Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটৰ ব্ৰিকছ ইণ্টাৰবেংক কো-অপাৰেচন মেকানিজমৰ অধীনত এগজিম বেংকৰ দ্বাৰা ডিজিটেল অৰ্থব্যৱস্থাৰ বিকাশৰ সন্দৰ্ভত ডিস্ট্ৰিবিউটেড লেজাৰ এণ্ড ব্লে’ক চেইন টেকন’ল’জীৰ ওপৰত সহযোগিতামূলক গৱেষণাৰ বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ব্ৰিকছ ইণ্টাৰবেংক কোঅপাৰেচন মেকানিজমৰ অধীনত এগজিম বেংকৰ দ্বাৰা ডিজিটেল অৰ্থব্যৱস্থাৰ বিকাশৰ সন্দৰ্ভত ডিস্ট্ৰিবিউটেড লেজাৰ এণ্ড ব্লেক চেইন টেকনজীৰ ওপৰত সহযোগিতামূলক গৱেষণাৰ বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন জনাইছে৷ ইয়াৰ সহযোগী সদস্যৰ বেংকসমূহত বেংকো নেছনেল ডে ডেছেনভলভিমেণ্টইকনমিকই ছচিয়েল (বিএনডিইএছ, ব্ৰাজিল), চাইনা ডেভেলপমেণ্ট বেংক (চিডিবি), ষ্টেট কোঅপাৰেচন বেংক ফৰ ডেভেলপমেণ্ট এণ্ড ফৰেইন ইকনমিক এফেয়াৰ্ছ (ৱেশ্বেংকমবেংক, ৰাছিয়া) আৰু ডেভেলপমেণ্ট বেংক অৱ ছাউডাৰ্ণ আফ্ৰিকা (ডিবিএছএ)ও অন্তৰ্ভুক্ত আছে৷

মুখ্য প্ৰভাৱঃ

ডিস্ট্ৰিবিউটেড লেজাৰ এণ্ড ব্লেক চেইন টেকনজীত ব্ৰিকছ দেশসমূহৰ বিত্তীয় ক্ষেত্ৰত থকা সমগ্ৰ প্ৰত্যাহ্বানসমূহৰ সমাধান লাভ কৰাৰ সম্ভাৱনা আছে৷ এই এমঅইউৰ উদ্দেশ্য সেই সম্বন্ধীয় কাৰ্যসমূহ পৰিচালনাৰ ক্ষেত্ৰত সংযুক্ত অনুসন্ধান প্ৰয়াসৰ জৰিয়তে ডিস্ট্ৰিবিউটেড লেজাৰ এণ্ড ব্লেক চেইন টেকনজী উন্নত ধৰণে প্ৰাপ্ত কৰা যত পৰিচালনা কুশলতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে প্ৰণয়ন কৰাৰ সম্ভাৱনা আছে৷

পৃষ্ঠভূমিঃ

ব্ৰিকছ নেতাসমূহৰ দ্বাৰা ডিজিটেল অৰ্থব্যৱস্থাত চীনত হস্তাক্ষৰিত ছিয়ামেন ঘোষণা পত্ৰৰ অধীনত ডিজিটেল অৰ্থব্যৱস্থাৰ গুৰুত্বক উদগনি দিয়া হৈছিল৷ লগতে কোৱা হৈছিল যে ব্ৰিকছ দেশসমূহ কিদৰে এই গতিশীল ডিজিটেল অৰ্থব্যৱস্থাৰ লাভ উঠাব পাৰে যাৰ দ্বাৰা তেওঁলোকৰ প্ৰভাৱ বিশ্বজনীন আৰ্থিক বিকাশ পৰ্যন্ত সুনিশ্চিত হয় আৰু তাৰ লাভ যাতে সকলোৱে পাব পাৰে৷ সেই সন্দৰ্ভত ডিস্ট্ৰিবিউটেড লেজাৰ এণ্ড ব্লেক চেইন টেকনজীৰ সহযোগিতামূলক গৱেষণাৰ বাবে এমঅইউত স্বাক্ষৰ কৰা হৈছে৷

 

*****

 

AKT/SH/MANN