পি এম ইণ্ডিয়া
লোকপালৰ অধ্যক্ষ ন্যায়াধীশ পিনাকি চন্দ্র ঘোষ জী, কেন্দ্ৰীয় সতৰ্কতা আয়ুক্ত শ্রী সুৰেশ এন পেটেলজী, চিবিআই সঞ্চালক শ্রী সুবোধ কুমাৰ জয়ছোৱালজী, সন্মানীয় পেনেলিষ্ট, বিভিন্ন ৰাজ্য আৰু বিভাগৰ জ্যেষ্ঠ বিষয়াসকল, অনুষ্ঠানত উপস্থিত থকা অন্যান্য সন্মানীয় অতিথিসকল, ভদ্র পুৰুষ–মহিলাসকল৷
দুর্নীতিৰ ক্ষেত্রত নতুন নতুন সমস্যাৰ উপযুক্ত সমাধান বিচাৰি উলিওৱাৰ বাবে আপোনালোক সদায়েই চর্দাৰ বল্লভভাই পেটেলৰ সান্নিধ্যত এই মহামন্থন আলোচনা সভাত একত্রিত হৈছে৷ চৰ্দাৰ পেটেলজী সদায় ভাৰতৰ উন্নয়নত, জনগণৰ সৰ্বাংগীন উন্নয়ন আৰু জনহিতকৰ ভেটি গঢ় দিয়াৰ ক্ষেত্রত সুচাৰু প্রশাসনক সৰ্বাধিক অগ্রাধিকাৰ দিছিল৷ এতিয়া আমি ভাৰতৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছো৷ অহা ২৫ বছৰ অর্থাৎ এই অমৃতকালত দেশ আত্মনির্ভৰ ভাৰতৰ ডাঙৰ ডাঙৰ সংকল্পসমূহ বাস্তবায়ন দিশত আগুৱাই গৈছে। আজি আমি ‘সু–প্ৰশাসন’ক এক প্রকাৰ ‘জনতাকেন্দ্ৰিক সু–প্ৰশাসন, সক্ৰিয় প্ৰশাসন’ অর্থাৎ, জনগণৰ স্বার্থত সক্রিয় প্রশাসনক শক্তিশালী কৰাৰ চেষ্টা কৰিছো৷ এনে সময়ত আপোনালোকৰ দৰে সকলো বন্ধুৰ কর্মতৎপৰতা আৰু নিষ্ঠাই চৰ্দাৰ চাহেবৰ আদর্শসমূহ অনুসৰণৰ প্রক্রিয়াক আৰু অধিক শক্তিশালী কৰিব৷
বন্ধুসকল,
আমাৰ শাস্ত্রত কৈছে–
“ন্যায় উলং সুৰাজ্যং স্যাৎ!”
