পি এম ইণ্ডিয়া
খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধান,
মহামহিম ,
ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল,
নমস্কাৰ!
খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধানে মোক উষ্ম আদৰণি জনোৱাৰ বাবে আৰু “এগ্ৰিকোলা পদক” প্ৰদান কৰাৰ বাবে তেওঁক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। ভাৰতৰ প্ৰতি তেওঁৰ সহৃদয়তাৰ বাবে আৰু খাদ্য আৰু কৃষি সংস্থালৈ তেওঁ বছৰ বছৰ ধৰি আগবঢ়োৱা অৱদানৰ বাবেও তেওঁক প্ৰশংসা কৰিছো।
এয়া মোৰ বাবে কেৱল সন্মান নহয়। ভাৰতৰ লাখ লাখ কৃষক, পশুপালক, মাছমৰীয়া, কৃষি বিজ্ঞানী, শ্ৰমিকৰ বাবে ই এক সন্মান। মানৱ কল্যাণ, খাদ্য সুৰক্ষা, আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ অটল দায়বদ্ধতাৰ স্বীকৃতিও। এই পদক গভীৰ বিনম্ৰতাৰে গ্ৰহণ কৰি ভাৰতৰ “অন্নদাতা” সকলৰ বাবে উৎসৰ্গা কৰিছো।
বন্ধুসকল,
ভাৰতীয় সভ্যতাত কৃষি কেৱল শস্য উৎপাদনৰ মাধ্যম নহয়। ইয়াক মানুহ আৰু ধৰিত্ৰীৰ মাজত এক গভীৰ আৰু পবিত্ৰ সম্পৰ্ক হিচাপে গণ্য কৰা হয়।
ভাৰতত কৃষি জীৱনৰ ভেটি । ই আমাৰ সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ আৰু আমাৰ মূল মূল্যবোধৰ প্ৰতিফলন। আমাৰ পৰম্পৰাত পৃথিৱীক “মাতৃ” বুলি শ্ৰদ্ধা কৰা হয় আৰু কৃষকক “ভূমিৰ পুত্ৰ” বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যৰ মাজত শিপাই থকা এই কালজয়ী মূল্যবোধে আজিও আমাৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি ৰাখিছে।
বন্ধুসকল,
হাজাৰ হাজাৰ বছৰৰ শিক্ষণ আৰু ভাৰতৰ চহকী কৃষি পৰম্পৰাৰ আধাৰত নিৰ্মিত আমাৰ দেশখনে আজি বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন-চালিত পদ্ধতিৰ জৰিয়তে কৃষি খণ্ডক আগুৱাই লৈ গৈছে।
আমি কেৱল উৎপাদন বৃদ্ধিৰ বাবেই নহয়, বহনক্ষম, জলবায়ুৰ প্ৰতি স্থিতিস্থাপক আৰু ভৱিষ্যতৰ বাবে সাজু কৃষি পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ বাবেও কাম কৰিছো। সেইবাবেই সমগ্ৰ ভাৰততে বিজ্ঞানসন্মত কৃষি মিছন মোডত আগবঢ়াই নিছে।
মাটিৰ স্বাস্থ্য কাৰ্ডৰ জৰিয়তে আমি কৃষকসকলক বৈজ্ঞানিক মাটি পৰীক্ষা আৰু পুষ্টিভিত্তিক পথ প্ৰদৰ্শন কৰিছো।
“প্ৰতি টোপালত অধিক শস্য”ৰ দৰে অভিযানে ক্ষুদ্ৰ জলসিঞ্চন আৰু নিখুঁত কৃষিক প্ৰসাৰিত কৰিছে, যাৰ ফলত কৃষকসকলে কম পানী ব্যৱহাৰেৰে অধিক শস্যৰ উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছে।
বন্ধুসকল,
আজি ভাৰতীয় কৃষিৰ এক নতুন শক্তি হিচাপে প্ৰযুক্তিৰ উন্মেষ ঘটিছে। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ পদক্ষেপ যেনে এগ্ৰিষ্টেক, এআই-ভিত্তিক পৰামৰ্শদাতা ব্যৱস্থা, ড্ৰ’ন, ৰিম’ট চেন্সিং প্ৰযুক্তি, আৰু চেন্সৰ ভিত্তিক যন্ত্ৰই ভাৰতত কৃষিক অধিক স্মাৰ্ট আৰু অধিক তথ্য-চালিত কৰি তুলিছে। আজি এখন গাঁৱৰ ক্ষুদ্ৰ কৃষকেও মোবাইল প্ৰযুক্তিৰ জৰিয়তে বতৰৰ তথ্য , শস্য সম্পৰ্কীয় পৰামৰ্শ, বজাৰৰ তথ্য লাভ কৰিব পাৰে।
