Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক মহাৰ্ঘ ভাট্টা আৰু পেঞ্চনাৰসকলক মহাৰ্ঘ সাহায্যৰ অতিৰিক্ত কিস্তি মুকলি কৰিবলৈ অনুমোদন জনাইছে, যি ০১.০৭.২০২২ তাৰিখৰ পৰা হ’ব কাৰ্যকৰী হ’


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেবিনেটে ২০২২ চনৰ জুন মাহত সমাপ্ত হোৱা সময়ছোৱাত সৰ্বভাৰতীয় উপভোক্তা মূল্য সূচকৰ ১২ মাহিলী গড় বৃদ্ধিৰ শতাংশ বৃদ্ধিৰ ওপৰত ভিত্তি কৰি ০১.০৭.২০২২ তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ৪%  মহাৰ্ঘ ভাট্টাৰ অতিৰিক্ত কিস্তি মুকলি কৰিবলৈ অনুমোদন জনাইছে।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ক্ৰমান্বয়ে অধিক পৰিমাণৰ মহাৰ্ঘ ভাট্টা আৰু মহাৰ্ঘ  সাহায্য লাভ কৰিব, অৰ্থাৎ ০১.০৭.২০২২ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মহাৰ্ঘ ভাট্টা বৃদ্ধিৰ বাবে অতিৰিক্ত বিত্তীয় প্ৰভাৱ বছৰি ৬,৫৯১.৩৬ কোটি টকা আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ৪,৩৯৪.২৪ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে (অৰ্থাৎ জুলাই ২০২২ৰ পৰা ফেব্ৰুৱাৰী ২০২৩ লৈ ৮ মাহৰ বাবে)।

পেঞ্চনাৰসকলৰ বাবে মহাৰ্ঘ সাহায্যৰ এই বৃদ্ধিৰ বাবে অতিৰিক্ত বিত্তীয় প্ৰভাৱ বছৰি ৬,২৬১.২০ কোটি টকা আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ৪,১৭৪.১২ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে  (অৰ্থাৎ জুলাই ২০২২ ৰ পৰা ফেব্ৰুৱাৰী ২০২৩ লৈ ৮ মাহৰ বাবে)।

মহাৰ্ঘ ভাট্টা আৰু মহাৰ্ঘ সাহায্য দুয়োটাৰ বাবে ৰাজকোষৰ ওপৰত সম্মিলিত প্ৰদান বছৰি ১২,৮৫২.৫৬ কোটি টকাৰ হ’ব; আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ৮,৫৬৮.৩৬ কোটি টকা হ’ব (অৰ্থাৎ জুলাই ২০২২ ৰ পৰা ফেব্ৰুৱাৰী ২০২৩ লৈ ৮ মাহৰ বাবে)।

 

***

DS/MANN