Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটে এফএচিটিৰ ৪৮১.৭৯ একৰ ভূমি কেৰেলা চৰকাৰক বিক্ৰী তথা বিক্ৰীৰ পৰা প্ৰাপ্ত ধনৰাশি এফএচিটিৰ দ্বাৰা ব্যৱহাৰ কৰাত অনুমোদন জনাইছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নিম্নোল্লিখিত প্ৰস্তাৱসমূহৰ অনুমোদন জনাইছেঃ

. নিম্নোল্লিখিত ধৰণে ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ ত্ৰেভেনকৰ লিমিটেড (এফএচিটি)ৰ ৪৮১.৭৯ একৰ ভূমি কেৰেলা চৰকাৰক বিক্ৰী কৰাঃ

এক কোটি টকা প্ৰতি একৰ ভূমিৰ হিচাপত ১৫০ একৰ ভূমি (তাৰ পৰিৱৰ্তে কেৰেলা চৰকাৰে এফএচিটিক ১৪৩.১১ একৰ ভূমিৰ সম্পূৰ্ণ মালিকীস্বত্ব প্ৰদানত সহমত হৈছে) তথা এৰ্নাকুলামৰ জিলাধিপতিৰ দ্বাৰা নিৰ্ধাৰিত ২.৪৭৫৮ কোটি টকা প্ৰতি একৰ ভূমি হিচাপত অৱশেষ ৩৩১.৭৯ একৰ ভূমি৷

. বিক্ৰীৰ পৰা প্ৰাপ্ত ধনৰাশিৰ ব্যৱহাৰ এফএচিটিৰ দ্বাৰা কাৰ্যকৰী পুঁজিৰ অভাৱ কম কৰাৰ সমাধান কৰাত, বেলেঞ্চ শ্বীটৰ সংশোধনত কৰা হব আৰু কোম্পানীৰ সামূহিক বিকাশৰ বাবে ক্ষমতা বিস্তাৰ পৰিযোজনাসমূহ লাগু কৰি কোম্পানীৰ বাস্তৱিক আৰু বিত্তীয় পৰিস্থিতিৰ বৃদ্ধিত ব্যৱহাৰ কৰা হব৷

মুখ্য প্ৰভাৱঃ

এই অনুমোদনৰ দ্বাৰা এফএচিটিৰ বেংকৰ ঋণ কম কৰি তথা উৰ্বৰতা উৎপাদন ক্ষমতা বৃদ্ধিত সহায়ক হব৷ ইয়াৰ জৰিয়তে উৰ্বৰতা উৎপাদন ক্ষমতা বৃদ্ধি আৰু লজিষ্টিক/কেঁচামালৰ সুবিধা উন্নত কৰাৰ বাবে পৰিযোজনা প্ৰণয়ন কৰাত সহায়ক হব৷

লাভঃ

এফএচিটিক পুৰ্নজ্জীৱিত কৰাৰ দ্বাৰা কোম্পানীৰ বিস্তাৰ আৰু বৈচিত্ৰতাৰ অৱকাশ উৎপন্ন হব আৰু প্ৰত্যক্ষ তথা পৰোক্ষ নিয়োজন সৃষ্টিত সহায়ক হব৷ ইয়াৰ দ্বাৰা কেৰেলাৰ অৰ্থৱ্যৱস্থা উন্নত হব আৰু দক্ষিণ ভাৰতৰ বাবে উৰ্বৰতা উপলব্ধতাৰ উত্তৰণ হব৷ ৰসায়নৰ ওপৰত নিৰ্ভৰতা কম হোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিদেশীৰ মুদ্ৰাৰ ভাণ্ডাৰ বৃদ্ধি হব আৰু খাদ্য সুৰক্ষাৰো উত্তৰণ হব৷ ভূমি বিক্ৰী কাৰ্যৰ নিৰীক্ষণৰ বাবে নিৰ্ধাৰিত সময় সীমা অন্তৰ্ভুক্ত কৰাৰ জৰিয়তে ভূমি বিক্ৰীৰ পিছৰ কাৰ্যপ্ৰণালীত ব্যৱস্থাপনাৰ দায়িত্ব সুনিশ্চিত হব৷ ইউনিটে ইতিমধ্যেই ফীডষ্টকৰ হিচাপত স্বচ্ছ এলএনজিক আদৰণি জনাইছে যাৰ জৰিয়তে ইয়াৰ শক্তি সক্ষমতা আৰু পৰিবেশ অনুকূলতাৰ উত্তৰণ হব৷

*************

VRRK/PK/SH /MANN