জলবায়ু স্থিতিস্থাপক কৃষিৰ দিশতো ভাৰতে দ্ৰুতগতিত কাম কৰি আছে। বিগত দহ বছৰত দেশত জলবায়ুৰ প্ৰতি স্থিতিস্থাপক শস্যৰ প্ৰায় ৩,০০০ শস্যৰ জাতৰ বিকাশ সাধন কৰা হৈছে।সমগ্ৰ দেশৰ লাখ লাখ কৃষকে এই উদ্ভাৱনসমূহৰ দ্বাৰা উপকৃত হৈছে।
বন্ধুসকল,
আমি বিশ্বাস কৰোঁ যে খেতিৰ ভৱিষ্যত কেৱল “অধিক উৎপাদন কৰা”তেই নহয়, “উন্নত উৎপাদন কৰা”তহে নিহিত হৈ আছে। এই দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ জৈৱ বৈচিত্ৰ্য বৃদ্ধি আৰু ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত গুৰুত্ব দিয়া হৈছে। ভাৰতৰ অভিজ্ঞতাই বিশ্ববাসীক প্ৰমাণ কৰি আছে যে পৰিসৰ আৰু বহনক্ষমতাই একেলগে আগবাঢ়িব পাৰে, প্ৰযুক্তি আৰু অন্তৰ্ভুক্তিয়ে ইজনে সিজনক শক্তিশালী কৰিব পাৰে আৰু বিজ্ঞান-চালিত কৃষি বিশ্ব খাদ্য সুৰক্ষাৰ বাবে এক শক্তিশালী ভেটি হ’ব পাৰে।
বন্ধুসকল,
আজি ভাৰতৰ কৃষি খণ্ডৰ পৰিৱৰ্তন অতি দ্ৰুতগতিত হৈছে। খাদ্য উৎপাদনত স্বাৱলম্বী হোৱাৰ সমান্তৰালকৈ ভাৰতে বিশ্বৰ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভাৰত বিশ্বৰ ভিতৰতে গাখীৰ আৰু মছলাৰ উৎপাদনকাৰী উল্লেখনীয় দেশ। চাউল, ঘেঁহু, ফল-মূল, শাক-পাচলি, কপাহ আদি উৎপাদনকাৰী দেশসমূহৰ ভিতৰতো অন্যতম। ভাৰতৰ কৃষি ৰপ্তানি শক্তিশালীভাৱে বৃদ্ধি পাইছে, ২০২০ চনত ৩৫ বিলিয়ন ডলাৰৰ পৰা যোৱা বছৰ ৫১ বিলিয়ন ডলাৰতকৈ অধিক হৈছে।
বন্ধুসকল,
এই কৃতিত্বসমূহ উল্লেখযোগ্য, কাৰণ ভাৰতত বিশ্বৰ মাত্ৰ ২.৫% কৃষিভূমি আছে, আনহাতে বিশ্বৰ প্ৰায় ১৮% জনসংখ্যাই ইয়াত বাস কৰে। ভাৰতৰ এই সফলতা সমগ্ৰ গ্ল’বেল চাউথৰ বাবে প্ৰেৰণা হৈ পৰিছে আৰু বহু দেশক আগবাঢ়ি যোৱাৰ আত্মবিশ্বাস প্ৰদান কৰিছে। ভাৰতৰ বাবে খাদ্য সুৰক্ষা কেৱল নীতিগত বিষয় নহয় — ই মানৱতাৰ প্ৰতি এক দায়িত্ব।
বন্ধুসকল,
খাদ্য আৰু কৃষি সংস্থাৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব বহু দশক পূৰ্বৰ৷ আমি গৌৰৱান্বিত এই কথাত যে ভাৰতে সদায় বিশ্বাস কৰি আহিছে যে প্ৰকৃত পৰিৱৰ্তন ঘটে তেতিয়া যেতিয়া বিজ্ঞান, নীতি, মানৱীয় মূল্যবোধ একত্ৰিত হয়। প্ৰতিষ্ঠাপক সদস্য হিচাপে ভাৰতে খাদ্য আৰু কৃষি সংস্থাৰ সৈতে সক্ৰিয়ভাৱে কাম কৰি বিশ্বৰ খাদ্য সুৰক্ষা, বহনক্ষম কৃষি, আৰু এখন ক্ষুধামুক্ত বিশ্বক প্ৰসাৰিত কৰিছে। আমাৰ অংশীদাৰিত্বৰ এটা উত্তম উদাহৰণ দেখা গৈছিল আন্তঃৰাষ্ট্ৰীয় বাজৰাৰ বছৰত। খাদ্য আৰু কৃষি সংস্থাৰ সৈতে আমাৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তে বিশ্বই আকৌ এবাৰ বাজৰাৰ গুৰুত্ব আৰু শক্তিৰ কথা বুজি পালে। ভৱিষ্যতেও আমি ঘনিষ্ঠভাৱে কাম কৰি যাম। মই লক্ষ্য কৰিছোঁ যে যেতিয়াই মই বাজৰাৰ কথা কওঁ তেতিয়াই বেছিভাগ মানুহেই মূলতঃ ইয়াৰ পুষ্টিকৰ মূল্যৰ বিষয়ত গুৰুত্ব দিয়ে। কিন্তু বাজৰা পৰিৱেশ অনুকূল শস্যও। ইয়াৰ বাবে পানীৰ প্ৰয়োজন অতি কম আৰু ৰাসায়নিক সাৰ অবিহনেই ইয়াৰ খেতি কৰিব পাৰি। ভাৰতত প্ৰায় ৮৫% কৃষক সীমিত মাটিত খেতি কৰা ক্ষুদ্ৰ কৃষক। জলসিঞ্চনৰ সুবিধা নথকা আৰু খেতিৰ বাবে কেৱল বৰষুণৰ ওপৰত নিৰ্ভৰশীল বহু অঞ্চলত বাজৰাৰ খেতিয়ে কেৱল পুষ্টিৰ উন্নতি কৰাই নহয়, পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো বৃহৎ ৰূপত সহায় কৰে।
