পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত যুক্তৰাষ্ট্ৰৰ দ্বাৰা ৭ আগষ্ট ২০১৯ তাৰিখে ছিংগাপুৰ অথবা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া মধ্যস্থতাৰ পৰিণামস্বৰূপে আন্তৰ্জাতিক সমাধান চুক্তিত ইউএন সন্মিলনৰ স্বাক্ষৰত অনুমোদন প্ৰদান কৰিছে৷
লাভঃ
এই চুক্তিৰ স্বাক্ষৰৰ দ্বাৰা বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি হ’ব আৰু বিদেশী বিনিয়োগকাৰীক বৈকল্পিক বিবাদ সমাধানত আন্তৰ্জাতিক প্ৰণালী পালনত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ সৈতে ধনাত্মক বাৰ্তা প্ৰদান কৰিব পৰা হ’ব৷
এডিআৰ প্ৰণালীক উৎসাহিত কৰাৰ পদক্ষেপঃ
ভাৰতত আন্তৰ্জাতিক বাণিজ্য মধ্যস্থতাক উৎসাহ দিয়া প্ৰণালীৰ মধ্যস্থতাৰ বাবে এক ব্যাপক তন্ত্ৰ বিকশিত কৰাৰ বাবে চৰকাৰে এক বিধিগত সংস্থাৰ ৰূপত নতুন দিল্লী আন্তৰ্জাতিক মধ্যস্থতা কেন্দ্ৰ স্থাপন কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ বাণিজ্যিক ন্যায়ালয় অধিনিয়ম, ২০১৫ৰ সংশোধন কৰা হৈছে আৰু মধ্যস্থতা তথা সমাধান অধিনিয়ম, ১৯৯৬ৰ সংশোধনৰ বাবে বিধিগত প্ৰক্ৰিয়া বৰ্তমানে অব্যাহত আছে৷ এই পদক্ষেপসমূহৰ উদ্দেশ্য হ’ল ভাৰতত মধ্যস্থতা আৰু সমাধানৰ এডিআৰ তন্ত্ৰৰ জৰিয়তে ঘৰুৱা আৰু আন্তৰ্জাতিক বাণিজ্যিক বিবাদৰ সমাধানৰ উৎসাহ প্ৰদান কৰা৷
পৃষ্ঠভূমিঃ
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ২০ ডিচেম্বৰ ২০১৮ তাৰিখে মধ্যস্থতা (সন্ধি)ৰ ফলস্বৰূপে আন্তৰ্জাতিক সমাধান চুক্তিত ৰাষ্ট্ৰসংঘৰ সন্মিলনক স্বীকাৰ কৰা হৈছিল৷ এই সাধাৰণ সভাক ৭ আগষ্ট ২০১৯ তাৰিখে ছিংগাপুৰত হ’বলগীয়া এক সমাৰোহত চুক্তিত স্বাক্ষৰ কৰাৰ বাবে অনুমোদন প্ৰদান কৰা হৈছিল আৰু ই ‘‘মধ্যস্থতাৰ ছিংগাপুৰ সন্ধি’’ হিচাপে জনাজাত হ’ব৷
***********
VRRK/PK/SH/MANN