Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেন্দ্রীয় তালিকাত থকা অন্যান্য পিছপৰা শ্রেণীৰ মাজত আৰু উপ-শ্রেণী বিভাজনৰ বিষয়সমূহ চালি-জাৰি চাবলৈ সংবিধানৰ ৩৪০ নং ধাৰা অনুসৰি গঠিত আয়োগৰ কার্যকালৰ ম্যাদ বৃদ্ধিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত কেন্দ্রীয় তালিকাত থকা অন্যান্য পিছপৰা শ্রেণীৰ মাজত আৰু উপ-শ্রেণী বিভাজনৰ বিষয়সমূহ চালি-জাৰি চাবলৈ সংবিধানৰ ৩৪০ নং ধাৰা অনুসৰি গঠিত আয়োগৰ কার্যকালৰ ম্যাদ ২০১৯ৰ ৩১ জুলাইৰ পৰিৱৰ্তে ২০২০ চনৰ ৩১ জানুৱাৰীলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়৷

লাভালাভঃ

প্ৰস্তাৱিত ম্যাদ বৃদ্ধিৰ সিদ্ধান্তৰ ফলত অন্যান্য পিছপৰা শ্রেণীৰ মাজত আৰু উপ-শ্রেণী বিভাজনৰ বিষয়সমূহকলৈ সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে আলাপ-আলোচনাৰ যিমানেই সুযোগ পাব, সিমানেই এক সুসংবদ্ধ প্ৰতিবেদন জমা দিয়াৰ ক্ষেত্রতো পর্যাপ্ত সময় পাব৷

*******

VRRK/PK/SH/DB