Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটৰ নতুন দিল্লীস্থিত ফিজিৰ উচ্চাযুক্তক আৱণ্টিত ভূমিৰ বাবে বাণিজ্যিক দৰৰ পৰা মুক্তিত অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি নতুন দিল্লীৰ চাণক্যপুৰীস্থিত ফিজিৰ উচ্চাযুক্তক আৱণ্টিত ভূমি সংখ্যা ৩১-বি, ২৮০০ বৰ্গফুটৰ ভূমিৰ বাবে বাণিজ্যিক দৰ আদায় কৰাৰ পৰা ৰেহাই প্ৰদান কৰিছে আৰু ঠিক একেদৰে ফিজিৰ সুভাস্থিত ভাৰতীয় উচ্চায়ুক্তৰ বাবেও একেই নিয়ম আৰু চৰ্ত প্ৰণয়ন কৰা হৈছে৷

পৃষ্ঠভূমিঃ

২০১৫ চনৰ আগষ্ট মাহত চৰকাৰে ফিজিৰ সুভাস্থিত ভাৰতীয় উচ্চায়ুক্ত নিৰ্মাণৰ বাবে ৬৬৯৫ বৰ্গমিটাৰৰ ভুখণ্ড প্ৰদান কৰিছিল যাৰ লীজৰ সময়সীমা ৯৯ বছৰলৈ আছিল আৰু প্ৰতি বৰ্ষতে ইয়াৰ ভাৰা ১০০ ফিজি ডলাৰ নিৰ্ধাৰণ কৰা হৈছিল৷ ভাৰাৰ মূল্যায়ন প্ৰতি পাঁচ বছৰৰ পিছত কৰা হয়৷ ফিজিৰ সৈতে দ্বিপাক্ষিক সম্বন্ধৰ বিশেষ প্ৰকৃতি পৰিলক্ষিত কৰি ফিজি উচ্চায়ুক্তক আৱণ্টিত ভূমিৰ বাণিজ্যিক দৰৰ পৰা ৰেহাই দিয়া হৈছে৷

****

AKT/VBA/SH/MANN