পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত “কাৰিকৰী আভ্যন্তৰীণ প্ৰশিক্ষণ কাৰ্যসূচী (TITP)” সন্দৰ্ভত ভাৰত আৰু জাপানৰ মাজত প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনোৱা হয়।
অহা ১৬-১৮ অক্টোবৰ, ২০১৭ত দক্ষতা বিকাশ আৰু ঔদ্যোগিক মন্ত্ৰীৰ টকিঅ’ ভ্ৰমণৰ সময়তে এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হ’ব। কাৰিকৰী আভ্যন্তৰীণ প্ৰশিক্ষণ কাৰ্যসূচী হৈছে এক অভিলাষী কাৰ্যসূচী, যাৰ অধীনত তিনিৰ পৰা পাঁচ বছৰৰ বাবে ভাৰতীয় কাৰিকৰী প্ৰশিক্ষাৰ্থীক জাপানলৈ প্ৰশিক্ষণ গ্ৰহণৰ বাবে পঠোৱা হ’ব। এই বুজাবুজি চুক্তিখনে দুয়ো দেশৰ দ্বিপাক্ষিক সহযোগিতাৰ লগতে দক্ষতা বিকাশৰ পথ সুগম কৰিব।
***
AKT/VBA/SH/DB