অর্থাৎ, সুশাসন তেতিয়াহে সম্ভৱ, যেতিয়া সকলোৱে ন্যায় পাব, সুবিচাৰ পাব৷ দুর্নীতি সৰুয়েই হওক বা ডাঙৰ, ই যিকোনো এজন লোকৰ অধিকাৰ হৰণ কৰে৷ দুর্নীতিয়ে দেশৰ সাধাৰণ নাগৰিকৰ প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰে, দেশৰ উন্নয়নৰ বাধাস্বৰূপ হৈ উঠে আৰু এতিয়া দেশ হিচাপে আমাৰ সামগ্রিক শক্তিকো প্রভাৱিত কৰে৷ যিবোৰ প্রতিষ্ঠানৰ সৈতে আপোনালোকৰ দৰে সকলো বন্ধুৰ সম্পর্ক, যিবোৰ প্রতিষ্ঠানৰ কান্ধত দুর্নীতিৰূপী অন্যায়ক নিঃশেষ কৰাৰ যথেষ্ট দায়িত্ব আছে৷ আজি আপোনালোকে চৰ্দাৰ পেটেলজীৰ ছত্রছায়াত আৰু মাতা নর্মদাৰ পাৰত নিজৰ সংকল্পসমূহ পুনৰ উচ্চাৰণ কৰিব৷ দেশৰ প্রতি নিজৰ দায়িত্বৰ অনুভৱক নতুন প্রাণশক্তিৰে সঞ্জীৱিত কৰিব৷
বন্ধুসকল,
বিগত ৬–৭ বছৰ ধৰি নিৰৱচ্ছিন্ন প্রচেষ্টাৰ ফলত আমি দেশৰ জনগণৰ মনত এক বিশ্বাস প্রতিষ্ঠা কৰাত সফল হৈছো যে দেশত ক্রমবর্ধমান দুর্নীতিক প্রতিহত কৰাটো সম্ভৱ৷ আজি দেশবাসীয়ে এইটো বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে কোনো উপঢৌকন নিদিয়াকৈ, কোনো দালালৰ সহায় নোলোৱাকৈ চৰকাৰী প্রকল্পসমূহৰ হিতাধিকাৰী হ’ব পাৰে৷ আজি দেশবাসীয়ে এইটো বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে দেশত যিসকলে প্ৰৱঞ্চনা কৰিব, যিসকলে দুখীয়া মানুহক লুন্ঠন কৰিব, তেওঁলোক যিমানেই শক্তিশালী নহওক কিয়, দেশ বা বিশ্বৰ যিকোনো স্থানত গৈ লুকাই নাথাকক কিয়, এতিয়া তেওঁলোকক আৰু ক্ষমা কৰা নহয়, চৰকাৰে তেওঁলোকক আৰু আগৰ দৰে ৰেহাই নিদিয়ে৷
বন্ধুসকল,
আপোনালোকেও জানে যে মানুহৰ মনত এই ভৰসা ইমান প্ৰতিষ্ঠান নহয়৷ আগতে যি ধৰণৰ চৰকাৰ আছিল, আগতে যি ধৰণৰ ব্যৱস্থা আছিল, সেইবোৰ চৰকাৰৰ ৰাজনৈতিক আৰু প্রশাসনিক ইচ্ছাশক্তি– দুয়োটাই অভাৱ আছিল। আজি দেশত দুর্নীতিক প্রহাৰ কৰাৰ ৰাজনৈতিক ইচ্ছাশক্তিও আছে আৰু প্রশাসনিক স্তৰত ক্রমাগত সংস্কাৰো কৰা হৈছে৷
বন্ধুসকল,
আজি একবিংশ শতিকাৰ ভাৰতে আধুনিক ভাৱনা লৈয়ে অত্যাধুনিক প্রযুক্তিক মানৱতাৰ কল্যাণত ব্যৱহাৰ কৰাৰ ওপৰত জোৰ দিছে৷ নিউ ইণ্ডিয়া বা নতুন ভাৰতত এতিয়া ক্রমে উদ্ভাৱন কৰে, উদ্যোগ লয় আৰু কাম কাৰ্যকৰী কৰাটো সুনিশ্চিত কৰে৷ নতুন ভাৰতে এতিয়া দুর্নীতিক আমাৰ সমাজ ব্যৱস্থাৰ অংগ বুলি মানি ল’বলৈ প্ৰস্তুত নহয়। নতুন ভাৰতে স্বচ্ছ ব্যৱস্থা, দক্ষ প্রক্রিয়া আৰু সহজ আৰু গতিশীল প্রশাসন ব্যৱস্থা বিচাৰে৷
