Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গান্ধী শান্তি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

গান্ধী শান্তি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

গান্ধী শান্তি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

গান্ধী শান্তি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী


ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক বঁটা প্ৰদান অনুষ্ঠানত ২০১৫, ২০১৬, ২০১৭ আৰু ২০১৮ বৰ্ষৰ গান্ধী শান্তি বঁটা প্ৰদান কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত আজি প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থাকে।

এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰীয়ে এই সন্মানীয় গান্ধী শান্তি বঁটা লাভ কৰা সকলোকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে মহাত্মা গান্ধীৰ ১৫০ তম জন্মজয়ন্তী উদযাপনৰ সময়তেই এই গান্ধী শান্তি বঁটাৰে সন্মানিত কৰা বিষয়টো নিসন্দেহে প্ৰসংশনীয়। এই অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰে, আৰু লগতে অনুষ্ঠানত মহাত্মা গান্ধীৰ প্ৰিয় ভজন বৈষ্ণৱ জন তো সমগ্ৰ বিশ্বৰ ১৫০ খন দেশৰ শিল্পীসকলে পৰিৱেশন কৰা মুহুৰ্ত্তটোৱে পুলকিত কৰে বুলিও উল্লেখ কৰে। তেওঁ কয়, মহাত্মা গান্ধী যে সদায়েই প্ৰাসঙ্গিক, আনকি আজিও, সেয়া যে সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে, এয়া এক সংকেত।

প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীৰ স্বচ্ছতাৰ প্ৰতি থকা প্ৰতিজ্ঞাবদ্ধতাৰ বিষয়েও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে স্বাধীনতা সংগ্ৰাম কালক্ৰমত এক গণ আন্দোলনত পৰিণত হৈছিল একমাত্ৰ মহাত্মা গান্ধীৰ দূৰদৰ্শী চিন্তাৰ ফলশ্ৰুতিত। তেওঁ লগতে কয় যে মহাত্মা গান্ধীয়ে জন ভাগিদাৰী আৰু জন আন্দোলনক এক কৰি পেলাইছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰতিগৰাকী লোকৰে মনক উদ্বুদ্ধ কৰি তুলিছিল মহাত্মা গান্ধীয়ে।

***

AKT/KP/SKS/RD