বন্ধুসকল,
ভাৰতত আমি কওঁ, “জয় জোৱান, জয় কিষাণ।” খেতিয়কে বীজ সিঁচিলে কেৱল শস্যৰ খেতিয়েই নকৰে; তেওঁলোকে ভৱিষ্যত প্ৰজন্মৰ বাবে আশাৰ বীজ সিঁচিছে। আজি বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময়ছোৱাত আগবাঢ়ি যোৱাৰ লগে লগে কৃষকৰ অৱদান আৰু অধিক উল্লেখযোগ্য হৈ পৰে। আজি মোক প্ৰদান কৰা সন্মানে ভাৰতৰ প্ৰতিজন কৃষকৰ দৃঢ়তাক আৰু অধিক শক্তিশালী কৰিব। ভাৰতে ক্ষুধা, দৰিদ্ৰতা, আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বজুৰি চলা প্ৰচেষ্টাকো সম্পূৰ্ণৰূপে সমৰ্থন কৰি যাব। আৰু যিদৰে কাইলৈ আপোনালোকক “চাহ দিৱস” উদযাপন কৰিবলৈ কোৱা হৈছিল, সেই উপলক্ষ্যে দিৱসটি উদযাপন কৰিবলৈ এদিন আগতে আপোনালোকৰ মাজত এজন “চাইৱালা” উপস্থিত হৈছে। ভাৰতবৰ্ষ বিবিধ চাহৰ বাবে জনাজাত আৰু চাহৰ সঁচাকৈয়ে এক বিশেষ শক্তি আছে।
আকৌ এবাৰ খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধানলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
লগতে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো।
আপোনালোকক অশেষ ধন্যবাদ।
ঘোষণা: এয়া প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ। মূল ভাষণ তেওঁ হিন্দী ভাষাত আগবঢ়াইছিল।
***
MJPS/SS/PRK/DM
Honoured to receive the FAO’s Agricola Medal. It reflects India’s unwavering commitment to food security, sustainable development and the hard work of those associated with our agriculture sector.@FAO https://t.co/91uCTFvqWi
— Narendra Modi (@narendramodi) May 20, 2026
यह भारत के करोड़ों किसानों, पशुपालकों, मत्स्य पालकों, कृषि वैज्ञानिकों और श्रमिकों का सम्मान है।
— PMO India (@PMOIndia) May 20, 2026
यह भारत की उस अटूट प्रतिबद्धता का भी सम्मान है, जिसके केंद्र में मानव कल्याण, खाद्य सुरक्षा और Sustainable Development है: PM @narendramodi
हमारे शानदार स्वागत और ‘एग्री-कोला मेडल’ से सम्मानित करने के लिए... मैं FAO के Director General का ह्रदय से आभार व्यक्त करता हूं: PM @narendramodi
— PMO India (@PMOIndia) May 20, 2026
हम सिर्फ Production बढ़ाने के लिए ही नहीं, एक ऐसा Farming Ecosystem बनाने के लिए भी काम कर रहे हैं, जो Sustainable भी हो, Climate-Resilient भी हो…और Future-Ready भी हो।
— PMO India (@PMOIndia) May 20, 2026
और इसीलिए पूरे भारत में Scientific Agriculture को Mission Mode में आगे बढ़ाया जा रहा है: PM @narendramodi
Technology आज Indian Agriculture की नई ताकत बन रही है: PM @narendramodi
— PMO India (@PMOIndia) May 20, 2026