বন্ধুসকল,
স্বাধীনোত্তৰ দশকসমূহত দেশত যি শাসন ব্যৱস্থা, যি মানসিকতা গঢ় লৈ উঠিছিল, সেয়া এক ভাৱনাকেন্দ্ৰিক আছিল, সেয়া আছিল চৰকাৰৰ সকলো নিজে ধৰি ৰাখি লাগিব৷ সমগ্ৰ ব্যৱস্থাৰ নিয়ন্ত্রণ চৰকাৰৰ হাতত থাকিব৷ তেতিয়া সকলো চৰকাৰে প্রশাসনৰ সর্বাধিক নিয়ন্ত্রণ নিজৰ হাতত ৰাখিছিল৷ ফলস্বৰূপে, সেই ব্যৱস্থাত বিভিন্ন ধৰণৰ অন্যায় প্রবৃত্তি জন্ম লৈছে। আপোনাৰ ঘৰতে যদি অত্যধিক নিয়ন্ত্রণ কৰে, তেতিয়া নেমু যিমান বেছি চেপিব সিমানে তিতা হৈ যায়, তেনেদৰেই সকলো লেকামবিহীন হৈ যাব পাৰে, পৰিয়ালৰ দৰেই দেশৰ ক্ষেত্রতো অত্যধিক নিয়ন্ত্রণ অতিৰিক্ত ক্ষতি কৰিব পাৰে৷ সেইবাবে আমি দেশবাসীৰ জীৱনত চৰকাৰৰ নাকী লগোৱা কম কৰাৰ প্রক্রিয়াক এক মিচন হিচাপে লৈ কাম কৰিছো৷ আমি চৰকাৰী প্রক্রিয়াসমূহক সৰল কৰি তোলাৰ বাবে ক্রমাগত চেষ্টা কৰি আহিছে৷ চৰকাৰৰ অত্যধিক নিয়ন্ত্রণৰ সলনি ন্যূনতম চৰকাৰ, অধিকতম প্রশাসনত জোৰ দিছো৷
বন্ধুসকল,
আপোনালোক সকলোৱেই জানে যে দেশৰ নাগৰিকসকলক সবলীকৰণ কৰিবলৈ আমি কিদৰে অত্যাধূনিক প্রযুক্তিৰ ওপৰত বিশেষ জোৰ দিছো৷ আজি দেশত যি চৰকাৰ আছে সেই চৰকাৰে দেশৰ নাগৰিকসকলক ভৰসা কৰে৷ নাগৰিকসকলক সন্দেহৰ দৃষ্টিৰে চোৱা নহয়৷ এই ভৰসাই দুর্নীতিৰ পথ বন্ধ কৰিছে। সেইবাবে বিভিন্ন নথিৰ পৰীক্ষণ পৰ্যায় আঁতৰ কৰি দুর্নীতি আৰু অনাৱশ্যক হাৰাশাস্তিৰ পৰা ৰক্ষা কৰাৰ পথ গঢ় দিয়া হৈছে৷ ডিজিটেল প্রযুক্তিৰ জৰিয়তে জন্ম প্রমাণপত্রৰ পৰা আৰম্ভ কৰি পেন্সনৰ বাবে প্রয়োজনীয় জীৱন প্রমাণপত্রলৈকে শতাধিক সেৱা এতিয়া কোনো দালাল অবিহনে প্রদান কৰা হৈছে৷ পূৰ্বতে ‘গ্রুপ–চি’ আৰু ‘গ্রুপ–ডি’ পদত নিয়োগৰ যি সাক্ষাৎকাৰ প্রথা আছিল, সেয়া প্ৰত্যাহাৰ কৰি দুখীয়া আৰু মধ্যবিত্তসকলক দুর্নীতিৰ কৱলৰ পৰা মুক্তি দিয়া হৈছে। ৰন্ধন গেছ চিলিণ্ডাৰ বুকিঙৰ পৰা আৰম্ভ কৰি কৰ প্রদানৰ প্রক্রিয়াক অনলাইন আৰু অজ্ঞাত কৰা হৈছে৷ ফলত, জনসাধাৰণে এই সকলোবোৰ ক্ষেত্রত দীঘলীয়া শাৰী পতাৰ পৰা মুক্তি পাইছে৷ এই দীঘলীয়া শাৰীয়েই আছিল দুর্নীতিৰ এক ডাঙৰ আধাৰ৷
