Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি জীৰ প্ৰেৰণাদায়ক ভাষণে আমাৰ সংবিধানৰ স্বকীয়তাক উজ্জ্বল কৰি তুলিছে আৰু নাগৰিকসকলক গণতন্ত্ৰ শক্তিশালী কৰিবলৈ, সাংবিধানিক আদৰ্শ ৰক্ষা কৰিবলৈ তথা বিকশিত ভাৰত গঢ়ি তুলিবলৈ প্ৰেৰণা যোগাইছেঃ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আগবঢ়োৱা প্ৰেৰণাদায়ক ভাষণৰ প্ৰশংসা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰপতিয়ে ভাৰতৰ সংবিধানৰ স্বকীয়তাক উপযুক্তভাৱে উজ্জ্বল কৰি তুলিছে আৰু দেশখনক  আগুৱাই লৈ যোৱা সামূহিক মনোভাৱৰ শলাগ লৈছে। তেওঁ উল্লেখ কৰে যে তেওঁৰ ভাষণে প্ৰতিগৰাকী নাগৰিককে গণতন্ত্ৰ শক্তিশালী কৰাৰ, সাংবিধানিক আদৰ্শ ৰক্ষা কৰা আৰু বিকশিত ভাৰত গঢ়ি তোলাৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিবলৈ প্ৰেৰণা যোগাইছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;

 ‘গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি জীয়ে অতি প্ৰেৰণাদায়ক ভাষণ আগবঢ়ায়।তেওঁ আমাৰ সংবিধানৰ স্বকীয়তাক শুদ্ধভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু আমাৰ দেশখনক আগুৱাই লৈ যোৱা সামূহিক মনোভাৱৰ শলাগ লৈছে।তেওঁৰ ভাষণে প্ৰতিগৰাকী নাগৰিকক গণতন্ত্ৰ শক্তিশালী কৰাৰ, সাংবিধানিক আদৰ্শক ৰক্ষা কৰা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিবলৈ প্ৰেৰণা যোগাইছে।

@rashtrapatibhvn”

 

***

MJPS/ST/DM