Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাট ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী, উদ্বোধন কৰিব ঘোঘা আৰু দাহেদ সংযোগী প্ৰথম পৰ্যায়ৰ আৰঅ’ আৰঅ’ ফেৰী সেৱা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ, অৰ্থাৎ ২২ অক্টোবৰ, ২০১৭ত গুজৰাট ভ্ৰমণ কৰিব।

ঘোঘাৰ এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে ঘোঘা আৰু দাহেদ সংযোগী প্ৰথম পৰ্যায়ৰ আৰঅ’ আৰঅ’(ৰোল অন, ৰোল অফ) ফেৰী সেৱাৰ উদ্বোধন কৰিব। এই ফেৰী সেৱাই সৌৰাষ্ট্ৰৰ ঘোঘা আৰু দক্ষিণ গুজৰাটৰ দাহেজৰ মাজত পূৰ্বতে লগা আঠ ঘণ্টা সময়ৰ বিপৰীতে এঘণ্টাতে যাত্ৰা সম্ভৱ কৰি তুলিব। সম্পূৰ্ণভাৱে কাৰ্যকৰী হ’লে এই ফেৰীৰে বাহন কঢ়িওৱাৰ বাবে সক্ষম হ’ব। দেওবাৰে প্ৰধানমন্ত্ৰীয়ে যাত্ৰী পৰিবাহী প্ৰথম পৰ্যায়ৰ ফেৰী সেৱা উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই প্ৰথম ফেৰী সেৱাৰে ঘোঘাৰ পৰা দাহেজলৈ যাব। ফেৰী যাত্ৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে দাহেজত সমবেত ৰাইজক সম্বোধন কৰিব।

ঘোঘাতো এখন ৰাজহুৱা সভাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে শ্ৰী ভাদনগৰ জিলা সমবায় দুগ্ধ উৎপাদন ইউনিয়ন লিমিটেডৰ সৰ্বোত্তম পশু-খাদ্যৰ উন্মোচন কৰিব।

দাহেজৰ পৰা প্ৰধানমন্ত্ৰীয়ে বদোদৰা অভিমুখে ৰাওনা হ’ব। তাত এখন ৰাজহুৱা সভাত তেওঁ বদোদৰা চিটী কণ্ট্ৰ’ল চেণ্টাৰ; ৱাঘোদিয়া আঞ্চলিক পানী যোগান আঁচনি; আৰু বদোদৰাত নিৰ্মাণ কৰা বেংক অৱ বৰোদাৰ নতুন মুখ্য কাৰ্যালয় দেশবাসীৰ নামত উচৰ্গা কৰিব।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আবাস যোজনা (নগৰাঞ্চল আৰু গ্ৰামাঞ্চল)ৰ হিতাধিকাৰীক বাসগৃহৰ চাবি প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে সংহত পৰিবহণ হাব, আঞ্চলিক পানী যোগান আঁচনি, গৃহ প্ৰকল্প আৰু এখন উৰণীয়া সেঁতুকে ধৰি কেতবোৰ উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ বদোদৰাত মুন্দ্ৰা-দিল্লী পেট্ৰ’লিয়াম প্ৰডাক্ট পাইপলাইনৰ সক্ষমতা বৃদ্ধি আৰু এইচপিচিএলৰ গ্ৰীণফিল্ড মাৰ্কেটিং টাৰ্মিনেল প্ৰডেক্টৰো আধাৰশিলা স্থাপন কৰিব।

***

AKT/AK/DB