বন্ধুসকল,
‘ট্রাষ্ট এণ্ড টেকনল’জি’ বা ভৰসা আৰু প্রযুক্তিৰ জৰিয়তে দক্ষ প্রশাসন আৰু ‘ইজ অফ ডুয়িং বিজনেছ’ৰ ক্ষেত্রত কিমান প্রভাৱ পৰিছে, সেয়া আপোনালোক সকলোৱে ভালদৰে জানে৷ ‘অনুমতি’ আৰু ‘অনুজ্ঞা’ৰ নামত ব্যৱসায় আৰম্ভ কৰা আৰু বন্ধ কৰাৰ নামত, বেংক ঋণ লোৱা বা ঋণৰ ৰেহাই আৰু ঋণ প্ৰদানলৈকে যিবোৰ অতীতত হৈছিল, দেশে যিমান লোকচানৰ সন্মুখীন হৈছে, সেই সকলোবোৰ এতিয়া ঠিক কৰা হৈছে৷ বিগত বছৰসমূহত শ শ এনে পৌৰাণিক, পৰস্পৰ–বিৰোধী আইনৰ জাল আমি পৰিস্কাৰ কৰিছো৷ সেইবোৰ বাতিল কৰি আজিৰ সমস্যাৱলীৰ নিৰিখত কঠিন আইন প্রণয়ন কৰিছো৷ ইয়াৰ ফলত দেশবাসী উপকৃত হৈছে৷ হাজাৰ হাজাৰ ‘অনুজ্ঞা’ আৰু বিভিন্ন ধৰণৰ ‘এনঅ’চি’, বিভিন্ন ধৰণৰ অনুমতিৰ নামত দুর্নীতিৰ খেলা কিদৰে চলিছিল, সেয়া আপোনালোকৰ ভালদৰে জানে!
বিগত বছৰসমূহত এনে হাজাৰ হাজাৰ ‘অনুজ্ঞা’ বাতিল কৰা হৈছে আৰু আগন্তুক দিনত এনে আৰু হাজাৰ হাজাৰ ‘অনুজ্ঞা’ বাতিল কৰাৰ ইচ্ছা আছে৷ অধিকাংশ অনুমতিক অজ্ঞাত(Faceless) কৰা হৈছে আৰু আত্মসমীক্ষা আৰু আত্মঘোষণাৰ প্রক্রিয়াক ব্যৱসায়ৰ ক্ষেত্রতো উৎসাহিত কৰা হৈছে৷ জিইএম অর্থাৎ, গভর্নমেন্ট ই–মার্কেট প্লেচ আৰম্ভ কৰাৰ ফলত চৰকাৰী ক্রয় ব্যৱস্থা আৰু ই–টেণ্ডাৰিং ব্যৱস্থাত স্বচ্ছতা আহিছে। জটিলতা হ্রাস পাইছে৷ ডিজিটেল ফুটপ্রিন্টছ যিমান বৃদ্ধি পাইছে, আপোনালোকৰ তদন্ত প্রক্রিয়া সিমানেই সহজ আৰু সুবিধাজনক হৈ উঠিছে। শেহতীয়াভাৱে আৰম্ভ কৰা ‘পিএম গতি শক্তি–নেচনেল মাষ্টাৰ প্লেন’ৰ জৰিয়তেও সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত বহু সমস্যাৰ সহজ সমাধান বিচাৰি উলিওৱা হৈছে৷
বন্ধুসকল,
আমি যিমানে অত্যাধূনিক প্ৰযুক্তিৰ জৰিয়তে আগুৱাই গৈছো, সেই সময়ত আপোনালোকৰ দৰে সকলো বন্ধুৰ প্রতি, আপোনালোকৰ দৰে কর্মযোগীসকলৰ প্রতি দেশৰ ভৰসা সিমানেই বৃদ্ধি পাইছে। আপোনালোক সকলোৱে সদায় এটা কথা মনত ৰাখিব লাগিব–ৰাষ্ট্র প্রথম, দেশ সৰ্বপ্ৰথম! আমাৰ কামৰ এটাই মাপকাঠি, সেয়া হ’ল জনহিত, জনগণৰ উন্নয়ন!
