Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটৰ পোৰবন্দৰত মাধৱপুৰ মেলাৰ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ পোৰবন্দৰত মাধৱপুৰ মেলাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই উজ্জীৱিত উৎসৱে আমাৰ গৌৰৱময় সংস্কৃতিৰ উজ্জ্বলতা আৰু গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ সাংস্কৃতিক সম্পৰ্কক অধিক শক্তিশালী কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই উৎসৱে বিভিন্ন পৰম্পৰাক একত্ৰিত কৰে, যি ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ প্ৰকৃত ভাবনা প্ৰতিফলিত কৰে। মই সকলোকে এই মেলালৈ আমন্ত্ৰণ জনাইছো।

২০২২ চনৰ এপ্ৰিল মাহৰ ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে মাধৱপুৰ মেলাৰ তাৎপৰ্য আৰু আমাৰ সংস্কৃতিত ইয়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স হেণ্ডেলৰ এটা পোষ্টত কয়ঃ

গুজৰাটৰ পোৰবন্দৰত মাধৱপুৰ মেলাৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

এই উজ্জীৱিত উৎসৱে আমাৰ গৌৰৱময় সংস্কৃতিৰ উজ্জ্বলতা প্ৰদৰ্শন কৰাৰ লগতে গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ সাংস্কৃতিক সম্পৰ্কক অধিক শক্তিশালী কৰিব।

এই উৎসৱে বিভিন্ন পৰম্পৰাক একত্ৰিত কৰি ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ প্ৰকৃত ভাবনা প্ৰতিফলিত কৰে। মই সকলোকে এই মেলালৈ আমন্ত্ৰণ জনাইছো।

২০২২ৰ এপ্ৰিলৰ #মন কী বাত কাৰ্যসূচীত মই মাধৱপুৰ মেলাৰ তাৎপৰ্য আৰু আমাৰ সংস্কৃতিত ইয়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰিছিলো। শুনাক…”

***

MJPS/VJ/DB