हम मानते हैं कि Future Of Farming केवल “Produce More” में नहीं…बल्कि “Produce Better” में है: PM @narendramodi
— PMO India (@PMOIndia) May 20, 2026
भारत Food-Surplus Nation होने के साथ-साथ वैश्विक Food Security में भी महत्वपूर्ण योगदान दे रहा है।
— PMO India (@PMOIndia) May 20, 2026
मिल्क और स्पाइस प्रोडक्शन में भारत सबसे आगे है।
चावल, गेहूं, Fruits, Vegetables और Cotton के उत्पादन में भी भारत अग्रणी देशों में शामिल है: PM @narendramodi
हमारे लिए Food Security केवल Policy Matter नहीं है, यह मानवता के प्रति हमारी जिम्मेदारी है: PM @narendramodi
— PMO India (@PMOIndia) May 20, 2026
Prime Minister @narendramodi was conferred the @FAO Agricola Medal at a ceremony in the FAO Headquarters in Rome. He dedicated it to the hard working farmers, those involved in livestock and fisheries sectors and agriculture scientists. pic.twitter.com/38tlxXdA9J
— PMO India (@PMOIndia) May 20, 2026
It is with great humility that I accepted the FAO Agricola Medal at a ceremony in the FAO Headquarters in Rome. My gratitude to the FAO.
— Narendra Modi (@narendramodi) May 20, 2026
I dedicate this honour to India’s Annadatas…our food providers. It is a recognition of the hard work of our farmers, those associated with… pic.twitter.com/9UPM46O2u2
मैं बड़ी विनम्रता के साथ FAO के ‘एग्रीकोला मेडल’ को स्वीकार करता हूं। इस सम्मान के लिए मैं FAO का ह्रदय से आभार व्यक्त करता हूं।
— Narendra Modi (@narendramodi) May 20, 2026
मैं इस मेडल को भारत के अन्नदाताओं को समर्पित करता हूं।
यह भारत के करोड़ों किसानों, पशुपालकों, मत्स्य पालकों, कृषि वैज्ञानिकों और श्रमिकों का सम्मान… pic.twitter.com/zJDubFnUqd
भारत में कृषि जीवन की मूल धारा और हमारी संस्कृति का अभिन्न अंग है। हम सिर्फ Production बढ़ाने के लिए ही नहीं, बल्कि एक ऐसा Farming Ecosystem बनाने के लिए भी काम कर रहे हैं, जो Sustainable भी हो, Climate-Resilient भी हो और Future-Ready भी हो। pic.twitter.com/xVNJw5VGMN
— Narendra Modi (@narendramodi) May 21, 2026
भारत Food-Surplus Nation होने के साथ-साथ वैश्विक Food Security में भी महत्वपूर्ण योगदान दे रहा है। हमारे लिए Food Security केवल एक Policy Matter नहीं, बल्कि यह मानवता के प्रति हमारी जिम्मेदारी भी है। pic.twitter.com/3mZjAq7ikX
— Narendra Modi (@narendramodi) May 21, 2026
FAO के सहयोग से दुनिया ने Millets की शक्ति को नए रूप में पहचाना है। भारत में किसान इसकी खेती के माध्यम से Nutrition की चिंता करने के साथ ही Environment की सबसे बड़ी सेवा कर रहे हैं। pic.twitter.com/R4N69eK1LS
— Narendra Modi (@narendramodi) May 21, 2026