Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কলকাতাত পদপিষ্ট হৈ কেইবাজনো লোকৰ প্ৰাণহানি ঘটা ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

কলকাতাত পদপিষ্ট হৈ কেইবাজনো লোকৰ প্ৰাণহানি ঘটনাৰ  ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে এই ঘটনাক অত্যন্ত দুখজনক বুলি অভিহিত কৰে। তেওঁ নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে পশ্চিমবংগ চৰকাৰে ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকলো প্ৰকাৰে সহায় আগবঢ়াইছে। প্ৰধানমন্ত্ৰীয়ে এই ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । আনহাতে, আহতসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্স যোগে  প্ৰকাশ কৰা এটা বাৰ্তাত উল্লেখ কৰে

” কলকাতাত সংঘটিত  পদপিষ্টৰ  ঘটনাটো অত্যন্ত মৰ্মান্তিক। এই দুৰ্ভাগ্যজনক ঘটনাত আপোনজনক হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে সমবেদনা প্ৰকাশ কৰিছে আৰু আহতসকলৰ অতি সোনকালে আশু আৰোগ্য কামনা কৰিছে। লগতে স্থানীয় প্ৰশাসনে ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো ধৰণে  সহায় আগবঢ়াই  আছে।”

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে পিএমএনআৰএফৰ পৰা

“নিহতসকলৰ প্ৰত্যেকৰে আত্মীয়ক ২ লাখ টকাকৈ সাহায্য  দিয়া হ’ব।আহতসকলক  ৫০ হাজাৰ টকাকৈ দিয়া হ’ব।”

ঘটনাটোক লৈ গভীৰ দুখ প্ৰকাশ কৰি শ্ৰী মোদীয়ে এক্সত লিখিছে;

” কলকাতাত সংঘটিত  পদপিষ্টৰ  ঘটনাটো অত্যন্ত মৰ্মান্তিক। এই দুৰ্ভাগ্যজনক ঘটনাত আপোনজনক হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে সমবেদনা প্ৰকাশ কৰিছে আৰু আহতসকলৰ অতি সোনকালে আশু আৰোগ্য কামনা কৰিছে। লগতে স্থানীয় প্ৰশাসনে ঘটনাটোৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো ধৰণে  সহায় আগবঢ়াই  আছে।”

*************

MJPS/SS/STDM