যদি আমাৰ সিদ্ধান্তসমূহে এই পৰীক্ষাত উত্তীর্ণ হয়, তেতিয়াহ’লে আমি সদায় দেশৰ প্রত্যেক কর্মযোগীৰ জৰিয়তে সম্পূর্ণ শক্তিৰে ঠিয় হৈ থাকিম৷ চৰকাৰে কঠোৰ আইনৰ পথ বাচি লৈছে। সেইবোৰ ৰূপায়ণ কৰাটো আপোনালোকৰ কাম। কিন্তু আইনৰ শক্তিক সঠিকভাবে ব্যৱহাৰ কৰিবলৈ উৎসাহ আৰু প্রেৰণা যোগোৱাটো সিমানেই প্রয়োজনীয়। কোনেও যেন ক্ষমতাৰ অপব্যৱহাৰ নকৰে, সেইটো চাব লাগিব৷
বন্ধুসকল,
সাধাৰণতে, আপোনালোকৰ কাম তেতিয়াই আৰম্ভ হয়, যেতিয়া সমাজত কোনো দুর্নীতি, কেলেংকাৰী বা অনিয়ম হয়। সেইবাবে আমি আপোনালোকৰ সৈতে আমাৰ এটা চিন্তাধাৰাক ভাগ কৰিব বিচাৰিছো৷ আমি কি প্রতিৰোধমূলক নিৰীক্ষণৰ কাম কৰিব পাৰো? আমি যদি সতর্ক থাকো, সষ্টম থাকো, তেতিয়াহ’লে এই কাম সহজজে কৰিব পাৰো৷ এই প্রতিৰোধমূলক নিৰীক্ষণ আপোনালোকে অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰে নিজৰ অভিজ্ঞতাক কামত লগাই এই ব্যৱস্থাকে আৰু অধিক শক্তিশালী কৰি তুলিব পাৰে৷ প্রতিৰোধমূলক নিৰীক্ষণৰ বাবে সতর্কতা, প্রযুক্তি ব্যৱহাৰৰ জৰিয়তে সৰলতা, স্পষ্টতা আৰু স্বচ্ছতা বৃদ্ধিৰ ক্ষেত্রত আমি যথেষ্ট পৰিৱর্তন আনিব পাৰো৷
বৰ্তমান দেশত বিভিন্ন চৰকাৰী বিভাগ, বেংক, ৰাজহুৱা প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান এই প্রতিৰোধমূলক নিৰীক্ষণ বৃদ্ধিৰ লক্ষ্যৰে কেতবোৰ গুৰুত্বপূর্ণ পদক্ষেপ লৈ সফল হৈছে৷ আমি সকলোৱে এষাৰ কথা শুনি আহিছো–‘প্রিভেনচন ইজ বেটাৰ ডেন কিউৰ’ অর্থাৎ, প্ৰতিকাৰতকৈ প্ৰতিৰোধেই শ্ৰেষ্ঠ৷ আপোনালোকে চেষ্টা কৰিব, এই প্রতিৰোধমূলক নিৰীক্ষণ যেন আপোনালোকৰ কার্যপ্রণালীৰ অংশ হৈ উঠে। ইয়াৰ ফলত আপোনালোকৰ কাম যিমান সহজ হ’ব, সিমানেই দেশৰ সময়, সম্পদ আৰু শক্তি সঞ্চয় হ’ব। মোক জনাইছে কেন্দ্ৰীয় সতৰ্কতা আয়োগে এই প্রতিৰোধমূলক নিৰীক্ষণক অগ্রাধিকাৰ দি তেওঁলোকৰ কর্মপদ্ধতি আৰু নিয়মত যথেষ্ট সংস্কাৰ সাধন কৰিছে। ই–সতর্কতা লৈ তেওঁলোকৰ ৰুল বুকত এক অতিৰিক্ত অধ্যায় যুক্ত কৰা হৈছে৷ যিসকলে অপৰাধ কৰে, তেওঁলোকে প্রতিদিন, প্রত্যেক মাহত নতুন নতুন পদ্ধতি বিচাৰি উলিওৱা হৈছে৷ সেইবাবে আমি সেইবোৰৰ পৰা দুখোজ আগুৱাই থাকিব লাগিব৷
