পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খাদ্য প্ৰস্তুতকৰণ আৰু ইয়াৰ লগত জড়িত বিশ্বৰ শীৰ্ষ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। এই মত বিনিময় আছিল চলিত ৱৰ্ল্ড ফুড ইণ্ডিয়া ইভেণ্টৰ এক অংশ।
মত বিনিময় অনুষ্ঠান ভাগ লোৱাসকলৰ ভিতৰত আমাজন(ইণ্ডিয়া), এমৱে, ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰীজ, কাৰ্গিল এছিয়া পেচিফিক, কোকা-কোলা ইণ্ডিয়া, ডেনফছ, ফিউচাৰ গ্ৰুপ, গ্লেক্সস্মিথক্লাইন, ইছেফুড, আইটিচি, কিক্কোমান, লুলু গ্ৰুপ, মেককেইন, মেট্ৰ’ কেছ এণ্ড কেৰী, মণ্ডেলেজ ইণ্টাৰনেচনেল, নেচলে, অএছআই গ্ৰুপ, পেপছিকো ইণ্ডিয়া, ছিলড এয়াৰ, শ্বাৰফ গ্ৰুপ, স্পাৰ ইণ্টাৰনেচনেল, দ্য হাইন চেলেষ্টিয়েল গ্ৰুপ, দ্য হাৰ্ছি কোম্পানী, ট্ৰেণ্ট লিমিটেড এণ্ড ৱালমাৰ্ট ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিষয়াসকল উল্লেখযোগ্য।
অনুষ্ঠানত খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী শ্ৰীমতী হৰছিমৰত কৌৰ বাদল, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী সাধৱী নিৰঞ্জন জ্যোতি আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
মুখ্য কাৰ্যবাহী বিষয়াসকলে বিশ্ব বেংকৰ শেহতীয়া ইজ ডুইং বিজিনেছৰ প্ৰতিবেদনত ভাৰতৰ ৰেংক উন্নীত হোৱাৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে। অধিকাংশ মুখ্য কাৰ্যবাহী বিষয়াই প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কৃষকৰ আয় দুগুন কৰাৰ সপোন আৰু বিগত তিনি বছৰত অৰ্থনৈতিক সংস্কাৰৰ অগ্ৰগতি আৰু উন্নতিৰ বাবে প্ৰেৰিত হোৱা বুলি কয়। তেওঁলোকে বিশেষকৈ গাঁথনিগত সংস্কাৰ তথা ব্যাপক প্ৰচেষ্টা যেনে জিএছটি আৰু এফডিআইৰ ক্ষেত্ৰত উদাৰ মনোভাৱক প্ৰশংসা কৰে।
অংশগ্ৰহণকাৰীসকলেও খাদ্য প্ৰস্তুতকৰণ খণ্ডত উৎপাদন বৃদ্ধি, খাদ্য আৰু পুষ্টি নিৰাপত্তা, নিয়োগ সৃষ্টিৰ লগতে ইয়াৰ মুল্য সংযোজনত অধিক গুৰুত্ব আৰোপ কৰে। মুখ্য কাৰ্যবাহী বিষয়াসকলে ভাৰতৰ খাদ্য প্ৰস্তুতকৰণ, কৃষি, আইনী আৰু খুচুৰা বিক্ৰীৰ সামগ্ৰিক বিকাশৰ প্ৰচেষ্টাক সামৰি এক আলোকপাত আগবঢ়ায়। তেওঁলোকে খেতি চপোৱাৰ পাছৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে পূৰ্বৰ সূযোগৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰে। তেওঁলোকে ভাৰতৰ বিকাশৰ যাত্ৰাত সহযোগী হোৱাৰ নিশ্চয়তা প্ৰদান কৰে।
মুখ্য কাৰ্যবাহী বিষয়াসকলে আগবঢ়োৱা মতামতক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ পৰ্যবেক্ষনত ভাৰত সম্পৰ্কে অসাধাৰণ উদ্দীপনাকে নিৰ্দেশ কৰে। প্ৰধানমন্ত্ৰীয়ে মুখ্য কাৰ্যবাহী বিষয়াসকলৰ পৰামৰ্শৰ গুৰু্ত্বক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণকাৰীসকলে কৃষিজাত উৎপাদিত সামগ্ৰী আৰু কৃষকৰ আয় দুগুন কৰাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাসমূহক আদৰণী জনায়। বিশেষকৈ, তেওঁ কয় যে ভাৰতৰ বৰ্ধিত মধ্যবিত্ত শ্ৰেণী আৰু চৰকাৰৰ নীতিগত প্ৰচেষ্টাই খাদ্য প্ৰস্তুতকৰণ ব্যৱস্থাৰ সকলো অংশগ্ৰহণকাৰীক ব্যাপক সূযোগ প্ৰদান কৰে বুলি কয়। প্ৰধানমন্ত্ৰীয়ে কৃষকৰ উৎপাদন ব্যয় হ্ৰাস আৰু কৃষিজাত উৎপাদিত সামগ্ৰীৰ অপচয় ৰোধৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সংকল্পৰ কথা উল্লেখ কৰে। তেওঁ বিশ্বৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক ভাৰতত অধিক উৎপাদন কৰাৰ ক্ষেত্ৰত নিয়োজিত হ’বলৈ আহ্বান জনায়।
ইয়াৰ পূৰ্বে শ্ৰীমতী হৰছিমৰত কৌৰ বাদলে খাদ্য প্ৰস্তুতকৰণ খণ্ডত বিনিয়োগ বৃদ্ধিৰ প্ৰতি চৰকাৰী নীতিৰ সন্দৰ্ভত চমুকৈ ব্যাখ্যা কৰে।
****
AKT/NT/DB
Had an extensive interaction with CEOs from leading companies relating to the food sector. https://t.co/B2j5MpIRzj
— Narendra Modi (@narendramodi) November 3, 2017