৰিয়ভাৱে সেই কাম কৰিব৷
কিন্তু মই প্ৰথমতেই ক’লো যে ভেকচিন এটা স্থানত আছে, তেওঁলোক কাম কৰিব৷ কিন্ত ক’ৰোনাৰ বিৰুদ্ধে যুঁজত অলপো শিথিল নকৰিব বুলি মই অনুৰোধ জনালো৷
আজি তামিলনাডু আৰু পুডুচেৰীৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পতাৰ মই সুযোগ পালো৷ অন্ধ্ৰপ্ৰদেশলৈ পুৱা ফোন কৰিব নোৱাৰিলো৷ এক ঘূৰ্ণীবতাহ আমি পূব উপকূলত সক্ৰিয় হৈছে৷ সেয়া কাইলৈ তামিলনাডু, পুডুচেৰী আৰু অন্ধ্ৰপ্ৰদেশৰ কেতবোৰ অঞ্চলত প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে৷ ভাৰত চৰকাৰৰ সকলো টীম সক্ৰিয় হৈ আছে, সকলো তালৈ গৈছে৷
মই আজি দুগৰাকী আদৰণীয় মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিছো, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে আজি ইয়াৰ পাছতে কথা পাতিম৷ কিন্তু ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰ মিলি এতিয়া প্ৰথম কাম হৈছে সেইবোৰ খালী কৰা আৰু জনসাধাৰণক ৰক্ষা কৰা৷
পুনৰবাৰ মই আপোনালোক সকলোৰে প্ৰতি কৃতজ্ঞতা জনাইছো৷ আপোনালোকে যাতে শীঘ্ৰে এই তথ্যবোৰ প্ৰেৰণ কৰে, তাকে আশা কৰিলো৷
ধন্যবাদ৷
****
DS/AJ/VK/AK/DB
Interaction with Chief Ministers on COVID-19. https://t.co/lw3b6vQwRc
— Narendra Modi (@narendramodi) November 24, 2020
Discussed various aspects relating to the COVID-19 situation, including further ramping up of health infrastructure and ensuring vaccination to our citizens, during the interaction with CMs earlier today. https://t.co/lLs8auUQN1
— Narendra Modi (@narendramodi) November 24, 2020