বন্ধুসকল,
আপোনালোকে মনত ৰাখিব লাগিব যে আপোনালোকে এই দেশৰ মাটিৰ বাবে, ভাৰতমাতাৰ বাবে কাম কৰিছে৷ দেশ আৰু দেশবাসীক যিসকলে প্ৰৱঞ্চনা কৰে, তেওঁলোকৰ বাবে দেশত বা বিশ্বৰ ক’তো নিশ্চিন্তমনে থকা স্থান নাথাকে। যি যিমানেই শক্তিশালী নহওক কিয়, সেয়া যদি ৰাষ্ট্রহিত আৰু জনহিতৰ বিৰুদ্ধে আচৰণ কৰে তেতিয়াহ’লে তাৰ বিৰুদ্ধে ব্যৱস্থা লৈ পিছপৰি থকাৰ কোনো প্রয়োজন নাই। আমি প্রত্যেকেই ৰাষ্ট্রহিতৰ বাবে নিজৰ কাম কৰি যাব লাগিব৷ প্রত্যেকেই নিজৰ দায়িত্ব সম্পূর্ণ নিষ্ঠা আৰু সততাৰে পালন কৰিব লাগিব। এটা কথা আমি সকলোৱে মনত ৰাখিব লাগিব যে আমি কোনো লোকক ভয় দেখুৱাই নহয়, বৰঞ্চ দৰিদ্রতম ব্যক্তিৰ মন আৰু মগজুৰ পৰা অহেতুক ভয় দূৰ কৰিব লাগিব। সকলো দ্বিধাবোধ দূৰ কৰিব লাগিব। দুর্নীতিৰ বিৰুদ্ধে দেশৰ যুঁজক প্রতিদিনে আৰু অধিক শক্তিশালী কৰি তুলিবলৈ আপোনালোকৰ সক্রিয় ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। আমি এই যুঁজক কেৱল এজেন্সিসমূহৰ মাজত সীমাবদ্ধ কৰি ৰাখিলে নহ’ব৷ সেইবাবে আজি প্রযুক্তিৰ নেতিবাচক দিশবোৰো সমাধান কৰাটো অতি জৰুৰী৷ যেনেকৈ কোনো তলা ফুলপ্রুফ নহয়, চতুৰ চোৰে ইয়াৰ চাবি বনাই পেলাব পাৰে, তেনেদৰে প্রযুক্তিতে পাকৈত অপৰাধীসকলেও প্রযুক্তিৰ নেতিবাচক দিশবোৰ কামত লগাই দুর্নীতিৰ পথ বিচাৰি লয়। শক্তিশালী ডিজিটেল প্ৰশাসনৰ লগতে চাইবাৰ ক্রাইম আৰু চাইবাৰ অপৰাধো দৈনন্দিন এক ডাঙৰ সমস্যা হিচাপে আমাৰ টোপনি কাঢ়ি নিছে৷ মোৰ দৃঢ় বিশ্বাস, আপোনালোকৰ দৰে বিশেষজ্ঞসকলে অনাগত দিনত এই সমস্যাসমূহৰ সমাধান কিদৰে কৰিব তাক লৈ আলোচনা