পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিল্লী যক্ষ্মা ৰোগ নিৰ্মূলকৰণ সন্মিলনৰ উদ্বোধন কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়, বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া মাণ্ডলিক কাৰ্যালয়(SEARO) আৰু যক্ষ্মা প্ৰতিৰোধ বিভাগে যুটীয়াভাৱে সন্মিলনখনি আয়োজন কৰিছে।
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে যক্ষ্মা ৰোগমুক্ত বাৰত অভিযানৰ শুভাৰম্ভ কৰিব। যক্ষ্মা নিৰ্মূলকৰণৰ বাবে ৰাষ্ট্ৰীয় কৌশলগত পৰিকল্পনাক আগবঢ়াই নিয়াৰ বাবে যক্ষ্মামুক্ত ভাৰত অভিযানে কাম কৰিব। যক্ষ্মা নিৰ্মূলকৰণৰ বাবে ৰাষ্ট্ৰীয় কৌশলগত পৰিকল্পনাৰ বাবে পৰৱৰ্তী তিনি বছৰত ১২,০০০তকৈও অধিক ধন ব্যয় কৰা হ’ব, যাৰ দ্বাৰা মানসম্পন্ন ঔষধ, চিকিৎসা আৰু সমৰ্থন আগবঢ়োৱা হ’ব। নতুন ৰাষ্ট্ৰীয় কৌশলগত পৰিকল্পনাই কেইবাটাও দৃষ্টিভংগীক সামৰি লৈছে, যাৰ লক্ষ্য হৈছে সকলো যক্ষ্মা ৰোগীক চিনাক্ত কৰি তেওঁলোকক সময়মতে উপযুক্ত চিকিৎসা আগবঢ়োৱা।
প্ৰধানমন্ত্ৰীয়ে ২০২৫ চনৰ ভিতৰত দেশৰ পৰা যক্ষ্মা নিৰ্মূলকৰণৰ আহ্বান জনাই সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা আঁচনিক নতুনকৈ কাৰ্যকৰী কৰাত গুৰুত্ব দিছে। উল্লেখ্য যে ১৯৯৭ চনৰ পৰা বৰ্তমানলৈকে ২ কোটিতকৈ অধিক ৰোগীক চিকিৎসা আগবঢোৱা হৈছে।
***
AKT/SK/DB