Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটৰ নতুন দিল্লীৰ নাজাফগড়ত ১০০খন বিচনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ নিৰ্মাণ তথা পৰিচালনাৰ বাবে অনুমোদন প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নতুন দিল্লীৰ নাজাফগড়ত গ্ৰামীণ স্বাস্থ্য প্ৰশিক্ষণ কেন্দ্ৰ (আৰএছটিচি)ত প্ৰায় ৯৫ কোটি টকাৰ আনুমানিক ব্যয়ৰে ১০০খন বিচনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ নিৰ্মাণ তথা পৰিচালনাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷

এই যোজনাৰ পৰিকল্পনা দুই বছৰ পূৰ্বে নাজাফগড়ৰ নিকটৱৰ্তী ৭৩ খন গাঁৱৰ ১৩.৬৫ লাখ স্থানীয় লোকৰ স্বাস্থ্য সুবিধা উপলব্ধ কৰোৱাৰ বাবে ১০০খন বিচনাযুক্ত চিকিৎসালয় স্থাপনৰ বাবে কৰা হৈছিল৷

এই চিকিৎসালয়ত ৰক্ত বেংক, নিদানিক সেৱা, বহিঃ ৰোগী বিভাগ (অ’পিডি)সহিতে ঔষধ, অৱছটেট্ৰিকছ আৰু গাইন’ক’ল’জী, পেডিয়াট্ৰিকছ আৰু অস্ত্ৰোপচাৰত চাৰিটা মুখ্য ক্লিনিকেল সেৱা উপলব্ধ হ’ব৷ ইয়াত সাধাৰণ ঔষধ, অস্ত্ৰোপচাৰ, ডেণ্টেল, ইএনটি, অপথেলম’ল’জী, অডিঅ’মেট্ৰী আৰু পেডিয়াট্ৰিক সেৱা অ’পিডিৰ সঞ্চালনৰ বাবে ৩০জন চিকিৎসক, ৪০ গৰাকী নাৰ্চ আৰু ৫০ত কৈও অধিক সহায়ক স্বাস্থ্য সেৱা কৰ্মচাৰী থাকিব৷

এই চিকিৎসালয়ত স্থানীয় লোক বিশেষকৈ মহিলা আৰু শিশুৰ বাবে স্বাস্থ্য সুবিধা প্ৰাপ্ত হোৱাটো নিশ্চিত কৰা হ’ব৷ এই পৰিক্ষেত্ৰত জনসাধাৰণক শিশু আৰু মাতৃত্ব সেৱা, ট্ৰ’মা সেৱা আৰু প্ৰাথমিক নিদান, থেৰাপিউটিক, প্ৰতিৰোধী তথা আৰোগ্যক্ষম সেৱাও উপলব্ধ কৰোৱা হ’ব৷

এই চিকিৎসালয়ৰ সকলো বিভাগ আৰু পৰ্যাপ্ত মানৱ সংসাধনৰ সৈতে মে’ ২০২০ পৰ্যন্ত সম্পূৰ্ণৰূপে সঞ্চালিত হোৱাটো আশা প্ৰকাশ কৰা হৈছে৷

*****

AKT/VBA/SH/MANN