পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোচি ভ্ৰমণ কৰে আৰু ৰাজ্যখনৰ কেইবাটাও প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে আৰু আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷
উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত অন্যতম হ’ল—কোচিৰ একীকৃত শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প(আইআৰইপি)৷ ই হ’ব এক আধুনিক সম্প্ৰসাৰণ প্ৰকল্প আৰু বিশ্ব মানৰ সা-সুবিধাৰে কোচি শোধনাগাৰক দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ অধীনষ্ঠ শোধনাগাৰলৈ ৰূপান্তৰিত কৰিব৷ ইয়ে দেশৰ বাবে স্বচ্ছ ইন্ধন উৎপাদন কৰিব৷ ইয়ে এলপিজি আৰু ডিজেলৰ উৎপাদন দুগুণ কৰিব৷
আইআৰইপি প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আজি এক ঐতিহাসিক দিন যে কেৰালাৰ সৰ্ববৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠানটোৱে উন্নয়নৰ এক নতুন পৰ্যায় লাভ কৰিলে৷ প্ৰকৃতাৰ্থত ই কেৱল কেৰালাৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ বিষয়৷’ কেৰাল আৰু ইয়াৰ নিকটৱৰ্তী ৰাজ্যসমূহত যোৱা প্ৰায় ৫০ বছৰ ধৰি স্বচ্ছ ইন্ধন, ৰন্ধন গেছৰ জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা কোচি শোধনাগাৰৰ ভাৰত পেট্ৰ’লিয়ামকো প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷
কেন্দ্ৰীয় চৰকাৰে নাগৰিকৰ কল্যাণৰ বাবে হাতত লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ উজ্জলা যোজনাৰ অধীনত ২০১৬ৰ মে’ৰ পৰা প্ৰায় ৬কোটি ৰন্ধন গেছৰ সংযোগ দেশৰ দৰিদ্ৰ জনগণৰ মাজত বিতৰণ কৰা হৈছে৷ ২৩ কোটি এলপিজি গ্ৰাহকে পহল আঁচনিৰ সৈতে জড়িত হৈছে৷ পহলে ভুৱা একাউণ্ট, একাধিক একাউণ্ট আৰু নিষ্ক্ৰিয় একাউণ্ট চিনাক্ত কৰাৰত সহায় কৰিছে৷ পহল বিশ্বৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে৷ প্ৰায় ১ কোটি গ্ৰাহকে ‘গিভ ইট আপ’ কাৰ্যসূচীৰ অধীনত এলপিজি ৰাজসাহায্য ত্যাগ কৰিছে৷ শেহতীয়া সম্প্ৰসাৰণৰ জৰিয়তে ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰি কোচি শোধনাগাৰে উজ্জলা যোজনালৈ এক মূল্যবান বৰঙণি আগবঢ়াইছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে৷
তেওঁ কয় যে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ তেল শোধনকাৰী দেশ ভাৰতে চাহিদাতকৈ অধিক শোধন কৰি ৰাইফাইনেৰী হাবত পৰিণত হৈছে৷ দেশৰ শোধন ক্ষমতা এতিয়া ২৪৭ এমএমটিপিএতকৈ অধিক৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে আইআৰইপি সময়মতে সম্পূৰ্ণ কৰা সকলোকে অভিনন্দন জ্ঞাপন কৰে৷ নিৰ্মাণৰ সময়ত দিনে-নিশাই কাম কৰা শ্ৰমিকসকলৰ কঠোৰ পৰিশ্ৰমকো তেওঁ স্বীকৃতি দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰকল্পৰ অন্তিম সময়ছোৱাত প্ৰায় ২০হাজাৰ শ্ৰমিকে ইয়াত কাম কৰিছিল আৰু বহুক্ষেত্ৰত তেওঁলোক হ’ল এই প্ৰকল্পৰ প্ৰকৃত নায়ক৷ একীকৃত শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প আছিল ভাৰত পেট্ৰ’লিয়ামক বহুমুখী কৰাৰ এক কৌশলগত পদক্ষেপ বুলি প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে কোচি শোধনাগাৰৰ কৰ্মৰাজিক লৈ দেশবাসী আজি গৌৰৱান্বিত৷ ‘এয়া অত্যন্ত উৎসাহৰ বিষয় যে যোৱা আগষ্টত কেৰালাই যেতিয়া শতিকাৰ ভয়ংকৰ বানৰ কবলত পৰিছিল তেতিয়া বিপিচিএল কোচি শোধনাগাৰে সকলো বাধা অতিক্ৰম কৰি আগুৱাই গৈছিল৷ মই জানিব পাৰিছিলো যে বহুতো কৰ্মচাৰীয়ে পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ উৎপাদন অব্যাহত ৰখাৰ বাবে শোধনাগাৰত থাকিয়ে কাম কৰিছিল৷ ইয়ে উদ্ধাৰকাৰী বাহন আৰু হেলিকপ্টাৰক সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিছিল৷ এই উদ্যম, সামাজিক দায়বদ্ধতা আৰু উদ্ভাৱনী চিন্তা অব্যাহত ৰাখিবলৈ কোচি শোধনাগাৰক মই আহ্বান জনাও৷ ৰাষ্ট্ৰ নিৰ্মাণত কোচি শোধনাগাৰৰ অৱদানক লৈ আমি গৌৰৱান্বিত৷ মই আশা কৰো যে কোচি শোধনাগাৰে দক্ষিণ ভাৰতত পেট্ৰ’-কেমিকেল বিপ্লৱৰ নেতৃত্ব দিব আৰু নতুন ভাৰত গঢ়াৰ দিশত বৰ্ধিত প্ৰয়োজনীয়তাক সহযোগ কৰিব৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷
প্ৰধানমন্ত্ৰীয়ে ইট্টামানুৰত বিপিচিএলে স্থাপন কৰা দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ আশা ব্যক্ত কৰে যে এই প্ৰতিষ্ঠানে দক্ষতা বিকাশত সহায় কৰিব আৰু যুৱ প্ৰজন্মৰ মাজত সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব৷
প্ৰধানমন্ত্ৰীয়ে লগতে কোচিত ইণ্ডিয়ান অইলে ৫০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এলপিজি বটলিং প্ৰকল্পৰ বৃহৎ ভাণ্ডাৰো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ ইয়ে এলপিজি ভাণ্ডাৰ ক্ষমতা বৃদ্ধি কৰিব আৰু পথত এলপিজি টেংকাৰৰ গতিবিধি হ্ৰাস কৰিব৷
***
AKT/AK/MS
Today, various projects were initiated at the Kochi Refinery.
— Narendra Modi (@narendramodi) January 27, 2019
These will go a long way in strengthening the petroleum and energy sector in India. pic.twitter.com/rQAcYl7usH
Our endeavour is to make India a hub for the petrochemicals sector.
— Narendra Modi (@narendramodi) January 27, 2019
‘Make in India’ offers many opportunities in this regard. pic.twitter.com/da6tsXU2wD