কৰিব৷ অন এটা অনুৰোধ এই যে মই বিগত ১৫ আগষ্টত লালকিল্লাৰ প্রাচীৰৰ পৰা দেশৰ সকলো চৰকাৰী বিভাগৰ নিয়মাৱলী আৰু প্রক্রিয়াৰ সমীক্ষা কৰাৰ অনুৰোধ কৰিছিলো৷ মই কেন্দ্ৰীয় সতৰ্কতা আয়োগ আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’কে ধৰি সকলো দুর্নীতি–বিৰোধী সংস্থা আৰু প্রতিষ্ঠানক অনুৰোধ জনাও যে আপোনালোকে এতিয়া কেইবা দশক ধৰি যে প্রক্রিয়া চলিছে সেইবোৰৰ ভিতৰত যিবোৰ নতুন ভাৰতৰ নতুন ভাৱনা ৰূপায়ণৰ প্রতিকূল, সেইবোৰ কিদৰে বাতিল কৰিব পৰা যায়, তাক লৈ চিন্তা–চৰ্চা কৰক৷ নতুন ভাৰতৰ নতুন ভাৱনা আৰু নতুন সংকল্পসমূহ ৰূপায়ণৰ বাবে ইয়াতকৈ ভাল সময় আৰু কি হ’ব পাৰে, যেতিয়া আমি দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছো৷ আপোনালোকেও এই মহাযজ্ঞ নিজৰ সকলো প্রচেষ্টাৰে অংশগ্রহণ কৰক৷ আপোনালোকে আমাৰ দেশৰ সেই বিশেষজ্ঞ লোক, যিসকলে প্রতিটো ব্যৱস্থাৰ খুঁটিনাটি ভালদৰে জানে৷ ত্রুটিসমূহ ভালদৰে জানে৷ দুর্নীতি কিদৰে অঙ্কুৰিত হয়, এই বিষয়ত আপোনালোকৰতকৈ ভালকৈ আৰু কোনেও নাজানে৷ দুর্নীতিৰ বাবে শূন্য সহনশীলতা সম্পন্ন নতুন ভাৰত গঢ়ি তুলিবলৈ এই দুর্নীতিবোৰ নিৰ্মূল প্রক্রিয়াত আপোনালোকে প্রতিদিনে আৰু অধিক কঠোৰ পদক্ষেপ ল’ব লাগিব৷ আপোনালোকৰ এই মহামন্থনৰ সময়তো এই ধৰণৰ প্রক্রিয়া আৰু প্রতিকূল আইনক লৈয়ে আলোচনা কৰক৷
আপোনালোকে প্রতিখন আইনক এনেদৰে কামত লগাওক যাতে দৰিদ্র জনতাৰ সৈতে আমাৰ ব্যৱস্থাৰ দূৰত্ব হ্ৰাস পায়, তেওঁলোকে আৰু অধিক চৰকাৰৰ সৈতে ঘনিষ্ঠতা অনুভৱ কৰে আৰু দুর্নীতিকাৰীসকলক তেওঁলোকৰ বৃত্তৰ পৰা বাহিৰ কৰাটো সম্ভৱ হয়। এয়া অতি মহান দেশ সেৱা হ’ব। স্বাধীনতাৰ অমৃতকালত আপোনালোকে নতুন নতুন উদ্ভাৱনৰ জৰিয়তে দুর্নীতিমুক্ত সমাজ গঠনত সফল হওক, এই কামনাৰে আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনালো!
বহুত বহুত ধন্যবাদ!
