Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলন,২০১৮ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী, শুকুৰবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত উদ্বোধন কৰিব ২০১৮ বৰ্ষৰ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলন৷ এই সন্মিলন হ’ল শক্তি আৰু সম্পদ প্ৰতিষ্ঠান(টিইআৰআই)ৰ ফ্লেগশ্বিপ ফ’ৰাম আৰু ই বহনক্ষম উন্নয়ন, শক্তি আৰু পৰিৱেশ খণ্ডৰ গোলকীয় নেতা তথা চিন্তাবিদসকলক এক উমৈহতীয়া মঞ্চত একলগ কৰিব বিচাৰে৷

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু বতৰ পৰিৱৰ্তন মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী শ্ৰী সুৰেশ প্ৰভু, কেন্দ্ৰীয় ৰাজ্যিক গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদ্বীপ পুৰী, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী জয়ন্ত সিনহাকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি সন্মিলনত উপস্থিত থাকিব৷

এই বৰ্ষৰ সন্মিলনৰ বিষয়বস্তু হ’ল—‘এটি প্ৰাণোচ্ছল গ্ৰহৰ বাবে সহযোগিতা’৷বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনে বতৰ পৰিৱৰ্তনৰ পটভূমিত উন্নয়নশীল অৰ্থনীতিসমূহে সন্মুখীন হোৱা কিছুমান অতি গুৰুতৰ প্ৰত্যাহ্বানৰ সমাধান সূত্ৰ বিচাৰে৷ ভূমি হ্ৰাসৰ মোকাবিলা কৰা, কাৰ্যকৰী জাৱৰ ব্যৱস্থাপনা প্ৰক্ৰিয়া, বায়ু প্ৰদূষণ ৰোধ, সম্পদ আৰু শক্তিৰ দক্ষতা বৃ্দ্ধি আদিৰ দৰে বিভিন্ন বিষয়সমূহো সন্মিলনত উত্থাপিত হ’ব৷

বিশ্ব বিভিন্ন দেশৰ নীতি নিৰ্ধাৰক, গৱেষক, চিন্তাবিদ, কূটনীতিবিদ আৰু কৰ্প’ৰেটকে ধৰি প্ৰায় ২০০০ প্ৰতিনিধিয়ে সন্মিলনত ভাগ ল’ব৷ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় বক্তাই পৰিৱেশ বিষয়ক বিভিন্ন দিশ আলোকপাত কৰিব৷ উল্লেখ্য যে শক্তি আৰু সম্পদ প্ৰতিষ্ঠানে(টিইআৰআই)নতুন দিল্লীত ১৫,১৬ আৰু ১৭ ফেব্ৰুৱাৰীত ইয়াৰ ফ্লেগশ্বিপ ফ’ৰাম বিশ্ব বহনক্ষম উন্নয়ন সন্মিলন,২০১৮ আয়োজন কৰিছে৷

****

AKT/HS/MS