****
DS/VK/AK/DB
My remarks at the joint conference of the CVC and CBI. https://t.co/cZnUZ0Il3M
— Narendra Modi (@narendramodi) October 20, 2021
आज हम भारत की आज़ादी का अमृत महोत्सव मना रहे हैं।
— PMO India (@PMOIndia) October 20, 2021
आने वाले 25 वर्ष, यानि इस अमृतकाल में आत्मनिर्भर भारत के विराट संकल्पों की सिद्धि की तरफ देश बढ़ रहा है।
आज हम गुड गवर्नेंस- प्रो पीपल, प्रोएक्टिव गवर्नेंस को सशक्त करने में जुटे हैं: PM @narendramodi
भ्रष्टाचार-करप्शन, छोटा हो या बड़ा, वो किसी ना किसी का हक छीनता है।
— PMO India (@PMOIndia) October 20, 2021
ये देश के सामान्य नागरिक को उसके अधिकारों से वंचित करता है, राष्ट्र की प्रगति में बाधक होता है और एक राष्ट्र के रूप में हमारी सामूहिक शक्ति को भी प्रभावित करता है: PM @narendramodi
बीते 6-7 सालों के निरंतर प्रयासों से हम देश में एक विश्वास कायम करने में सफल हुए हैं, कि बढ़ते हुए करप्शन को रोकना संभव है।
— PMO India (@PMOIndia) October 20, 2021
आज देश को ये विश्वास हुआ है कि बिना कुछ लेन-देन के, बिना बिचौलियों के भी सरकारी योजनाओं का लाभ मिल सकता है: PM @narendramodi
और आज देश को ये भी विश्वास हुआ है कि देश को धोखा देने वाले, गरीब को लूटने वाले, कितने भी ताकतवर क्यों ना हो, देश और दुनिया में कहीं भी हों, अब उन पर रहम नहीं किया जाता, सरकार उनको छोड़ती नहीं है: PM @narendramodi
— PMO India (@PMOIndia) October 20, 2021
आज 21वीं सदी का भारत, आधुनिक सोच के साथ ही टेक्नोलॉजी को मानवता के हित में इस्तेमाल करने पर बल देता है।
— PMO India (@PMOIndia) October 20, 2021
न्यू इंडिया Innovate करता है, Initiate करता है और Implement करता है: PM @narendramodi
न्यू इंडिया अब ये भी मानने को तैयार नहीं कि भ्रष्टाचार सिस्टम का हिस्सा है।
— PMO India (@PMOIndia) October 20, 2021
उसे System Transparent चाहिए, Process Efficient चाहिए और Governance Smooth चाहिए: PM @narendramodi
हमने देशवासियों के जीवन से सरकार के दखल को कम करने को एक मिशन के रूप में लिया।
— PMO India (@PMOIndia) October 20, 2021
हमने सरकारी प्रक्रियाओं को सरल बनाने के लिए निरंतर प्रयास किए।
मैक्सिमम गवर्नमेंट कंट्रोल के बजाय मिनिमम गवर्नमेंट, मैक्सिमम गवर्नेंस पर फोकस किया: PM @narendramodi
आज देश में जो सरकार है, वो देश के नागरिकों पर ट्रस्ट करती है, उन्हें शंका की नजर से नहीं देखती।
— PMO India (@PMOIndia) October 20, 2021
इस भरोसे ने भी भ्रष्टाचार के अनेकों रास्तों को बंद किया है।
इसलिए दस्तावेज़ों की वैरीफिकेशन के लेयर्स को हटाकर, करप्शन और अनावश्यक परेशानी से बचाने का रास्ता बनाया है: PM
जब हम ट्रस्ट और टेक्नॉलॉजी के दौर में आगे बढ़ रहे हैं, तो आप सभी साथियों, आप जैसे कर्मयोगियों पर देश का ट्रस्ट भी उतना ही अहम है।
— PMO India (@PMOIndia) October 20, 2021
हम सभी को एक बात हमेशा याद रखनी है-
राष्ट्र प्रथम !
हमारे काम की एक ही कसौटी है-
जनहित, जन-सरोकार: PM @narendramodi